ভাৰতবর্ষ এসময়ত জ্যোতির্বিজ্ঞানৰ পথ-প্রদর্শক আছিল বুলিব পাৰি। খ্রীষ্টিয় পঞ্চম-ষষ্ঠ শতিকাতে আর্যভট্ট, ব্ৰহ্মগুপ্ত, বৰাহমিহিৰ আদিৰ দৰে জ্যোতির্বিদে ভাৰতত জন্ম গ্রহণ কৰিছিল। কিন্তু কালক্ৰমত ইয়াৰ চৰ্চা আমাৰ দেশৰ পৰা প্ৰায় অন্তর্হিত হৈ পৰিল। দৰাচলতে বিজ্ঞান চর্চা নামৰ বস্তুটোৰেই আমাৰ দেশত আদৰ নাইকিয়া হৈ গ’ল। পশ্চিমীয়া শিক্ষাৰ দ্বাৰা অনুপ্রাণিত হৈ আধুনিক ভাৰতত কেইবাজনাে খ্যাতনামা বিজ্ঞানবিদ ওলাইছে যদিও জ্যোতির্বিজ্ঞানলৈ তেওঁলােকৰ অৱদান খুব বেছি বুলিব নােৱাৰি। কুৰি শতিকাৰ ভাৰতত জন্মগ্রহণ কৰা যি কেইগৰাকী লােকে জ্যোতির্বিজ্ঞানৰ ক্ষেত্ৰত আন্তর্জাতিক খ্যাতি লাভ কৰিবলৈ সমৰ্থ হৈছে, সেইসকলৰ ভিতৰত প্রথমেই যাৰ নাম ল’ব লাগিব, তেওঁ হ’ল সুব্রমনিয়ম চন্দ্রশেখৰ।
ৰামন, ৰামানুজন আৰু কৃষ্ণনৰ দেশ মাদ্রাজেই চন্দ্ৰশেখৰৰাে মাতৃভূমি। উল্লেখযােগ্য যে তেওঁ ৰামনৰ অতি নিকট আত্মীয়ও। ১৯১০ চনৰ উনৈশ অক্টোবৰৰ দিনা লাহােৰত চন্দ্ৰশেখৰৰ জন্ম হয়। তেওঁৰ দেউতাক সেই সময়ত লাহােৰৰ ৰেলৱে বিভাগৰ একাউন্টেন্ট জেনেৰেল আছিল। চন্দ্রশেখৰ সৰুৰে পৰাই তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰ আছিল। তেওঁ লাহােৰত প্ৰাথমিক শিক্ষা সাং কৰি মাদ্ৰাজৰ প্রেডিডেন্সী কলেজত নাম লগায়। ইয়াত গণিত শাস্ত্রই তেওঁক অতিকৈ আকর্ষণ কৰিছিল। এই আকর্ষণ ইমান প্রবল হৈছিল যে পদার্থবিজ্ঞানত অনার্চ ল’লেও অধ্যাপকৰ বিশেষ অনুমতি লৈ তেওঁ গণিতৰ শ্রেণীতে নিয়মীয়াকৈ উপস্থিত আছিল। ১৯৩০ চনত মাত্র বিশ বছৰ বয়সতে তেওঁ মাদ্রাজ বিশ্ববিদ্যালয়ৰপৰা পদার্থবিজ্ঞানৰ স্নাতকোত্তৰ পৰীক্ষাত উত্তীর্ণ হয় আৰু ৰেকৰ্ড মার্ক লাভ কৰে। ৰামনৰ দৰে চন্দ্রশেখৰেও গৱেষণা আৰম্ভ কৰিছিল ছাত্ৰ অৱস্থাতেই। ১৯২৮ চনত ৰামনৰ সভাপতিত্বত মাদ্রাজত বহা ভাৰতীয় বিজ্ঞান মহাসভাৰ অধিৱেশনত তেওঁ কম্পটন স্কেটাৰিং এণ্ড দি নিউ ষ্টেটিষ্টিক্স’ (Compton Scattering and the New Statistics) নামৰ এটা বৈজ্ঞানিক নিৱন্ধ পাঠ কৰিছিল। ভাৰতীয় বিজ্ঞান মহাসভাত আজিলৈকে কোনেও ইমান কম বয়সত এনে নিবন্ধ পাঠ কৰা নাই।
কলেজত পঢ়ি থকা সময়তে ‘জ্যোতির্পদার্থবিজ্ঞান’ নামৰ ভৌতিক বিজ্ঞানৰ আধুনিক শাখাটোৰ প্ৰতি চন্দ্ৰশেখৰৰ অনুৰাগ জন্মিছিল। এই অনুৰাগৰ কাৰণ আছিল বিষয়টোৰ গাণিতিক জটিলতা। তদুপৰি আন এটা ঘটনায়াে তেওঁক এই বিষয়টোৰ প্ৰতি অনুৰাগ বঢ়াই তােলাত সহায় কৰে। কলেজত পঢ়ি থকা অৱস্থাতে তেওঁ এবাৰ প্ৰসিদ্ধ ব্রিটিছ বিজ্ঞানী আর্থাৰ এডিংটনে লিখা ‘তৰাবিলাকৰ অন্তৰ্ভাগৰ গঠন’ (Internal Constitution of the Stars) পুথিখন পুৰস্কাৰ পায়। চন্দ্ৰশেখৰ জ্যোতির্বিজ্ঞানৰ প্রতি আকর্ষিত হৈ পৰা ইয়েই একমাত্র কাৰণ নহ’লেও এই কথা ঠিক যে এডিংটনৰ পুথিখনে তেওঁৰ মন গভীৰ সাঁচ বহুৱাইছিল।
কৃতিত্বৰে স্নাতকোত্তৰ পৰীক্ষা পাছ কৰাত উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যাবলৈ ভাৰত চৰকাৰে চন্দ্ৰশেখৰক এটা বৃত্তি দিয়ে। এই বৃত্তিৰ ওপৰতে নিৰ্ভৰ কৰি তেওঁ ইংলেণ্ডলৈ যায় আৰু কেমব্রিজৰ ত্রিনিটি কলেজত জ্যোতির্পদার্থবিজ্ঞানৰ গৱেষণা আৰম্ভ কৰে। ইয়াত তেওঁ এডিংটন, মিলনে আদি এই বিষয়ৰ হােতাসকলৰ সংস্পৰ্শলৈ আহিবলৈ সুবিধা পালে। ১৯৩৩ চনত তেওঁ কেমব্রিজৰ পৰা ডক্টৰেট উপাধি লাভ কৰে। ইয়াৰ পিছত তেওঁ আৰু তিনি বছৰকাল কেমব্রিজত আছিল আৰু শেষলৈ তেওঁ ত্রিনিটি কলেজৰ সভ্যও নির্বাচিত হৈছিল। ১৯৪২ চনত তেওঁ পুনৰ এই বিশ্ববিদ্যালয়ৰ পৰা ডি এছ চি উপাধি লাভ কৰিলে।
বিলাতত থকা কালছােৱাত চন্দ্ৰশেখৰ যে খুব সুখত আছিল তেনে নহয়। বৃত্তিৰ টকা যথেষ্ট নােহােৱাত তেওঁ কিছুমান সৰু-সুৰা কাম কৰি জীৱিকাৰ পথ উলিয়াব লগা হৈছিল। সেই বুলি নিজ উদ্দেশ্যৰপৰা তেওঁ কেতিয়াও বিচলিত হােৱা নাছিল। বিজ্ঞান অধ্যয়নৰ বাবে তেওঁৰ একাগ্রতা আৰু অধ্যৱসায় আছিল অপৰিসীম। নিজে কষ্ট কৰি চলি যি দুপইচা সাঁচিছিল তাক তেওঁ জ্ঞানৰ অনুসন্ধানত খৰচ কৰিছিল। বিলাতত গৱেষণা কৰি থকা অৱস্থাত তেওঁ সাঁচতীয়া ধন খৰচ কৰি গটিংগেন, মস্কো, পেৰিচ, হার্ভার্ড আদি য়ুৰােপ আৰু আমেৰিকাৰ কেইবাখনাে বিশ্ববিদ্যালয়লৈ গৈ বিজ্ঞানৰ জটিল কথাবিলাক খৰচি মাৰি শিকি আহিছিলগৈ।
১৯৩৬ চনত চন্দ্রশেখৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগাে চহৰত অৱস্থিত বিখ্যাত ‘ইয়র্কচ বীক্ষণাগাৰ’ৰ সহযােগী গৱেষকৰ কাম পােৱাত তেওঁ তালৈ যায়গৈ। এয়েই তেওঁৰ আমেৰিকাবাসৰ সূত্রপাত। ১৯৩৮ চনত তেওঁ চিকাগাে বিশ্ববিদ্যালয়ৰ জ্যোতির্বিজ্ঞান বিভাগৰ সহযােগী প্ৰফেছাৰ আৰু তাৰ দুবছৰৰ পিছত সম্পূর্ণ প্রফেছাৰৰ পদ লাভ কৰে। ১৯৫২ চনত চিকাগােৰ তাত্ত্বিক জ্যোতির্বিজ্ঞানৰ ‘ডিষ্টিংগুইচড চাৰ্ভিচ প্ৰফেছাৰ’ৰ পদ তেওঁলৈ আগবঢ়োৱা হয় আৰু তেওঁ এই পদ গ্রহণ কৰে। “এনৰিক’ ফার্মি ইনষ্টিটিউট” নামৰ অনুষ্ঠানটোৰ লগতো তেওঁ ঘনিষ্ঠভাৱে জড়িত আছিল।
আমেৰিকালৈ অহা বহু বছৰৰ পিছলৈকে চন্দ্রশেখৰে ভাৰতলৈ পুনৰ উভতি যাব নে নাযায়, এই বিষয়ে কোনাে স্থিৰ সিদ্ধান্তলৈ আহিব পৰা নাছিল। তেওঁ জানিছিল যে ভাৰতৰ নিচিনা এখন পিছপৰা দেশক বিজ্ঞানৰ ক্ষেত্ৰত আগুৱাই লৈ যােৱাৰ দায়িত্ব তেওঁৰ নিচিনা পুৰুষৰ ওপৰতেই। আনহাতে ভাৰতলৈ উভতি গ’লে বিজ্ঞান সাধনাৰ পথ যে বহুখিনি বন্ধ হৈ পৰিব, সেই কথাও তেওঁ ভালদৰে উপলব্ধি কৰিছিল। দেশপ্ৰেম আৰু বিজ্ঞানুৰাগ- এই দুই বিপৰীতমূখী চিন্তাই তেওঁক বহুদিনলৈকে বিমােৰত পেলাই ৰাখিছিল। তেওঁ মাদ্রাজ বিশ্ববিদ্যালয়ত এটা কামৰ বাবে চেষ্টাও কৰিছিল, কিন্তু কর্তৃপক্ষৰ খামখেয়ালিৰ বাবেই হওক বা আন কাৰণতেই হওক, তেওঁ কামটো নাপালে। অৱশেষত আমেৰিকাত সােতৰ বছৰ থকাৰ পিছত ১৯৫৩ চনত চন্দ্রশেখৰে মাতৃভূমিৰ মায়া এৰি সম্পূর্ণ আমেৰিকান নাগৰিকত্ব গ্রহণ কৰিলে। অৱশ্যে তেওঁ ঘৰৰ পৰিৱেশ ভাৰতীয় কৰি ৰাখিবলৈ পার্যমানে চেষ্টা কৰিছিল। ভাৰতীয় সঙ্গীতৰ তেওঁ অনুৰাগী। তেওঁৰ কলেজীয়া জীৱনৰ সহপাঠিনী আৰু স্ত্রী ললিতাও আছিল এগৰাকী সঙ্গীত বিশাৰদা।
জ্যোতির্পদার্থবিজ্ঞানলৈ চন্দ্ৰশেখৰৰ অৱদান বহলাই কোৱা সহজ নহয়। জ্যোতির্পদার্থবিজ্ঞানৰ এটা নৱতম শাখা। এই শাখাই জ্যোতিষ্কবিলাকৰ গতি-বিধি নিৰূপণ কৰাৰ উপৰিও সিবিলাকৰ অন্তৰ্ভাগ, সিবিলাকৰ ভৱিষ্যৎ -ইত্যাদি নানা কথা আলােচনা কৰে। ইয়াৰ অধ্যয়নৰ বাবে জ্যোতির্বিজ্ঞান, পদার্থবিজ্ঞান আৰু গণিত- এই তিনিওটা বিভাগতে ব্যুৎপত্তি থকা আৱশ্যক আৰু চন্দ্রশেখৰে বিশেষ পাৰদৰ্শিতাৰে এই তিনিওটা শাখা আয়ত্ত কৰিছিল। তেওঁক একেধাৰে এজন জ্যোতির্বিদ, গণিতজ্ঞ আৰু পদার্থবিজ্ঞানী বুলি ক’ব পাৰি। আধুনিক কোৱান্টাম তত্ত্বৰ সহায়েৰে তেওঁ জ্যোতির্পদার্থবিজ্ঞানৰ কেইবাটাও জটিল সমস্যা সমাধান কৰিছিল। জ্যোতিষ্কবিলাকৰ অন্তর্ভাগৰ উপৰিও সিবিলাকৰ চৌপাশ সম্পর্কেও তেওঁ বিশদভাৱে আলােচনা কৰিছিল। চন্দ্রশেখৰে গৱেষণা কৰা আৰু এটা গুৰুত্বপূর্ণ বিষয় হ’ল ‘জ্যোতিষ্ক বলবিজ্ঞান’ (Stellar Dynamics)। দুটা বস্তুৰ এটাই আনটোৰ ওপৰত কেনেকৈ ক্রিয়া কৰে, সেই কথা নিউটনে তিনিশ বছৰ আগতে সুন্দৰকৈ ব্যাখ্যা কৰি গৈছে; কিন্তু তিনিটা বস্তুৰ পৰস্পৰৰ প্ৰভাৱ ব্যাখ্যা কৰিব খুজিলে বিষয়টো বহু গুণে জটিল হৈ পৰে। চন্দ্রশেখৰে হাতত লােৱা বিষয়টোৰ জটিলতা আছিল আৰু অধিক, কিয়নাে বিশ্বত জ্যোতিষ্কৰ সংখ্যা মাত্র তিনিটাই নহয়, হাজাৰ হাজাৰ। তথাপি চন্দ্রশেখৰে বিশেষ পাৰদৰ্শিতাৰে জ্যোতিষ্কবিলাকৰ এটা পৰিঘটনা আৱিষ্কাৰ কৰিছিল যে বর্তমান ‘চন্দ্ৰশেখৰৰ সীমা’ (Chandrasekhar’s limit) নামে জনাজাত। চন্দ্রশেখৰে গৱেষণা কৰা আন এটা বিষয় হল ‘প্লাজমা পদার্থবিজ্ঞান (Plasma Physics)। এখন চুম্বকক্ষেত্ৰৰ ভিতৰত আয়নীকৃত হােৱা গেছবিলাকৰ ব্যৱহাৰ এই বিষয়টোৱে আলােচনা কৰে। জ্যোতির্বিজ্ঞানী হৈ চন্দ্রশেখৰে এই বিষয়টোত হাত দিয়াৰ কাৰণাে অৱশ্যে নােহােৱা নহয়। গৱেষণাৰ ফলত তেওঁ দেখিছিল যে মহাকাশত থকা আধানযুক্ত কণিকাবিলাকৰ মাজত একোখন চুম্বকক্ষেত্র আছে বুলি ধৰি ল’লে হাতীপটিবিলাকৰ কিছুমান ধর্ম ব্যাখ্যা কৰা সহজ হৈ পৰে।
জ্যোতির্বিজ্ঞানৰ বিষয়ে চন্দ্রশেখৰে কেইবাখনাে পুথিও ৰচনা কৰি গৈছে। তাৰ ভিতৰত ‘জ্যোতিষ্কবিলাকৰ গঠনৰ বিষয়ে’ (Introduction to Stellar Structure) আৰু ‘জ্যোতিষ্কবিলাকৰ বলবিজ্ঞানৰ সাৰকথা’ (Principles of Stellar Dynamics) এই দুখন পুথিৰ নাম বিশেষভাৱে উল্লেখযােগ্য। তেওঁ ‘এষ্ট্ৰ’ফিজিক্স জার্নেল’ (Astrophysics Journal) নামৰ বৈজ্ঞানিক আলােচনীখনৰ সম্পাদক আছিল।
নিজ প্রতিভাৰ বলত চন্দ্রশেখৰে যথেষ্ট বৈজ্ঞানিক সন্মানৰ অধিকাৰী হৈছিল। ব্রিটেইনৰ ৰয়েল ছ’চাইটি’য়ে তেওঁক সভ্য নির্বাচন কৰাৰ উপৰিও ১৯৬২ চনত তেওঁক বিখ্যাত ‘ৰয়েল মেডেল’ প্ৰদান কৰে। ব্রিটেইনৰ ‘ৰয়েল এষ্ট্র’ন’মিকেল ছ’চাইটি’ৰ পৰাও তেওঁ এটা সােণৰ পদক লাভ কৰিছে। ১৯৫২ চনত তেওঁ ‘এষ্ট্র’ন’মিকেল ছ’চাইটি অৱ দি পেচিফিক’ নামৰ সন্থাটোৰ পৰা আৰু ১৯৫৭ চনত “আমেৰিকান একাডেমী অব্ ছায়েন্স এণ্ড আর্ট” নামৰ সন্থাটোৰ পৰাও সােণৰ পদক লাভ কৰিছে। ‘হেনৰী ড্রেপাৰ মেডেল’ নামৰ এটা সােণৰ পদকো তেওঁক দিয়া হৈছে। ভাৰতৰ পৰাও তেওঁক ‘ৰামানুজন পুৰস্কাৰ’ ইত্যাদি দিয়া হৈছে। ১৯৮০ চনত তেওঁ নবেল বঁটাও লাভ কৰে। নক’লেও হ’ব, চন্দ্রশেখৰ আছিল কুৰি শতিকাৰ শ্রেষ্ঠ বিজ্ঞানীসকলৰ অন্যতম। কিন্তু পৰিতাপৰ কথা এয়ে যে এনে এজন লােককো ভাৰতীয় বুলি আঁকোৱালি লােৱাৰ সুবিধা আমাৰ নাই। কাৰণ চন্দ্রশেখৰে মার্কিন নাগৰিকত্ব গ্রহণ কৰিছিল। ১৯৯৫ চনত এই মহান বিজ্ঞানীগৰাকীৰ দেহাৱসান ঘটে।