অমর্ত্য সেন

সূচনাঃ
অভাৱ নামক দৈত্য এটাৰ ত্ৰাসত আজি সমগ্র বিশ্ব ত্ৰস্তমান। এফালে ক্রমাগতভাৱে হ্রাসমান প্রাকৃতিক সম্পদ, আনফালে ব্যাপক বর্ধিত জনসংখ্যাই বিশ্ববাসীৰ বাবে ভাত-কাপােৰৰ সমস্যাটোকে অতিশয় জটিল বৃহৎ সমস্যা কৰি তুলিছে। উৎপাদিত, উদ্ঘাটিত সম্পদৰ বৈষম্যমূলক বিতৰণে মুষ্টিমেয় সংখ্যক লােকক ভােগ-বিলাসৰ চূড়ান্ত সীমাত উপস্থাপন কৰাই গৰিষ্ঠ সংখ্যক লােকক পথৰ ভিকহুত পৰিণত কৰাই তেওঁলােকৰ জীৱন অন্ধকাৰাচ্ছন্ন কৰি তুলিছে। এনে এক ভয়াবহ জটিল পৰিস্থিতিত জনসংখ্যা, উৎপাদন বৃদ্ধি আৰু সমবিতৰণৰ মাজত ভাৰসাম্য স্থাপন কৰিব নােৱাৰিলে বিশ্ববাসীৰ ভাত-কাপােৰৰ জলন্ত সমস্যাটোৰ কোনাে ধৰণৰ সমাধান ওলােৱা টান। এই ক্ষেত্ৰত পুঁজিবাদী, সাম্রাজ্যবাদী শাসন-শােষণৰ প্রতিপালক, উদ্ভাৱক আৰু প্রবক্তা অর্থনীতিবিদসকলেও অর্থনীতিৰ বিমূর্ত তত্ত্বসমূহৰ চিন্তা-চৰ্চাৰে সমগ্র অর্থনৈতিক ব্যৱস্থাটোক অধিক জটিল কৰি তােলাৰ পৰিৱর্তে কল্যাণকামী অর্থনীতিৰ ওপৰত ব্যাপক গৱেষণা চলাই জনগণৰ ভাত-কাপােৰৰ ঘাই সমস্যাটোৰ অন্ত পেলােৱাৰ প্রতি অধিক মনােনিৱেশ কৰা বাঞ্ছনীয়। সুখৰ বিষয়, অর্থনীতি বিষয়ত, ১৯৯৮ চনত বিশ্বৰ আপুৰুগীয়া বঁটা, নােৱেল বঁটা বিজয়ী অধ্যাপক অমর্ত্য সেন এই কল্যাণকামী অর্থনীতিৰে এগৰাকী বিদগ্ধ গৱেষক পণ্ডিত। তেওঁৰ এই সাফল্যত সমগ্ৰ ভাৰতবাসী উৎফুল্লিত আৰু গৌৰৱান্বিত।
নােবেল বঁটা বিশ্বৰ সর্বশ্রেষ্ঠ বঁটা ৰূপে স্বীকৃত। ডিনেমাইটৰ আৱিষ্কাৰক ড° আলফ্রেড বার্ণার্ড নােবেলৰ ইচ্ছানুসৰি তেওঁৰ সঞ্চিত ধনৰপৰা ‘ৰয়েল ছুইডিছ একাডেমী অব্ চায়েঞ্চে’-এ সাহিত্য, বিজ্ঞান, চিকিৎসাশাস্ত্র, অর্থনীতি, বিশ্ব-শান্তি আদি কেতবােৰ বিষয়ত আগবঢ়োৱা অৱদানৰ ভিত্তিত বিশ্বৰ শ্রেষ্ঠজনলৈ এই বঁটা আগবঢ়ায়। একাডেমীয়ে সকলাে ক্ষেত্ৰতে যে বিশ্বৰ শ্ৰেষ্ঠজনলৈকে এই বঁটা আগবঢ়াই আহিছে, এই কথা সত্য নহয়। ত্রুটিপূর্ণ বাছনিৰ বাবে ক্ষেত্র বিশেষে কম যােগ্যতাসম্পন্ন লােকো এই বঁটাৰ অধিকাৰী হৈছে আৰু যােগ্য লােকো বঞ্চিত হৈছে। উদাহৰণ হিচাপে সত্য, শান্তি, অহিংসাৰ পূজাৰী মহা মানৱ মহাত্মা গান্ধী, দিকপাল, সাহিত্যিক মেক্সিম গ’ৰ্কী, লিও টলষ্টয়, প্রখ্যাত অর্থনীতিবিদ ৰিচাৰ্ড কান, জোৱান ৰবিনচন, মৰিচ ডব আদি স্ব-স্ব ক্ষেত্ৰৰ খ্যাতিমান ব্যক্তি এই বঁটা প্রাপ্তিৰ ক্ষেত্ৰত বঞ্চিত হৈছে। সেয়ে সময়ে সময়ে এই বঁটা সন্দৰ্ভত বিতৰ্কৰ ঢৌ উঠে। সপক্ষে বিপক্ষে বিভিন্নজনে আগবঢ়োৱা মতামতে প্রচাৰ মাধ্যমত তােলপাৰ লগায়। কিন্তু অধ্যাপক অমৰ্ত্য সেনৰ নােবেল বঁটা প্রাপ্তিত কাৰো দ্বি-মত নাই। সকলােৱে যােগ্য জনেই এই বঁটা লাভ কৰা বুলি একমুখে স্বীকাৰ কৰাৰ মূলতে হ’ল এইগৰাকী অর্থনীতিবিদে জীৱন-ভৰ সাধনাৰে মানুহৰ কল্যাণৰ অৰ্থে কষ্টলব্ধ গৱেষণাৰে কল্যাণকামী অর্থনীতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অবদান।
জন্ম আৰু পৰিচয়ঃ
বিশ্বকবি ৰবীন্দ্রনাথ ঠাকুৰৰ শান্তিধাম শান্তিনিকেতনৰ গুৰুপল্লীত, ১৯৩৩ চনৰ ৩ নৱেম্বৰৰ এক শুভলগ্নত অমর্ত্য সেনৰ জন্ম হয়। পিতৃ ড° আশুতােষ সেন এগৰাকী ৰসায়নৰ কৃতি গৱেষক আৰু অধ্যাপক, সুদক্ষ প্রশাসক আৰু ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিচনৰ সদস্য। মাতৃ অমিতা সেন হ’ল প্রখ্যাত পণ্ডিত প্রাচ্যশাস্ত্র বিশাৰদ ক্ষিতিমােহন সেনৰ কনিষ্ঠা কন্যা। শান্তিনিকেতনৰ অধ্যাপনাকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰি আশ্রমবাসীৰ জীৱন কটোৱা ক্ষিতিমােহন সেন বিশ্বকবিৰাে বৰ প্রিয়পাত্র আছিল। ৰবীন্দ্রনাথ ঠাকুৰেই ক্ষিতিমােহন সেনৰ নাতিৰ অমর্ত্য নামকৰণ কৰিছিল। গতিকে অমর্ত্য সেনে পিতৃ-মাতৃ উভয় ফালৰপৰা শৈক্ষিক পৰিৱেশযুক্ত বুনিদায়ী পৰিয়ালত জন্মগ্রহণ কৰাৰ সৌভাগ্য লাভ কৰিছিল।
শিক্ষা আৰু ছাত্রজীৱনঃ
বাল্যকালৰ আদি ছােৱাত অমর্ত্য সেনে পিতৃ-মাতৃৰ সৈতে ব্রহ্মদেশৰ মান্দালয়ত থাকিব লগা হয়। ১৯৪২ চনত ককাদেউতাক ক্ষিতিমোহন সেনৰ তত্ত্বাৱধানত পঢ়া-শুনা কৰিবৰ বাবে পিতৃ-মাতৃয়ে তেওঁক শান্তিনিকেতনলৈ লৈ আহে আৰু পাঠ ভৱনত ভৰ্ত্তি হয়। চাকৰিসূত্রে পিতৃ-মাতৃ দূৰে দূৰে থাকিব লগা হােৱাত ক্ষিতিমােহন সেনেই তেওঁৰ পঢ়া-শুনাৰ তত্ত্বাৱধান লয়। সেয়েহে অমর্ত্য সেনৰ জীৱনত ক্ষিতিমােহন সেন আৰু শান্তিনিকেতন আশ্ৰমৰ প্ৰভাৱ অপৰিসীম। ১৯৪৯ চনত প্রথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ হৈ ১৯৫১ চনত শান্তিনিকেতনৰ শিক্ষা ভৱনৰপৰা আই. এছ. চি পৰীক্ষাত কলিকতা বিশ্ববিদ্যালয়ৰ ভিতৰত প্রথম স্থান লাভ কৰি উত্তীর্ণ হয়। ইয়াৰ পিছত দেউতাকৰ বন্ধু প্রখ্যাত অর্থনীতিবিদ অধ্যাপক অমিয় দাশগুপ্তৰ পৰামর্শক্রমে অর্থনীতি বিষয়ত অনাৰ্ছ লৈ প্ৰেছিডেন্সি কলেজত বি. এ. শ্ৰেণীত ভর্তি হয়। ইয়াতে অধ্যাপক ভৱতােষ দত্ত আৰু তাপস মজুমদাৰৰ প্ৰভাৱত অমর্ত্যৰ কল্যাণ অর্থনীতিৰ প্রতি আগ্রহ জন্মে। ১৯৫৩ চনত অর্থনীতিত অনাৰ্ছসহ প্রথম শ্রেণীৰ প্রথম স্থান অধিকাৰ কৰি বি. এ পৰীক্ষাত কৃতিত্বৰ পৰিচয় দি উচ্চ শিক্ষার্থে লণ্ডনৰ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ ট্রিনিটি কলেজত বি. এ. শ্ৰেণীত ভর্তি হৈ ১৯৫৫ চনত এই কলেজৰপৰা প্রথম শ্রেণীৰ প্রথম স্থান দখল কৰি বি. এ. আৰু ১৯৫৯ চনত প্রথম স্থান দখল কৰি এম. এ. পাছ কৰি সর্বশ্রেষ্ঠ ছাত্র-ৰূপে ৰেনবেৰি স্কলাৰচিপ আৰু আদাম স্মিথ পুৰস্কাৰ লাভ কৰে। কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ পৰাই তেওঁ “উন্নয়নশীল দেশৰ যথাৰ্থ কৃৎ-কৌশলৰ নির্বাচন” বিষয়ত গৱেষণা কৰি পি. এইচ. ডি. লাভ কৰে। এই কেম্বিজ বিশ্ববিদ্যালয়তে তেওঁ প্রখ্যাত অর্থনীতিবিদ মৰিচ ডব, ডেনিচ- ৰবাৰ্টচন, জন ৰবিনচন, পিয়েৰাে স্ৰাফা, নিকি কেলডৰ আদিক শিক্ষক হিচাপে পােৱাৰ সৌভাগ্য ঘটে আৰু এইসকল বিশ্বখ্যাত লােকৰ দ্বাৰা প্রভাৱান্বিত হয়। বিভিন্ন পৰীক্ষাসমূহত দেখুওৱা কৃতিত্বই তেওঁৰ অত্যন্ত মেধাৱী ছাত্ৰৰ স্বাক্ষৰ বহন কৰে।
কৰ্মজীৱনঃ
ছাত্র-জীৱনৰ অন্তত, ১৯৫৬ চনত স্বদেশলৈ উভতি আহি মাত্র ২৩ বছৰ বয়সত যাদৱপুৰ বিশ্ববিদ্যালয়ৰ অর্থনীতিৰ প্রধান পদত যােদ দি অধ্যাপনাৰে কৰ্মজীৱনৰ পাতনি মেলে। ১৯৬০ চনত এই বিশ্ববিদ্যালয়ৰ পৰাই ভিজিটিং প্রফেছৰ হিচাপে মেচাচুছেটচ্ ইনষ্টিটিউট অব্ টেকনােলজি আৰু ষ্টেনফোর্ড বিশ্ববিদ্যালয়ত যােগদান কৰে। ইয়াৰ ম্যাদ শেষ হােৱাৰ লগে লগে কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ ফেলাে নির্বাচিত হৈ ট্রিনিটি কলেজত অধ্যাপনা কৰিবলৈ লয়। ১৯৬৩ চনত স্বদেশলৈ পুনৰ উভতি আহি “দিল্লী স্কুল অব ইকনমিক্সত” অধ্যাপনা কৰি ১৯৭১ চনত “লণ্ডন স্কুল অব ইকনমিক্স”ত, ১৯৭৭ চনত অক্সফোর্ড বিশ্ববিদ্যালয়, ১৯৮৮ চনত হার্ভার্ড বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে। হার্ভার্ড বিশ্ববিদ্যালয়ত তেওঁ এনে সময়তে অর্থনীতি আৰু দৰ্শন দুয়ােটা বিষয়তে অধ্যাপনা কৰে। ১৯৯৮ চনত ট্রিনিটি কলেজৰ মাষ্টাৰ পদত নিযুক্ত হয়।
পৃথিৱীৰ নামী বিশ্ববিদ্যালয়সমুহত কৃতিত্বৰে অধ্যাপনা কৰাৰ বাহিৰেও তেওঁ ৰাষ্ট্ৰসংঘৰ এডভান্সড্ স্কুল এণ্ড টেকন’লজিৰ চেয়াৰমেন পদত, ৰাষ্ট্ৰসংঘৰ এছিয়া বিষয়ক বিশেষজ্ঞ কমিটীৰ সদস্য পদত, দিল্লী বিশ্ববিদ্যালয়ৰ কৃষি-অর্থনীতি গৱেষণা কেন্দ্ৰৰ সন্মানীয় ডিৰেক্টৰৰ পদত; আমেৰিকান ইকন’মিক ছােচাইটিৰ সভাপতি পদত আৰু বিভিন্ন অর্থনীতি বিষয়ক অনুষ্ঠানৰ বিভিন্ন পদত যােগ্যতাৰে কার্যনির্বাহ কৰে। তেওঁৰ পাণ্ডিত্যৰ স্বীকৃতি স্বৰূপে বিশ্বৰ আগশাৰীৰ বিশ্ববিদ্যালয়সমূহে তেওঁলৈ সম্মানসূচক বিভিন্ন উপাধি প্রদান কৰে।
অর্থনীতি বিষয়ৰ এগৰাকী উচ্চখাপৰ সাংবাদিক আৰু লেখক হিচাপেও তেওঁ গােটেই পৃথিৱীত জনাজাত। অর্থনীতি বিষয়ক বিভিন্ন পত্রিকা যােগ্যতাৰে সম্পাদনা কৰাৰ লগে লগে তেওঁ অর্থনীতি বিষয়ক বিভিন্ন কাকত, আলােচনীত ভালেমান গৱেষণামূলক প্রবন্ধ-পাতি প্ৰকাশ কৰে। তেওঁ ব্যক্তিগতভাৱে আৰু যৌথভাৱে ৰচনা কৰা আৰু সম্পাদনা কৰা গ্ৰন্থৰ সংখ্যা প্রায় দুকুৰিখন। তেওঁৰ উল্লেখযােগ্য গ্রন্থসমূহ হ’ল চয়েচ অব টেকনিকছ, কালেক্টিভ চয়েচ এণ্ড ছােছিয়েল ওৱেলফেয়াৰ, অন ইকনমিক ইনইকুৱালিটি, এমপ্লয়মেন্ট, টেকনােলজি এণ্ড ডেভেলপমেন্ট, পভার্টি এণ্ড ফেমিনছ্, চয়েচ ওৱেলফেয়াৰ এণ্ড মেজাৰমেণ্ট, কমােডিটিজ এণ্ড কেপাবিলিটিচ, অন থিকচ এণ্ড ইকনমিক্স, পলিটিকেল ইকনমি অব্ হাঙ্গাৰ, ভাৰতীয় অর্থবিদ্যা, জীৱনযাত্রা ও অর্থনীতি ইত্যাদি।
গৃহস্থ জীৱনঃ
১৯৬০ চনত বিবাহপাশত আবদ্ধ হােৱা অমর্ত্য সেনৰ প্ৰথমা পত্নী প্রখ্যাত লেখিকা নবনীতা দেবসেন। এওঁৰ পক্ষৰ দুগৰাকী কন্যা সন্তান— অন্তৰা আৰু নন্দনা। ১৯৭৫ চনত নবনীতা দেবসেনৰ সৈতে বিবাহ বিচ্ছেদ হােৱাত ১৯৭৮ চনত অর্থনীতিবিদ ইভা কার্লোনিক বিয়া কৰায়। এওঁৰ পক্ষৰ কবিৰ আৰু ইন্দ্রাণী নামৰ এহাল ল’ৰা-ছােৱালী। ১৯৮৫ চনত ইভাৰ মৃত্যু হয়। ইভাৰ মৃত্যুৰ পিছত অমর্ত্য সেনে ইতিহাসবিদ এমা ৰথাচাইল্ডৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ঘৰুৱা জীৱনত বৰ সহজ-সৰল এই বিৰল প্রতিভাবৰ অধ্যাপক গৰাকী অত্যন্ত মানৱদৰদী। মানুহৰ কল্যাণ সাধনেই তেওঁৰ জীৱনৰ মূল লক্ষ্য। লগবন্ধুৰ সৈতে আড্ডা দি ভাল পায়। সেয়ে জীৱনৰ বেছিভাগ সময় বিদেশত কটাব লগীয়া হ’লেও বছৰত এবাৰ শান্তিনিকেতনৰ মেলাৰ সময়ত স্বদেশলৈ আহি লগবন্ধুৰ সৈতে মিলিত হয় আৰু শিক্ষাগুৰু সকলৰ সৈতেও দেখা কৰেহি। বিশ্বৰ শীর্ষস্থানীয় অর্থনীতিবিদ হৈয়াে তেওঁৰ চৰিত্ৰত এধানমানিও অহংবােধ নাই। অমর্ত্য সেনৰ চৰিত্ৰৰ মহত্ত্বও এইখিনিতে।
গৱেষণাঃ
থােৰতে ক’বলৈ হ’লে সুতীক্ষ্ণ মেধাশক্তি, তীক্ষ্ণ পর্যৱেক্ষণ, অসাধাৰণ বিশ্লেষণ ক্ষমতা, প্রখৰ মানৱতাবােধ, একাণপতীয়াকৈ কষ্টসাধ্য গৱেষণাত লিপ্ত থাকিব পৰা মানসিকতা, বিশ্বৰ প্ৰায়ভাগ উচ্চ পর্যায়ৰ শিক্ষানুষ্ঠানত কৃতিত্বৰে অধ্যাপনা কৰাৰ বিৰল অভিজ্ঞতা আদিয়ে অমর্ত্য সেনৰ গৱেষণাৰ সাফল্যৰ মূল চাবি কাঠী। অধ্যাপক অমর্ত্য সেনৰ আগতে অর্থনীতিত নােবেল বঁটা লাভ কৰাসকলৰ মুষ্টিমেয় কেইজনমানৰ বাহিৰে অধিক সংখ্যকেই হ’ল বিমূর্ত তত্ত্বৰ অনুৰাগী দক্ষিণ পন্থী চিন্তাধাৰাৰ অর্থনীতিবিদ। পুঁজিবাদী আৰু সাম্রাজ্যবাদী শাসন-শােষণ অব্যাহত ৰখাৰ স্বাৰ্থত বুর্জোৱা অর্থনীতি লালন-পালন কৰাৰ হ’ল তেওঁলােকৰ গৱেষণাৰ মূল লক্ষ্য। কিন্তু শান্তি নিকেতনৰ আশ্রমগৃহত থাকি ককা দেউতাক ক্ষিতিমােহন সেনৰ তত্তাবধানত বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ মানৱতাবোধৰ দ্বাৰা বাল্যকালৰপৰাই অনুপ্রাণিত অমর্ত্য সেনে যোৱা পাঁচ-ছয় দশক ধৰি গাণিতিক সুত্ৰ নিৰ্ভৰ তাত্ত্বিক, নৈর্ব্যত্তিক আৰু সামাজিক নীতি নিৰপেক্ষ অর্থনৈতিক ধাৰাটোৰ সহজলভ্য পথ পৰিহাৰ কৰি অথনৈতিক দিশৰপৰা সমাজৰ একেবাৰে দুৰ্বল শ্ৰেণীৰ মানুহৰ সমস্যাক লৈ এক অসম্ভৱপ্ৰায় জটিল গবেষণা কার্যত লিপ্ত হৈ পৰে। মানুহৰ কল্যাণ সাধনৰ বাবে দৰিদ্ৰ, অনাহাৰ, অপুষ্টি আৰু দুৰ্ভিক্ষই হ’ল তেওঁৰ গৱেষণাৰ মূল বিষয়। সেয়ে লক্ষ্যত উপনীত হ’বৰ বাবে তেওঁ অৰ্থনীতিৰপৰা দর্শন, দৰ্শনৰপৰা অর্থনীতিলৈকে বিচৰণ কৰিবলগা হােৱাৰ ফলত আন পণ্ডিতৰ তুলনাত গৱেষণাৰ পথাৰখনাে বেছ বিস্তৃত হৈ পৰিল। মানৱ সম্পদ উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় প্রয়াসৰ প্রয়ােজনীয়তা আৰু ইয়াৰ সম্ভাৱনা সম্পর্কে এটা সন্তোষজনক সিদ্ধান্তত উপনীত হ’বলৈ তেওঁ থিওৰি অব প্ল্যানিং, ইকনমিক্স অব এগ্রিকালচাৰ, থিওৰি অব ছোচিয়েল চইচ, ওৱেলফেয়াৰ ইকনমিক্স, কষ্ট বেনেফিট এনালিছিছ আৰু পভাৰ্টি এণ্ড ফেমিন আদিৰ ওপৰত গবেষণা চলাই সমাজ কল্যাণ সম্পর্কে কথা প্রচলিত ধ্যান-ধাৰণাৰ আমূল পৰিৱৰ্তন সাধন কৰে। কেতবােৰ গাণিতিক সূত্র আৱিষ্কাৰ কৰা বা শ্বেয়াৰ বজাৰৰ ব্যৱসায় লাভজনক কৰি তােলাৰ দিশ নির্ণয় কৰাটোকে তেওঁ অৰ্থনীতিৰ গৱেষণাৰ মূল লক্ষ্য বুলি নাভাবে। মানুহৰ কল্যাণৰ বাবে তেওঁ গৱেষণাৰ বৃহৎ অংশ ভাৰত আৰু আফ্রিকাৰ দৰিদ্ৰ দেশসমূহৰ মূল আর্থিক, সামাজিক সমস্যাসমূহৰ বিশ্লেষণ আৰু আলােচনাই আগুৰি আছে। এইবােৰ দেশৰ দুৰ্ভগীয়া মানুহবােৰক দুর্ভিক্ষ, অপুষ্টি, অশিক্ষা আৰু স্বাস্থ্যহীনতাৰ পৰা ৰক্ষা কৰাৰ দিশ উন্মােচন কৰাই হ’ল তেওঁ পৰম লক্ষ্য। তেওঁৰ মতে, নৈব্যক্তিক জ্ঞানৰ পােহৰ বিলােৱাটো নহয় অর্থনৈতিক কল্যাণৰ অনুসন্ধান কৰাটোহে অর্থনীতিবিদৰ প্রধান কর্ম। এনে কল্যাণৰ অনুসন্ধানত ৰত থাকিয়ে তেওঁ অর্থনীতি আৰু দৰ্শনৰ মিলন সেঁতু ৰচি মৌলিক অর্থনৈতিক সমস্যাৰ আলােচনাত নৈতিকতাবােধক সংযুক্ত কৰিবলৈ সক্ষম হৈছে। সত্তৰ দশকৰ মাজভাগৰ পৰাই দাৰিদ্র, ক্ষুধা আৰু দুর্ভিক্ষজনিত সমস্যাসমূহৰ বিষয়ে ইতিবাচক প্রবন্ধ, গ্রন্থ আদি ৰচনা কৰি তেওঁ আন আন অর্থনীতিবিদসকলক এইবােৰ বিষয়ত মনােযােগ দিবলৈ বাধ্য কৰাইছে। জনকল্যাণ বিষয়ক তেওঁৰ গৱেষণাই অর্থনীতি বিষয়টোক নতুন দিশৰ সন্ধান দিছে। এইবােৰ কথা বিচাৰ কৰিয়েই নােবেল বঁটা অকাডেমীয়ে তেওঁক নােবেল বঁটাৰে সন্মানীত কৰিছে। অমর্ত্য সেন সম্পর্কে নােবেল বঁটা প্রদান একাডেমীৰ বক্তব্য হ’ল— “দুর্ভিক্ষৰ কাৰণ অনুসন্ধানৰ ক্ষেত্ৰত কল্যাণ অর্থনীতিত তেওঁৰ অৱদান আৰু তাত্ত্বিক দৃষ্টিভংগীৰ প্রয়ােগে আমালােকৰ চিন্তা-ভাৱনাক সমৃদ্ধ কৰিছে আৰু পৰৱর্তী প্রজন্মৰ গৱেষকসকলৰ বাবেও তেওঁ ভালেমান নতুন ক্ষেত্রত সন্ধান দিছে।” একাডেমীয়ে উল্লেখ কৰা এই ভালেমান নতুন ক্ষেত্রৰ মাজতে লুকাই আছে অমর্ত্য সেনৰ অন্তহীন গৱেষণাৰ বিস্তৃত পথাৰখন।
সামৰণিঃ
ভাৰত মাতৃৰ সু-সন্তান অমর্ত্য সেন এগৰাকী অদম্য সাহসী, বিৰল কষ্ট-সহিষ্ণু আৰু অতি নিষ্ঠাৱান গৱেষক। মানৱ কল্যাণৰ প্ৰতি থকা মনৰ অদম্য হেঁপাহৰ বাবেই তেওঁ অত্যন্ত কষ্টসাধ্য গৱেষণাত লিপ্ত হৈ, সকলাে অর্থনীতিবিদৰ বাবেই নতুন পথৰ সন্ধান দি, অর্থনীতিৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিছে। তেওঁৰ গৱেষণাৰ ফলতে অর্থনীতিবিদসকলে শােষিত, বঞ্চিত, পীড়িত, দৰিদ্র জনগণৰ প্রতি নতুন দৃষ্টিভংগী ল’ব লগা হৈছে। তেওঁৰ গৱেষণাৰ ভিত্তিতে UNDP-য়ে তৈয়াৰ কৰিছে মানৱ উন্নয়নৰ সূচক (Human Development Index)। কিন্তু অর্থনীতিৰ লাইখুঁটাস্বৰূপে এইগৰাকী বিদগ্ধ অর্থনীতিবিদ পণ্ডিতৰ গৱেষণাৰ আজিও অন্ত পৰা নাই। তেওঁৰ গৱেষণাই, তেওঁৰ কল্যাণকামী অর্থনীতিয়ে বিশ্বৰ শােষিত, বঞ্চিত, পীড়িত, দৰিদ্র জনগণৰ কিমানখিনি কল্যাণ সাধন কৰিব পাৰিব সেই প্রশ্নলৈ নগৈ আমি মাথাে ইয়াকে ক’ব পাৰাে যে অমর্ত্য সেনৰ গৱেষণাই এইসকল উপেক্ষিত মানুহৰ প্রতি সমগ্র বিশ্বৰে দৃষ্টি আকর্ষণ কৰিছে। তেওঁ “প্ৰতীচী ট্রাষ্ট’ গঠন কৰি ভাৰত আৰু বাংলাদেশৰ স্বাস্থ্য আৰু শিক্ষা শিতানত খৰচ কৰাৰ সংকল্পলৈ স্বদেশপ্রীতি আৰু মানৱপ্ৰীতিৰ নিদর্শন দাঙি ধৰিছে। তেওঁৰ গৱেষণাই শােষিত, বঞ্চিত, পীড়িত দৰিদ্ৰই জনগণৰ মুখত হাঁহি বিৰিঙাওক- এয়াই আমাৰ আশা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top