ভূমিকা:
প্রত্যেক জাতি আৰু প্ৰত্যেক ভাষা-সাহিত্যতে লোক-সাহিত্য বা মৌখিক সাহিত্য থাকে আৰু এইবোৰ প্রত্যেক ভাষা-সাহিত্যৰে প্ৰথম ভেটি স্বৰূপ। লোক-সাহিত্যৰ সৰহভাগ মনৰ আপোন অভিজ্ঞতাৰ সুৰীয়া প্রকাশ। সুকোমল আবেগ-অনুভূতি ইয়াৰ প্ৰাণ। ব্যক্তি মনৰ অভিজ্ঞতা হলেও লোক-সাহিত্যত সমাজখনৰ জিলিঙনি ফুটি উঠে। সেইবাবে লোক সাহিত্যক সমাজৰ বুৰঞ্জী বুলিও কোৱা হয়।
প্রাচীন লোক-সাহিত্যৰ পম খেদি:
অসমীয়া লোক-সাহিত্যৰ আৰম্ভণী হিচাপে প্রাচীন লোকগীত বোৰকে ধৰিব পাৰি। অসমীয়া ভাষাৰ লোকগীতবোৰৰ এটা বিশেষত্ব আছে যে, এইবোৰক সাধাৰণতে গীত নুবুলি ‘নাম’ বোলা হয়। আন কথাত ক’বলৈ গলে, নাম আৰু গীত, এই দুয়োটা বহু সময়ত সমার্থক হৈ এক ধৰণৰ গীতৰ অৰ্থত ব্যৱহাৰ হয়। অসমীয়া লোকগীতবোৰৰ ভিতৰত আছে বিয়ানাম, আইনাম, গোঁসাইনাম, ভেকুলী বিয়াৰ নাম, ধাই নাম আদি। অন্যান্য লোকগীতৰ ভিতৰত ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত, নাহৰৰ গীত, বদন বৰফুকনৰ গীত, জিকিৰ আৰু জাৰি, দেহ বিচাৰ গীত, টোকাৰী গীত, ঐনিতম, মহহো গীত, শান্তি বৰমাহী গীত, বনঘোষা, মণিৰাম দেৱানৰ গীত, জয়মতী কুঁৱৰীৰ গীত আদি উল্লেখযোগ্য। গাঁৱৰ অনাখৰী অথচ কল্পনা শক্তিৰে চহকী কোনো নিনাও ৰচকে ৰচনা কৰা এই লোকগীতসমূহ অসমীয়া সাহিত্যৰ সোণসেৰীয়া মালাধাৰিৰ একোটি যেন উজ্জ্বল পোৱাল মণিহে। এই গীতবোৰৰ ভিতৰত ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীতেই অসমীয়া সাহিত্যৰ আটাইতকৈ প্ৰাচীন কাহিনী গীত। এইবোৰ পুৰুষানুক্ৰমে মুখে মুখে প্ৰচলিত হৈ আহিছে। ইয়াৰ উপৰি কোনো বিশেষ ঘটনাক লৈ ৰচিত বুৰঞ্জীমূলক কাহিনী গীতো প্রচলিত আছে। উদাহৰণস্বৰূপে বদন বৰফুকনৰ গীতত মানৰ অসম আক্ৰমণৰ বৰ্ণনা, জয়মতী কুঁৱৰীৰ গীতত স্বামী ভক্তিৰ বিষয়ে জনা যায়। এইসমূহ লোকগীতৰ ৰচনা কাল ষষ্ঠ শতিকাৰ পৰা অষ্টম-নৱম শতিকা বুলি বুৰঞ্জীবিদসকলে অনুমান কৰিছে।
জন-জীৱনৰ সহোদৰ লোক-সাহিত্য:
অসমীয়া লোক-সাহিত্যৰ আন এবিধ উল্লেখযোগ্য ৰচনা হ’ল প্ৰবচন আৰু ফকৰা-যোজনাসমূহ। অসমীয়া ভাষাত ডাক পুৰুষৰ নামত চলিত বা জড়িত প্রবচনসমূহেই আটাইতকৈ প্ৰাচীন এনেধৰণৰ লোক সাহিত্য। ডাকক চতুর্থ-ষষ্ঠ শতিকাৰ বৰাহ-মিহিৰৰ সমসাময়িক বুলি ভবা হয় আৰু বৰপেটা অঞ্চলৰ লোহি বা লোহিডঙৰা নামৰ ঠাইত ডাকৰ জন্ম বুলি অনুমান কৰা হয়। বহু পণ্ডিতৰ মতে ডাক এটা কাল্পনিক নাম। ডাক শব্দৰ অৰ্থ হ’ল উচ্চাৰণ কৰা, সম্বোধন কৰা বা আহ্বান কৰা গতিকে যিবোৰ উপদেশে সমাজত কেনেকৈ চলিব লাগে, সকীয়াই দিয়ে, সিয়ে হয়তো ডাকৰ বচনৰূপে প্ৰসিদ্ধি লভে। ডাকৰ বচনবোৰত কৃষি, বতৰ, ভেষজ বিদ্যা, ৰাজনীতি আৰু জীৱনৰ সকলো ধৰণৰ অভিজ্ঞতা বহির্জগতৰ আৰু মানৱ জীৱনৰ ঘনিষ্ঠ জ্ঞানকে ধৰি সকলো ধৰণৰ বিষয়েই ঠাই পাইছে। পয়াৰ ছন্দত ৰচিত ডাকৰ বচনবোৰৰ ভাষাৰ মনোগ্রাহিতা আৰু প্রকাশিকা শক্তি চমকপ্রদ। কি মাটিত খেতি কৰিব লাগে, কেনে গৰু কিনিব লাগে, কেনে মাকৰ ছোৱালী অনা যুগুত, সু-নাৰী, কু-নাৰীৰ লক্ষণ, কেনেকৈ ৰন্ধা-বঢ়া কবিব লাগে, কেতিয়া কোনফালে যাত্ৰা কৰিব লাগে-নালাগে, শৰীৰ ভালে ৰখাৰ নানা উপায়, এনে নানা ধৰণৰ দিহা ডাকৰ বচনবোৰত পোৱা যায়।
ফকৰা-যোজনাসমূহকো প্ৰবচনৰ সমার্থক বুলি বহুক্ষেত্ৰত ধৰা হয়। দহৰ জ্ঞান, একৰ বাণী – এয়ে ফকৰাযোজনাৰ মূল কথা। চুটি চুটি বাক্যত একোটি সাৰগৰ্ভ সত্য বা অভিজ্ঞতা প্রকাশ কৰিব পৰা এক অদ্ভুত শক্তিৰ অধিকাৰী ফকৰা-যোজনাবোৰত সাংসাৰিক অভিজ্ঞতালব্ধ জ্ঞানমূলক নীতি, নাৰী-মন, নাৰী সমাজ, পুৰুষপ্রধান সমাজত নাৰী সম্পর্কে ধাৰণা, বিভিন্ন সময়ত প্রচলিত জীৱনচৰ্যা আৰু আদর্শবাদ, জাতিৰ মনস্তত্ত্ব, আচাৰ-ব্যৱহাৰ আৰু বহুক্ষেত্ৰত সমালোচনাও পোৱা যায়। যেতিয়াই সাদৃশ্যপূর্ণ ঘটনাৰ সম্মুখীন হয়, তেতিয়াই এইবিলাক স্বতঃস্ফূৰ্তভাৱে উক্ত হয়। ফকৰাবোৰ সাধাৰণতে গৃঢ়াৰ্থক, ছন্দোবদ্ধ আৰু আপাত বক্তব্যৰ অন্তৰালত একোটা নিগুঢ় অর্থ সোমাই থাকে। যেনেঃ ‘সাগৰৰ মৌ, পৰ্বতৰ টৌ; বাপেকৰ তিৰী নাই পুতেকৰ সাত বৌ’। যোজনাবিলাকত এফাকি কথা পূৰাবলৈ আন এফাকি কথা যোগ কৰি দিয়া হয়। যোগ কৰি দিয়া ফাকিৰ বহু ক্ষেত্ৰত অৰ্থ নাথাকিবও পাৰে । বক্তাৰ কথা কোৱাৰ চমৎকাৰিত্ব, বুদ্ধিদীপ্ততা, পর্যবেক্ষণ শক্তি, চমু সাৰগৰ্ভ মন্তব্য, অন্তৰ সৰকি যোৱা ব্যংগ আৰু সাংসাৰিক জ্ঞানৰ স্বাক্ষৰ এই প্রবচন বা প্রবাদ বাক্য আৰু ফকৰা-যোজনাবোৰে বহন কৰে। ফকৰা-যোজনাবিলাকত শব্দৰ স্পষ্টতা আৰু অৰ্থৰ আধিক্য মন কৰিবলগীয়া। এইবিলাকৰ সহায়েৰে চমু কথাৰেই বহু কথা ক’ব পৰা হয়; এইবিলাক কথাৰ সাগৰ। কেতিয়াবা একোটাহঁত প্রবাদ বচনৰ অন্তৰালত একোটা মনোৰম সাধুৱেও উম লৈ থাকে। ফকৰা-যোজনাসমূহৰ ৰচনাৰ সময় নিৰ্ণয় কৰা টান যদিও বুৰঞ্জীৰ ঘটনাৰ উল্লেখ থকা বা বৈষ্ণৱ নীতি-সদাচাৰ সম্পকীয় বচনসমূহৰ মোটামুটি সময় নির্ণয় কৰিব পৰা যায়। অৱশ্যে এটা কথা ঠিক যে প্রবাদ-প্রবচন, ফকৰা-যোজনা – এই সকলোৰে উৎপত্তি হ’ল কৃষিকেন্দ্রিক সমাজ। নাগৰিক জীৱন বা সভ্যতাৰ লগত এইবোৰৰ সম্পৰ্ক নাই বুলিলেও হয়।
সাধুকথা:
অসমীয়া লোক-সাহিত্যৰ এক বিশিষ্ট বিভাগ সাধুকথা। সাধুকথাবোৰ সাধাৰণতে অনির্দিষ্ট ৰূপৰ এক লোককথা। এইবোৰত একোটা সজ নীতি কথা থাকে আৰু সেয়ে হয়তো এইবোৰ লোককথাক অসমীয়াত সাধুকথা বোলা হয়। সাধুকথাবোৰৰ স্থিৰ ৰূপ এটা নাই, সাধু কওঁতাই নিজৰ অভিৰুচি আৰু সামর্থ্য অনুসাৰে তাক বৰ্ণাই যায়। অসমৰ সাধুকথা অলেখ। এইবিলাক কিছুমান অসমীয়াত আৰু বাকী বিলাক কছাৰী, ৰাভা, কার্বি আদি জনজাতীয় ভাষাত ৰচিত। কিছুমান লেখত ল’বলগীয়া সাধু অসমৰ সকলো আধিবাসীৰ মাজতে সমানে প্রচলিত। অসমৰ সাধুবোৰক থলুৱা, সংস্কৃতৰ পৰা অহা আৰু বিদেশী এই তিনিভাগত ভগাব পাৰি। থলুৱা সাধুবোৰৰ কাহিনী অসম অঞ্চলৰ; সংস্কৃতৰ পৰা অহা সাধুবোৰ হল হিতোপদেশ, পঞ্চতন্ত্ৰ আদি আৰু কিছুমান সাধুৰ মূল কাহিনী মধ্য এছিয়া বা ইউৰোপৰ কাহিনীৰ সৈতে মিলে। কিছুমান সাধু আছে যিবোৰ জীৱ-জন্তুক লৈ ৰচনা কৰা হৈছে। কিছুমান সাধু আকৌ অলৌকিক। আন এবিধ সাধু আছে যাৰ কাহিনী সৰু অথচ ৰসাল আৰু খুহুতীয়া। কিছুমান সাধুকথাত প্রাকৃতিক নানা দৃশ্য আদিৰ কাৰণ দেখুৱাবৰ যত্ন কৰা হয় – আকাশখন ওখ হ’ল কিয়, লুইত ফেনায় কিয়, আলিবাটবোৰ কেঁকোৰা-কেঁকুৰি হ’ল কিয় ইত্যাদি। এনেদৰেই অসমীয়া সাধুকথাত প্ৰেম-প্ৰীতি, পিতৃস্নেহ, মাতৃস্নেহ, ঈৰ্ষা-অসূয়া, জীয়াই থকাৰ স্পৃহা, জনবিশ্বাস, কুসংস্কাৰ আদি আদিম ভাব আৰু অনুভূতিৰ সৰল মুকলি প্রকাশ দেখা যায়। প্ৰসংগক্রমে নৈতিক জীৱনৰ আদৰ্শও এইবোৰে পৰোক্ষভাৱে দাঙি ধৰে। অসমীয়া সাহিত্যৰ বুৰঞ্জীত সাধুকথাৰ বৰ বেছি মূল্য নাথাকিলেও সমাজতত্ত্বৰ অধ্যয়নৰ ফালৰ পৰা এইবোৰৰ মূল্য উলাই কৰিব নোৱাৰি।
সাঁথৰসমূহো অসমীয়া লোক সাহিত্যৰ এক বিশিষ্ট উপাদান। সাঁথৰবোৰ হ’ল জনসাধাৰণৰ আৰু কেতিয়াবা পণ্ডিতৰো সহজ বুদ্ধিজাত শব্দৰ ধেমালি। অনেক সাঁথৰত কল্পনাৰ স্ফুৰণ, কাব্যশৈলীৰ ব্যৱহাৰ আৰু অনুপ্রাস আদি শব্দলংকাৰৰ ব্যঞ্জনা দেখিবলৈ পোৱা যায়।
মন্ত্ৰ সাহিত্য:
অসমীয়া লোক-সাহিত্যৰ এক অন্যতম শাখা মন্ত্ৰ সাহিত্য। কোন সময়ৰ পৰা মন্ত্ৰবোৰ ৰচনা হৈছিল তাক সঠিককৈ নিৰ্ণয় কৰিব নোৱাৰি যদিও বেছিভাগ মন্ত্রই যে শংকৰদেৱৰ আৱির্ভাৱৰ আগতে ৰচিত হৈছিল সেই বিষয়ে সন্দেহ নাই। মন্ত্ৰবোৰৰ শুদ্ধ পাঠৰ ওপৰত ইয়াৰ গুণাগুণ নিৰ্ভৰ কৰা হয় বাবে এই মন্ত্র বা মন্ত্ৰপুথিবোৰ গোপনে ৰখা হয়। নগাঁৱৰ মায়ং অঞ্চল মধ্যযুগৰ পৰাই তন্ত্ৰ-মন্ত্ৰৰ বাবে বিখ্যাত। দেৱতা-অপদেৱতা, ভূতপ্ৰেত, ডাইনী-যখিনী, যখ-যখিনী আদিৰ কু-প্ৰভাৱৰ ফলত হোৱা বেমাৰ-আজাৰ, শত্ৰু বৃদ্ধি, ধননাশ আদি দূৰ কৰা, পানী জৰা, আদা জৰা, সৰ্প দৰ্শনৰ বিষ নমোৱা, কুকুৰৰ কামোৰৰ বিষ নমোৱা আনকি হাড় ভঙা আদি ঠিক কৰিবলৈও মন্ত্ৰৰ ব্যৱহাৰ কৰা দেখা যায়। আনহাতে কিছুমান মন্ত্ৰত আমাৰ দেশত প্রচলিত ভেষজ বিদ্যা আৰু ৰোগ নিৰাময়ৰ বিৱৰণ ব্যৱস্থাও নিৰ্দেশ কৰিছে। মন্ত্ৰবোৰত অতি প্রাকৃত জগতৰ দৈত্য-দানৱ, ভূত-প্ৰেত আদিৰ লগতে পৌৰাণিক দেৱ-দেৱীৰ সঘন উল্লেখ পোৱা যায়। মন্ত্ৰবিলাক কার্যত খটুৱাবলৈ হলে সাধনাৰো প্রয়োজন হয় । বহু বেজে মন্ত্ৰৰ সহায়ত জীৱিকাৰ পথ মুকলি কৰে যদিও কিছুমান ক্ষেত্ৰত, বিশেষকৈ সৰ্পই দংশন কৰিলে একো মাননি নোলোৱাটো উল্লেখনীয় দিশ। মন্ত্ৰবোৰৰ ভাষা কথিত ভাষাৰ ওপৰত প্ৰতিষ্ঠিত। সৰহভাগতে উজনি অসমৰ ভাষাৰ চাপ লক্ষ্য কৰা যায়। সেইফালৰ পৰা মন্ত্ৰৰ প্ৰভাৱ নামনি অসমতকৈ উজনি আৰু মধ্য অসমতহে অধিক আছিল বুলি ঠাৱৰ কৰা হৈছে। মন্ত্ৰৰ পুথিসমূহে মধ্যযুগীয় অসমীয়া বহু সমাজৰ তন্ত্ৰ-মন্ত্ৰত বিশ্বাস, লোকৰীতি, লোকাচাৰ আদি কথাৰে ধাৰণা দিয়ে। অসমীয়া লোকসাহিত্যৰ এটা দিশো এইবোৰে সংৰক্ষণ কৰিছে।
সামৰণি:
আচলতে একো একোটা জাতিৰ সম্পূর্ণ ইতিহাসৰ পৰিচয় লোক-সাহিত্যই দিয়ে। অৰণ্যনিবাসী আমাৰ পূৰ্বপুৰুষে কি কৰি, কেনেকৈ আমাৰ জাতিটোক আজিৰ অৱস্থা পোৱালেহি তাৰ উদাহৰণ আমাৰ এই লোক-সাহিত্য। আমাৰ ভাষা-সাহিত্যৰ ভেটিস্বৰূপ এই লোক-সাহিত্য সঁচা অৰ্থত এক অতুলনীয় সম্পদ।