অসমৰ ভ্ৰাম্যমান থিয়েটাৰ

ভূমিকা:
একোটা জাতিৰ শৌর্য বীর্য, গতি-প্ৰগতি, উখান-পতন সম্পৃক্ত হৈ থাকে জাতিটোৰ সাংস্কৃতিক সত্তাৰ লগত। জাতি একোটাৰ সাংস্কৃতিক ভেটি যিমানেই সবল হয়, তাৰ প্ৰগতিৰ পথো সিমানেই মসৃণ হয়। ত্বৰাণ্বিত হয় তাৰ গতি। সাংস্কৃতিক প্ৰমূল্যবোধৰ মাপকাঠিৰেহে এটা জাতিৰ প্ৰগতিৰ জোখ ল’ব পাৰি।

বিশ্বৰ বিভিন্ন প্ৰান্তৰ জাতিসত্তাসমূহৰ প্রত্যেকেই একোটাহঁত সাংস্কৃতিক পৰম্পৰাৰ গৰাকী। যুগজোৰা পৰম্পৰাৰ স্তুপীকৃত সম্ভাৰেৰে জাতিৰ সাংস্কৃতিক ইতিহাস ৰচিত হয়। তেতিয়াহে, যেতিয়া জাতিসত্বা একোটা সংস্কাৰ স্পৃহাৰে সার্বজনীনভাবে উদ্বুদ্ধ হয়। ইলেকট্রনিক মিডিয়াৰ আজিৰ যুগতো জনসাধাৰণক আকৃষ্ট কৰিব পৰাকৈ অসমৰ ভ্ৰাম্যমান নাট্যদলে সম্প্রতি যি চমক আৰু জনপ্ৰিয়তা অৰ্জন কৰিছে সেয়া নিতান্তই প্রশংসনীয়।

এক স্বয়ংসম্পূর্ণ সাংস্কৃতিক মাধ্যম:
ষাঠীৰ দশকৰ আৰম্ভণীতে পৰীক্ষামূলকভাৱে আৰম্ভ কৰা ভ্ৰাম্যমান থিয়েটাৰ আজি অসমৰ এক স্বয়ংসম্পূর্ণ সাংস্কৃতিক মাধ্যম। সময় আৰু মানসিক পৰিৱৰ্তনক লক্ষ্য কৰি আজিৰ ভ্ৰাম্যমান থিয়েটাৰে নিজৰ কাম নিৰ্ধাৰণ কৰিছে। আজিৰ যুগৰ দৰ্শকে ভাল পাব পৰা নাটকৰহে মঞ্চত উপস্থাপন কৰিছে। ভ্ৰাম্যমান থিয়েটাৰ আজি কেৱল গণ সংযোগৰ মাধ্যমেই নহয়: নিবনুৱা সমস্যা, দৰিদ্ৰতা আদিৰে আক্রান্ত অসমৰ কর্মসংস্থানৰ আহিলাও। সংস্থানৰ অনিশ্চয়তাৰ এই দুঃসহ সময়ত মানসিক আৰু আর্থিক নিৰাপত্তাৰ প্রত্যয়েৰে ভ্ৰাম্যমান থিয়েটাৰে বহু যুৱকক স্থিৰতা প্ৰদান কৰাই নহয়, বহু হাজাৰ অসমীয়াকো সাময়িকভাৱে হলেও দৰিদ্ৰতাৰ পৰা নিস্কৃতি দিছে; বহু অনুষ্ঠানৰ জন্ম আৰু প্রতিপালনত উল্লেখনীয় বৰঙণি আগবঢ়াইছে। অসমীয়া সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ আৰু উত্তৰণৰ গৱেষণা চলিছে ভ্ৰাম্যমানৰ মঞ্চত। প্রভূত জনপ্রিয়তাই ভ্ৰাম্যমানৰ এই মানসিকতাক ফলপ্রসূ হোৱাত সহায় কৰিছে।

পেছাদাৰী ভ্ৰাম্যমানৰ জন্ম:
যাত্ৰা পাৰ্টিৰ পৰা ক্ৰমান্বয়ে উন্নীত হৈয়েই আজিৰ এই ভ্ৰাম্যমান থিয়েটাৰৰ জন্ম হোৱা বুলি ক’ব পাৰি। অসমৰ কথা বাদেই সমগ্ৰ ভাৰতৰ ভিতৰতেই পেছাদাৰী নাট্যদলৰ ভিতৰত ভ্ৰাম্যমান থিয়েটাৰ একক আৰু অনন্য। ভ্ৰাম্যমান থিয়েটাৰৰ জন্ম অবিভক্ত কামৰূপ জিলাৰ পাঠশালাত। ১৯৬৩ চনত অচ্যুত লহকৰে নটৰাজ থিয়েটাৰ নামেৰে প্ৰথম ভ্ৰাম্যমান নাট্যদলৰ জন্ম দিয়ে। অচ্যুত লহকৰকে ভ্রাম্যমান থিয়েটাৰৰ বাটকটীয়া বা জনক বুলিব পাৰি। সু-সজ্জিত ৰংগমঞ্চ, আলোকসম্পাত, সংগীত, মনোমোহা মঞ্চসজ্জা তথা আকৰ্ষণীয় প্রেক্ষাগৃহৰে অসমৰ গাঁৱে-ভূঞে, চহৰে-নগৰে দৰ্শকৰ মাজত নাটক উপস্থাপন কৰা একোটা ভ্ৰাম্যমান থিয়েটাৰ দলে এবছৰত চাৰি-পাঁচ খন নাটক উপস্থাপন কৰে। একোটি নাট্যদলত আশীৰ পৰা এশবিছ গৰাকীলৈকে শিল্পী কলা-কুশলী থাকে। অভিনয়ত বিশগৰাকীমান অভিনেতা-অভিনেত্রী থাকে। বাৰগৰাকীমান নৃত্যশিল্পীয়ে নৃত্য-নাটিকাত নৃত্য পৰিবেশন কৰে। বাৰ-পোন্ধৰগৰাকীমান বাদ্যযন্ত্ৰী শিল্পী থাকে। আহ্বায়ক কমিটিৰ সতে যোগাযোগ স্থাপন কৰে প্ৰতিনিধিয়ে। ভিতৰভাগ পৰিচালনা কৰে সম্পাদক, দল পৰিচালক আদি মুৰব্বীসকলে। সকলোৰে ওপৰত প্রযোজক। অর্থাৎ, প্রত্যেক ভ্রাম্যমান নাট্যদলৰে শিল্পী-কলা-কুশলী মিলি বৃহৎ পৰিয়ালটিৰ পিতৃ হ’ল প্রযোজকগৰাকী।

মাত্ৰ চাৰিখন নাটক উপস্থাপনেৰে অসমৰ সকলো শ্ৰেণীৰ দৰ্শকৰেই অন্তৰ জয় কৰিবলৈ ভ্ৰাম্যমান থিয়েটাৰে প্ৰয়াস কৰে। সেয়েহে নাটক নিৰ্বাচনৰ সময়ত প্ৰযোজক তথা নাট পৰিচালকৰ গধূৰ দায়িত্ব আহি পৰে। সেইবাবেই হয়তো ভ্ৰাম্যমান থিয়েটাৰৰ বাবে নাটক ৰচনা কৰা কেইগৰাকীমান নির্দিষ্ট নাট্যকাৰহে আমাৰ দৃষ্টিলৈ আহে। চাৰিদিনৰ অন্তৰে অন্তৰে এঠাইৰ পৰা আন এখন ঠাইলৈকে নাট প্ৰদৰ্শন কৰিবলৈকে যোৱা ভ্ৰাম্যমান থিয়েটাৰৰ নাটকে সাধাৰণ দৰ্শকৰ পৰা বুদ্ধিজীৱিলৈকে সকলোৰে অন্তৰ জয় কৰিব লাগিব। অকল অসমৰ জনসাধাৰণৰ কৃপাত জীয়াই থকা ভ্ৰাম্যমান থিয়েটাৰৰ কিছুমান নিজস্ব বৈশিষ্ট্য আছে। এই বৈশিষ্ট্যসমূহ আন মাধ্যমত দেখিবলৈ পোৱা নাযায়। সাধাৰণতে নাটক বা ছবি চাবলৈ দর্শকসকল চহৰলৈ আহিবলগীয়া হয়। কিন্তু ভ্ৰাম্যমান থিয়েটাৰে জনসাধাৰণৰ মাজলৈ সোমাই গৈ নাটক কৰে। ভ্ৰাম্যমান থিয়েটাৰৰ শিল্পী তথা কলাকুশলীসকলে থিয়েটাৰত তেওঁলোকে আগবঢ়োৱা শিল্পকৰ্মৰ বাবদ পাৰিতোষিক লাভ কৰাৰ লগতে আহাৰ আৰু থিয়েটাৰত থকা কেইদিন বাসস্থানো লাভ কৰে। খাদ্য আৰু বাসস্থান দি দৰ্মহা দিয়া ভ্ৰাম্যমান থিয়েটাৰেই হয়তো বিশ্বৰ ভিতৰত অন্যতম কর্মস্থলী।

অসমৰ ভ্ৰাম্যমান: আশাৰ বতৰা:
বিশ্বৰ ভিতৰতে অনন্য আৰু একক বৈশিষ্ট্যৰে ভৰা ভ্ৰাম্যমান থিয়েটাৰে অসমৰ নাট্য আন্দোলনক সক্ৰিয় কৰি ৰাখিছে। লগতে অসমত এক সুস্থ সাংস্কৃতিক বাতাবৰণৰো সৃষ্টি কৰিছে। আনহাতে অসমৰ সামাজিক জীৱনত ভ্ৰাম্যমান থিয়েটাৰে বিশেষ বৰঙণি আগবঢ়াই আহিছে। অসমৰ কোনো এক অঞ্চলত ভ্ৰাম্যমান থিয়েটাৰে নাটক উপস্থাপনৰ জৰিয়তে সমগ্ৰ অঞ্চলটোতেই উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰে। লগতে যিটো অনুষ্ঠানে নাট্যদলটিক আমন্ত্ৰণ কৰি নিয়ে উক্ত অনুষ্ঠানটিয়ে কিছু আর্থিক সাহায্য লাভ কৰে। অসমৰ বিভিন্ন অঞ্চলৰ স্কুল-কলেজ, মন্দিৰ-মছজিদ, ক্রীড়াংগন, সংঘ আদি নিৰ্মাণৰ ক্ষেত্ৰত ভ্ৰাম্যমান থিয়েটাৰৰ অৱদানৰ কথা সকলোৱে স্বীকাৰ কৰে।

চাৰিটা দশক অতিক্রান্ত ভ্ৰাম্যমান থিয়েটাৰে এতিয়ালৈকে বহুকেইখন মননশীল নাটক উপস্থাপন কৰিছে। বিশ্ববিশ্রুত নাট্যকাৰসকলৰ নাটকৰ অসমীয়া নাট্যৰূপ দি ভ্ৰাম্যমানৰ মঞ্চত উপস্থাপন কৰিছে। কেবাখনো বিশ্ববিখ্যাত ধর্মগ্রন্থৰ নাট্যৰূপ দি অসমৰ জনসাধৰণৰ পৰা বিপুল সমাদৰ লাভ কৰিছে। তেনেদৰে কেবাখনো জনপ্রিয় ছবিৰ নাট্যৰূপ দি দৰ্শকৰ পৰা সহাৰি লাভ কৰিছে।

সম্প্রতি অসমত সৰু-বৰ মিলি প্ৰায় দুকুৰি ভ্ৰাম্যমান থিয়েটাৰ দল আছে। এই দুকুৰি ভ্ৰাম্যমান থিয়েটাৰত প্ৰত্যক্ষ ভাবেই হওক বা পৰোক্ষভাৱেই হওক প্রায় দহ হাজাৰ লোকে কর্মসংস্থান লাভ কৰিছে। অনেক শিক্ষিত নিবনুৱাইও আজি ভ্ৰাম্যমান থিয়েটাৰত জীৱন নিৰ্বাহ কৰিবলৈ সুবিধা লাভ কৰিছে।

সামৰণি:
আজি অসমৰ নাট্য সংস্কৃতিৰ ক্ষেত্ৰখনত ভ্ৰাম্যমান নাট্যদলসমূহ এৰাব নোৱাৰা অংগ। বৰ্তমান এই দলসমূহে বহু শিল্পী-কলা-কুশলী তথা নিবনুৱাৰ অন্ন সংস্থাপনৰ একো একোটা পীঠ হৈ পৰিছে। দ্বিতীয়তে এই ভ্ৰাম্যমান দলসমূহে প্রত্যক্ষভাবে অসমৰ বিভিন্ন অঞ্চলত শিক্ষানুষ্ঠান, ধর্মানুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান আদি বিভিন্ন দিশৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান-প্ৰতিষ্ঠান গঢ়াত বিশেষ অৰিহণা যোগাই আহিছে। সংস্কৃতিৰ বিভিন্ন উপাদানসমূহ বিকাশত প্রভূত পৰিমাণে বৰঙণি যোগাইছে। ক্রমান্বয়ে কাৰিকৰী দিশ উন্নত কৰি অহা, কাহিনীভাগ নির্বাচনৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা, অসমৰ মাটিৰ গোন্ধ থকা কাহিনীক নাট্যৰূপ দিয়াৰ ক্ষেত্ৰত উৎসাহ যোগোৱা আদি কাৰ্য্যই ভ্ৰাম্যমান থিয়েটাৰক অকল ‘অৱসৰ বিনোদন’ৰ মাধ্যম কৰিয়েই ৰখা নাই। ভ্ৰাম্যমান থিয়েটাৰে অসমত এক নাট্য আন্দোলন গঢ়ি তোলাৰ ইতিবাচক পৰিৱেশ সৃষ্টি কৰিছে। অসমৰ ভ্ৰাম্যমান থিয়েটাৰক জাতীয় উদ্যোগ হিচাপে গঢ়াতো আমাৰ পবিত্র কর্তব্য। চৰকাৰেও ভ্ৰাম্যমান উদ্যোগ গঢ়াত সক্রিয় সহযোগ কৰাটো জাতীয় দায়িত্ব আৰু কৰ্তব্য বুলি আগবঢ়া উচিত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top