অসমীয়া কবিতা

অসমীয়া কবিতা

ভূমিকা:

ইংৰাজসকল অসমলৈ অহাৰ পাছৰ সময়ছোৱাত ৰচিত কবিতাসমূহকে সামূহিকভাৱে আধুনিক অসমীয়া কবিতাৰ ভিতৰত সামৰিব পাৰি যদিও প্রকৃতপক্ষে আধুনিক অসমীয়া কবিতাৰ শুভসূচনা হৈছিল উনবিংশ শতিকাৰ সাঁজলগা পৰত। পূৰ্বৰ ঘাইকৈ ভক্তিমূলক বা আধ্যাত্বিক ভাবৰ উপৰিও এই সময়ছোৱাত ৰোমাণ্টিক, জাতীয়তাবাদী আদি বিবিধ বিষয়ৰ কবিতা ৰচনা হবলৈ ধৰিলে। কবিতাৰ যোগেদি ভাব প্রকাশৰো পৰিৱৰ্তন ঘটিল। ‘অৰুনোদয়’ৰ পাততে এনে কবিতাই অপৈণত অৱস্থাত গজালি মেলিছিল।

ৰমাকান্ত চৌধুৰী, ভোলানাথ দাস, বলদেৱ মহন্ত, কমলাকান্ত ভট্টাচাৰ্য আদি কবিসকলে অমিত্রাক্ষৰ ছন্দেৰে আৰু মৌলিক চিন্তাৰে কবিতা ৰচনা কৰি পুৰণি অসমীয়া কবিতাৰ ৰূপ সলনি কৰিছিল যদিও তাৰ পাছত ৰমন্যাস বা ৰোমাণ্টিক যুগতহে আধুনিক অসমীয়া কবিতাই অধিক তীব্ৰ আৰু সমৃদ্ধ ৰূপত আত্মপ্ৰকাশ কৰে। কলিকতাৰ কেইজনমান প্রবাসী অসমীয়া ছাত্ৰই প্ৰকাশ কৰা মাহেকীয়া আলোচনী ‘জোনাকী’ৰ যোগেদিয়েই অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ সূচনা হয়।

কেৱল কবিতাৰ ক্ষেত্ৰতেই নহয়, আধুনিক অসমীয়া সাহিত্যৰ উত্তৰণতো ‘জোনাকী’ৰ আৱির্ভাৱ এক অতি তাৎপর্যপূর্ণ ঘটনা। ১৮৮৯ চনত কলিকতাৰ পৰা চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত ‘জোনাকী’ প্ৰকাশ হয়। ‘জোনাকী’য়ে অসমীয়া সাহিত্যলৈ ইংৰাজী ৰোমান্টিক ভাবাদর্শ আৰু ৰূপ (form) কঢ়িয়াই আনে। প্রাচীন অসমীয়া কবিতাৰ ধৰ্মীয় চেতনা আৰু পৰম্পৰাগত আংগিকৰ বিপৰীতে অতীত প্রীতি, নৈসর্গিক সৌন্দৰ্যৰ মোহ, ক্ষুদ্র বস্তুত অসাধাৰণ ৰূপৰ আৱিষ্কাৰ আৰু ব্যক্তিগত প্ৰেম-প্ৰণয়ৰ আৱেগিক প্রকাশ আদি এই ধাৰাৰ কবিতাৰ বিষয়বস্তু হৈ পৰিল।

‘জোনাকী’ক কেন্দ্ৰ কৰিয়েই এই সাহিত্যধাৰা প্ৰবাহিত হৈছিল আৰু সেয়ে এই সময়ছোৱাৰ সমূহ সাহিত্য কর্মক ‘জোনাকী যুগ’ বা ‘ৰমন্যাস বা ৰোমাণ্টিক যুগ’ৰ (১৮৮৮-১৯৪০) অন্তর্গত বুলি ধৰা হয়। ‘জোনাকী’ৰ সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালাৰ উপৰি ‘জোনাকী’ৰ আন দুজন ঘাই হোতা আছিল লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী। অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তি ৰূপে খ্যাত এই তিনিগৰাকী কবি-সাহিত্যিকেই অসমীয়া সাহিত্যজগতত এক নতুন আন্দোলনৰ পাতনি তৰে।

অসমীয়া কবিতা

জোনাকী যুগ:

‘জোনাকী যুগ’ত অসমীয়া কবিতাই প্রকাশৰ অৱধাৰিত স্বাধীনতা লাভ কৰিলে; আত্মসচেতন কাহিনী-গীতি (literary ballad), বর্ণনাত্মক খণ্ড কবিতা আদি ৰূপৰ অৱতৰণ ঘটিল।ভাষাশৈলীয়ে জনগণৰ পৰিচিত ৰূপ ল’লে আৰু কবিতাৰ সংবেদনশীলতা হ’ল প্রত্যক্ষ আৰু প্রাঞ্জল। ‘জোনাকী যুগ’তে প্রকৃতিমূলক, প্রেম বিষয়ক, ছনেট, শোক, কবিতা, ব্যংগ কবিতা আদি ৰচিত হয় আৰু এইবোৰে অসমীয়া সাহিত্যলৈ নতুন কবিতাৰ ধাৰা বোৱাই আনে।

অসমীয়া ৰোমান্টিক কবিতাৰ ঘাই কবি হ’ল চন্দ্ৰকুমাৰ আগৰৱালা (১৮৬৭-১৯৩৮)। ৰোমাণ্টিক যুগৰ আটাইতকৈ প্ৰভাৱশালী কবি চন্দ্ৰকুমাৰৰ কবিতাতেই পোনপ্ৰথমে আধুনিক যুগৰ অসমীয়া কবিতাৰ এটা নিজস্ব বৈশিষ্ট্য স্পষ্ট হৈ উঠে আৰু তেওঁৰ কেইটামান কবিতাত ভাবৰ এটা মহিমা-ব্যঞ্জক চৰিত্রও প্রতিভাত হয়। ‘জোনাকী’ৰ প্রথম সংখ্যাতে প্রকাশিত চন্দ্ৰকুমাৰৰ ‘বনকুৱৰী’ কবিতাটোৱেই প্ৰথম অসমীয়া ৰোমান্টিক কবিতা। ‘জোনাকী যুগ’ৰ সাহিত্যিক আন্দোলনৰ চন্দ্ৰকুমাৰ আগৰৱালা আছিল অন্যতম গুৰিয়াল। ‘প্রতিমা’ আৰু ‘বীণ-বৰাগী’ নামৰ কবিতাৰ পুথি দুখন চন্দ্ৰকুমাৰৰ কবি প্ৰতিভাৰ উজ্বল নিদর্শন।

ৰোমাণ্টিক যুগৰ এজন শ্ৰেষ্ঠ হোতা হ’ল লক্ষ্মীনাথ বেজবৰুৱা। ‘জোনাকী’ৰ যোগেদি সাহিত্যত যুগান্তৰ অনাসকলৰ ভিতৰত লক্ষ্মীনাথ সর্বাগ্রণী। বহুমুখী সাহিত্যিক প্রতিভাৰ দ্বাৰা তেওঁ অসমীয়া সাহিত্যৰ সকলো বিভাগৰ পৰিপুষ্টি সাধন কৰিছিল। অসমীয়া সাহিত্যৰ মুকুটবিহীন সম্রাট আখ্যা পোৱা লক্ষ্মীনাথৰ কবিতাৰ সংখ্যা কম আৰু দুই-এটাক প্ৰকৃততে কবিতাৰ শাৰীত থ’ব নোৱাৰি যদিও যিকেইটাত কবিতাৰ পৰশ পৰিছে, সেইকেইটা ‘সোণ-পানীৰে চৰাই বন্ধাই থ’বলগীয়া’। প্রিয়তমা, ‘ধনবৰ’ আৰু ‘ৰজনী’, ‘বীণ-বৰাগী, ‘অসম সংগীত, আদি কবিতাবোৰে বেজবৰুৱাক ৰোমাণ্টিক কবিতাৰ অন্যতম বাটকটীয়াৰূপে প্ৰতিষ্ঠা কৰে।

‘জোনাকী যুগ’ আৰু তাৰ পৰৱৰ্তী সময়ছোৱাৰ কেইজনমান লেখৰ কবিৰ ভিতৰত হেমচন্দ্ৰ গোস্বামী, পদ্মনাথ গোহাঞিবৰুৱা, আনন্দচন্দ্ৰ আগৰৱালা, হিতেশ্বৰ বৰবৰুৱা, বেণুধৰ ৰাজখোৱা, চন্দ্ৰধৰ বৰুৱা, ৰঘুনাথ চৌধাৰী, দুৰ্গেশ্বৰ শৰ্মা, অম্বিকাগিৰী ৰায়চৌধুৰী, শৈলধৰ ৰাজখোৱা, যতীন্দ্ৰনাথ দুৱৰা আদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য। ‘জোনাকী যুগ’ৰ সমসাময়িক কবি হলেও মফিজুদ্দিন আহমদ হাজৰিকা ‘জোনাকী’ৰ লগত জড়িত নাছিল। ‘জ্ঞানমালিনীৰ কবি’ নামেৰে খ্যাত মফিজুদ্দিন আহমদ হাজৰিকাৰ ‘জ্ঞানমালিনী’ অন্যতম লেখৰ কবিতা পুথি। ‘ভাঙনি কোৱৰ’ নামে খ্যাত আনন্দচন্দ্র আগৰৱালাই কেইবাটাও বিদেশী কবিতা অসমীয়ালৈ মনোৰমকৈ ভাঙনি কৰে।

অসমীয়া ৰোমাণ্টিক কবিতা-জগতলৈ অসামান্য বৰঙণি আগবঢ়োৱা আন এজন কবি হৈছে ৰঘুনাথ চৌধাৰী। প্রকৃতি বিষয়ক, বিশেষকৈ, ফুল আৰু চৰাইক লৈ ৰচিত কেইবাটাও উৎকৃষ্ট কবিতাৰে চৌধাৰীয়ে অসমীয়া ৰমন্যাস কবিতাৰ প্রকৃতিপ্রেমমূলক কবিতাৰ ধাৰাটো অধিক সমৃদ্ধ কৰি তোলে। সেই সময়ৰে আন এজন উজ্জ্বল কবি অম্বিকাগিৰী ৰায়চৌধুৰীৰ। জীৱনৰ মূলমন্ত্ৰ আছিল অসমীয়া জাতিৰ অস্তিত্ব সংৰক্ষণ আৰু সংস্থাপন।

ৰোমান্টিক অসমীয়া কবিতাৰ বিকাশ আৰু বিস্তাৰ:

‘জোনাকী’ৰ পাছত ‘বাহী’, ‘ঊষা’, ‘আলোচনী’, ‘বিজুলীমিলন’ আদি কেইবাখনো সংবাদপত্র-আলোচনী প্ৰকাশ হয় আৰু এইবোৰৰ পাততেই ৰোমাণ্টিক কবিতাই অধিক বিকাশ আৰু বিস্তাৰ লাভ কৰে। এই সময়ছোৱাৰ স্মৰণীয় কবি হ’ল যতীন্দ্ৰনাথ দুৱৰা। দুৱৰাৰ কবিতাত ৰোমান্টিক ভাবাদৰ্শৰ গীতি-কবিতাই পূর্ণ বিকাশ লাভ কৰে। তেওঁ ওমৰ খামৰ ৰুবায়ৎখন ‘ওমৰ তীৰ্থ’ নাম দি সুন্দৰ আৰু নিমজ অসমীয়ালৈ ভাঙনি কৰে। দুৱৰাৰ এই ভাঙনি মৌলিক কবিতাৰ দৰেই ৰসাল আৰু সহজ আবেদনশীল। সেই সময়তে কাব্যাকাশত দুগৰাকী কবিৰ আৱির্ভাৱ ঘটে। তেওঁলোক হৈছে বিশিষ্ট মহিলা অসমৰ নলিনীবালা দেৱী আৰু ধৰ্মেশ্বৰী দেৱী বৰুৱানী।

অতীন্দ্রিয়বাদী কবিৰূপে খ্যাত নলিনীবালাৰ কাব্য ৰচনাসমূহ হ’লঃ ‘সন্ধিয়াৰ সুৰ’, ‘সপোনৰ সুৰ’, ‘পৰশমণি’, ‘অলকানন্দা’ আদি। ধৰ্মেশ্বৰী দেৱী বৰুৱানীৰ কবিতাত ভগৱানৰ প্ৰতি মিলনৰ আকাংক্ষা তীব্রভাবে প্রকাশ পাইছে। সেই সময়ৰে আন দুগৰাকী মহিলা কবি যমুনেশ্বৰী শইকীয়া আৰু ৰসেশ্বৰী খাটনিয়াৰৰ কবিতাতো আধ্যাত্মিক ভাব দেখা যায়। অসমীয়া ৰোমান্টিক কবিতাক নিটোল ৰূপ দিয়াত সহায় কৰা আন আন কবিসকলৰ ভিতৰত ৰত্নকান্ত বৰকাকতী, লক্ষ্মীনাথ ফুকন, নীলমণি ফুকন, দণ্ডিনাথ কলিতা, সূৰ্যকুমাৰ ভূঞা, ইন্দ্ৰেশ্বৰ বৰঠাকুৰ, পদ্মধৰ চলিহা, ভৈৰৱ চন্দ্ৰ খাটনিয়াৰ, মিত্ৰদেৱ মহন্ত, উমেশ চন্দ্ৰ চৌধুৰী, ভগৱতী প্রসাদ বৰুৱা, পার্বতি প্ৰসাদ বৰুৱা আদিৰ নাম স্মৰণীয়।

কুৰি শতিকাৰ দ্বিতীয় দশকৰ পৰা অসমীয়া কবিতাত ৰোমাণ্টিক ভাবৰ ঠাইত জাতীয় ভাবৰ উদ্দীপনাময় কবিতাই ঠাই পাবলৈ ধৰে।  স্বদেশপ্রেমত উদ্বুদ্ধ হৈ কবিসকলে স্বদেশপ্রেমমূলক গীত আৰু কবিতা ৰচনা কৰে। এনে গীত-কবিতাৰ ৰচকসকলৰ ভিতৰত ‘ইন্দ্ৰধনু’ৰ কবি ডিম্বেশ্বৰ নেওগ, ‘ধ্বনি’ কবি বিনন্দচন্দ্ৰ বৰুৱাত, ‘তপোবন’ৰ কবি অতুলচন্দ্র হাজৰিকা, প্রসন্নলাল চৌধুৰী, জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাম বিশেষভাৱে উল্লেখযোগ্য। লোকগীত আৰু শংকৰী কাব্য নাট্যৰ ভেটিত অসমীয়া সংস্কৃতিক ন-সাজ পিন্ধোৱাৰ প্রয়াস জ্যোতিপ্ৰসাদৰ কবি প্রতিভাৰ বৈশিষ্ট্য।

‘জোনাকী যুগ’তে আৰম্ভ হোৱা অসমীয়া সাহিত্যৰ ৰোমান্টিক ভাবৰ ধল দ্বিতীয়  মহাসমৰলৈকে লক্ষ্য কৰা যায়। সেই সময়ছোৱাৰ উল্লেখযোগ্য কবিকেইগৰাকী হ’ল দৈবচন্দ্র তালুকদাৰ, মহেন্দ্ৰনাথ ডেকা ফুকন, আনন্দ চন্দ্ৰ বৰুৱা, গণেশ গগৈ আৰু দেৱকান্ত বৰুৱা। ‘বকুলবন’ৰ কবিৰূপে খ্যাত আনন্দ চন্দ্ৰ বৰুৱাই পাৰস্যৰ প্রখ্যাত চুফী কবি হাফেজৰ কবিতাৰ অনুবাদ ‘হাফিজৰ সুৰে’ৰে অসমীয়া কাব্য জগতত প্রতিষ্ঠা লাভ কৰে।

অকাল জীৱনাসনৰ লগতে প্ৰচুৰ সম্ভাৱনা মৰহি যোৱা আন এগৰাকী প্রেমৰ কবি গণেশ গগৈৰ কবিতাৰ সাৱলীল ছন্দ, মধুৰ শব্দবিন্যাস, সৰল অথচ আবেগ সঞ্চাৰী ভাষাশৈলীয়ে সকলোকে আকৃষ্ট কৰে। এই সময়ছোৱাতে আত্মপ্ৰকাশ কৰা দেৱকান্ত বৰুৱাই দুৱৰা,গগৈৰ বিপৰীতমুখী ভাবধাৰাৰে, অসমীয়া কবিতাত অভিনৱ এক নাটকীয় স্বকথনৰ ভংগী প্রয়োগ কৰি, পার্থিব প্রেমৰ আৰু বিদ্রোহী যৌৱনৰ জয়গীত গাইছিল। দেৱকান্ত বৰুৱা অসমীয়া শেষ ৰোমাণ্টিক কবি। তেওঁৰ একমাত্ৰ কবিতাৰ পুথি ‘সাগৰ দেখিছা’ত বিষয়বস্তু, ভাব, ৰচনাৰীতি, প্রকাশভংগী সকলো বিষয়তে নতুনত্ব আছে।

মহাসমৰৰ পাছৰ পৰিৱৰ্তন:

দ্বিতীয় মহাসমৰৰ পাছৰ অসমীয়া কবিতাত বিৰাট পৰিৱৰ্তন সাধিত হয়। অসমত কবিতা সম্পৰ্কীয় ধাৰণা আৰু দৃষ্টিভংগীৰ আমূল পৰিৱৰ্তন ঘটে; পূৰ্বৰ ৰোমাণ্টিক ভাব-বিলাসিতাৰ পৰিৱৰ্তে প্রগতিবাদৰ আদৰ্শৰ কবিতা প্রকাশিত হবলৈ ধৰে। সেই সময়ছোৱাৰ কবিতাৰ উত্তৰণত ভবানন্দ দত্ত, অমূল্য বৰুৱা, হেম বৰুৱা, কেশৱ মহন্ত আদি কবিসকলে সমৃদ্ধ অৰিহণা আগবঢ়ায়। এই সময়ছোৱাতে কবিসকলৰ কবিতাৰ বিষয়বস্তু বিশালভাবে সম্প্ৰসাৰিত হ’ল। যুদ্ধোত্তৰ যুগৰ এই শ্ৰেণীৰ কবিতাকে সাম্প্রতিক কবিতাৰ ভিতৰত সামৰিব পাৰি।

চল্লিছৰ দশকত প্ৰথম অসমীয়া মুক্ত ছন্দৰ কবিতা মহেশ্বৰ নেওগৰ ‘অন্ত্যজা’ প্ৰকাশ হয়। সাম্প্রতিক কবিতাৰ বিকাশত ‘জয়ন্তী’ৰ বিশেষ অৱদান আছে। ‘জয়ন্তী’য়ে অসমীয়া কবিতাত নতুন ভাবধাৰা আৰু ৰীতিৰ সূচনা কৰি এক নতুন পথৰ সন্ধান দিলে। এই সময়ছোৱাৰ আটাইতকৈ উল্লেখযোগ্য কবিগৰাকী হ’ল নৱকান্ত বৰুৱা। চল্লিছৰ দশকৰ শেষৰফালে কাব্যস্ৰষ্টাৰূপে আত্মপ্ৰকাশ কৰা নৱকান্ত বৰুৱাক তেওঁৰ আধুনিকতাৰ অনুগামী ভাষা, বাকভংগী আৰু ছন্দৰ নানান অভিনৱ পৰীক্ষাৰ বাবে আধুনিক অসমীয়া কবিতাৰ মুখ্য পথিকৃতৰ আখ্যা দিয়া হয়। সেই সময়ছোৱাৰ আন কেইগৰাকীমান উল্লেখযোগ্য কবি হ’ল চক্ৰেশ্বৰ ভট্টাচার্য, ইব্রাহিম আলি, বীৰেণ বৰকটকী, চৈয়দ আব্দুল মালিক, অজিৎ বৰুৱা আদি।

পঞ্চাছৰ দশকৰ সমসাময়িকভাবে প্রকাশিত ‘পছোৱা’ আৰু ‘ৰামধেনু’ আলোচনীত সাম্প্রতিক কবিতাই অধিক প্ৰসাৰ লাভ কৰে। স্বাধীনতা আন্দোলনৰ অভিজ্ঞতা, স্বাধীনতাই কঢ়িয়াই অনা আশা আৰু সম্ভাৱনা, সাম্যবাদী আন্দোলন আৰু চিন্তাৰ প্ৰভাৱ আদিয়ে পঞ্চাছৰ দশকৰ কবিসকলক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। সৃষ্টিৰ উদ্ভাসে কবিসকলক এনেধৰণে আছন্ন কৰিছিল যে বহু সময়ত তেওঁলোকৰ কবিতাত জীৱন আৰু জগত সম্পর্কে ছিৰিয়াছ চিন্তাৰ চাপ আৰু সমালোচনাত্মক দৃষ্টিভংগীৰ প্রকাশ পৰিস্ফূট নহৈছিল। এই দশকৰ কবিতাৰ সুৰ আৰু ভাব-ভাষা পূৰ্বৰ দুটামান দশকতকৈ যথেষ্ট বেলেগ আছিল আৰু সেয়ে বহুতে এই কবিতাক আদৰি ল’ব পৰা নাছিল।

এই সময়ছোৱাত অসমীয়া কবিসকল বাংলা কবি, ঘাইকৈ ৰবীন্দ্ৰনাথ আৰু জীৱন দাশ আৰু ইংৰাজ কবি টি এছ ইলিয়ট, এজৰা পাউণ্ড আদিৰ দ্বাৰা বাৰুকৈ প্রভাবিত হয়। বিশেষকৈ ন-ৰোমান্টিক ভাবধাৰা কবিসকলৰ ওপৰত জীৱনৰ প্ৰভাৱ উল্লেখযোগ্য। এই দশকৰ সক্ৰিয় কবি কেইজন হ’লঃ নৱকান্ত বৰুৱা, হোমেন বৰগোহাঞি, মহিম বৰা, বীৰেশ্বৰ বৰুৱা, প্রফুল্ল ভূঞা , নীলমণি ফুকন কনিষ্ঠ, সুশীল শর্মা, হেম বৰুৱা, আননেশ্বৰ শৰ্মা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য, কেশৱ মহন্ত, অমলেন্দু গুহ, মহেন্দ্ৰ বৰা, ৰাম গগৈ, হেমাংগ বিশ্বাস, দীনেশ গোস্বামী, হীৰেন গোহাঁই আদি।

ষাঠিক দশকত আধুনিক অসমীয়া কবিতাৰ ধাৰাটো অধিক স্বচ্ছল আৰু বলিষ্ঠ তথা সমৃদ্ধ ৰূপত প্ৰৱাহিত হবলৈ ধৰে। এই দশকতে ভাষা, চিন্তা আৰু ৰূপৰ ক্ষেত্ৰত অসমীয়া কবিতাই এটা নতুন আয়তন আৰু মর্যাদা লাভ কৰে। এই দশকৰ কেইবাগৰাকীও অসমীয়া কবিৰ ৰচনাত কবিতাৰ ৰূপগত কলাকুশলতা আৰু ভাবৰ সংহতি সম্পর্কে ক্রমবর্ধমান সচেতনতাৰ উমান পোৱা যায়। তদুপৰি এই সময়ছোৱাতে কেইবাগৰাকীও কবিয়ে আৱেগিক, তথাকথিত কাব্যিক ভাষাৰ সলনি কথোপকথনৰ অন্তৰংগ ভাষা আৰু সুৰ, লোক-সাহিত্যৰ উপাদান, মুক্তক ছন্দ, গদ্য আৰু অভিজ্ঞতাৰ বিস্তৃত ক্ষেত্ৰৰ পৰা আহৰণ কৰা উপমা আৰু চিত্ৰকল্পৰ ব্যৱহাৰ কৰে।

প্ৰথমবাৰলৈ কবিতা কেৱল আবেগ অনুভূতিৰ বাহক হৈয়ে নাথাকিল বৌদ্ধিক চিন্তা আৰু দর্শন, যুক্তি আৰু বাস্তৱবোধ,ইতিহাস আৰু যুগচেতনা প্রথমবাৰলৈ অসমীয়া কবিতা ভাৱগাস্তৰ অন্তৰ্গত হ’ল। এইটো দশকতে অসমীয়া কবিতাৰ বিষয়বস্তুৰ পৰা আংগিকৰ ক্ষেত্ৰত বৈচিত্র্য আৰু অভিনৱত্ব কুত পৰে। সেইদৰে কবিতা ভাষা এইটো দশকতে কথোপকথনৰ ওচৰ চাপিল। অসমীয়া জনজীৱনক আৰু ওচৰৰ পৰা চোৱাৰ প্রয়াস যাঠিৰ দশকৰ শেষৰ কবিতাত দেখা গ’ল। জাপানী, চীনা কবিতাৰ মূল্যবান অনুবাদ আৰু সমকালীন অসমীয়া কবিতাৰ ওপৰত সিবোবৰ প্রত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱ ষাঠিৰ দশকৰ আন এটা উজ্জ্বল দিশ। এই দশকৰ উল্লেখযোগ্য কবি কেইগৰাকী হ’লঃ নীলমণি ফুকন, হীৰেন্দ্ৰনাথ দত্ত, হৰেকৃষ্ণ ডেকা, নলিনীধৰ ভট্টাচাৰ্য, ৰবীন্দ্ৰ সৰকাৰ, ৰবীন্দ্ৰ বৰা, হেমাংগ বিশ্বাস, চন্দ্ৰ কটকী আদি।

সামৰণি:

সত্তৰৰ দশকৰ পৰাই আধুনিক অসমীয়া কবিতাৰ উৎকৰ্ষৰ বাবে অসমৰ বিভিন্ন ঠাইৰ পৰা বহু কেইখন কবিতা আলোচনী আৰু ক্ষুদ্র আলোচনী প্ৰকাশ হবলৈ ধৰে। এই আলোচনীসমূহে বহু তৰুণ কবিৰ সৃষ্টি কৰাৰ উপৰিও কবিতাক জনমুখী তথা জনপ্রিয় কৰাত আগভাগ ল’লে। এই আলোচনীসমূহক কেন্দ্ৰ কৰি অসমৰ বিভিন্ন ঠাইত অনানুষ্ঠানিক কবিচক্র বা কবিগোষ্ঠী গঢ়ি উঠিল, নতুন কবিসকলে ভাব-চিন্তাৰ আদান-প্ৰদান কৰাৰ বাট মুকলি হল।

সত্তৰৰ দশকৰ পৰা বৰ্তমানলৈকে ৰচিত অসমীয়া কবিতাসমূহত বামপন্থী চিন্তা-চেতনাসমৃদ্ধ কবিতা আৰু কোনো ৰাজনৈতিক দর্শন-নিৰপেক্ষ চিন্তাসমৃদ্ধ কবিতা -এই দুটা ভিন্নমুখী প্রবণতা চকুত পৰে। সেইদৰে সত্তৰৰ দশকৰ পাছৰ পৰা অসমীয়া কবিতাত দেশ বা ৰাজ্যৰ পৰিস্থিতিৰ উপৰিও সমগ্ৰ বিশ্বৰ ৰাজনৈতিক, অর্থনৈতিক সংগ্রাম, পৰিৱৰ্তনৰো চাপ আৰু উমান পোৱা যায়। ন ন আংগিক, শব্দ প্রয়োগ আদিৰ ক্ষেত্ৰতো এইবোৰ কবিতাত নানান পৰীক্ষা-নিৰীক্ষা আৰম্ভ হয়।

(আশা কৰোঁ আপুনি ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top