নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি “জৱাহৰলাল নেহৰু-jawaharlal nehru essay in assamese” ৰচনা খনৰ জৰিয়তে স্বাধীন ভাৰতৰ প্ৰাণ প্রতিষ্ঠাতা, শান্তি প্ৰগতিৰ বাটকটীয়া জৱাহৰলাল নেহৰুৰ জীৱনৰ বিষয়ে আলোচনা কৰিম। সেয়েহে, জৱাহৰলাল নেহৰুৰ বিষয়ে অধিক জানিবলৈ ৰাচনাখন শেষলৈকে পঢ়ক। ধন্যবাদ।
আৰম্ভণিঃ
বিশ্বৰ শান্তি-প্রয়াসী মানৱৰ আশাৰ প্রতিমূর্তি জৱাহৰলাল নেহৰু ভাৰতৰ জাগ্রত ন-পুৰুষসকলৰ কর্মপ্ৰেৰণাৰ চিৰন্তন প্রতীক। জাতিৰ জনক বাপুজীৰ অহিংসা, প্রেম আৰু বিশ্বভ্রাতৃত্বৰ মহান আদর্শ ৰূপায়ণৰ সব্যসাচী নেহৰু বিশ্বৰ এক অবিসম্বাদী ৰাজনীতিবিশাৰদ, মানৱ-প্রেমী আৰু প্ৰগতিৰ জীৱন্ত আদর্শ। স্বাধীন ভাৰতৰ প্ৰাণ প্রতিষ্ঠাতা, শান্তি প্ৰগতিৰ বাটকটীয়া নেহৰুৱে বিশ্ব দৰবাৰত ভাৰতক মর্যাদাৰে মহিমামণ্ডিতৰূপে প্রতিষ্ঠা কৰি থৈ গৈছে। উদাৰ, বিশাল, আৰু প্রগতিশীল দৃষ্টিভংগীৰ অধিকাৰী নেহৰু কর্মপ্রেৰণাৰো মূর্ত প্রতীক।
জন্ম আৰু বংশ পৰিচয়ঃ
১৮৮৯ চনৰ ১৪ নৱেম্বৰ তাৰিখে এলাহাবাদ নগৰত নেহৰুৱে সােণৰ চামুচ মুখত লৈ জন্মগ্রহণ কৰিছিল। দেউতাক মতিলাল নেহৰু আছিল লব্ধ প্রতিষ্ঠ আইনজ্ঞ আৰু বিখ্যাত ৰাজনীতিবিদ! মাতৃ স্বৰূপৰাণী নেহৰু আছিল এগৰাকী মহাধর্মপৰায়ণা মহিলা। নেহৰুৱে পিতৃৰপৰা দুৰ্বাৰ সাহসিকতা, স্পষ্টবাদিতা, সত্যপৰায়ণতা আৰু দেশপ্রেম; আৰু মাতৃৰপৰা দয়া, ক্ষমা, শান্তি, স্নেহ-প্রীতি আদি সুকুমাৰ গুণৰাজি লাভ কৰিছিল।
শিক্ষাঃ
দেউতাকৰ ইচ্ছানুসৰি মাত্র ১৫ বছৰ বয়সতে উচ্চ শিক্ষা লাভৰ কাৰণে নেহৰু বিলাতলৈ যাত্ৰা কৰে আৰু “হেৰাে” বিদ্যালয়ত ভর্তি হয়। তাৰ পাছত ১৯০৭ চনত কেম্ব্ৰিজি “ট্রিনিটি” কলেজত ভৰ্তি হয় আৰু ১৯১০ চনত ৰসায়ন, ভূ-তত্ত্ব আৰু উদ্ভিদ বিদ্যাত অনাৰ্ছসহ ডিগ্রী লাভ কৰে। সেই সময়তে তেওঁ ফ্রান্স আৰু জাৰ্মানীও ভ্ৰমণ কৰে আৰু পাছত “ইনাৰ টেস্পল” ৰ বেৰিষ্টাৰী ডিগ্রী লৈ ১৯১২ চনত সগৌৰৱে স্বদেশলৈ প্রত্যাৱর্তন কৰে।
কর্মজীৱনঃ
স্বদেশলৈ ঘূৰি আহি সেই বছৰেই তেওঁ এলাহাবাদ হাইকোর্টত আইন ব্যৱসায় আৰম্ভ কৰে। কিন্তু যাৰ শৰীৰৰ প্রতি শিৰাই স্বাধীনতাৰ তপ্ত ৰুধিৰ চিৰ প্রৱাহমান, যাৰ হৃদয়ৰ মর্মে মর্মে স্বদেশ প্রেমৰ আকুল আৱেগ উচ্ছল স্রোতস্বিনীৰ দৰেই মূর্ত প্রৱাহিত, তেওঁক আইন ব্যৱসায়ে বন্দী কৰি ৰাখিব পাৰে কেনেকৈ? নেহৰুৱে ১৯১২ চনত বাঁকীপুৰ কংগ্রেছ অধিবেশনত আৰু পিছত উত্তৰ প্রদেশ কংগ্রেছ অধিৱেশনত যােগদান কৰি ভাৰতীয় জাতীয় সংগ্রামত প্রৱেশ কৰে।
১৯১৫ চনত ইংৰাজ চৰকাৰৰ সংবাদপত্ৰৰ ওপৰত দমননীতিৰ প্রতিবাদ কৰি এলাহাবাদৰ এক জনসভাত তেওঁ জীৱনৰ প্রথম বক্তৃতা প্রদান কৰে।
স্বাধীনতা সংগ্ৰামতঃ
১৯১৬ চনত তেওঁ কমলা কউৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। সেই বছৰেই নেহৰুৰ জীৱনৰ পট-পৰিৱৰ্তনৰ অবিস্মৰণীয় ঘটনাটি সংঘটিত হয়। লক্ষৌত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনত গান্ধীজীৰ সৈতে প্রথম সাক্ষাতেই আছিল এক অবিস্মৰণীয় স্মৃতি। গান্ধীজীৰ শিষ্যত্ব গ্রহণ কৰি তেওঁ জীৱনৰ সর্বশক্তি স্বাধীনতাৰ বাবে প্রয়ােগ কৰিবলৈ দৃঢ় প্রতিজ্ঞা হ’ল।
জৱাহৰলাল নেহৰু-jawaharlal nehru essay in assamese
১৯১৭ চনৰ হােমৰুল আন্দোলনত তেওঁ যােগদান কৰিলে। ১৯১৯ চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ তথ্য সংগ্রহত তেওঁ দেশবন্ধু চিত্তৰঞ্জন দাসক সহায় কৰিলে। ১৯২১ চনত প্রিন্স অব ৱেলছৰ ভাৰত আগমনত হৰতাল পালন প্রসংগত তেওঁ প্রথমবাৰৰ বাবে কাৰাৰুদ্ধ হয়। ১৯২২ চনত বিদেশী বস্তু বর্জন আন্দোলন পৰিচালনাৰ অভিযােগত আৰু ১৯৩৩ চনত ৰাজ্য পৰিত্যাগৰ আদেশ অমান্য কৰাৰ অভিযােগত কাৰাৰুদ্ধ হয়।
তেওঁ মুক্তি লাভ কৰাৰ পাছতে এলাহাবাদ মিউনিচিপেলিটিৰ সভাপতি নির্বাচিত হয়; তদুপৰি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদকৰূপে নিযুক্ত হয়।
১৯২৮ চনত ছাইমন কমিছনৰ বিৰুদ্ধে শােভাযাত্রা পৰিচালনাত পুলিচৰ লাঠিৰ আঘাতত তেওঁ আহত হয়। ইয়াৰ পাছত ১৯৩০ চনত লােণ আইন ভংগ আন্দোলনত যােগদানৰ অভিযােগত ছয় মাহ আৰু কিষাণ সন্মিলনত যােগদানৰ অভিযােগত দুবছৰ কাৰাদণ্ডেৰে দণ্ডিত হয়; ১৯৩১ চনত এলাহাবাদ পৰিত্যাগৰ আদেশ অমান্য কৰাৰ ফলত দুবছৰৰ কাৰাদণ্ডৰ আদেশ হয়। সেই বছৰেই তেওঁৰ পিতৃ মতিলাল নেহৰুৰ বিয়ােগ ঘটে।।
১৯৩৪ চনত কলিকতাত ৰাষ্ট্র বিদ্রোহী (ইংৰাজী চৰকাৰ বিৰােধী) বক্তৃতা দিয়াৰ বাবে তেওঁ কাৰাবৰণ কৰিব লগা হয়। ১৯৩৫ চনৰ ছেপ্তেম্বৰ মাহত কাৰামুক্ত হােৱাৰ পাছতে দুহিতা ইন্দিৰাৰ সৈতে ছুইজাৰলেণ্ডত চিকিৎসাধীন হৈ থকা পত্নী কমলা নেহৰুক দেখা কৰেগৈ। কেইমাহমানৰ পাছতে তেওঁৰ পত্নীৰ বিয়ােগ ঘটে। মর্মান্তিক শােকত অভিভূত নেহৰুৱে কিছুদিন ৰাজনীতিৰপৰা বিৰত থাকে।
কিন্তু দেশৰ মাটিৰ আহ্বানে, জাতিৰ আহ্বানে পুনৰায় তেওঁক টানি আনে ৰাজনীতিৰ বুকুলৈ; ১৯৩৬ চনৰ এপ্রিল মাহত লক্ষ্ণৌ কংগ্ৰেছত তেওঁ সভাপতি নির্বাচিত হয়। ১৯৩৮ চনত তেওঁৰ মাতৃৰ বিয়ােগ ঘটে। সেই বছৰেই তেওঁ স্পেইন আৰু চীন ভ্রমণ কৰে। ১৯৪০ চনত সত্যাগ্রহ আন্দোলনত যােগদানৰ কাৰণে তেওঁ ৪ বছৰৰ বাবে কাৰাদণ্ডেৰে দণ্ডিত হয়।
কিন্তু এবছৰৰ পাছতেই মুক্তি লাভ কৰি ছাৰ ষ্টেফ’র্ড ক্ৰীপচৰ সৈতে ভাৰতীয় সমস্যা সমাধানৰ আলােচনাত বহে। কিন্তু ক্ৰীপচৰ আলােচনা ব্যর্থ হােৱাত ১৯৪২ চনত গান্ধীজীৰ “ভাৰত ত্যাগ” আন্দোলনত সক্রিয় ভূমিকা গ্রহণ কৰি কাৰাৰুদ্ধ হয়। ১৯৪৫ চনত মুক্তি লাভ কৰিয়েই আজাদহিন্দ ফৌজৰ বিষয়া আৰু সৈন্যসকলৰ ঐতিহাসিক বিচাৰত তেওঁলােকৰ পক্ষ অৱলম্বন কৰি আইনজ্ঞ হিচাপে ছাৰ তেজবাহাদুৰ চাপ্ৰুক সহায় কৰি স্বদেশপ্রেমৰ চৰম নিদর্শন প্রদর্শন কৰে।
স্বাধীনতা লাভ আৰু প্রধানমন্ত্ৰীৰ দায়িত্ব গ্রহণঃ
১৯৪৬ চনত তেওঁ চতুর্থবাৰৰ বাবে কংগ্ৰেছ সভাপতি নির্বাচিত হয় আৰু সেই বছৰেই আগষ্ট মাহত ভাইচৰয়ৰ আমন্ত্রণক্রমে অন্তৱৰ্তী চৰকাৰৰ উপ-সভাপতি পদত অধিষ্ঠিত হয়। ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে দেশে স্বাধীনতা লাভ কৰাৰ পাছত ১৯ আগষ্ট তাৰিখত তেওঁ প্রধানমন্ত্ৰীৰ দায়িত্ব গ্রহণ কৰে।
প্রধানমন্ত্ৰীৰ দায়িত্বত নেহৰুঃ
বৃটিছৰ দুশ বছৰীয়া শোষণে গৰকি ৰাজহাড় বেঁকা কৰা আৰু সাম্প্রদায়িকতাৰ মহা বিদ্বেষেৰে দ্বিখণ্ডিত হােৱা ভাৰতৰ প্ৰধানমন্ত্রী এজনৰ সন্মুখত পৰ্বত প্রমাণ হৈ থিয় হৈ থকা সমস্যাবােৰ সমাধান কৰিবলৈ নেহৰুৱে যি কঠোৰ পৰিশ্ৰম কৰিব লগা হৈছিল, তাৰ তুলনা নাই। দৰিদ্রতা, খাদ্যাভাৱ, সাম্প্রদায়িক সংঘর্ষ, নিৰক্ষৰতা, নিবনুৱা সমস্যা, বৈদেশিক সমস্যা, আভ্যন্তৰীণ নানা সমস্যা আদি এশ এবুৰি সমস্যাত জৰ্জৰিত ভাৰতক সুস্থিৰ অৱস্থালৈ আনিবলৈ তেওঁ অশেষ কষ্ট স্বীকাৰ কৰিব লগা হৈছিল।
জৱাহৰলাল নেহৰু-jawaharlal nehru essay in assamese
সুবিশাল ভাৰতৰ সহস্ৰ সমস্যাৰ সন্মুখীন হৈও অলপাে বিচলিত নহৈ প্রতি সমস্যাৰ সমাধানৰ উপায় অৱলম্বন কৰি, দেশত শান্তি প্রতিষ্ঠা কৰি প্ৰগতিৰ বিপুল আঁচনিৰে নৱ ভাৰত গঢ়াত নেহৰুৰ কৃতিত্ব অসীম। প্রতিজন ভাৰতবাসীৰ হৃদয়ৰ অনুভূতিক বিপুল প্ৰেৰণাৰে ৰঞ্জিত কৰি, প্রত্যেকৰে মন-দিগন্তত শান্তি আৰু প্ৰগতিৰ দেদীপ্যমান জ্যোতিৰ ৰেঙণি বােলাই দি নেহৰুৱে ভাৰতত ৰচনা কৰিলে এক মহামিলনৰ ৰংগভূমি।
তদুপৰি দেশৰ আৰু বিশ্বৰ কোটি কোটি সদ্য প্রস্ফুটিত কমল-সদৃশ, নির্দোষ, নিটোল বিশাল প্রতিভাৰ সম্ভাৱনাময় শিশুৰ মংগলৰ কাৰণে নেহৰুৱে যি অৱদান আগবঢ়ালে, তাৰ বাবে তেওঁ চিৰকালৰ কাৰণে হৈ ৰ’ল তেওঁলােকৰ নেহণ খুৰা।
বিশ্ব শান্তিৰ অগ্ৰদূত নেহৰুঃ
ভাৰতৰ প্রজ্ঞা আৰু মনীষাই অনাদি কালৰেপৰা যুগে যুগে প্রেম আৰু শান্তিৰ যি মহাবাণী বিশ্ব মানৱৰ সন্মুখত দাঙি ধৰি আহিছে, তাৰেই চিৰ জ্যোতিষ্মান জুৰলৈ নেহৰু বিশ্বৰ বুকুলৈ ধাবমান হৈছিল অসীম আকাশৰ মুক্ত বুকুত হাজাৰ হাজাৰ শান্তিৰ কপৌ উৰুৱাবলৈ। বাংণ্ডু সন্মিলনৰ পঞ্চশীল নীতিৰ প্রবক্তা, নিৰস্ত্ৰীকৰণ প্ৰস্তাৱৰ উদ্ভাবন কৰ্তা নেহৰুৰ বিশ্ব শান্তিৰ প্রচেষ্টাই বিশ্বৰ শত সহস্র মুমুৰ্ষ জাতিৰ প্ৰাণত সঞ্জীৱনীৰ সঞ্চাৰ কৰিলে।
স্বাধীনতা, সাম্য, মৈত্রীৰ প্ৰেৰণা যােগালে। বিশ্ব যুদ্ধৰ বিপুল সম্ভাৱনাক বিশ্বৰ বুকুৰপৰা সাময়িকভাৱে হ’লেও অন্তর্হিত কৰিলে। বিভিন্ন ৰাষ্ট্ৰই গােলামীৰ কালিমামুক্ত হৈ প্ৰগতিৰ বাটত খােজ দিলে। নেহৰুৰ বিশ্ব-শান্তিৰ গৌৰৱময় প্রচেষ্টা দেখি অতিশয় অভিভূত হৈ বিশ্বৰ শ্ৰেষ্ঠ, স্থিতপ্রজ্ঞ বিজ্ঞানী আইনষ্টাইনে নেহৰুক সাৱটি ধৰি কৈ উঠিছিল- “তুমিয়েই আমাৰ একমাত্ৰ ভৰসা; তােমাৰ পদচিহ্নই ভৱিষ্যতৰ পৃথিৱীৰ কক্ষপথ।” আজিৰ শান্তি প্রয়াসী পৃথিৱী সেয়েহে নেহেৰুৰ ওচৰত ঋণী।
সাহিত্যিক নেহৰুঃ
বিশাল বাৰিধিৰ দৰেই গভীৰ অথচ কুসুম-কোমল অন্তৰৰ গৰাকী নেহৰুৰ প্ৰতিভা বহুমুখী। প্ৰতিভাৰ যাদুঘৰ আখ্যাৰে যদি তেওঁক অলংকৃত কৰাে অলপাে ভুল কৰা নহ’ব।
এই মহান ৰাজনীতিবিদ, নৱ ভাৰতৰ বিশ্বকর্মাজনৰ হিয়া মন্দিৰত সাহিত্য আৰু সংস্কৃতিৰ যি ধাৰা অমৃত প্রৱাহী মন্দাকিনী হৈ বৈ আছিল, সি কাৰাগাৰৰ বন্ধনৰ ভেদা-ভেদ কৰি অনন্ত স্রোতেৰে বৈ বৈ “এ লেটাৰ ফ্ৰম ফাদাৰ টু হিজি ডটাৰ”, “গ্লীম্পচেছ অব্ ৱর্ল্ড হিষ্টৰী”, “অ’টো বায়’গ্রাফী”, “ডিস্কভাৰী অব্ ইণ্ডিয়া” আদি ৰূপত প্রতিভাত হৈ তেওঁক বিশ্বৰ শ্রেষ্ঠ সাহিত্যিকসকলৰ আসনত প্রতিষ্ঠা কৰিলে।
জেল জীৱনৰ নিঃসংগতাই কোনােকালেই তেওঁৰ মন-দিগন্তৰ পৰিধিত ক’লাডাৱৰৰ সৃষ্টি কৰিব পৰা নাছিল; বৰঞ্চ তাৰ পৰিৱর্তে সৃষ্টি কৰিছিল বিশাল আৱেগ আৰু অনুভূতিৰ জীৱন্ত প্রকাশ। সেয়েহে তেখেতৰ সকলােখিনি গ্রন্থই জেল জীৱনতে ৰচিত হৈছিল। প্ৰতিখন গ্রন্থই এফালে সাহিত্যৰ অক্ষয় কীর্তি আৰু নেহেৰুৰ সুকুমাৰ মনৰ ভাস্বৰ প্রতিফলন; আৰু আনফালে তেওঁৰ ঐতিহাসিক চেতনা আৰু দার্শনিক গভীৰ জ্ঞানৰ জীৱন্ত নিদর্শন। ১৯৬৪ চনৰ ২৭ মে’ৰ দিনা এইজনা জাতীয় জীৱন নিৰ্মতাই সমগ্র বিশ্বতে শােকৰ ছাঁ পেলাই ইহলীলা সম্বৰণ কৰে।
সামৰণিঃ
দুৰ্বাৰ সাহসী নেহৰু আছিল সম্পূর্ণ আশাবাদী আৰু সেয়েহে ভাৰতবাসীৰ জীৱনৰ প্রতি স্তৰত প্ৰগতিৰ আশাৰ ৰেঙণিকে ৰহণাই তুলিবলৈ তেওঁ আপ্রাণ চেষ্টা কৰিছিল। লগে লগে বিশ্বৰ দৰবাৰত ভাৰতৰ মর্যাদা উত্তৰােত্তৰ বৃদ্ধি কৰি ভাৰত মাতৃক মহিমামণ্ডিতা কৰিবলৈকে তেওঁ জীৱনৰ সকলাে শক্তি প্রয়ােগ কৰিছিল।
বিশ্বত আজি ভাৰতৰ যি স্থান সেয়া নেহৰুৰ অনবদ্য জীৱন নৈবেদ্যৰে জীৱন্ত সাক্ষ্য। তেওঁ জীৱন-জোৰা দুৰ্ধর্ষ সংগ্ৰামৰ অবিস্মৰণীয় আদর্শ, কর্মপ্ৰেৰণা, দেশ আৰু জাতি গঢ়াৰ আকাশলংঘী আকাংক্ষা, বিশাল হৃদয়ৰ মহান উদাৰতা, শান্তি আৰু প্ৰগতিৰ বিশ্ব-বিনন্দিত কর্মগাথাই জাতীয় জীৱনৰ মংগলমন্দিৰৰ চিৰন্তন নৈবেদ্য হৈ ৰওক।
(আশা কৰোঁ আপুনি “জৱাহৰলাল নেহৰু-jawaharlal nehru essay in assamese” ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “জৱাহৰলাল নেহৰু-jawaharlal nehru essay in assamese” ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)