ভূমিকা:
অসমৰ প্ৰধান ভাষা আৰু সাহিত্য অসমীয়া। ‘অসম’ নামৰ পৰা উৎপত্তি হোৱা বুলিয়েই অসমৰ ভাষাটোক ‘অসমীয়া, আখ্যা দিয়া হৈছে। ভাৰতৰ সংবিধানৰ দ্বাৰা স্বীকৃত ভাষাকেইটাৰ ভিতৰত অসমীয়া ভাষা (Assamese language) অন্যতম।
অসমীয়া ভাষা ভাৰতীয় আৰ্যগোষ্ঠীৰ ভাষা। প্রাচীন ভাৰতীয় আৰ্য-ভাষাবিশেষেই ক্ৰম পৰিৱৰ্তনৰ মাজেদি আহি খ্রীষ্টীয় দশম-একাদশ শতিকামানত অসমীয়া ৰূপ ল’বলৈ আৰম্ভ কৰে। আৰ্য ভাষাৰ পৰা উদ্ভৱ হলেও অসমীয়া ভাষাৰ পৰিপুষ্টি সাধনত অতীজৰে পৰা বাস কৰা অনার্য গোষ্ঠীৰ লোকসকলৰ ভাষাৰ প্ৰভাৱো নপৰাকৈ থকা নাই। নদীৰ নাম, ঠাইৰ নাম, ধ্বন্যাত্মক শব্দ, ঘৰুৱা বহু শব্দৰ অসমীয়া উচ্চাৰণ আৰু ধ্বনি বিকাশতো অনাৰ্য ভাষাৰ প্ৰভাৱ চকুত পৰে। সেইদৰে মাগোধি, প্রাকৃত, আৰ্যোত্তৰ ভাষাসমূহ, জনজাতীয় ভাষা, ইংৰাজী, স্পেনিছ, ওলন্দাজ, পাৰ্চী, আৰবী আদি বিদেশী ভাষাসমূহ এই সকলোৰে সমন্বয়ত অসমীয়া ভাষা গঢ়ি উঠিছে। অসমীয়া ভাষাই তাৰ কাষৰীয়া ভাষাসমূহৰ লগত সনাসনি প্ৰভাৱ বিস্তাৰ কৰি উত্তৰ-পূব অঞ্চলৰ অসম নামৰ এই ভূখণ্ডৰ প্রকাশ আৰু যোগাযোগৰ মাধ্যম হৈ আছে। অসমীয়া ভাষাৰ বিভিন্ন শব্দবোৰৰ ভিতৰত ইংৰাজী ভাষাৰ প্ৰভাৱেই স্পষ্টকৈ লক্ষ্য কৰা যায়।
ইতিহাসৰ পাতত অসমীয়া ভাষা (Assamese language):
সম্ভৱতঃ ১০০০ খ্রীষ্টাব্দৰ সমসাময়িক কালত আন নব্য ভাৰতীয় আৰ্য ভাষাৰ লগে লগে অসমীয়া ভাষাৰো উৎপত্তি ঘটে। ইয়াৰ আগলৈকে সংস্কৃতেই আছিল এই অঞ্চলৰ ঘাই প্রকাশ মাধ্যম। জনসাধাৰণৰ একাংশই প্রাকৃত ভাষা আৰু বাকী আর্য-সংস্কৃতি আৰু আৰ্য ভাষা গ্ৰহণ কৰা আৰ্যোত্তৰ গোষ্ঠীৰ লোকে নিজৰ নিজৰ কৌলিক জনজাতীয় ভাষা বা উপভাষা ব্যৱহাৰ কৰিছিল। আর্য ভাষা-ভাষী লোক সংখ্যাত কম আছিল যদিও তেওঁলোকৰ ভাষাৰ ওজস্বিতাৰ বাবে সোনকালেই সেই ভাষাই জনসমাজত থিতাপি লৈ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়।
খ্রীষ্টীয় প্রথম দুটামান শতিকাৰ ভিতৰতে প্রাচীন কামৰূপত আৰ্য সংস্কৃতি আৰু ভাৰতীয় আৰ্যভাষাই পশ্চিম অসমৰ এক সুকীয়া ভাষাৰূপে গঢ় ল’বলৈ উপক্রম কৰে। সপ্তম শতিকাৰ প্ৰথমভাগত চীনৰ বিখ্যাত পৰিব্ৰাজক হিউ-ৱেন-চাঙে কামৰূপ ভ্ৰমণ কৰি লিখা বিৱৰণীত এই অঞ্চলৰ মানুহে কোৱা ভাষাটো মধ্য ভাৰতৰ ভাষাৰ লগত সামান্য পৃথক পাইছিল বুলি লিখি থৈ গৈছে। তদুপৰি সেই সময়ৰ শিলালিপি আৰু তামৰ ফলিবোৰত বহু ঠাই আৰু মানুহৰ নাম পোৱা যায়, যিবোৰৰ প্ৰতিৰূপ আৰু অৰ্থ পৰৱৰ্তী অসমীয়া ভাষাত দেখা যায়।
ভাস্কৰ বৰ্মন আৰু তেওঁৰ পিছৰ কামৰূপৰ ৰজাসকলে ব্ৰাহ্মণক ভূমিদান দিয়া কেইখনমান তামৰ ফলি উদ্ধাৰ হৈছে। অসমত এতিয়ালৈকে পোৱা প্ৰাচীন শিলালিপিসমূহৰ ভিতৰত নগাৱৰ কপিলী উপত্যকাত পোৱা মহাৰাজাধিৰাজ ভূতি বৰ্মনৰ দিনত (৫৪৪ খ্রীষ্টাব্দ) খোদিত শিলালিপিয়েই প্রাচীন। এই শিলালিপি আৰু অন্যান্য শাসনাৱলীৰ ভাষা সংস্কৃত। গতিকে সেই সময়ত অসমত সংস্কৃত ভাষাৰ প্ৰচলন আছিল বুলি সহজে অনুমান কৰিব পাৰি। কিন্তু ইয়াৰ মাজতো সেই সময়ত জনসাধাৰণৰ মাজত প্ৰচলিত ভাষাৰ দুই-চাৰিটা শব্দই অবাধ স্থান পাইছে। সেই শব্দবোৰ মানুহৰ নাম, গাঁৱৰ নাম, নদীৰ নাম, গছৰ নাম আদি বুজোৱাত ব্যৱহাৰ হৈছে। ইয়াৰ ভিতৰত কালিয়া, ধ্বনি, সনি, অনি, দক্ষিণপাট, শিঙৰি, পাৰলি, জান, জোল আদি শব্দ মন কৰিবলগীয়া। এই শব্দসমূহে অসমীয়া ভাষাৰ জন্মকালৰ সূচনা কৰে।
কামৰূপী উপভাষাৰ আগমন:
এইদৰে অসমীয়া ভাষাই পোনতে পশ্চিম অসমত প্ৰৱেশ কৰি ‘কামৰূপী ভাষা’ নামেৰে এক সুকীয়া ভাষাৰূপে গঢ় লয়। প্রাচীন অসমীয়া সাহিত্যত, বিশেষকৈ, মাধৱ কন্দলিৰ ৰচনাত এই কামৰূপী ভাষাৰ নিদৰ্শন পোৱা যায়। পাছত অৱশ্যে প্রাচীন কামৰূপৰ সীমা সংকুচিত হোৱাত এই ভাষাৰো পৰিসৰ কমি আহে আৰু এসময়ত ই এটা কথিত উপভাষাৰ ৰূপ আৰু ঠাই লয়গৈ। সপ্তদশ শতিকামানলৈকে এই ভাষাই অঞ্চলটোৰ কথিত আৰু সাহিত্যিক দুয়োটা ভাষাৰ স্থান অধিকাৰ কৰি আছিল। বর্তমানে কামৰূপ জিলাত প্রচলিত কথিত উপভাষাটোৱেই কামৰূপী উপভাষা।
মান্যভাষাৰূপে স্বীকৃতি লাভ:
সপ্তদশ শতিকাৰ প্ৰাৰম্ভৰে পৰা অসমৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক জীৱনত ভালেখিনি পৰিৱৰ্তনৰ সূচনা হয়। সেই সময়তে কোঁচ ৰাজত্ব প্রায় নিঃশেষ হয়। আনহাতে আহোমৰ ৰাজত্ব কামৰূপৰ কিছু অংশলৈ বিস্তৃত হয় আৰু গুৱাহাটী আহোম ৰাজ্যৰ দ্বতীয় ৰাজধানীৰূপে পৰিগণিত হয়। তাৰ লগে লগে সপ্তদশ শতিকাৰ শেষৰ ফালে আহোমৰ ৰাজধানী শিৱসাগৰত অসমীয়া ভাষা-সাহিত্যৰ এটা নতুন বিকিৰণ কেন্দ্র গঢ়ি উঠে।
ইয়াৰ পাছত ১৮২৬ চনত ইংৰাজে অসম অধিকাৰ কৰে আৰু ১৮৩৬ চনত আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকল খ্রীষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য লৈ শিৱসাগৰত ভৰি দিয়েহি। ধৰ্ম প্ৰচাৰৰ সুবিধার্থে তেওঁলোকে এই অঞ্চলৰ কথিত ভাষাটো শিকি অসমীয়া আদিপাঠ, অসমীয়া ব্যাকৰণ, অসমীয়া-ইংৰাজী অভিধান আৰু প্ৰথম অসমীয়া বাৰ্তালোচনী ‘অৰুনোদই’ প্ৰকাশ কৰে। এনেদৰেই শিৱসাগৰ তথা উজনি অসমৰ ভাষাটোৱে অসমৰ আন অঞ্চলৰ উপভাষাৰ ওপৰত প্ৰাধান্য লাভ কৰে আৰু সময়ত ইয়েই ৰাজ্যখনৰ মান্য ভাষাৰূপে স্বীকৃতি লাভ কৰে।
সামৰণি:
অসমীয়া মানুহৰ বুকুৰ কুটুম এই ভাষা। চিৰ চেনেহী ভাষাটোৰ ৰক্ষাৰ বাবে নিজৰ প্ৰাণ পৰ্যন্ত আহুতি দিবলৈ পিছ হুহকি অহা নাই অসমীয়া মানুহ। সম্প্রতি বিদেশী ভাষাৰ কবলত পৰি আমাৰ ভাষা সন্মুখীন হৈছে গভীৰ সংকটৰ। ভাষাটোক ৰক্ষা কৰাৰ দায়িত্ব উত্তৰ প্ৰজন্মই কান্ধ পাতি নললে নিশ্চিহ্ন হৈ যাব অসমীয়া ভাষা।
(আশা কৰোঁ আপুনি ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)