অসমৰ বানপানী সমস্যা-assam flood

অসমৰ বানপানী সমস্যা-assam flood

নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি “অসমৰ বানপানী সমস্যা-assam flood” ৰচনা খনৰ জৰিয়তে অসমত হোৱা বানপানীৰ ফলত সৃষ্টি হোৱা বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰিম। সেয়েহে, সেয়েহে বানপানীৰ ফলত সৃষ্টি হোৱা বিভিন্ন সমস্যাৰ বিষয়ে অধিক জানিবলৈ ৰাচনাখন শেষলৈকে পঢ়ক। ধন্যবাদ।

ভূমিকা:

মানুহে নিত্য নতুন আৱিষ্কাৰেৰে দৈনন্দিন জীৱনক আধুনিকতৰ কৰি গৈ আছে। তথাপি মানৱ জীৱনৰ পৰা সমস্যা আঁতৰ হোৱা নাই। দিনৌ নতুন নতুন সমস্যাই মানুহক আৱৰি ধৰে। সেই সমস্যাবোৰ ৰাজনৈতিক, অর্থনৈতিক, সামাজিক বিভিন্ন দিশত সৃষ্টি হব পাৰে। প্ৰতিটো সমস্যাৰে সমাধানৰ বাট মানুহেই আৱিষ্কাৰ কৰি লয়। অসমৰ জনজীৱনত এনে এটি সমস্যা আছে যাক সমাধান কৰাৰ সু-পৰিকল্পিত ব্যৱস্থা এটা মানুহে কৰিব পৰা নাই। সেই সমস্যাটো হ’ল বছৰে বছৰে হোৱা প্ৰলয়ংকাৰী বানপানী। প্রকৃতিক জয় কৰাৰ অদম্য বাসনা মানুহে মনত পুহি ৰাখিছে। সময়ে সময়ে প্রকৃতিৰ লগত বন্ধুত্ব কৰিছে, তথাপি মানুহ সদায় প্ৰকৃতিৰ অধীন৷ বানপানীৰ পৰা বাচিব পৰা নাই মানুহে।

অসমৰ বানপানী সমস্যা-assam flood

পানীয়ে লয় মানুহৰ প্ৰাণ:

অসমৰ বুকু জুৰি বৈ আছে অলেখ নদ-নদী, জান-জুৰি। এইবোৰত থকা পানীয়ে আমাৰ উপকাৰ সাধন কৰে। দৈনন্দিন ব্যৱহাৰৰ বাবে পানীৰ যোগানৰ লগতে যাতায়ত, মৎস্য যোগান ইত্যাদিও অন্যতম। অসমৰ মুখ্য নদী ব্ৰহ্মপুত্ৰ আৰু বৰাক। ইয়াৰ আকৌ বহু উপনৈ আছে। বাৰিষা এই নদীবোৰৰ পানী ফেনে ফোটোকাৰে বাঢ়ি অসমৰ বিস্তৃর্ণ অঞ্চল জলমগ্ন কৰি তোলে। এইদৰে বছৰৰ পাছত বছৰ বান পানীয়ে অসমৰ জনসাধাৰণক জুৰুলা কৰি আহিছে।

গ্ৰীষ্ম কালত অসমত মৌচুমী বায়ুৰ প্ৰভাৱত প্ৰৱল বৰষুণ হয়। একে সময়তে অসমলৈ তিনিটা দিশৰ পৰা মৌচুমী বতাহ বলে। অসমৰ উত্তৰ-পূব আৰু দক্ষিণ ফাল পর্বতেৰে আগুৰা। গতিকে অসমত প্ৰৱেশ কৰা মৌচুমী বায়ুৱে বাহিৰলৈ যাবলৈ বাট নেপাই অসমৰ আকাশতে বৰষুণ হৈ মুষলধাৰে তললৈ নামি আহে। ইফালে গিৰিৰাজ হিমালয়ৰ শুভ্ৰ বৰফবোৰ প্রখৰ ৰদত গলিবলৈ ধৰে। বৰফগলা পানী আৰু বৰষুণৰ পানীৰে অসমৰ নদ-নদী উপচি পৰে। এটা সময়ত নদীৰ আৱদ্ধতা অতিক্ৰম কৰি পাৰ ভাঙি বৈ আহে পানীৰ বিশাল পৰিধি। আবাসিক অঞ্চল খেতিপথাৰ পানীৰ তলত বুৰ গৈ মানুহৰ আলৈ-আহুকালৰ সীমা নোহোৱা কৰে।

অসম সৃষ্টিৰ আদিৰে পৰাই নদীমাতৃক দেশ। কিন্তু পূৰ্বতে অসমত এনে ভয়ংকৰ ৰূপত বান পানী হোৱাৰ কথা জনা নাযায়। যোৱা কেইটামান দশকৰ পৰাহে বানপানীৰ সমস্যা ইমান ভয়ংকৰ হৈ পৰিছে। তাৰ কাৰণ নথকা নহয়। ১৯৫০ চনত অসমত প্রৱল ভূমিকম্প হৈছিল। তাৰ পাছৰে পৰা অসমৰ নদীবোৰ তৰাং হৈ গ’ল বুলি কোৱা হয়। নদীবোৰ বাম হোৱাৰ ফলত সহজেই বান পানী হ’বলৈ ল’লে।

অৱশ্যে নদীবোৰ বাম হৈ যোৱাৰ আৰু কাৰণ আছে। বছৰ বছৰ ধৰি পৰ্বত-পাহাৰৰ ওপৰৰ পৰা পানীয়ে লগত লৈ অনা মাটি ভাগ নদীৰ বুকুতে ৰৈ যায়। জনবিস্ফোৰণৰ ফলত ভূ-ভাগত অধিক হেচা পৰিছে। বর্ধিত আবাসিক অঞ্চলৰ পৰা ওলোৱা আৱৰ্জনাৰ দমবোৰ নদ-নদীৰ পাৰত বা পানী ভাগতে পেলাই দিয়া দেখা যায়। ফলত নদীৰ পানী প্ৰদূষিত হোৱাৰ লগতে বাম হৈ পৰিছে। স্বাভাৱিকতে এনেদৰে দিনে দিনে অসমত বান পানীৰ প্ৰকোপ বৃদ্ধি হৈ গৈছে।

কালৰূপ বানপানীয়ে স্থান-কাললৈ অক্ষেপ নকৰি পলকতে বহু অঞ্চল সমুদ্রত পৰিণত কৰে। বহু কষ্ট আৰু অৰ্থৰ বিনিময়ত গঢ়ি তোলা মথাউৰি পলকতে ভাঙি নিশ্চিহ্ন কৰি নিয়ে বলীয়া বানে। অসমত শালিখেতিৰ ভৰপক হোৱাৰ বতৰ বানপানীৰে বতৰ।

দুখীয়া কৃষকৰ বুকুত কুঠাৰ মাৰে বানপানীয়ে। দেখা গৈছে যোৱা কেইবছৰমানত বানপানী বছৰত দুই-তিনিবাৰ আহি বাৰে বাৰে ধ্বংসলীলাৰ সৃষ্টি কৰি গৈছে। ব্ৰহ্মপুত্ৰৰ বানে তাৰ দাঁতি-কাষৰীয়া বহু খেতি পথাৰ বালিচৰত পৰিণত কৰিছে। পলসৰ পৰিৱৰ্তে বালিয়ে কৃষিৰ মাটি অনুপযোগী কৰি তোলে। বানপানীৰ লগে লগে আৰম্ভ হয় গৰাখহনীয়া। নদীৰ পাৰৰ ভূ-ভাগৰ কোনো অংশত প্রথমে ফাট মেলে আৰু সেই অংশ খহি গৈ ব্ৰহ্মপুত্ৰৰ পানীত পৰেগৈ। তেনেকৈ গৰা খহি গাঁও-ভূই, খেতিপথাৰ আদি নদীৰ বুকুত বিলীন হৈ যায়। চকুৰ আগতে নিজৰ ঘৰখন, গাঁওখন নদীৰ বুকুত জাহ যোৱা দৃশ্য অতি মর্মান্তিক। গৰাখহনীয়াই অসমৰ মানুহৰ প্রভূত ক্ষতি কৰিছে।

অসমৰ বানপানী সমস্যা-assam flood

অসমৰ বানপানী সমস্যা-assam flood

বানপানীয়ে বাট-পথ, ঘৰ-দুৱাৰ সকলো নষ্ট কৰি পেলায়। অসমৰ অৰ্থনৈতিক গাঁথনি এনেয়ে দুর্বল, তাতে আকৌ বাৰে বাৰে বানপানীয়ে ক্ষতি সাধন কৰিলে উন্নয়নৰ কাম-কাজ কৰা সম্ভৱ নহয়। বানবিধ্বস্ত অঞ্চলৰ গঠনমূলক উন্নয়ন সম্ভৱ হৈ নুঠেগৈ। বান পানীৰ সময়ত মানুহে ঘৰদুৱাৰ এৰি কোনোবা ওখ ঠাইত আশ্ৰয় লয়গৈ। ঘৰচীয়া, বনৰীয়া জীৱ-জন্তুৰ বহুতৰ মৃত্যু হয় বা পানীত উটি যায়। শস্যৰ ভঁড়াল পানীত ডুব যায়। ঠায়ে ঠায়ে আশ্রয় শিবিৰ খোলা হয়। চৰকাৰ আৰু স্বেচ্ছাসেৱী অনুষ্ঠানে বানাক্রান্ত লোকক খাদ্যবস্তু, চিকিৎসা সেৱা, কাপোৰ আদিৰ যোগান দিয়ে।

বানৰ পানী শুকুৱাৰ পাছত আকৌ নানা ধৰণৰ বেমাৰ-আজাৰ হয়। বানপানীয়ে এৰি যোৱা আৱৰ্জনাই পৰিৱেশ দূষিত কৰে। মানুহৰ লগতে জীৱ-জন্তুৰো বেমাৰ হয়। কিছুমানৰ মৃত্যু হয়, আন কিছুমানৰ অনাহাৰত অৱস্থা নোহোৱা হয়। বাৰে বাৰে হোৱা বানপানীৰ বাবে আৰু একে সময়তে সমগ্ৰ অসমৰ বিস্তৃর্ণ অঞ্চল জলমগ্ন হোৱাত যোগাযোগ আৰু সাহায্য বিতৰণত অসুবিধাৰ সৃষ্টি হয়। অসমৰ অৰ্থনীতিত বানপানীয়ে বাৰে বাৰে কৰা আঘাত সমগ্ৰ দেশখনৰ বাবেই ক্ষতিকৰ।

সকাহৰ উপায়:

অৱশ্যে বানপানীয়ে পলস পেলাই যোৱা মাটি সাৰুৱা হয় আৰু তাত শস্য নদন-বদন হয়। বাওধানৰ দৰে খেতিত পাতলীয়া বানপানীয়ে উপকাৰহে কৰে। কেতিয়াবা ভূ-ভাগত গোট খোৱা আবর্জনা ধুই নিকা কৰি দিয়ে। কিন্তু এইখিনি মাত্ৰ উপকাৰৰ বাবে বান পানী কাৰোৰে কাম্য হ’ব নোৱাৰে।

আমেৰিকাই সর্বধ্বংসকাৰী টেনেচি নদীৰ ভয়াবহতা বশীভূত কৰিলে। চীনৰ দুখ বুলি পৰিচিত হোৱাংহো নদীক নিয়ন্ত্ৰণ কৰি মানুহৰ উপকাৰত লগাইছে। কিন্তু অসমৰ ব্ৰহ্মপুত্ৰৰ কথাটো বাদেই, সৰুসুৰা নদনদীবোৰৰ পানীও নিয়ন্ত্রিত কৰিব পৰা হোৱা নাই। দুই-এঠাইত নদীৰ মথাউৰি বন্ধা আৰু শ্লুইচ গেটৰ ব্যৱস্থা কৰাতে অসম সীমাবদ্ধ হৈ আছে।

ব্ৰহ্মপুত্ৰ নদীৰ বাননিয়ন্ত্ৰণৰ বাবে ইয়াক খন্দোৱাৰ ব্যৱস্থা কৰিব পৰা হ’লে ভাল আছিল। এই কামৰ বাবে বিদেশী ৰাষ্ট্ৰ সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে। পিছে সিদ্ধান্তলৈ আহিব পৰা নাই। বাননিয়ন্ত্ৰণৰ বাবে অসমত ‘ব্ৰহ্মপুত্ৰ আয়োগ’ গঠন কৰা হৈছে। কিন্তু অসমত কপিলী জলবিদ্যুৎ প্রকল্পৰ বাদে অন্য কোনো প্রকল্প গঢ়ি উঠা নাই। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ গতি নিয়ন্ত্ৰণ কৰি জলবিদ্যুৎ উৎপাদন কৰিব পাৰিলে অসমৰ বহু উপকাৰ সাধন হ’ব। ভূমিস্খলন ৰোধৰ বাবে গছ-গছনি ৰোপণ উত্তম উপায়।

সামৰণি:

গভীৰ চিন্তা-চৰ্চা, বৈজ্ঞানিক উপায়, অভিজ্ঞ প্রযুক্তিবিদ্যা আদিৰ সহায়ত কৰ্মদক্ষ কমিটিয়ে কাম কৰিলে অসমৰ বান নিয়ন্ত্রিত হোৱাটো নিশ্চিত। বান পানীৰ দুৰ্যোগৰ পৰা হাত সাৰিব পাৰিলে অসমৰ সমাজনীতি, অর্থনীতিলৈ বহু পৰিৱৰ্তন আহিব। অসমৰ দৰিদ্ৰতাও বহুলাংশে নিৰ্মূল হ’ব বুলি ক’ব পাৰি।

(আশা কৰোঁ আপুনি  ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top