লেখক:- শান্তনু কৌশিক বৰুৱা
ভূমিকা:
ডেৰশ বছৰ অতিক্রান্ত অসমৰ সংবাদপত্ৰ (Assamese Newspaper) ৰ সংগ্ৰাম আৰু উত্তৰণৰ ইতিহাস এক ঐশ্বর্যশালী পৰম্পৰাৰে সমৃদ্ধ। অসমীয়া সমাজ-সাহিত্যৰ কেতবোৰ ক্রান্তিকাৰী যুগৰ সৈতেও অসমৰ বহুকেইখন সংবাদপত্র-আলোচনীৰ নাম সম্পৃক্ত। অসমীয়া সাহিত্যৰ উত্তৰণৰ ইতিহাসো সাময়িক পত্র-নির্ভৰ বুলিব পাৰি।
‘অৰুনোদয়’ৰ যোগেদিয়েই অৰুণ উদয় হোৱা অসমৰ সংবাদপত্রই অঞ্চলটোত ভুমুকি মাৰে ১৮৪৬ চনত। অসমত ছপাশাল আৰু সংবাদপত্র প্রতিষ্ঠা আৰু প্ৰচলনৰ বাটকটীয়া আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলেই ‘অৰুনোদয়’ তথা অসমৰ সাংবাদিকতাৰো প্রধান দিকদৰ্শক।
অসমৰ সংবাদপত্র-Assamese Newspaper
অসমৰ প্ৰথমখন সংবাদপত্রৰূপে ‘অৰুনোদয়’কে স্বীকৃতি দিয়া হয় যদিও ‘অৰুনোদয়’ প্ৰকাশৰ বহু পূর্বেই অসমত বাতৰি প্ৰচলন থকাৰ প্ৰমাণ পোৱা গৈছে। পোন্ধৰ শতিকা মানতে অসমত এক বিশিষ্ট সংবাদসেৱা থকাৰ কথা জানিব পৰা যায়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ‘বাতৰি সোধা’ প্ৰথাৰে পোনতে অসমত বাতৰিৰ সংগ্ৰহ আৰু প্ৰচাৰ কৰিছিল। এই প্রথাত আৱশ্যকীয় অংশ লিখিতভাবে বিতৰণ কৰাৰো ব্যৱস্থা আছিল।
এই ‘বাতৰি সোধা’ পদ্ধতিৰে দিনৰ বাতৰি দিনে লিপিবদ্ধ কৰি সেইবোৰ সাধাৰণ প্ৰজাৰ জ্ঞাতার্থে প্রচাৰ কৰা হৈছিল। যাতায়াতৰ অসুবিধা, শিক্ষিত লোকৰ নিম্ন সংখ্যা, বহু পৰিশ্ৰম আৰু সময় খৰচ কৰিবলগীয়া হোৱা বাবে এই প্রথাই জনপ্রিয়তাৰ উচ্চ শিখৰত হয়তো আৰোহণ কৰিব পৰা নাছিল, কিন্তু ই বাতৰি সম্পর্কে মানুহক সম্যক জ্ঞানকণ যোগাব পাৰিছিল বুলি ক’ব পাৰি।
মূলতঃ খ্রীষ্ট ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য লৈয়ে অসমত অৰুনোদয়-এ আত্মপ্রকাশ আৰু বিস্তাৰ লাভ কৰিছিল যদিও অসমীয়া ভাষা, সাহিত্য, সংবাদপত্ৰ আৰু সমাজ পৰিৱৰ্তনত ‘অৰুনোদয়’ৰ বৰঙণি কোনো মূল্যৰে জুখিব পৰা বিধৰ নহয়। ১৮৪৬ চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা প্ৰকাশিত ‘অৰুনোদয়’ৰ প্রথম সম্পাদক আছিল ডঃ নাথান ব্রাউন।
প্রথমতে ‘অৰুনোদয়’ নামেৰে প্রকাশিত এইখন সংবাদপত্ৰৰ নাম ১৮৬১ চনৰ জানুৱাৰী মাহৰ পৰা হেমচন্দ্ৰ বৰুৱাৰ বানান পদ্ধতি অনুসৰি হয়গৈ ‘অৰুণোদয়’ কিন্তু আদিৰে পৰা সাধাৰণ মানুহৰ মাজত এই সংবাদপত্র ‘অৰুন্দই’ বুলিহে জনপ্রিয় আৰু জনাজাত আছিল। ১৮৮২ চনত অনিয়মীয়া হৈ ‘অৰুনোদয়’ৰ প্ৰকাশ বন্ধ হয়।
১৮৭১ চনত অর্থাৎ ‘অৰুনোদয়’ৰ জীৱদ্দশাতে মাজুলীত স্থাপন কৰা ‘ধৰ্মপ্রকাশ যন্ত্ৰ’পৰা অসমৰ দ্বিতীয়খন মাহেকীয়া সংবাদপত্র ‘আসাম বিলাসিনী’ৰ জন্ম হয়। মূলতঃ বৈষ্ণৱ ধৰ্মৰ আধাৰত প্ৰতিষ্ঠিত এইখন সংবাদপত্র ‘অৰুনোদয়’ৰ প্রতিদ্বন্দ্বীয়েই আছিল বুলিব পাৰি। ‘আসাম বিলাসিনী’ৰ সম্পাদক আছিল শ্ৰীধৰ বৰুৱা। ১৮৮৩ চনলৈকে সুদীৰ্ঘ ১২ বছৰ কাল চলাৰ পিছত সত্ৰ স্থানান্তৰ হোৱাত কাকতখন বন্ধ হৈ যায়। উল্লেখযোগ্য যে স্বদেশী লোকৰ দ্বাৰা প্ৰকাশ কৰা এইখনেই আছিল অসমৰ প্ৰথম সংবাদপত্র।
অসমৰ প্ৰথমখন সাদিনীয়া সংবাদপত্র ‘আসাম মিহি’ৰ গুৱাহাটীৰ পৰা প্ৰকাশ হয় ১৮৭২ চনত। চিদানন্দ দাসৰ সম্পাদনাত গুৱাহাটীৰ চিদানন্দ প্ৰেছৰ পৰা প্ৰকাশ পোৱা ‘আসাম মিহিৰ’ প্ৰথমতে বাংলা ভাষাত আৰু পাছত ইংৰাজী-বাংলা দুয়োটা ভাষাতে চলোৱা হৈছিল। মাত্ৰ এবছৰ বৰ্তি থাকি ১৮৭৩ চনত এইখন সংবাদপত্র প্রকাশ বন্ধ হয়।
ইয়াৰ পাছত কেইবাখনো কাকত -আলোচনী প্ৰকাশ পাইছিল যদিও এইবোৰৰ জীৱনকাল দীঘলীয়া নাছিল। তদুপৰি এইবোৰৰ প্ৰকাশৰ উদ্দেশ্যও ব্যৱসায়িক নাছিল।
উনবিংশ শতিকাৰ এখন উল্লেখযোগ্য বাৰ্তালোচনী হ’ল ‘আসাম নিউজ’ (১৮৮২-৮৫)। পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ সম্পাদনাত প্ৰকাশ পোৱা এই বাৰ্তালোচনীখন ইংৰাজী আৰু অসমীয়া দুটা ভাষাত সাদিনীয়াৰূপে প্ৰকাশ পাইছিল। মাত্ৰ তিনি বছৰ কাল প্ৰকাশ হোৱা সত্বেও ‘আসাম নিউজে’ অসমীয়া ভাষা-সাহিত্যক এটা নিৰ্দিষ্ট গঢ় দিবলৈ সক্ষম হৈছিল। অসমীয়া ভাষাৰ আখৰ জোঁটনিয়েও এই বাৰ্তালোচনীৰ জৰিয়তেই বৰ্তমানৰ গঢ় লয়।
ইংৰাজী ‘নিউজ পেপাৰ’ৰ (Newspaper) অসমীয়া প্ৰতিশব্দ ‘বাতৰিকাকত’ৰ প্রচলন ইয়াতেই আৰম্ভ হয়। ‘আসাম নিউজে’ শিক্ষিত সমাজত জনমত সৃষ্টি কৰাৰ উদ্দেশ্যে ৰাজহুৱা সমস্যা তথা অভাৱ-অভিযোগৰ কথা মুকলিকৈ আলোচনা কৰিছিল। একেদৰে সাহিত্য বিষয়ক ৰচনা আদিকো এই কাকতে যথোচিত স্থান দিছিল।সংবাদপত্ৰত প্রকৃত ধৰণৰ পুথি সমালোচনাৰ ক্ষেত্ৰত ‘আসাম নিউজ’ আছিল বাটকটীয়া। ১৮৮৫ চনৰ জুলাইত ‘আসাম নিউজ’ৰ প্ৰকাশ বন্ধ হয়।
১৮৮৫ চনত প্ৰকাশিত এখন উল্লেখযোগ্য মাহেকীয়া আলোচনী হ’ল ‘আসাম বন্ধু’। গুণাভিৰাম বৰুৱাৰ সম্পাদনাত বিভিন্ন প্রবন্ধ আৰু কবিতাৰে এই আলোচনী আকর্ষণীয়ভাৱে প্ৰকাশ পাইছিল যদিও মাত্ৰ এবছৰ চলাৰ পিছত ইয়াৰ প্ৰকাশ বন্ধ হয়। উল্লেখযোগ্য যে, সেই সময়লৈকে অসমৰ পৰা প্ৰকাশিত আটাইবোৰ আছিল ঘাইকৈ সংবাদধর্মী কাকত। এই ফালৰ পৰা চাবলৈ গ’লে ‘আসাম বন্ধু’ৱেই হ’ল অসমৰ প্ৰথম মাহেকীয়া সাহিত্য আলোচনী। ১৮৮৫ চনৰ জানুৱাৰীৰ পৰা ১৮৮৬ চনৰ এপ্রিল মাহলৈকে আলোচনীখনৰ মুঠ ১৪ টা সংখ্যা প্ৰকাশ পাইছিল।
সংবাদপত্র যুগৰ সূচনা:
উনবিংশ শতিকাৰ মাজভাগৰ পৰা অসমত কেইবাখনো কাকত-আলোচনী প্ৰকাশ পাইছিল যদিও ১৮৯৪ চনত গুৱাহাটীৰ পৰা প্ৰকাশিত ‘আসাম’ নামৰ জাতীয়তাবাদী সাদিনীয়া কাকতখনেহে অসমত প্ৰকৃতাৰ্থত সংবাদপত্র যুগৰ সূচনা কৰিলে। অসমৰ দ্বিতীয় সাপ্তাহিক বাতৰিকাকতৰূপে পৰিগণিত এই কাকতখন মূলতঃ অসমীয়া ভাষাৰ আছিল যদিও তেতিয়াৰ ইংৰাজ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে কেতবোৰ প্ৰবন্ধ আৰু চিঠি ইংৰাজী ভাষাতো প্ৰকাশ কৰা হৈছিল।
১৮৯৫ চনৰ ৫ জানুৱাৰীত ডিব্ৰুগড়ৰ পৰা প্ৰকাশ হৈছিল ‘টাইমছ অব আছাম’ নামৰ এখন সাদিনীয়া ইংৰাজী বাতৰিকাকতৰ। ৰাধানাথ চাংকাকতিৰ সম্পাদনাত প্ৰকাশিত এই কাকতখন প্ৰকাশৰ লগে লগে অসমৰ সংবাদ জগতত এক নৱজাগৰণৰ সূচনা হয়। বাতৰি, প্রবন্ধ, ব্যৱসায়-বাণিজ্য, সমসাময়িক-সামাজিক ঘটনা আদি সকলো দিশৰ পৰা স্বয়ংসম্পূর্ণ এইখন কাকতক অসমৰ প্ৰথম পূৰ্ণাংগ বাতৰিকাকত বুলিব পাৰি। অসমৰ সংবাদজগতৰ কেইবাগৰাকীও লব্ধপ্রতিষ্ঠ সাংবাদিকৰ নিজ কৰ্মময় জীৱনৰ পাতনিও ‘টাইমছ অব আছাম’ৰ পাততে হৈছিল। তেওঁলোকৰ ভিতৰত নীলমণি ফুকন, লক্ষ্মীনাথ ফুকন, হৰেন্দ্ৰনাথ বৰুৱা, কেদাৰনাথ গোস্বামী, সাৰদা শংকৰ দত্ত আদিৰ নাম উল্লেখযোগ্য।
‘জোনাকী’ৰ আৱিৰ্ভাৱ:
অসমৰ সংবাদপত্ৰৰ ইতিহাসত ‘জোনাকী’ৰ আৱির্ভাৱ এক অতি উল্লেখযোগ্য ঘটনা। ‘অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা’ৰ মুখপত্ৰৰূপে ১৮৮৯ চনৰ ৯ ফেব্ৰুৱাৰীত চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত কলকাতাৰ পৰা এই আলোচনীখন প্ৰথম প্ৰকাশ হয়।
অসমীয়া সাহিত্যলৈ পশ্চিমীয়া সাহিত্যৰ ৰূপ (Form) আৰু ভাবধাৰা আমদানি কৰাত, ব্যক্তিনিষ্ঠ খণ্ড কবিতা, উপন্যাস আদি প্ৰৱৰ্তন কৰাত, নৱন্যাসমূলক সাহিত্যৰ সৃষ্টি কৰাত জোনাকীৰ অৱদান পাহৰিব নোৱাৰি। চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী – এই ত্রিমূর্তিৰ চেষ্টাতেই ‘জোনাকী’ক কেন্দ্ৰ কৰি গঢ়ি উঠিছিল আধুনিক অসমীয়া সাহিত্য আৰু এচাম ন-লেখক।
জোনাকীয়ে আৰম্ভ কৰা বাটেৰেই বাট বুলি পৰৱৰ্তী সময়ছোৱাত ‘বিজুলী’ (১৮৯০), ‘আসাম বন্তি’ (১৯০০), ‘উষা’ (১৯০৭), ‘বাহী’ (১৯০৯), ‘এডভোকেট অব আসাম’, ‘মিলন’ আদি কেবাখনো অন্যায় কাকত-আলোচনীৰ জন্ম আৰু মৃত্যু হৈছিল।
অসমৰ সংবাদপত্ৰৰ বুৰঞ্জীত অসমীয়াৰ (১৯১৮-৫৮) প্রকাশ এক উল্লেখযোগ্য মাইলৰ খুটি। ‘জননী জন্মভূমিশ্ব স্বর্গাদপি গৰীয়সী’ মতবাদ গ্রহণ কৰি ‘অসমীয়া’ই আত্মপ্ৰকাশ কৰিছিল আৰু ইয়াৰ প্রেৰণাত অসমীয়া সাংবাদিকতাও প্রাণৱন্ত হৈ উঠিছিল।
উনবিংশ শতিকা আৰু কুৰি শতিকাৰ প্ৰথমাৰ্ধত প্রকাশিত অসমৰ সংবাদপত্ৰবোৰ ব্যৱসায়িক দৃষ্টিভংগীৰে প্ৰকাশ কৰা হোৱা নাছিল। (কুটিৰ শিল্প বুলিলেও চলে)। দেশপ্রেম, ভাষাপ্রেম, স্বাধীনতাৰ প্ৰতি আগ্রহেই আছিল সেইবোৰ সংবাদপত্ৰৰ মূল উদ্দেশ্য।
১৯২৯ চনত প্ৰকাশিত ‘আৱাহনে’ অসমীয়া সাহিত্যত এক আলোড়নৰ সৃষ্টি কৰিছিল। জমিদাৰ নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ পৃষ্ঠপোষকতাত আৰু দীননাথ শৰ্মাৰ সম্পাদনাত ‘আৱাহন’ কলকাতাৰ পৰা মাহেকীয়া আলোচনীৰূপে প্ৰকাশ হৈছিল। সেই সময়ত আন ভাৰতীয় ভাষাৰ আগশাৰীৰ আলোচনীৰ লগত ফেৰ মাৰিব পৰাকৈ ‘আৱাহন’ৰ যেনেকৈ আকর্ষণীয় বহিৰাৱৰণ, সুন্দৰ ছপা আছিল, তেনেকৈ গল্প, ভ্রমণ বৃত্তান্ত, প্রবন্ধ, কবিতা আৰু ধাৰাবাহিকভাৱে প্রকাশ পোৱা উপন্যাস আদিৰে এই আলোচনী সুখপাঠ্যও হৈছিল। ‘আৱাহন’ৰ যোগেদিয়েই অসমীয়া চুটি গল্পই স্বকীয় বৈশিষ্ট্যৰে সমৃদ্ধ হোৱাৰ সুযোগ পায়।
কুৰি শতিকাৰ প্ৰথমাৰ্ধত প্রকাশিত এখন উল্লেখযোগ্য আলোচনী হ’ল ‘জয়ন্তী’ (১৯৩৮-৪৯, ৰঘুনাথ চৌধাৰী)। অসমীয়া সাহিত্যত ৰোমাণ্টিক কবিতাৰ ঠাইত নতুন ভাৱধাৰা সম্বলিত বাস্তৱবাদী কবিতা প্রকাশত ‘জয়ন্তী’ আছিল বাটকটীয়া। এইখন আলোচনীৰ যোগেদিয়েই এচাম প্রগতিশীল কবি-সাহিত্যিকে অসমীয়া সাহিত্যত ভুমুকি মাৰিলে আৰু ইয়াৰ লগে লগে নবীন লেখক-লেখিকাৰ প্রতিভা বিকাশৰ বাবেও জয়ন্তীয়ে এখন সুন্দৰ ক্ষেত্ৰ নিৰ্মাণ কৰি দিলে।
স্বৰাজোত্তৰ যুগত সংবাদসেৱাৰ ভূমিকা:
ঘাইকৈ মধ্যবিত্ত শ্রেণীটোৰ উদ্যোগ আৰু পৃষ্ঠপোষকতাত জন্ম লাভ কৰা অসমৰ সংবাদপত্ৰই মুক্তি আন্দোলনৰ কালছোৱাত জাতীয় আত্মবিকাশৰ চেষ্টা চলাইছিল। বিশেষকৈ প্রাক-স্বাধীনতা আৰু স্বৰাজোত্তৰ যুগত অঞ্চলটোৰ সংবাদসেৱাই জনমত গঠনত এক বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। সেই সময়ছোৱাত অসমৰ পৰা প্ৰকাশিত সংবাদপত্রসমূহে অঞ্চলটোৰ মধ্যবিত্ত শ্ৰেণীৰ দ্বিধা-দ্বন্দ্ব, দোদুল্যমানতা যিদৰে প্ৰকাশ কৰিছিল, সেইদৰে জাতীয় আন্দোলনৰ সময়ত ৰাইজৰ মনত প্ৰেৰণাৰো সৃষ্টি কৰি গৈছিল।
এনেবোৰ পৰিস্থিতি, পৰিবেশৰ মাজতে উৎকর্ষ লাভ কৰি স্বাধীনতাৰ পাছত, অৰ্থাৎ, ক্ষমতা হাতৰৰ সমসাময়িক সময়ছোৱাত অসমৰ চালুকীয়া সংবাদ পত্রই থিয়দঙা দিবলৈ সমৰ্থ হয়।
বৃক্তিগত চিন্তাৰ অংকুৰোদগম:
১৯৩৫ চনত অসমৰ প্ৰথমখন দৈনিক বাতৰিকাকত ‘দৈনিক বাতৰি ‘ৰ আৱিৰ্ভাৱৰ লগে লগে অসমৰ সংবাদপত্ৰৰ জগতত এক নতুন আৰু উজ্জ্বল অধ্যায় সংযোজিত হয়। যোৰহাটৰ পৰা প্ৰকাশিত দৈনিক বাতৰিয়েই পোনপ্ৰথমে ৰয়টাৰ, এছ’চিয়েট প্ৰেছ আদি বাতৰি প্ৰতিষ্ঠানৰ টেলিগ্রাফিক বাতৰি কিনি নিতৌ তপতে তপতে অনুবাদ কৰি কাকতত চকুত লগা শিতানেৰে প্ৰকাশ কৰা পন্থাটো উদ্ভাৱন কৰে। ‘দৈনিকবাতৰি’ৰ যোগেদিয়েই অসমৰ সাংবাদিকতাত বৃত্তিগত চিন্তাৰ professionalism অংকুৰোদগম ঘটে। কাকতখনৰ সম্পাদক আছিল বাগ্মীবৰ নীলমণি ফুকন।
‘দৈনিক বাতৰি’ৰ পূর্বে ১৯৩১ চনত যোৰহাটৰ পৰাই ‘নগৰৰ কথা’ নামৰ এখন দৈনিক কাকত মফজল হুছেইনৰ (বাপোতা) সম্পাদনাত প্ৰকাশ পাইছিল। নিতৌ আবেলি প্রকাশ পোৱা এই কাকতখন যোৰহাটতে আবদ্ধ আছিল আৰু বাতৰিও আছিল যোৰহাটৰ। মাত্ৰ কেইমাহমান চলা এখিলিয়া আৰু এপইচা দামৰ টেবলয়ড আকাৰৰ ‘নগৰৰ কথা’য়ো অসমৰ প্ৰথম দৈনিক বাতৰিকাকতৰূপে স্বীকৃতি দাবী কৰিব পাৰে যদিও প্ৰকৃতাৰ্থত এইখনক দৈনিক বাতৰিকাকত বোলাত অসুবিধা আছে।
১৯৩৯ চনত ডিব্ৰুগড়ৰ পৰা সাদিনীয়া ইংৰাজী বাতৰিকাকতৰ ৰূপত ‘আছাম ট্ৰিবিউনে’ ভুমুকি মৰাৰ লগে লগে অসমৰ সংবাদপত্ৰৰ বুৰঞ্জীত আন এক উজ্জ্বল অধ্যায় সংযোজিত হয়। এই কাকতৰ প্ৰথম সম্পাদক আছিল লক্ষ্মীনাথ ফুকন। ৰাধাগোবিন্দ বৰুৱাৰ পৃষ্ঠপোষকতাত জন্ম লাভ কৰা ‘আছাম ট্ৰিবিউন’ ১৯৪৬ চনৰ পৰা অসমৰ প্ৰথম ইংৰাজী দৈনিক বাতৰিকাকতৰূপে প্ৰকাশ হবলৈ ধৰে আৰু তেতিয়াৰে পৰা এই কাকতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ এক উল্লেখযোগ্য দৈনিকৰূপে সেৱা আগবঢ়াই আছে।
দৈনিক ‘আছাম ট্ৰিবিউনে’ দেখদেখকৈ কংগ্ৰেছৰ মুখপত্ৰ নোহোৱাকৈয়ে নিজস্ব নিৰপেক্ষতাৰে স্বাধীনতা আন্দোলনৰ শেষৰ কালছোৱাত লেখত লবলগীয়া বৰঙণি আগবঢ়াব পাৰিছিল। ‘আছাম ট্ৰিবিউন’ৰ জনপ্রিয়তাকে সাৰথি কৰি ৰাধাগোবিন্দ বৰুৱাই পাছলৈ শক্তিশালী ট্রিবিউন গোষ্ঠীৰ কাকতকেইখন নিয়মীয়াকৈ প্ৰকাশ কৰাৰ বুনিয়াদ ৰচনা কৰি থৈ গ’ল।
ৰুচিসন্মত আৰু বলিষ্ঠ সাংবাদিকতাৰ বাট মুকলি:
‘আছাম ট্ৰিবিউনে’ই অসমত এক আধুনিক, ৰুচিসন্মত আৰু বলিষ্ঠ সাংবাদিকতাৰ বাট মুকলি কৰি দিয়ে। প্ৰথম অসমীয়া দৈনিক বাতৰিকাকত ‘দৈনিক বাতৰি’ৰ যোগেদিয়েই গজালি মেলা অসমৰ বৃত্তিগত সাংবাদিকতাইও এই কাকতৰ পৰশত পোখা মেলিলে বুলি ক’ব পাৰি।
তদুপৰি বাতৰিকাকতক এটা উদ্যোগ হিচাপে প্ৰতিষ্ঠা কৰাত সফল হোৱা বাবে ‘আছাম ট্ৰিবিউনে’ কাটি যোৱা বাটেৰেই পৰৱৰ্তী কালত বহুকেইখন কাকত আগবঢ়া পৰিলক্ষিত হয়। এইখিনিতে এটা মন কৰিবলগা কথা হ’ল যে অসমৰ প্ৰথমখন সংবাদপত্র অৰুনোদয়’ (১৮৪৬) প্রকাশৰ পাছত অসমৰ প্ৰথমখন ইংৰাজী দৈনিক বাতৰিকাকত ‘আছাম ট্ৰিবিউন’ (১৯৪৬) প্রকাশ হওতে সময় লাগিল সম্পূর্ণ ১০০ বছৰ।
দৈনিক ‘আছাম ট্ৰিবিউন’ৰ সমসাময়িকভাৱে ১৯৪৭ চনত যোৰহাটৰ পৰা প্ৰকাশ হয় সাপ্তাহিক ‘জনমভূমি’ৰ। বর্তমানে এই কাকতখনেই হ’ল একেৰাহে প্ৰকাশ হৈ থকা অসমৰ আটাইতকৈ পুৰণি সাদিনীয়া বাতৰিকাকত। এই কাকতৰ প্ৰথম সম্পাদক আছিল দুলাল চন্দ্র ভূঞা। কাকতখন বর্তমান গুৱাহাটীৰ পৰা প্ৰকাশ হয়।
১৯৫১ চনত গুৱাহাটীৰ পৰা প্ৰকাশিত ‘ৰামধেনু’ অসমৰ এখন উল্লেখযোগ্য আলোচনী। ইন্দ্ৰকমল বেজবৰুৱা, ডঃ মহেশ্বৰ নেওগ, ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু ৰাধিকামোহন ভাগৱতীৰ হাত বাগৰি প্ৰকাশ পোৱা এই আলোচনীয়ে অসমীয়া সাহিত্যৰ ধাৰাটো অধিক সংহত কৰি তোলাত প্ৰভূত বৰঙণি আগবঢ়ায়।
‘ৰামধেনু’ৰ বুকুতেই অধিক প্রয়োগবাদী, নৱন্যাসমূলক কবিতাই বিস্তাৰ লাভ কৰে। ৰম্য ৰচনা আৰু চুটি গল্পৰ বিকাশতো ‘ৰামধেনু’ৰ স্মৰণীয় অৱদান আছে। ‘ৰামধেনু’ৰ পাততেই প্রকাশিত হেম বৰুৱা, নৱকান্ত বৰুৱা, মহেন্দ্ৰ বৰা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কবিতা আৰু কবিতাৰ গভীৰ সমালোচনাই এচাম মননশীল পাঠকৰ জন্ম দিলে। যুদ্ধোত্তৰ যুগৰ অসমীয়া মানসিকতাকো সাহিত্যৰ যোগেদি ‘ৰামধেনু’ৱে প্ৰকাশ কৰিলে।
‘ৰামধেনু’ৰ পাছত সাহিত্যালোচনী হিচাপে পাঠকৰ মনত দ সাঁচ বহুৱাবলৈ সক্ষম হোৱা এখন আলোচনী হ’ল ‘মণিদীপ’ (১৯৬০৬৮, মহেন্দ্ৰ বৰা)। ‘ৰামধেনু’ৰ দৰেই কেইবাজনো সম্পাদকৰ হাত বাগৰি প্ৰকাশ হোৱা ‘মণিদীপে’ বিশেষ আড়ম্বৰ নোহোৱাকৈ পৰিস্কাৰ, ৰুচিকৰ ছপাৰে পাঠকৰ দৃষ্টি আকৰ্ষণ কৰি প্ৰসিদ্ধ লেখক-লেখিকাৰ বছা বছা গল্প, কবিতা, প্রবন্ধ প্রকাশ কৰাৰ উপৰি বিশ্ববিখ্যাত লেখক, শিল্পী আদিৰ সৃষ্টি কৰ্মৰ পৰিচয়, সমকালীন সাংস্কৃতিক বা-বাতৰি, অনুবাদ সাহিত্য আদিৰে নতুন স্বাদৰ যোগান ধৰিবলৈ সক্ষম হৈছিল।
‘ৰামধেনু’ আৰু ‘মণিদীপ’ৰ সমসাময়িক আন কেইখনমান উল্লেখযোগ্য আলোচনী হলঃ ‘পছোৱা’ (১৯৪৮), ‘প্রবাহ’ ( ১৯৫৫), ‘কাণ্ডাৰী’ (১৯৫০), ‘নাম নাই’ (১৯৫৮), ‘আমাৰ প্রতিনিধি’ আদি। এই কেইখনৰ ভিতৰত ‘আমাৰ প্রতিনিধি’য়ে কলা জগতক বিশেষ গুৰুত্ব দি বিভিন্ন শিতান ৰাখিছিল।
আলোচনীৰ ক্ষেত্ৰত পঞ্চম-ষষ্ঠ দশকত অসমত কেইবাখনো উচ্চমানৰ অসমীয়া আলোচনী প্ৰকাশ হৈছিল যদিও বাতৰিকাকতৰ ক্ষেত্ৰত ‘আছাম ট্ৰিবিউন’ৰ কেইবাবছৰ পাছলৈকে অসমত তেনে কোনো উল্লেখযোগ্য বাতৰিকাকতৰ লগত আমাৰ পৰিচয় হোৱা নাছিল। ইয়াৰ পাছত ‘আছাম ট্ৰিবিউন’ প্রতিষ্ঠানৰ পৰাই ১৯৫৫ চনত প্রকাশিত ‘অসমবাণী’ আৰু ১৯৬৫ চনত প্ৰকাশিত ‘দৈনিক অসম’ সাম্প্রতিক কালৰ দুখন উল্লেখযোগ্য বাতৰিকাকত। আৰম্ভনিৰে পৰা এই দুয়োখন কাকতে দেশ-বিদেশৰ বাতৰি-প্রতিবেদন পৰিৱেশন আৰু জনমত গঠনত গ্ৰহণ কৰা ভূমিকা অসমৰ সংবাদপত্ৰৰ ইতিহাসত সর্বজনস্বীকৃত।
ক্ৰমে ১৯৬৪ চনত সাপ্তাহিক নীলাচল, ১৯৭১ চনত প্ৰথমে পষেকীয়া হিচাপে আৰু পাছত ১৯৭৩ চনৰ পৰা তিনিদিনীয়াকৈ ‘অগ্রদূত’ আৰু ১৯৭২ চনত যোৰহাটৰ জনমভূমি গোষ্ঠীৰ পৰাই প্ৰকাশ হয় দৈনিক জনমভূমি’ৰ। আজি কিছুবছৰৰ আগলৈকে অসমৰ বাতৰিকাকত বুলিলে এইকেইখন কাকতেই পাঠকৰ চকুৰ আগত ভাহি উঠিছিল।
কাকত-আলোচনীৰ এটা অভাৱনীয় ধল:
কিন্তু আশীৰ দশকটোত, অর্থাৎ, অসম আন্দোলনৰ সময়ৰে পৰা অসমৰ সংবাদপত্ৰৰ জগতলৈ কাকত-আলোচনীৰ এটা অভাৱনীয় ধল আহিল আৰু পৰৱৰ্তী সময়ছোৱাত ই অধিক তীব্ৰ ৰূপত আত্মপ্ৰকাশ কৰিলে। এই ধলৰ দুপাৰৰ পলসত বৃক্তিগত সাংবাদিকতায়ো নতুন ৰূপত গা কৰি উঠিল। অসমৰ সংবাদপত্ৰৰ ইতিহাসতো এক নতুন সম্ভাৱনাৰ সূচনা হ’ল। পাঠক সমাজৰ মাজত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা চাহিদাৰ বাবে কাকতবোৰৰ মাজত এক প্রতিযোগিতাৰো আৰম্ভ হ’ল।
অসম আন্দোলনৰ সময়ত আন্দোলনটোক সমর্থন বা বিৰোধিতা কৰি অসমত বহুকেইখন সংবাদপত্ৰই আত্মপ্রকাশ কৰিছিল আৰু প্ৰকাশ হৈ থকা কেইবাখনো সংবাদপত্ৰয়ো আন্দোলনটোৰ সমৰ্থক বা বিৰোধী গোট হিচাপে থিয় দিছিল। স্বাভাৱিকভাৱেই সেই গোট, দল-উপ-দলৰ মুখপত্র হিচাপেও একোখন সংবাদপত্রই নিজস্ব ভূমিকা গ্ৰহণ কৰিছিল।
সাম্প্রতিক সময়ছোৱাতো অসমৰ সংবাদপত্র এনে ধৰণৰ স্রোত লক্ষ্য কৰা যায় আৰু এই ধাৰাবাহিকতাৰ ৰক্ষাৰ বাবেও সম্প্রতি অসমত বহুকেইখন নতুন সংবাদপত্রই জন্ম লাভ কৰিছে বুলি কব পাৰি। অসমত আজি দৈনিক বাতৰি কাকতৰ সংখ্যাই এক ডজনৰো বেছি। সেইদৰে পষেকীয়া,ৱসাদিনীয়া কাকতৰো সংখ্যা কম নহয়। অসমৰ সৰু সৰু চহৰ আৰু বর্ধিত গাঁৱৰ পৰাও এনে সাময়িক সংবাদপত্র প্রকাশৰ উদ্যোগ চকুত পৰিছে।
আশীৰ দশকৰ মাজভাগৰ পৰা অসমত দৈনিক বাতৰিকাকত প্ৰকাশৰ উত্থানে এক বিশেষ স্থান লৈছিল আৰু বৰ্তমান প্রায় ১৮ খন দৈনিক বাতৰিকাকত অসমৰ পৰা প্রকাশ পায়। বৰ্তমান অসমত প্ৰকাশ হৈ থকা দৈনিক বাতৰিকাকত কেইখন হৈছেঃ ‘আছাম ট্রিবিউন’, ‘এদিনৰ সংবাদ’, ‘দৈনিক অসম’, ‘দৈনিক জনমভূমি’, দি ছেণ্টিনেল, ‘আজিৰ অসম’, ‘অসমীয়া প্রতিদিন’, ‘আমাৰ অসম, ‘দৈনিক অগ্রদূত, ‘আজি’, ‘অসমীয়া খবৰ’ ‘দৈনিক বাতৰি’, ‘দৈনিক জনসাধাৰণ’, ‘পূর্বাঞ্চল প্ৰহৰী’, ‘দৈনিক পূৰ্বোদয়’ আদি।
ইয়াৰ পাছতে কেইখনমান উল্লেখযোগ্য মাহেকীয়া আলোচনীৰ ভিতৰত ‘গৰীয়সী’ ‘ৰংঘৰ’, ‘শ্ৰীময়ী’, ‘পূবালী’, ‘প্রিয় সখী’, ‘নন্দিনী’, ‘ৰহস্য’, ‘মায়া’, মাহেকীয়া কেৰিয়াৰ গাইড’ আদিয়ে পাঠকৰ মাজত বিশেষ স্থান ল’বলৈ সক্ষম হৈছে।
মধ্যবিত্তৰ মুখপত্ৰ অসমৰ সংবাদপত্র:
অসমৰ সংবাদপত্ৰৰ ডেৰশ বছৰীয়া ইতিহাসত ডাৱৰৰ ফাকে ফাকে বেলিৰ কিৰণে ভুমুকি মৰাৰ দৰে অগণন সংবাদপত্রই ভুমুকি মাৰিলে আৰু অস্ত গল। এই সমূহ সংবাদপত্ৰই অসমৰ সংবাদ সেৱালৈ আগবঢ়োৱা বৰঙণি সামগ্রিকভারে পর্যালোচনা কৰিলে দেখা যায় যে ব্যতিক্রমধর্মী কিছুসংখ্যক সংবাদপত্রক বাদ দিলে অসমৰ সংবাদপত্ৰসমূহে মাজে মাজে আঞ্চলিক বা গোষ্ঠীগত স্বাৰ্থৰ পোষকতা কৰিছে যদিও বিশেষ কোনো গণমুখী ভূমিকা পালন কৰিব পৰা নাই।
সেইদৰে এইবোৰ সংবাদপত্ৰৰ অধিকাংশই সৰহীয়া ৰাইজৰ আশা-আকাংক্ষাকো যে যথোচিতভাৱে প্ৰতিফলিত কৰিব পাৰিছে তাকো একে আষাৰে কব নোৱাৰি। ৰাজনৈতিক চেতনা আৰু ৰাজনীতি জড়িত কথাবোৰে ই সততে অধিক সময় অথবা ৰাজহুৱা জীৱনৰ অধিক ক্ষেত্ৰ চুই থকাৰ কাৰণে অসমৰ সংবাদপত্র ঘাইকৈ মধ্যবিত্ত শ্ৰেণীটোৰ আশা-আকাংক্ষা আৰু মনোজগত লৈয়ে ব্যস্ত। মধ্যবিত্ত শ্রেণীৰ আশা-আকাংক্ষাই অসমৰ সংবাদপত্ৰৰ যিমান গুৰুত্ব পায়, অন্যান্য শ্রেণীয়ে পোৱা দেখা নাযায়।
সেইদৰে অঞ্চলটোৰ জনজাতীয় ৰাইজৰ আশা-আকাংক্ষাক সঘনে যথোচিতভাবে প্রতিফলিত কৰাত অসমৰ সংবাদপত্ৰৰ ভূমিকা মুঠেই সন্তোষজনক নহয়। অৱশ্যে সেৰেঙাকৈ হলেও অসমৰ ৰাইজৰ খং-ক্ষোভৰ বিক্ষিপ্ত প্রতিধ্বনি, সংগ্রাম আৰু আন্দোলনৰ খণ্ডিত ৰূপ অসমৰ সংবাদপত্রই প্রতিফলিত নকৰাকৈ থকা নাই। সেইদৰে প্রতিষ্ঠিত সংবাদপত্ৰৰ সমান্তৰালভাৱে প্রকাশিত বহু ক্ষুদ্ৰ কাকত-আলোচনীত জনসাধাৰণৰ আশা-আকাংক্ষাৰ প্ৰতিফলন যথেষ্ট পৰিমাণে দেখা যায়। কিন্তু এনে সংবাদপত্ৰৰ আয়ুস চমু আৰু পাঠকৰ সংখ্যাও সীমিত।
অসমত সংবাদপত্ৰৰ প্রকাশ বৃদ্ধি পোৱাটোৱে সংবাদপত্র প্রতি পাঠকৰ আগ্ৰহৰ কথাকে সূচাইছে বুলিও কোনো কোনোৱে কব খোজে। চৰকাৰ আৰু সমাজৰ সকলো বা-বাতৰি নিৰপেক্ষ আৰু স্বাধীনভাৱে জনসাধাৰণক জনোৱাটো সংবাদপত্রৰ ঘাই কাম। সেয়েহে সংবাদপত্র যিমানে প্রকাশ হয় সিমানে ই গণতান্ত্রিক প্রক্রিয়া ৰক্ষা কৰাত সহায় কৰে। অৱশ্যে অসমত সংবাদপত্ৰৰ সংখ্যা বৃদ্ধি যেনেদৰে হৈছে, গুণগত উৎকৰ্ষ আৰু বিকাশ সেইদৰে হোৱা বুলি কব নোৱাৰি।
সংবাদপত্ৰৰ সংখ্যা বৃদ্ধি পাই অহাৰ লগে লগে সংবাদপত্ৰবোৰৰ মাজত বহুক্ষেত্ৰত এক অবাঞ্চিত প্রতিযোগিতাই ঠাই পাইছে, যি সংবাদ সেৱা বৃত্তিটোৰ বাবেই ক্ষতিকৰ হৈ পৰিছে। বহু সময়ত বাতৰি প্ৰকাশৰ ক্ষেত্ৰতো সংবাদপত্রসমূহে সমতা বোধ হেৰুৱাইছে আৰু ইয়াৰ ফলত সংবাদপত্ৰৰ নিৰপেক্ষতা সম্পর্কে অনেকে অভিযোগ কৰিবলৈ লৈছে ৷ একেদৰে সংবাদপত্ৰৰ সংখ্যা বৃদ্ধি পাই অহাৰ লগে লগে চাঞ্চল্যকৰ অতিৰঞ্জিত সাংবাদিকতাৰো প্ৰাধান্য ক্ৰমাৎ সংশয়ৰ কাৰণ হৈ পৰিছে আৰু ইয়াৰ ফলত অসমৰ সংবাদপত্ৰৰ চৰিত্ৰ আৰু ভূমিকা সম্পর্কেও সন্দেহ উপজিবলৈ লৈছে।
সামৰণি:
দৰাচলতে সংবাদপত্রই সকলো স্তৰৰ জনসাধাৰণৰ আশা-আকাংক্ষা প্রতিফলিত আৰু বাস্তৱায়িত কৰাত এক সুদূৰপ্ৰসাৰী তথা কাৰ্যকাৰী ভূমিকা গ্ৰহণ কৰিব পাৰিব লাগে। সেইদৰে জনসাধাৰণক ৰাজনৈতিকভাৱে সচেতন আৰু সংগঠিত কৰাত, একোটা অঞ্চলৰ অর্থনৈতিক উন্নয়নত, কৌটিকলীয়া অন্ধ বিশ্বাস আৰু কু-সংস্কাৰৰ পৰা মুক্ত কৰি জনসাধাৰণক শিক্ষিত আৰু বিজ্ঞানমনস্ক কৰি গঢ়ি তোলাত তথা দেশৰ জনসাধাৰণৰ মূল শক্রবোৰৰ বিৰুদ্ধে ৰাইজক সংগঠিত কৰাত সংবাদপত্ৰৰ এক গভীৰ আৰু ব্যাপক ভূমিকা প্রত্যাশিত।
তদুপৰি, সম্পূৰ্ণ আৰু শুদ্ধ বাতৰি পৰিবেশন কৰিব পৰাটোও এখন সাৰ্থক সংবাদপত্ৰৰ প্ৰাথমিক চৰ্ত। কিন্তু ডেৰশ বছৰ অতিক্রান্ত অসমৰ সংবাদপত্রৰ এনে ভূমিকা তথা দিশ স্পষ্টকৈ আৰু সম্পূৰ্ণকৈ পৰিদৃষ্ট হোৱা নাই। একেদৰে অসমীয়া ভাষাৰ উচ্চাৰণ, বানান আদি সংশোধন কৰি ভাষাটোক সকলোৰে গ্রহণযোগ্য কৰি এটা আধুনিক ৰূপ দিয়াৰ ক্ষেত্ৰত অসমৰ সংবাদপত্ৰসমূহে এক বিশিষ্ট ভূমিকা গ্ৰহণ কৰিব পাৰিব লাগিছিল যদিও এই ক্ষেত্ৰত অসমৰ সংবাদপত্ৰসমূহৰ ভূমিকা চকুত পৰা বিধৰ নহয়।
(আশা কৰোঁ আপুনি ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)
অসমৰ সংবাদপত্ৰ সম্পৰ্কীয় লেখাটো মই লিখা। নামটো দি থব।
শান্তনু কৌশিক বৰুৱা
আপোনাৰ সহাঁৰিৰ বাবে ধন্যবাদ। আমি ইতিমধ্যে Update কৰি দিছোঁ।