যিবিলাক মানুহেৰে সৈতে তোমাৰ সম্বন্ধ জন্মে, বা যিবিলাকেৰে সৈতে সংসাৰত সমাজ পাতি থাকা, সেইবিলাক মানুহৰ ভিতৰত কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সুখে সন্তোষে কাল নিয়াব পাৰি সংসাৰ যাত্ৰীয়ে তাক ভালকৈ জনা উচিত। ইয়াকে নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানা বিধ উপদ্ৰৱ ভুগিবলৈ পায়। সজ ব্যৱহাৰ যদিও সজ চৰিত্ৰৰ গুণ, তথাপি চৰিত্ৰ সজ হ’লেই ব্যৱহাৰ সজ হয় বুলি ভবা উচিত নহয়। অনেক চৰিত্ৰৱন্ত মানুহ ব্যৱহাৰৰ দোষত আনৰ হিংসা গৰিহণাৰ ভাজন হয়, আকৌ অনেক কপটীয়া ছলাহী মানুহো ব্যৱহাৰৰ গুণত সকলোৰে মৰম পায়। এতেকে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উলাইতিকিং নকৰি মন দি শিকা উচিত।
মিঠা মাত ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ। স্বভাৱত বহুত দোষ থাকিলে মিঠা মাতৰ গুণত সৰৱৰহী হ’ব পাৰি। তোমালৈ আনৰ মৰম ভক্তি জন্মোৱা সজ ব্যৱহাৰৰ মুখীয়াল উদ্দেশ্য। ব্যৱহাৰত মিঠা মাতৰ নাটনি হ’লে সেই উদ্দেশ্য সিদ্ধ নহয়। মিঠা মাত ব্যৱহাৰৰ কলপ বা ৰহণৰ নিচিনা। গঢ়ত প্ৰতিমা বিতোপন হ’লেও, ৰহণ নলগালে শুৱনি নহয়। সেইদৰে সজ ব্যৱহাৰত মিঠা মাতৰ ৰহণ নিদিলে সি মানুহৰ মনত সন্তোষ লগাব নোৱাৰে। মিঠা বস্তুৰ কলপ লগাইহে বেজেও অকটা দৰব ৰুগীয়াক দিয়ে।
অবাবত কেটেৰা মাত মাতি মানুহৰ মনত বেজাৰ দিয়া অযুগুত, কিন্তো নিৰ্ব্বোধ খিংখিংঙ্গীয়া মানুহে ভৱিষ্যত নুগুণি কেটেৰা মাৰিহে মানুহৰ লগত কথা কয়। এই শ্ৰেণী মানুহৰ শত্ৰু সৰহ। সিহঁতে মনে জানি কাৰো অহিত নকৰিলেও, কেৱল কঠুৱা মাতৰ দোষতেই সকলোৰে চকুৰ কুটা যেন হৈ পৰে। সিহঁতৰ গাত লক্ষ গুণ থাকিলেও অচল তিতা মাতেই সকলোকে ঢাকি পেলায়। তিতা মুখে মাতিলে সহস্ৰ উপকাৰ মানুহে একতিলে পাহৰে, অৰ্ব্বুদ দানৰ ফল একে নিমিষতে লয় হয়। এই দেখি জ্ঞানী সকলে দানত বিনয় বিধান কৰিছে।
নম্ৰতা সজ ব্যৱহাৰ অনুপান। উচিত অনুপানেৰে ঔষধ খালে সি বেছি গুণ দিয়ে। সেইদৰে সজ ব্যৱহাৰত নম্ৰতা মিহলালে তাৰো উপকাৰ সৰহ হয়। দম্ভালি কথা মানুহৰ কাণত কাঁড় ফুটা দিয়ে, সেই দেখি আনৰ লগত আলাপ আচৰণ কৰোঁতে দম্ভালি এৰি নম্ৰ হোৱা উচিত। বহুতে ভাবে যে লোকৰ আগত নম্ৰ হ’লে নিজক সৰু বা লঘু কৰা হয়। এই বিশ্বাস ভুল। নম্ৰতা ডাঙৰ আশয়ৰ চিন, তাৰ পৰা আশয়ৰ উচ্চতাহে প্ৰকাশ পায়। নম্ৰতা এটা মনৰ গুণ, মিঠা মাত তাৰ ফল। মনত নম্ৰতাৰ ভাব থাকিলে মুখেৰে আপোনা-আপুনি মিঠা মাত ওলায়। মনত অহঙ্কাৰ ৰাখি মুখে নম্ৰ হ’লে মানুহক ছল কৰা হয়। তেনেকুৱা আচৰণ অনুচিত। ব্যৱহাৰত মনে মুখে একে হ’বলৈ সততে চেষ্টা কৰা যুগুত।
আনৰ ভাল গুণ প্ৰয়োজন অনুসৰি ফুটাই বখনা উচিত। কোনো কোনোৱে ভাবিব পাৰে যে আনক বখানিলে নিজক সৰু পতা হয়, কিন্তু দৰাচল পক্ষত তাৰ পৰা বখানোতাৰ মহত্বহে প্ৰকাশ পায়। গুণীৰ গুণ তাৰ মুখত, আগত বখনা অযুগুত, মুখৰ আগত বখানিলে নিন্দা কৰা যেন হয়, আৰু সিজনে তোমাক চাটুকাৰ বুলি ভবাৰো আটক নাই। সমুখত প্ৰশংসা কৰা চাটুকাৰৰ স্বভাৱ। চাটুকাৰক মুৰ্খ বা দাম্ভিক মানুহে ভাল পাব পাৰে, কিন্তু জ্ঞানী মানুহে ঘিণায়। কোনো মানুহৰ গুণৰ কথা তাৰ সমুখতেই ক’ব লগীয়া হ’লে সংক্ষেপ কৰি কোৱা উচিত, ব্যাখ্যা কৰি বহলাই কোৱা উচিত নহয়। এজনৰ গুনৰ কথা আন এজনৰ আগত কোৱালে ভাল, কিয়নো তাৰ পৰা তোমাৰ সৰলতাৰ চিনাকি পোৱা যায় আৰু গুণীজনৰো উপকাৰ হয়। মানুহে নিজৰ গুণৰ কথা নিজ মুখে আনৰ আগত ক’ব নোৱাৰে, সেই কাম বন্ধু-বান্ধৱৰ পৰা সিদ্ধ হ’ব লাগে।
সকলোৰে সৈতে মিলেৰে থাকিব খুজিলে আনৰ গুপ্ত কথা লুকাই ৰাখিবলৈ জানিব লাগে। গুপ্ত কথা লুকাই ৰাখিব পৰা এটা ডাঙ্গৰ গুণ। অনেক মানুহে এই গুণৰ অভাৱত বন্ধু-বান্ধব হেৰুৱাই আৰু আনৰ গৰিহণা খায়। গুপ্ত কথা লুকাই ৰখা বৰ টান কাম, তুমি নকওঁ বুলি মন বান্ধি থাকিলে তাক কোনেও বলেৰে উলিয়াই নিব নোৱাৰে। কেতবিলাক মানুহে লগ-লগৰীয়াক হঁহুৱাবলৈ লোকৰ গুপ্ত কথা সদৰী কৰে। এই শ্ৰেণী মানুহৰ স্বভাৱ নিচেই পাতল। সিহঁতে লোকৰ বেয়া হওক বুলি মনে জানি গুপ্ত কথা প্ৰকাশ নকৰে, কেৱল ৰাতল স্বভাৱৰ দোষত হঠাৎ কেতিয়াবা কৈ পেলায়। সিহঁতে নিজৰ গুপ্ত কথাও পেটত ৰাখিব নোৱাৰে, তাকো আনৰ আগত কৈ নিজৰ বিপদ নিজে মাতি আনে। গুপ্ত কথা লোকৰেই হওক বা নিজৰেই হওক সদায় লুকাই ৰখা উচিত। লোকৰ গুপ্ত কথা প্ৰকাশ কৰিলে তাৰ কোপত পৰিব লাগে, আৰু নিজৰ গুপ্ত কথা প্ৰকাশ কৰিলে মানুহৰ গৰিহণা খাব লাগে। দুৰাচাৰ বা খিয়লীয়া মানুহৰ আগত নিজৰ গুপ্ত কথা ভাঙ্গি কলে ভৱিষ্যতে হিংসা কৰিবলৈ সুচল কৰি দিয়া হয়। লোকৰ গুপ্ত কথা সম্বন্ধে আৰু বিবেচনা কৰা উচিত যে, যি মানুহে তোমাৰ আগত তাৰ গুপ্ত কথা ভাঙ্গি কয়, তুমি সেই কথা বিশ্বাসত ৰাখিবা বুলি আশা কৰে, এনে স্থলত কথাটো প্ৰৌঢ়ী কৰি সমাজত তাৰ হাঁহিয়াত কৰা কোনোমতে যুগুত নহয়, তেনে কৰিলে বিশ্বাসঘাতকতা কৰা হয়। যি কথা প্ৰকাশ কৰিলে দুজনৰ ভিতৰত কন্দল লাগিব পাৰে, তেনে কথাও সাবধানে লুকাই ৰাখিব লাগে। এইদৰে গুপ্ত কথা লুকাই ৰাখিব পাৰিলে সকলোৰে সঁজাতি হব পাৰি। যি মানুহে পেটত কথা ৰাখিব নোৱাৰে যি আনৰ গুপ্ত কথা শুনিবলৈ হেঁপাহ কৰা উচিত নহয়, আৰু আনে ক’ব খুজিলেও শুনিবলৈ মান্তি হোৱা অনুচিত।
লোকৰ দোষ খোঁচাৰী ফুৰা বহুত মানুহৰ স্বভাৱ, কিন্তু তাৰ পৰা কাৰো কোনো উপকাৰ নহয়। যি আনৰ দোষ বিচাৰি ফুৰে সি তাৰ নীচ আশয়ৰ চিনাকি দিয়ে আৰু যাৰ দোষ বিচাৰে তাৰ কোপত পৰে। এতেকে সততে আনৰ দোষৰ ভাগ এৰি দি গুণৰ ভাগ ধৰাই শ্ৰেয়স্। কোনো মানুহৰ বিষয়ে কথা ক’ব লাগিলে তাৰ যি গুণ আছে তাকেহে কোৱা উচিত, নাইবা মুঠে একো নোকোৱাই ভাল। যি মানুহে যি কথা শুনিবলৈ ভাল নাপায় সেই কথা তাৰ আগত কোৱা উচিত নহয়। কোনো মানুহৰ শৰীৰত কোনো খুঁত থাকিলে তাকে ধৰি ভেঙ্গুচালি বা বিগতি কৰা অনুচিত। বিগতি বা ভেঙ্গুচালি বহুৱাৰ কাম, তেনে কাম আনে কৰা অযুগুত। সকলোৰে সৈতে গহীন হৈ চলাই ভাল, কিয়নো গহীনালিৰ লগত উপলুঙ্গালি বা পাতলালি থাকিব নোৱাৰে। ভেঙ্গুচালি উপলুঙ্গালিৰ ফল। এতেকে যত উপলুঙ্গালি নাই, তাত ভেঙ্গুচালিও থাকিব নোৱাৰে। আনৰ আগত নিজৰ গুণৰ কথাও ক’ব নালাগে। নিজৰ মুখত নিজৰ গুণ আনৰ কাণত বিহ যেন লাগে। নিজৰ গুণ নিজে বখানিলে গুণৰ গৌৰৱো নাথাকে। আন মানুহৰ লগত মেল কৰোঁতে বিশেষ প্ৰয়োজন নাথাকিলে নিজৰ কথা সৰহকৈ নোকোৱাই ভাল।
পৃথিৱীত নানা ৰকমৰ মানুহ আছে, কোনো সাধু, কোনো চোৰ, কোনো শঠ, কোনো সৰল, কিন্তু কোনটো কোন বিধৰ তাক দেখিলেই চিনিব নোৱাৰি, কাৰণ বহুত চোৰেও আনক ছলিবলৈ সাধুৰ ভাও ধৰে। এতেকে অচিনাকি মানুহক পোন প্ৰথমে বিশ্বাস কৰা যুগুত নহয়। কোনো মানুহক শঠ বুলি জানিব পাৰিলে তাৰ লগত সম্বন্ধ চিঙ্গি দিয়া উচিত। শঠৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্ৰশ্ৰয় দিয়া হয়।
সংসাৰত মানুহৰ অৱস্থা সমানে নাথাকে। একালৰ আঢ্যৱন্ত একালৰ দৰিদ্ৰ হয়। তেনেকুৱা মানুহৰ লগত ব্যৱহাৰ কৰোঁতে আঢ্যৱন্ত অৱস্থাত তাৰ লগত যেনে ৰূপে ব্যৱহাৰ কৰা হৈছিল দৰিদ্ৰ অৱস্থাতো তেনে ৰূপেই ব্যৱহাৰ কৰা উচিত। আঢ্যৱন্ত অৱস্থাত মান দেখুৱাই দৰিদ্ৰ অৱস্থাত অমান্য কৰা ভাল নহয়। সুদিনত সৎকাৰ আৰু দুৰ্দ্দিনত ইতিকিং কৰা সৰু মনৰ চিন। সামান্য মানুহ ডাঙ্গৰ হ’লেও তাৰ প্ৰতি ব্যৱহাৰ সলোৱা উচিত অৰ্থাৎ তাৰ লগত আগে যেনে ব্যৱহাৰ কৰিছিলা, বিদ্যা বুদ্ধিৰ বলত সি ডাঙ্গৰ হৈ উঠাতো তেনে ব্যৱহাৰ কৰা উচিত নহয়। তেতিয়া সি তাৰ অৱস্থা অনুৰূপ মান সৎকাৰ পাব লাগে।
কোনো কোনো মানুহে মান্যৱন্ত লোকক অমান্য কৰিলে পুৰুষালি কৰা যেন পায়, সেই দেখি চল পালে অমান্য কৰিবলৈ নেৰে। কিন্তু সিহঁতে ভাবি নাচায় যে মান্যৱন্তক অমান্য কৰি তাৰ মূল্য কমাব নোৱাৰি। সোণৰ জেউতি অমান্য কৰিলে নকমে।
তলতীয়া সামান্য মানুহ বিলাকক মৰম কৰি চলা উচিত, আৰু সিহঁতক সম্বোধন কৰোতে তুমি বুলি সম্বোধন কৰা ভাল। তই কথা বৰ নিকৃষ্ট, তাৰ লগুৱা ভণ্ডাৰীৰ বাজে আন মানুহৰ প্ৰতি ব্যৱহাৰ কৰা যুগুত নহয়। নিজৰ ল’ৰা-ছোৱালীকো তুমি বোলা উচিত।