ভূমিকা:
অসমৰ চিত্ৰকলাৰ বুৰঞ্জী সপ্তম শতিকাৰ পৰাই আৰম্ভ হৈছে বুলিব পাৰি। সপ্তম শতিকাত কুমাৰ ভাস্কৰ বৰ্মনে মহাৰাজ হর্ষবর্ধনলৈ পঠিওৱা উপটৌকনৰ লগত ‘পাত আৰু তুলিকা’ সহকাৰে চিত্ৰাংকনৰ সঁজুলি পঠিওৱাৰ কথা জনা যায়। বাণভট্টৰ ‘হর্ষচৰিত’ আৰু হিউৱেন চাঙৰ টোকাইও অসমত প্রাচীন কালৰে পৰা চিত্ৰকলাৰ চর্চা থকাৰ ইংগিত দিয়ে।
অৱশ্যে ‘সকলো কলাৰ গুৰু’ শংকৰদেৱেহে অসমত চিত্ৰকলাৰ সোণালী সুঁতি মুকলি কৰে। অসামান্য দক্ষতাৰ চিত্ৰশিল্পী শংকৰদেৱে চিহ্নযাত্ৰা ভাওনাৰ বাবে তুলাপাতত সাতখন বৈকুণ্ঠৰ চিত্ৰ (পট) আঁকিছিল। আন এবাৰ তেওঁ তুলাপাতত হেঙুল-হাইতালেৰে হাতীৰ চিত্ৰ এটা আঁকি সেইটো এটা কাঠৰ বাকচত আঠাৰেলগাই কোঁচৰজা মহাৰাজ নৰনাৰায়ণক উপহাৰ দিছিল। নগাঁও জিলাৰ বালিসত্ৰত পোৱা শংকৰদেৱৰ দশম স্কন্ধ ভাগৱতখনৰ চিত্ৰবোৰ চিত্ৰশোভিত ধৰ্মপুথিৰ এক অনুপম চানেকী।
অসমৰ চিত্ৰকলাৰ ইতিহাস:
অতীত অসমৰ সত্ৰসমূহ চিত্ৰকলাৰ প্রাণকেন্দ্ৰ আছিল। সত্ৰীয়া পুথি-পাঁজিৰ চিত্ৰত স্থানীয় পৰিৱেশ, নীতি আৰু শৈলীৰ প্রতিফলন দেখা যায়। ভাগৱত আৰু পুৰাণৰ চিত্ৰবোৰত শিল্প নৈপুণ্য আৰু কলাসুলভতা স্পষ্ট। এইবোৰত ৰঙৰ মিশ্ৰণ সাধাৰণতে খুব দৃঢ়, ৰংবোৰ প্ৰচুৰ পৰিমাণে প্রয়োগ কৰা হৈছে। এই চিত্রাংকন সমূহৰ লগত জৈন, নোৱাৰী আৰু উৰিষ্যাৰ চিত্ৰকলাৰ সাদৃশ্য থকাৰ কথা নন্দলাল বসুৱে ব্যক্ত কৰিছে।
চতুর্দশ শতিকাৰ পৰা ষষ্ঠদশ শতিকাৰ জৈন হাতেলিখা পুথিসমূহৰ লগতো এই চিত্রাংকনসমূহৰ তুলনা কৰিব পাৰি। এই পুথিবোৰত ৰঙা, নীলা আৰু হালধীয়া ৰঙৰ সঘন ব্যৱহাৰ পৰিলক্ষিত হয়। এই প্রাথমিক ৰং তিনিটাৰ লগতে হেঙুল, হাইতাল, নীল, চাকিৰ কাজল, শিলিখাৰ ৰস আৰু খৰিমাটিৰে ৰং দিয়া হৈছিল। ৰঙৰ লগত সম্ভৱতঃ হাহকণীৰ কুহুম, ঔ-টেঙাৰ বীজ আৰু তেতেলীৰ আঠা ব্যৱহাৰ কৰিছিল। চিত্ৰবোৰৰ পটভূমিৰ ৰং সাধাৰণতে ৰঙা, নীলা, মটীয়া আৰু ধোঁৱা বৰণীয়া।
অসমৰ চিত্ৰকলাৰ বৈশিষ্ট্য হ’ল শিল্পীসকলৰ আন্তৰিকতা, চিত্ৰবোৰৰ পৰিচ্ছন্নতা আৰু গতিময়তা। চিত্ৰবোৰত সর্বদা পৰিলক্ষিত হোৱা দেৱতা, মনুষ্য, জন্তু আৰু অসুৰৰ মূৰ্তিৰ এফলীয়া মুখ (profile) অঁকাৰ ৰীতি আন এটা বৈশিষ্ট্য । চিত্ৰবোৰত প্ৰাথমিক গাঢ় ৰঙৰ ব্যৱহাৰ চকুত পৰা। সেইদৰে অসুৰ-দৈত্য-দানৱক গোঁফ-ডাঢ়ি দিয়া, আকাশ আঁকোতে ঘন নীলা ৰঙৰ ব্যৱহাৰ, পানীৰ বাবে নীলাৰ ওপৰত বগা ৰেখা দিয়া, বৰষুণৰ বাবে অসংখ্য বগা ৰেখাৰ ব্যৱহাৰ আদিও সেই সময়ৰ অসমৰ চিত্ৰকলাৰ বৈশিষ্ট্য।
প্ৰাচীন অসমৰ ছবিবোৰত ধর্মীয় আখ্যানেই প্রাধান্য লাভ কৰা দেখা যায়। এনে চিত্ৰবোৰক দুটা ঘাই ভাগত ভাগ কৰিব পাৰি- (১) সত্ৰসমূহত কৰা ধৰ্মগ্ৰন্থৰ চিত্ৰ আৰু (২) ৰাজ-পৃষ্ঠপোষকতাত কৰা ধর্মগ্রন্থৰ চিত্র। ধৰ্মপুথিৰ চিত্রাংকনবোৰৰ কিছুমান নিজ বৈশিষ্ট্য আছিল। শংকৰদেৱৰ কীৰ্ত্তন পুথিৰ মনোমোহা চিত্ৰশোভিত বহু হাতেলিখা পুথি অসমৰ বিভিন্ন সত্ৰ আৰু ব্যক্তিৰ ওচৰত পোৱা গৈছে। শ্রীৰামদেৱ কায়স্থৰ উষা-অনিৰুদ্ধৰ প্রেমমূলক কাহিনীৰে চিত্ৰাংকিত কুমাৰ হৰণ হাতেলিখা এখন পুথি, মাধৱ কন্দলিৰ ৰামায়ণৰ লংকাকাণ্ড আৰু ৰাম সৰস্বতীৰ মহাভাৰতৰ উদ্যোগ পৰ্বত সন্নিৱিষ্ট চিত্রপুঞ্জত শৰীৰত থকা আ-অলংকাৰত খাটি সোণ লগোৱা হৈছিল।
শ্ৰীধৰ টীকা সম্বলিত আৰু চাৰিওকাষে চিত্রাংকিত হাতেলিখা ভাগৱত পুৰাণখনেও চিত্রশিল্পীৰ উন্নত মানৰ পৰিচয়কে বহন কৰে। ধর্ম পুথিবোৰ চিত্ৰৰে সুশোভন কৰি তোলা আৰু চাৰিওকাষে জকমকীয়া কৰি তোলাটো অসমৰ চিত্ৰকলাৰ এটা স্বকীয় ধাৰা হৈ পৰিল। এনে চিত্ৰৰ চাৰিওফালে লতা আৰু ফুলৰ নক্সা আঁকা হয় আৰু সেয়ে এনে চিত্র থকা পুথিবোৰ লতাকটা পুথি নামেৰেও জনাজাত। চাৰিওফালৰ লতাৰ বাহিৰেও পুথিৰ বিষয়বস্তুৰ প্রকাশক বিভিন্ন চিত্রও পুথিৰ পাতত আঁকা হয়।
বৈচিত্র্যময় চিত্ৰকলাৰ যাত্ৰা:
সপ্তদশ আৰু অষ্টাদশ শতিকাত আহোম আৰু কোচ ৰজাসকলে অসমৰ চিত্ৰকলাৰ পৃষ্ঠপোষকতা কৰি চিত্ৰকলাত নতুন প্রাণ শক্তিৰে সঞ্জীৱনী ঢালে। দৰঙী ৰাজসভাত ৰচিত আৰু চিত্রিত সূৰ্যখড়ি দৈৱজ্ঞৰ সমুদ্ৰনাৰায়ণ বংশাৱলী বা দৰং ৰাজবংশাৱলী, সুকুমাৰ বৰকাথৰ হস্তীবিদ্যাৰ্ণৱ, কবিৰাজ চক্ৰৱৰ্তীৰ শংখচূড় বধ, গীতগোবিন্দ আৰু হৰিবৰ বিপ্ৰৰ লৱ-কুশৰ যুদ্ধ আদি পুথিবোৰৰ বিতোপন চিত্রাংকন আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত হৈছিল। দৰং বংশাৱলীৰ চিত্ৰাংকনবোৰ ধর্মভাবৰ ওপৰত প্ৰতিষ্ঠিত। এই পুথিখনত থকা বৰ নাও, যুদ্ধ, বাদ্যযন্ত্র, যুদ্ধৰ সঁজুলি বিশেষভাৱে চাবলগীয়া। ইয়াত সন্নিৱিষ্ট যুদ্ধৰ দৃশ্যবোৰত নিজস্ব বৈশিষ্ট্য চকুত পৰে। মনোমোহা বৈশিষ্ট্যপূৰ্ণ দিলবৰ আৰু দোসাইৰ দ্বাৰা অংকিত হস্তীবিদ্যাৰ্ণৱ পুথিত মাটিলৈকে বৈ পৰা সাজ-পাৰ আৰু চিক্মিকীয়া অলংকাৰ দৃষ্টিনন্দন।
ইয়াৰ চিত্ৰবোৰত শিল্পীয়ে বস্তুৰ অনুকৰণ কৰি তাক নির্দিষ্ট স্থান আৰু নিটোল ৰংৰেখাৰ মাধ্যমেদি এক ব্যৱহাৰিক উদ্দেশ্য সাধন কৰা দেখা যায়। পুথিখনত ইয়াৰ ৰচক সুকুমাৰ বৰকাথ, চিত্ৰকৰ দিলবৰ আৰু দোসাই, পৃষ্ঠপোষক ৰজা-ৰাণী শিৱসিংহ-অম্বিকাদেৱী আৰু তেওঁলোকৰ সভাসদবৰ্গৰ ছবি আঁকা আছে। অষ্টাদশ শতিকাৰ কালছোৱা ক্ষুদ্ৰ চিত্ৰাংকনেৰে চিত্ৰিত পুথি প্ৰকাশৰ বাবে উল্লেখযোগ্য। অসমৰ এই চিত্রাংকনৰ পুথিবোৰে অসম বুৰঞ্জী চিত্ৰিত কৰাৰ উপৰি হিন্দু মহাকাব্য আৰু পুৰাণৰ গল্পসমূহ লৈ ৰচনা কৰা অসমীয়া পুথিবোৰো সুশোভিত কৰিছিল। ৰামায়ণ আৰু ভাগৱতৰ দশম স্কন্ধৰ বিষয়বস্তুক লৈ ৰচিত পুথিতে সৰহভাগ চিত্র আঁকা পোৱা গৈছে। চতুর্দশ পঞ্চদশ শতিকাৰ লৱ-কুশৰ যুদ্ধ’ত অসমৰ সামগ্রিক চিত্রকলাৰ বৈশিষ্ট্য পৰিলক্ষিত হেছে। অনন্ত আচাৰ্যৰ ‘আনন্দ লহৰী’তো কিছুমান মনোগ্রাহী চিত্ৰ সন্নিৱিষ্ট কৰা আছে।
অসমৰ চিত্ৰকলাত ৰাজপুত আৰু মোগল চিত্ৰকলাৰ প্ৰভাৱ পৰিছিল বুলি পণ্ডিতসকলে মত প্রকাশ কৰিছে। তদুপৰি কোনো কোনো চিত্ৰত চীন-তিব্বতীয় প্রভাবো চকুত পৰে। অসমৰ সৰহসংখ্যক চিত্রকলা অষ্টাদশ শতিকাৰ দান। উজনি অসমত বিশেষকৈ, মাজুলীৰ সত্ৰীয়া পৰিৱেশত পৰিবৰ্ধিত পৰম্পৰাগত চিত্রশৈলীৰ এটা ঠেঙুলি সপ্তদশ শতিকাৰ শেষৰ দুটামান বছৰৰ ভিতৰত আহোম ৰাজসভালৈ গৈ আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ শিল্প-ৰসিকতাৰ আভাস পাই ৰজাঘৰ-ৰাজসভাতো পুষ্টি সাধনৰ উপায় লাভ কৰে। সামগ্রিকভাৱে ক’বলৈ গ’লে অসমত পৰিপুষ্টি লাভ কৰিবলৈ সত্ৰ আৰু ৰাজসভা এই দুইখন ক্ষেত্রই প্রশস্ত আছিল। কিন্তু মোৱামৰীয়া বিদ্রোহকে ধৰি আন কেতবোৰ ৰাজনৈতিক আৰু সামাজিক অস্থিৰতাই এই দুয়োখন ক্ষেত্ৰতে খেলি-মেলিৰ সৃষ্টি কৰিছিল। ফলত চিত্ৰৰ দৰে সুকুমাৰ কলা চর্চাত বিঘ্নিত হৈছিল।
ছেগা-চোৰোকাকৈ হলেও আহোম যুগৰ চিত্ৰকলাৰ চৰ্চা ইংৰাজৰ দিনলৈকে বৰ্তি আছিল। যোৱা শতিকাৰ শেষভাগত ঘনশ্যাম খাৰঘৰীয়া ফুকনে লিখা কল্কি পুৰাণ নামৰ হাতেলিখা পুথিখনৰ লগে লগেই অসমীয়া চিত্ৰকলাৰ ইতিহাসৰো সামৰণি পৰিল বুলি ডঃ মহেশ্বৰ নেওগে উল্লেখ কৰিছে।
প্রস্তুতি আৰু সংগ্রহ:
পুৰণি অসমীয়া পুথি আৰু ছবিবোৰ সাঁচিপাত অথবা তুলাপাতত লিখা বা অঁকা হৈছিল। এক সুদীর্ঘ শ্রমসাধ্য পদ্ধতিৰদ্বাৰা অগৰু গছৰ বাকলিৰ পৰা সাঁচিপাত প্ৰস্তুত কৰা হয়। তদুপৰি চিকমিকনি বাঢ়িবৰ বাবে আৰু বেছিদিন টিকিবৰ বাবে সেইবোৰত মাটিমাহৰ তৰপ আৰু হাইতালেৰে বোলোৱা হয়। সাঁচিপাতৰ উপৰি তুলাৰ পৰা কৰা তুলাপাতৰ ওপৰত লিখা আৰু চিত্ৰ অঁকা লৈছিল। লিখা আৰু অঁকাৰ বাবে স্থায়ী ৰং বিশিষ্ট খুব ঘন ক’লা চিয়াহী ব্যৱহাৰ কৰা হৈছিল। ছবিৰ ৰং হিচাপে ব্যৱহাৰ কৰা হৈছিল নীল, গেৰুৱা মাটি, হেঙুল বা সেন্দুৰ আৰু চাকিৰ কাজল।
সাঁচিপাত, তুলাপাতৰ বাহিৰেও বাঁহৰ পাতল চটা, ভোজপাত আদিও পুথি লিখা পাত হিচাপে ব্যৱহাৰ কৰা হৈছিল যদিও অধিকসংখ্যক পুথি সাঁচিপাতত লিখা হৈছিল। একোখন পুথি লিখাৰ পাছত উকাভাৱে সম্পূৰ্ণ কৰাৰ পৰিৱৰ্তে হেঙুল-হাইতালেৰে বোলাই পুথিৰ পাতবোৰত ধুনীয়া ধুনীয়া চিত্ৰ অঁকা হৈছিল। পুথিৰ লিপিকাৰো আছিল ভিন ভিন সম্প্ৰদায়ৰ। পুথিৰ নকল সাধাৰণতে ব্ৰাহ্মণ আৰু কায়স্থ সম্প্ৰদায়ৰ লোকে কৰিছিল যদিও লহকৰ আৰু গড়গঞা লোকসকলেও পুথি নকল কৰাৰ কথা জনা যায়। নকলকাৰকৰ সম্প্রদায় আৰু বৃত্তি অনুসৰি সেই গঢ়ৰ আখৰবোৰৰো নাম দিয়া হৈছিল। যেনে : ব্ৰাহ্মাণ সম্প্ৰদায়ৰ আখৰৰ চানেকী বামুণীয়া, কায়স্থসকলৰ কাইথেলী, লহকৰৰ লহকৰী, গড়গাঁৱৰ লিপিকাৰৰ আখৰৰ গঢ়ক গড়গঞা আদি।
সামৰণি:
আধুনিক যুগত মধ্যবিত্ত শ্ৰেণীৰ প্ৰাধান্য বঢ়াৰ লগে লগে অসমলৈ পশ্চিমীয়া চিত্রকলা ৰীতিৰ আমদানি হ’ল যদিও আনবিলাক কলাৰ তুলনাত অসমত চিত্ৰকলাৰ বিকাশ মন্থৰ। অৱশ্যে সাম্প্রতিক অসমত চিত্রকলাই এক আশাজনক পৰিবেশৰ জন্ম দিছে। শোভা ব্ৰহ্ম, নীলপৱন বৰুৱা আদিৰ দৰে শিল্পীৰ ঐকান্তিক প্রচেষ্টাত অসমৰ চিত্রকলাই সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। চিত্রকলাই জীবিকাৰো বাট মুকলি কৰিছে।
(আশা কৰোঁ আপুনি লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)