ভূমিকা:
স্বৰাজোত্তৰ কালৰ ভাৰতৰ কৰ ব্যৱস্থাৰ এটা উল্লেখযোগ্য সংযোজন হ’ল দ্ৰব্য আৰু সেৱা কৰ (Goods and Service Tax) বা GST ব্যৱস্থাৰ প্রৱর্তন। ২০১৭ চনৰ জুলাই মাহৰ ১ তাৰিখৰ পৰা সমগ্ৰ দেশতে এই নতুন কৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।
খ্রীষ্টপূর্ব প্রায় তিনি হাজাৰ বছৰ পূৰ্বেই পুৰণি ইজিপ্টত কৰ ব্যৱস্থাৰ প্ৰচলন থকাৰ কথা পোৱা যায়। সাম্প্রতিক বিশ্ব অর্থনীতিত প্ৰতিখন ৰাষ্ট্রৰ কাৰণেই কৰ ব্যৱস্থা এক অপৰিহাৰ্য বিষয়। ভাৰতৰ কৰ ব্যৱস্থাত শেহতীয়া মূল্য সংযোজিত কৰ (VAT) ব্যৱস্থা সংযোজন কৰাৰ পাছত দ্ৰব্য আৰু সেৱা কৰ হ’ল ভাৰতীয় কৰ ব্যৱস্থাৰ সংশোধনৰ আন এক দৃঢ় পদক্ষেপ।
জি এছ টি কি?
জি এছ টি সম্পূর্ণ ৰূপ হ’ল Goods and Service Tax বা দ্ৰব্য আৰু সেৱা কৰ। দ্রব্য আৰু সেৱা কৰ এবিধ পৰোক্ষ কৰ। ভাৰতৰ সকলোধৰণৰ পৰোক্ষ কৰৰ বিলুপ্তি ঘটাই সমগ্র দেশত কেৱল এবিধ কৰ ব্যৱস্থা কৰিব বিচৰা হৈছে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহে অসংখ্য পৰোক্ষ কৰ আৰোপ কৰি আহিছিল। এতিয়া জি এছ টিৰ অধীনত সকলোধৰণৰ পৰোক্ষ কৰ বিলুপ্তি ঘটাই সমগ্ৰ দেশতে কেবল এবিধ কৰ প্ৰচলন কৰিব বিচাৰিছে আৰু সেইবিধ কৰেই হ’ল দ্ৰব্য আৰু সেৱা কৰ বা জি এছ টি। মন কৰিবলগীয়া যে পূর্বে অসংখ্য পৰোক্ষ কৰ প্ৰচলন থকাৰ কাৰণে একেটা দ্ৰব্যৰ ওপৰত একাধিকবাৰ কৰ আৰোপ কৰা হৈছিল আৰু ইয়াৰ কাৰণে কৰদাতাসকলৰ কৰৰ বোজা বৃদ্ধি পাইছিল।
বিত্তমন্ত্ৰী অৰুণ জেটলি অথবা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্যকালতে জি এছ টি বলৱৎ হয় যদিও বাস্তৱিকতে জি এছ টি প্রৱর্তনৰ পটভূমি তৈয়াৰ হৈছিল ২০০৩ চনতে। পৰোক্ষ কৰ সম্পৰ্কে গঠিত কেলকাৰ সমিতিৰ প্ৰতিবেদনত উল্লেখ থকা মূল্য সংযোজিত কৰ ব্যৱস্থাই প্রকৃততে সমগ্র দেশব্যাপী একেধৰণৰ এবিধ জি এছ টি প্রৱর্তনে ভাৰতৰ কৰ ব্যৱস্থাত আমূল পৰিবৰ্তন হ’ব বুলি ভবা হৈছে।
দ্রব্য আৰু সেৱা কৰ ব্যৱস্থা বা জি এছ টি ব্যৱস্থাক লক্ষ্যভিত্তিক কৰ (destination based tax) আখ্যা দিয়া হয়। কিয়নো এনে কৰ উৎপাদনৰ সময়ত আৰোপ কৰাৰ সলনি উপভোগৰ সময়ত আৰোপ কৰা হয়। এই জি এছ টি ব্যৱস্থা তিনি প্ৰকাৰৰ। চি জি এছ টি CGST বা কেন্দ্রীয় দ্রব্য আৰু সেৱা কৰ। কেন্দ্ৰীয় চৰকাবে আৰোপ কৰি অহা সকলোধৰণৰ কেন্দ্রীয় উৎপাদনী শুল্ক, সেৱা কৰ আৰু সকলোধৰণৰ উপ-কৰ ইয়াত অন্তৰ্ভুক্ত। আনহাতে এছ জি এছ টি SGST বা ৰাজ্যিক দ্ৰব্য আৰু সেৱা কৰ অন্তর্ভুক্ত হবলগীয়া ৰাজ্য চৰকাৰৰ কৰসমূহ হ’ল— মূল্য সংযোজিত কৰ, বিক্ৰী কৰ, আমোদ কৰ, বিলাসী কৰ, প্রৱেশ কৰ, ষ্টাম্প শুল্ক, গাড়ীৰ ওপৰত আৰোপিত কৰ, বিদ্যুৎ, বেংক আদিৰ ওপৰত আৰোপিত কৰ। ইয়াৰ উপৰি কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰসমূহৰ উভয়ৰে ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ সংহত দ্রব্য আৰু সেৱা কৰ (Integrated GST)ৰ ব্যৱস্থাও ৰখা হৈছে।
জি এছ টিয়ে আনিব পাৰে আমূল পৰিবৰ্তন:
জি এছ টি হ’ল লক্ষ্যভিত্তিক কৰ, অর্থাৎ, কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে বিক্ৰীৰ সময়তহে এই কৰ সংগ্ৰহ কৰিব। এই কৰ উৎপাদন ব্যয়ৰ ওপৰত নিৰ্ভৰ কৰি আৰোপ কৰিব কাৰণে দ্রব্য সামগ্ৰীৰ দাম কিছু পৰিমাণে হ্রাস পাব বুলি অনুমান কৰা হৈছিল যদিও বর্তমানে এই ছবি দেখা পোৱা হোৱা নাই। আনহতে IGSTৰ প্রয়োগ হ’ব আন্তঃৰাজ্যিক লেনদেনৰ ক্ষেত্ৰত। আই জি এছ টি হ’ব চি জি এছ টি আৰু এছ জি এছ টিৰ যোগফল। অর্থাৎ, কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে আৰোপ কৰা কৰৰ মুঠ পৰিমাণ।
প্ৰস্তাৱিত ব্যৱস্থাত প্ৰতিগৰাকী কৰদাতাকে তেওঁলোকৰ ‘পেন’ নম্বৰৰ লগত সংযুক্ত কৰি কৰদাতাৰ পৰিচয়সূচক ১৩/১৫ অংকৰ এক নম্বৰ প্ৰদান কৰা হ’ব আৰু নির্দিষ্ট সময়ৰ অন্তৰে অন্তৰে কৰদাতাসকলে তেওঁলোকৰ লেনদেনৰ ৰিটাৰ্ণ কেন্দ্ৰ আৰু ৰাজিক জি এছ টি কর্তৃপক্ষক প্ৰদান কৰিব লাগিব।
সামৰণি:
ভাৰতৰ পৰোক্ষ কৰ সংস্কাৰৰ ক্ষেত্ৰত দ্ৰব্য আৰু সেৱা কৰ আৰোপ এটা উল্লেখনীয় পদক্ষেপ। অত্যাধিক পৰিমাণৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক কৰৰ উপস্থিতি তথা ৰাজ্যভেদে থকা পৃথক পৃথক কৰ ব্যৱস্থাৰ অৱসান ঘটাই জি এছ টি ব্যৱস্থাই সমগ্ৰ দেশতে একধৰণৰ কৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব। তদুপৰি দেশীয়ভাৱে উৎপাদিত দ্রব্যসমূহ জি এছ টি ব্যৱস্থাৰ অধীনত দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধিক প্রতিযোগী হৈ পৰিব। একেদৰে দ্ৰব্য সামগ্ৰীৰ দাম হ্রাস পোৱাৰ বিপৰীতে কৰ সংগ্ৰহ বৃদ্ধি পাব বুলি ভবা হৈছে।
চালুকীয়া অৱস্থাত থকা প্ৰস্তাৱিত দ্রব্য আৰু সেৱা কৰ ব্যৱস্থাই ভাৰতৰ কৰ ব্যৱস্থালৈ আমূল পৰিবৰ্তন কঢ়িয়াই আনিব যদিও কৰদাতাসকলৰ লগত কৰ বিষয়াসকলৰ সততাৰ ওপৰতো এই কৰ ব্যৱস্থাৰ বাস্তৱিক ৰূপায়ণ বহু পৰিমাণে নিৰ্ভৰ কৰিছে।