অসমৰ চৰাই-চিৰিকতি

ভূমিকা:
চিৰসেউজীয়া অসমখন বিবিধ চৰাই-চিৰিকতিৰ বাসস্থান। অসমত কাজিৰঙা, মানাহ, ওৰাং, সোণাই-ৰূপা, লাওখোৱা আদি ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আৰু সংৰক্ষিত বনাঞ্চলসমূহ বিভিন্ন জাতৰ চৰাইৰে ভৰি আছে। অসমৰ গাঁৱৰ বিল, পথাৰ আৰু গছে গছে অসংখ্য চৰায়ে বাস কৰে। ডোবা, জলাশয় আৰু পাহাৰৰ শিলৰ মাজত থকা চৰাই আৰু পাহাৰৰ ওখ গছত থকা চৰাই অসমতো দেখিবলৈ পোৱা যায়। চৰাই মানুহৰ মন আকৰ্ষক আৰু প্ৰকৃতিৰ জেউতি বৃদ্ধিকাৰক। বিভিন্ন জাতৰ চৰাইৰ ৰং বিভিন্ন, মাত, ঠোট, ঠেং, আহাৰ সকলো বিভিন্ন। আকৃতিৰ লগতে প্রকৃতিও বিভিন্ন জাতৰ চৰাইৰ বিভিন্ন হয়।

অসমৰ হাবি-বননিত সদায় থকা চৰাইৰ উপৰি প্ৰতি বছৰে দূৰ-দূৰণিৰ পৰা কিছুমান চৰাই আহি অসমত কেইমাহমান কটাইহি। বছৰৰ একোটা নির্দিষ্ট সময়ত অহা এই প্ৰব্ৰজনকাৰী চৰাইসমূহেও অসমৰ চৰাইৰ সংখ্যা যথেষ্ট বঢ়াইছে। বালিমাহী, লৰিয়লী, টিটিহু, নানাবিধৰ হাঁহ, ধিতৰাজ, চাকৈচকোৱা আদি পৰিভ্ৰমী চৰায়ে বছৰৰ কোনোবা এটা সময় অসমত কটাই যায়।

অসমৰ চৰাইৰ প্রকৃতি:
অসমৰ চৰাই-চিৰিকতিৰ ক্ষেত্ৰত এটা মন কৰিবলগীয়া কথা এই যে, অসমৰ পূৱ অঞ্চল অর্থাৎ ডিগবৈ, মাৰ্ঘেৰিটা অঞ্চলত থকা কিছুমান চৰাই অসমৰ আন ঠাইত দেখিবলৈ পোৱা নাযায়। তেনেকৈ অসমৰ পশ্চিমাঞ্চল, অর্থাৎ কোকৰাঝাৰ, বৰপেটা, মানাহত দেখা কিছুমান চৰাই অসমৰ আন ঠাইত দেখা নাযায়। তেনেদৰে কাছাৰ, কৰিমগঞ্জ অঞ্চলৰ চৰাই অসমৰ আন ঠাইত নাই। আকৌ কিছুমান চৰাই সাধাৰণতে মানুহৰ বসতি থকা অঞ্চলতহে থাকে আৰু আন  কিছুমান ঘন অৰণ্যৰ মাজত মানুহৰ চকুৰ অৰত থাকে।

পৃথিৱীৰ অন্যান্য অঞ্চলৰ দৰে অসমৰ চৰাইৰ আকৃতিও বেলেগ। কিছুমান আকাৰত অতিকে সৰু আৰু আন কিছুমান ডাঙৰ। প্রতিবিধ চৰাইৰে ৰং বেলেগ হয়। কিছুমানৰ ৰং পাতৰ লগত মিলি থাকে আৰু সহজে মানুহৰ চকুত ধৰা নপৰে। প্রতিবিধ চৰাইৰ মাতো বেলেগ বেলেগ হয়। মাতৰ সহায়তো চৰাইৰ পৰিচয় জানিব পাৰি। অসমত বসন্তকাল অহাৰ লগে লগে কুলি, কেতেকী কৃষ্ণ আদি কিছুমান চৰায়ে শুৱলাকৈ গান গায়। ভয় খোৱাৰ সময়ত চৰাইৰ মত সলনি হয়। অসমৰ বিভিন্ন অঞ্চলত সময়ৰ লগে লগে বিভিন্ন চৰাইৰ মাত শুনিবলৈ পোৱা যায়।

বিলুপ্তিৰ পথত পক্ষীকূল:
কিন্তু বর্তমান বিভিন্ন চৰাইৰে ভৰি থকা অসমখনত চৰাইৰ সংখ্যা হ্রাস পাই আহিছে। ই অতি পৰিতাপৰ কথা। চৰাই কমি অহাৰো কিছুমান কাৰণ আছে। চৰাই চিকাৰ তাৰ ভিতৰত অন্যতম বুলি ক’ব পাৰি। শস্যক্ষেত্ৰবোৰত আজিকালি ৰাসায়নিক সাৰ প্রয়োগ কৰা হয়। ইয়াৰ বাবেও বহু চৰাইৰ মৃত্যু হয়। বনাঞ্চল ধ্বংস, পাহাৰ খনন আদিৰ ফলত চৰাইৰ উপযুক্ত বাসস্থানৰ অভাৱ হৈছে। ইও চৰাইৰ পৰিমাণ হ্ৰাসত অৰিহণা যোগাইছে। অসমৰ উত্তৰ কাছাৰ পাহাৰ জিলাত থকা জাতিংগা নামৰ ঠাই পক্ষীৰ বাবে ৰহস্যজনক হৈ আছে। বছৰৰ কোনো এটা নিৰ্দিষ্ট ঋতুত জাতিংগাত চৰায়ে প্ৰাণ আহুতি দিয়ে। প্রকৃতপক্ষে ই চৰাইৰ আত্মহত্যা নহয়, হত্যাকাণ্ডহে। মানুহৰ দোষতে প্রতি বছৰে জাতিংগাত অলেখ চৰাইৰ মৃত্যু হৈ আছে।

কাউৰী, ঘৰচিৰিকা, শালিকা, চেকচেকি, কপৌ, ফেচু, দহিকতৰা, ভদৰকলি, খোপাবন্ধা আদি চৰাই আমাৰ বাৰীয়ে-ঘৰে সহজে চকুত পৰে। ফুটছাই বৰণীয়া পাতি কাউৰী আৰু ডাঠ ক’লা ৰঙৰ ঢোঁৰা কাউৰী আমি সহজে দেখি থকা বাবে গুৰুত্ব দিয়া নহয়। কিন্তু এই জাতৰ চৰায়ে আমাৰ বহু উপকাৰ কৰে। গেলাপচা বস্তু খাই পবিবেশ পৰিষ্কাৰ কৰে। ফেচু, চেকচেকী, দহিকতৰা, খোপাবন্ধা, ভদৰকলি আদি পতংগভোজী চৰাই। শস্য আৰু ফল-মূলত পৰা নানা ধৰণৰ কীট-পতংগ ইহঁতৰ খাদ্য। গতিকে এই চৰাইবোৰো আমাৰ উপকাৰী। তেনে চৰাইবোৰৰ ভিতৰত কাওচা, কেঁচুখাটি, চেকচেকী, এৰা চৰাই, কুকুহা শৰালি, ডাউক, লৰিয়লী, ডৰিক, কুকুৰা, উলুম’ৰা, সাৰেং, শ্যাম, বালিমাহী, বালি ঘোঁৰা, বালিখোচৰা, গৰুবগ, পানীবগ, তেলটুপী, পানীপিয়া, চাতক, বতাহী, পাখিখোৱা, ভীমৰাজ, বাঢ়ৈটোকা, নাতনি, হাঁহিয়তী, সাতভনী আদি চৰায়ে প্ৰধান। তাৰ উপৰি চাকৈচকোৱা, ম’ৰা, ঘৰচিৰিকা, দলপুঙা, টোকাৰা, শালিকা আদি অনেক চৰাই আছে যি ঘাঁহ-বন, শস্যৰ গুটি আদি খোৱাৰ উপৰি নানা ধৰণৰ পোক-পতংগ খাই মানৱ জাতিৰ উপকাৰ সাধন কৰে। আনকি মাংসভোজী চৰাই শেন, চিলনী, হুদু আদিয়ে মাংস খাবলৈ নাপালে পোক-পতংগকে খায়।

চৰাইৰ বিচিত্ৰ ৰূপ:
প্ৰকৃতিত বিচৰণ কৰি ফুৰা বিভিন্ন জাতৰ চৰাইৰ মাজৰে বহুতৰে মাত যিদৰে শুৱলা তেনেদৰে কৰ্কশ মাতৰ চৰায়ো আছে। যেনেঃ কাউৰী, চেকচেকী, শালিকা, কুকুৰা আদি। ফেচা, হুদু আদিৰ মাতলৈ মানুহে ভয় কৰে। কিছুমান চৰায়ে হুলস্থুল কৰিয়েই সময় কটায়, বহু চৰায়ে নাচি-বাগিও ভাল পায়। ঘবচিৰিকা, শালিকা আদিৰ জাপ, দহিকতৰা বালিমাহী আদিৰ নেজ জোকৰা স্বভাৱ, মতা ম’ৰা চৰাইৰ চালি ধৰা, কপৌৰ মূৰ দুপিওৱা অভ্যাস আদিক চৰাইৰ নৃত্য ভংগিমা বুলি ক’ব পাৰি।

অসমৰ মানুহৰ জীৱন ধাৰাৰ লগত চৰাইৰ নিবিড় সম্পর্ক আছে। কাউৰীৰ মাতত পুৱা উঠে, বগলী বাহলৈ ঘূৰি আহিলে দিনটোৰ কামৰ সমাপ্তি ঘটায় ‘বগলী গ’ল গধূলি হল’। কুলিৰ মাতত বহাগ (বসন্ত ঋতু) আহিল বুলি ধৰে। অসমীয়াৰ জাতীয় জীৱনৰ সুৰ লুকাই থকা বিহুগীতত কুলিৰ স্থান মন কৰিবলীয়া। তেনেকৈ ফেচাই কুৰুলিয়ালে মাংগলিক আৰু নিউ নিউ কৈ মাতিলে অপায়-অমংগল হয় বুলি অসমীয়া মানুহে বিশ্বাস কৰে। চৰাইৰ মাতত প্রাকৃতিক দুৰ্যোগৰো ইংগিত পোৱা যায়।

বেলেগ বেলেগ চৰাইৰ বাসস্থান বেলেগ বেলেগ হোৱা দেখা যায়। টোকোৰা চৰাইৰ বাহ ওখ গছত ওলমি থাকে। বাঢ়ৈটোকাইও গছৰ ওপৰত বাহ সাজে৷ গছৰ গাত থকা পোক-পৰুৱা খায়। পাৰ, ঘৰচিৰিকা আদিয়ে সাধাৰণতে মানুহৰ ঘৰত বাহ পাতে। তেনেকৈ পানীত থকা চৰায়ো অসমত বহুত আছে। অসমত নদ-নদী, জান, বিলৰ পৰিমাণ বেছি আৰু মাছখোৱা চৰাইৰ পয়োভৰো অধিক। পৰিভ্ৰমী চৰাই পেলিকান পানীত থকা চৰাই৷ গঙাচিলনী পানীৰ পৰা মাছ খোৱাত পাকৈত। কাউৰীৰ ভিতৰৰ এজাত পানীত বুৰ মৰা আৰু সাঁতোৰাত পাকৈত। সি হ’ল পানী কাউৰী। তেনে আৰু এবিধ চৰাই আছে মণিয়ৰী। মাছৰোকা চৰায়ে পানীৰ কাষৰ গছত বহি মাছৰ অপেক্ষাত থাকে। মাছ দেখিলেই ছোঁ মাৰি ধৰি আনে। খাল-বিলৰ কাষত মাছ ধৰিবলৈ ৰৈ থকা অসমৰ এবিধ চৰাই হ’ল কণামুচৰি। বগলীৰ এটা জাতক পানী বগ বুলি কোৱা হয়৷ ইহঁতে পানীত মাছ ধৰি খোৱাৰ লগতে পোক-পতংগ খায়। পানী আৰু পানীৰ কাষৰে-পাজৰে চৰি ফুৰা চৰাইৰ ভিতৰত কালিঘুকি, দহিকলা, চাকৈচকোৱা, কুৰুৱা, হয়কলি, খাৰচেলেকা, দলপুঙা, কাম চৰাই, কোঢ়া চৰাই প্ৰধান। অসমৰ নৈ-বিল, জান-জুৰিত অনেক জাতৰ হাঁহ দেখিবলৈ পোৱা যায়। ঘিলা, বৰমুখী, মিকা, শৰালি, চীনা, কাকৈয়া, ধৃতৰাজ, দেওৰাজ আদি অনেক জাতৰ হাঁহৰে নাম।

অন্যান্য চৰাইবোৰতকৈ আকাৰত কিছু ডাঙৰ চৰাই অসমত আছে। তাৰ ভিতৰত বৰটোকোলা, শামুকভঙা, হাড়গিলাৰ নাম উল্লেখযোগ্য। পাকৈঢোৰা, মাহদলা, তেলীয়াসাৰেং আদি চৰাই এটা সময়ত অসমত পর্যাপ্ত পৰিমাণে আছিল।
আমাৰ সততে নাম মুখলৈ অহা দুবিধ চৰাই কপৌ আৰু ভাটেী৷ কপৌ পাঁচটামান জাতৰ আছে। তেনেকৈ ভাটৌ চৰাই চাৰিবিধৰ, কেঁচা দুবিধ। অসমৰ অৰণ্যত এই আটাইকেইবিধ চৰাই আছে। ভাটৌ আৰু ময়না চৰায়ে মানুহৰ মাত-কথা শিকিব পাৰে। হেতুলুকা, সাতভনী, ভীমৰাজ, মেপিয়া, টুনী আদি চৰাই অসমত এতিয়াও বহু পৰিমাণে পোৱা যায়। পাকৈঢোৰা, ধনেশ আদি বিলুপ্তিৰ পথত।

সামৰণি:
অসম বিবিধ বিভিন্ন বৈচিত্র্যময় চৰাইৰ মনোৰম বিচৰণভূমি। ৰাজ্যখনৰ বিভিন্ন বনাঞ্চল নানা জাতৰ চৰাইৰে সমৃদ্ধ। একেদৰে বিভিন্ন বিল, পথাৰ আৰু গছত নানান চৰায়ে বাস কৰে। ডোবা, জলাশয় আৰু পাহাৰৰ শিলৰ মাজত থকা চৰাই আৰু ওখ গছত থকা চৰায়ো অসমত দেখিবলৈ পোৱা যায়। বছৰৰ বিভিন্ন সময়ত ৰাজ্যখনলৈ অহা বিভিন্ন প্ৰব্ৰজনকাৰী চৰায়েও অসমৰ পক্ষীকূল সমৃদ্ধ কৰিছে। অসমৰ বিভিন্ন অঞ্চলত সিঁচৰতি হৈ থকা এই ধুনীয়া ধুনীয়া চৰাইসমূহে আমি নজনাকৈয়ে আমাক বহু ধৰণে সহায় কৰি আছে। চৰাই চাবলৈকে প্ৰতিবছৰে অসমলৈ বিদেশী পর্যটক, পক্ষী বিশেষজ্ঞ, প্রাণী বিজ্ঞানীৰ দল আহে। প্রকৃতিক মনোৰম ৰূপত সজাই তোলা, মধুৰ কল-কাকলিৰে মন মুহি পেলোৱা চৰাইবোৰৰ প্ৰতি মানুহৰো দায়িত্ব আছে। মূল্যৱান চৰাইবোৰক সংৰক্ষণ কৰিব লাগে। জাতিংগাৰ চৰাইৰ দৰে ধ্বংস যজ্ঞ ৰোধ কৰাটো সকলোৰে কৰ্তব্য। বনাঞ্চল সংৰক্ষণেও চৰাইৰ প্রতি বহু উপকাৰ কৰাকে বুজায়। অসমৰ সম্পদ আপুৰুগীয়া চৰাইৰ বিলুপ্তি বোধ কৰিব নোৱাৰিলে আমি দৰিদ্ৰ হৈ পৰিম। প্রকৃতিৰ প্রতি মানুহ সদয় হৈ প্ৰকৃতিৰ লগত বন্ধুত্ব গঢ়ি তুলিলে পৃথিৱীত সদায় শান্তি থাকিব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top