নিজে ডাঙ্গৰ আনবিলাক সৰু, বা নিজে ভাল, আনবিলাক বেয়া, এনেকুৱা ভাব মনত ৰাখি আচৰণ কৰিলে অহংকাৰ কৰা হয়। আৰু নিজৰ গুণ নিজে বখানিলেও অহঙ্কাৰ কৰা হয়। অহঙ্কাৰ এটা স্বভাৱৰ ঘুণ। যাৰ স্বভাৱত এই ঘুণ জন্মিছে সি নিজৰ সামান্য গুণকো বৰ ডাঙ্গৰ যেন দেখে, আৰু আনৰ ডাঙ্গৰ গুণকো সামান্য যেন বোধ কৰে। এই নিমিত্তে অহঙ্কাৰী মানুহে নিজে কাকো প্ৰশংসা নকৰে, আৰু আনে প্ৰশংসা কৰিলেও সহিব নোৱাৰে। যি মানুহ কোনো বিষয়তেই তোমাতকৈ হীন নহয়, তাৰ আগত তোমাৰ অহঙ্কাৰ নৰজে। সেই দেখি আনৰ আগত ফলাবলৈ অহঙ্কাৰীয়ে আনৰ খুঁত বিচাৰি ফুৰে, আৰু সামান্য এটা খুঁত পালে তাকেই ওফোন্দাই ডাঙ্গৰ কৰি অহঙ্কাৰৰ ঠেক উলিয়ায়। সি গুণীৰ গুণ লঘু কৰিবলৈ নানা ফাং পাতে। অহঙ্কাৰী মানুহৰ গাত যি এটা গুণ থাকে, সি তাকে গুণৰ প্ৰধান যেন বিবেচনা কৰে, আৰু যাৰ গাত সেই গুণ নাই তাক নিচেই অবালচন্দ বুলি ইতিকিং কৰে। অহঙ্কাৰীয়ে যদি খৰকৈ লিখিব পাৰে, তেনেহলে সি খৰকৈ লিখিব পৰা শক্তিটোক এটা প্ৰধান গুণ বুলি ভাবে, আৰু যাৰ তেনে গুণ নাই তাক অকামিলা বুলি উপালম্ভ কৰে, তাৰ আন কোনো ডাঙ্গৰ গুণ থাকিলেও অহঙ্কাৰীয়ে তাক লেখত নধৰে।
অহঙ্কাৰী মানুহে নিজৰ দোষ সমুলি নেদেখে, আৰু আনে দেখুৱাই দিলেও তাক কদাপি মানি নলয়। নিজৰ দোষ বা ত্ৰুটি মানি লোৱা অহঙ্কাৰৰ বিপৰীত ধৰ্ম্ম, তেনে কৰিলে অহঙ্কাৰ নৰয়। সেই দেখি অহঙ্কাৰীয়ে ভাল, বেয়া নানা উপায়েৰে নিজৰ দোষ লুকাই থয়। অহঙ্কাৰীৰ পক্ষে আন লোকৰ পৰা দিহা পৰামৰ্শ লোৱাও টান কথা, কিয়নো আনৰ উপদেশ বিচাৰিলে কেতিয়াবা কেতিয়াবা নিজৰ মূঢ়ালি ওলাই পৰে। অহঙ্কাৰী মানুহ স্বভাৱতে পৰনিন্দক হয়, মুখেৰে ফুটাই নিন্দা নকৰিলেও, মনত তাৰ সদায় নিন্দাৰ ভাব থাকে।
লোকৰ প্ৰশংসা অহঙ্কাৰৰ ঘাই আহাৰ। আহাৰ নহ’লে যেনেকৈ প্ৰাণীবিলাক ৰব নোৱাৰে, সেইদৰে প্ৰশংসা নহ’লেও অহঙ্কাৰ ৰব নোৱাৰে। আনৰ পৰা প্ৰশংসা নাপালে অহঙ্কাৰীয়ে নিজক নিজে প্ৰশংসিও তাৰ অহঙ্কাৰক জীপ দিয়ে। অহঙ্কাৰী মানুহে প্ৰশংসা ইমান ভাল পায় যে অজান বালকৰ প্ৰশংসাতো তাৰ বুকু ফিন্দ খাই উঠে আৰু চাটুকৰ চাটুকো সি আচল প্ৰশংসা যেন বিবেচনা কৰে।
দম্ভ অহঙ্কাৰ সকলোৰে অপ্ৰিয় বস্তু। দম্ভালি কথা মানুহৰ কাণত কাঁড় ফুটাদি ফুটে, তাক কোনেও সহিব নোৱাৰে। এই দেখি অহঙ্কাৰী মানুহ সকলোৰে অপ্ৰিয় হয়, আন কি নিজৰ পৰিয়ালেও তাক দেখিব নোৱাৰে। ক্ষমতাশালী অহঙ্কাৰীক অৱশ্যে মুখৰ আগত নিন্দিবলৈ কোনেও সাহ নকৰে, কিন্তু পেটে পেটে সকলোৱে তালৈ আক্ৰোশ ৰাখে, আৰু সুচল পালেই অহঙ্কাৰ চুৰ কৰিবলৈ চেষ্টা কৰে।
অহঙ্কাৰী মানুহৰ অহঙ্কাৰেই পৰম বিভূতি, তাক অটুট ৰাখিবলৈ সি সদায় চেষ্টা কৰে। অৱস্থাত দৰিদ্ৰ হলেও কথমপি সি নিজৰ ভৰকটো ৰাখি থাকে। অহঙ্কাৰীৰ মান অপমানৰ বোধো বৰ বেচি, তাৰ প্ৰতি অন্য মানুহে কেনে আচৰণ কৰে তালৈ সি সদায় চকু ৰাখে, আৰু অলপ বঢ়া টুটা হলেই খং বা অভিমান কৰে। অহঙ্কাৰীৰ ক্ষমা গুণ কম। সি এবাৰ ৰুষ্ট হলে দুনাই সন্তুষ্ট নহয়। সি কৰো লগত জীণ যাব নোৱাৰে। মান্যৱন্তক মান্য কৰাও অহঙ্কাৰীৰ স্বভাৱ নহয়, আনক মান্য কৰিলে সি নিজে লঘু হোৱা যেন বোধ কৰে।
ৰিজনিত অহঙ্কাৰৰ উৎপত্তি। সৰুৰ লগত ডাঙ্গৰক ৰিজালে ডাঙ্গৰৰ মনত অহঙ্কাৰ হয়। তুমি যদি সামান্য ধনীও হোৱা, তথাপি মাগি খোৱা মানুহৰ তুলনাত তুমি এজন যোত্ৰৱন্ত মানুহ, মগনীয়াতকৈ তোমাৰ অৱস্থা ভাল। অৱস্থা ৰিজাঁওতে এই প্ৰভেদৰ ওপৰত চকু পৰে, আৰু তোমাৰ অৱস্থা ভাল দেখি তোমাৰ মনত অহঙ্কাৰৰ ভাব ওপজে। সেইদৰে অলপ শিক্ষা পোৱা মানুহেও সমূলি লিখা-পঢ়া নজনা মানুহৰ লগত নিজকে ৰিজালে নিজে এজন পণ্ডিত বুলি তাৰ মনত গহ হয়। এতেকে ডাঙ্গৰে নিজক সৰুৰ লগত ৰিজোৱা উচিত নহয়। অহঙ্কাৰ দমাব লাগিলে সদায় ওপৰলৈ, অৰ্থাৎ নিজতকৈ ডাঙ্গৰলৈ চকু ৰাখিব লাগে। ডাঙ্গৰত চকু ৰাখিলে মনত কদাপি অহঙ্কাৰ নোপজে। অলপ শিক্ষা বা বিপৰীত শিক্ষাৰ পৰাও অহঙ্কাৰ জন্মে। যি মানুহে যথাৰ্থ শিক্ষা লাভ কৰে,তাক অহঙ্কাৰ ৰিপুৱে সেও কৰিব নোৱাৰে, কিয়নো যথাৰ্থ শিক্ষাৰ পৰা নম্ৰতাহে জন্মে, অহঙ্কাৰ নজন্মে। শিক্ষাৰ পোহৰে মন পোহৰাই দিলে তাত অহঙ্কাৰ তিষ্ঠিব নোৱাৰে। আন্ধাৰ মনতহে অহঙ্কাৰৰ বাস।
আন আন ৰিপুবোৰৰ একোটা সজ ব্যৱহাৰ দেখা যায়, কিন্তু অহঙ্কাৰৰ সদ ব্যৱহাৰ নাই। কোনো কোনো মানুহে কয় যে অহঙ্কাৰে মানুহৰ আশয় ডাঙ্গৰ কৰে, কিন্তু এই তৰ্কত যুক্তি আছে বুলি বোধ নহয়। অনেক অহঙ্কাৰী মানুহক গুপ্তভাৱে নীহ কামত লিপ্ত হোৱা দেখা যায়। ইয়াৰ বাজেও আৰু তৰ্ক শুনা যায় যে অহঙ্কাৰীয়ে আনৰ অনুগ্ৰহ লবলৈ বেয়া পায়, এই তৰ্কটোতো যুক্তি আছে যেন মনে নধৰে। লোকৰ অনুগ্ৰহ গ্ৰহণ কৰিলে নিজৰ নামত কলঙ্ক পৰে, ইয়াক শিক্ষা পোৱা মানুহ মাত্ৰেই জানে আৰু সেই দেখি সুশিক্ষিত মানুহ মাত্ৰেই লোকৰ অনুগ্ৰহ গ্ৰহণ কৰিব নোখোজে। এতেকে আনৰ অনুগ্ৰহ লব নোখোজা গুণটো অহঙ্কাৰৰ ফল বুলিব নোৱাৰি, ই সুশিক্ষাৰহে ফল।