অসমৰ সমাজ ব্যৱস্থা

সমাজ ব্যৱস্থা

বছ বছৰ ধৰি বিভিন্ন জনগোষ্ঠীৰ সংমিশ্ৰণত অসমীয়া জাতি গঢ় লৈ উঠা বাবে অসমীয়া সমাজ ব্যৱস্থাত বিভিন্ন জনগোষ্ঠীৰ নিজা নিজা ৰীতি-নীতিৰ স্পষ্ট আৰু স্থায়ী প্রভাব দেখা যায়।

বিভিন্ন জাতি-জনজাতিৰ বাসস্থান উত্তৰ-পূব অঞ্চললৈ আৰ্যসকলৰ আগমনৰ লগে লগে ইয়াত আৰ্য সংস্কৃতিৰ প্ৰভাৱ পৰে। লাহে লাহে ৰাজকীয় পৃষ্ঠপোষকতাত এই সভ্যতাই স্থানীয় সমাজৰ মাজত দকৈ সোমাবলৈ লয় আৰু ফলত এই ভূখণ্ডৰ সমাজ ব্যৱস্থাত হিন্দু ধৰ্মৰ প্ৰভাৱ স্থায়ী হৈ পৰে।

অসমীয়া সমাজ ব্যৱস্থাত পৰিয়ালেই পৰিচয়

হিন্দুসকল ব্রাহ্মণ, কায়স্থ, দৈৱজ্ঞ বা গণক, কলিতা, কোঁচ, কেওঁট, কৈৱর্ত, কুমাৰ, হাড়ি আদি কেইবাটাও ভাগত বিভক্ত যদিও হিন্দুসকলৰ ঘাই ভাগ দুটা : ব্ৰাহ্মণ আৰু শূদ্র। ব্রাশাপসকলৰ বাহিৰে বাকীসকল শূদ্ৰৰ অন্তৰ্গত।

অসমীয়া সমাজত জাতি-ভেদ প্রথা আছে যদিও ইয়াৰ বান্ধোন সিমান কটকটীয়া নহয়। বহু জাতি-উপজাতি একেলগে বহি, একে চৰুতে ৰন্ধা অন্ন গ্রহণ কৰাও দেখা যায়। সেইদৰে বিভিন্ন জাতি-উপজাতিৰ মাজত বিয়া-বাৰুৰো প্ৰচলন আছে।

বিয়া-বাৰুৰ ক্ষেত্ৰত অসমীয়া সমাজত সাধাৰণতে অভিভাৱকেই পাত্র-পাত্রী নির্বাচন কৰে। ব্রাহ্মণ আৰু আন কেতবোৰ শ্ৰেণীৰ মাজত সম্পৰ্কীয় ল’ৰা-ছোৱালীৰ মাজত বিবাহ নিষিদ্ধ। সাধাৰণতে মাতৃ পক্ষৰ পাঁচ পুৰুষ আৰু পিতৃ পক্ষৰ সাত পুৰুষৰ মাজত বৈবাহিক সম্বন্ধ নিষিদ্ধ। সেইদৰে একে গোত্ৰৰ মাজতো বিবাহ নহয়। সাধাৰণতে স্বজাতিৰ মাজত বিবাহ হ’লেও ইয়াৰ ব্যতিক্রম নোহোৱা নহয়।

অসমীয়া সমাজ পিতৃ প্রধান। পৰিয়ালৰ বয়োজ্যেষ্ঠ পুৰুষজনেই সাধাৰণতে ঘৰখনৰ গৰাকী। বিয়াৰ পাছত ছোৱালী স্বামীগৃহলৈ যায় আৰু স্বামীৰ উপাধি গ্ৰহণ কৰে। সন্তানে পিতৃ উপাধি গ্ৰহণ কৰে আৰু পিতাৰ পাছত পুত্ৰই সম্পত্তিৰ অধিকাৰী হয়। আজিকালি পুত্ৰৰ লগতে কন্যায়ো পিতৃ সম্পত্তিৰ অধিকাৰী হোৱাৰ অধিকাৰ লাভ কৰিছে।

সমাজ ব্যৱস্থা

পিতৃ-মাতৃ আৰু ককাই-ভাইৰে এটা পৰিয়াল গঠিত হয়। এনে পৰিয়ালক যৌথ পৰিয়াল বা একান্নবর্তী পৰিয়াল বোলা হয়। অসমীয়া সমাজত যৌথ পৰিয়ালৰ প্রথা ঐতিহ্যৰূপে চলি আছে যদিও আজিকালি বিয়াবাৰু কৰাই বেলেগে ঘৰ কৰাৰ প্ৰথাহে ক্ৰমশঃ সুলভ আৰু সহজ হৈ আহিছে। যৌথ পৰিয়ালত পিতৃয়েই সর্বেসর্বা। পিতৃৰ অবর্তমানত জ্যেষ্ঠ পুত্ৰই পৰিয়ালৰ মূল মানুহ হিচাপে পৰিগণিত হয়। পিতৃ পৰিয়ালৰ নিকটতম সম্বন্ধৰ মানুহেৰে বংশ গঠিত হয়। একে বংশৰ মানুহৰ মাজত বিবাহ নিষিদ্ধ। সেইদৰে বংশৰ কোনো লোকৰ মৃত্যু হ’লে সকলোৱে নিয়ম অনুসৰি এঘাৰ দিনৰ পৰা এমাহ পৰ্যন্ত ব্রত (অশৌচ) পালন কৰিব লাগে। এই সময়ত তেল-মছলাকে আদি কৰি সকলোধৰণৰ আমিষ আহাৰ খাব নাপায়। তদুপৰি এই সময়ছোৱাত বংশৰ ভিতৰত কোনো ধৰণৰ মাংগলিক আচাৰ-অনুষ্ঠান পালন কৰা নিষিদ্ধ। অশৌচৰ অন্তত কাপোৰ কানি, চৰু-কেৰাহী ধুই, ঘৰদুৱাৰ মচি-ধুই সংস্কাৰ কৰাৰ নিয়ম।

সেইদৰে জন্মৰ সময়তো কেইটামান নিদিষ্ট দিনৰ বাবে অনুৰুপ কেতবোৰ নিৰ্দিষ্ট আচাৰ মানি চলিব লাগে। গৰ্ভৱতী নাৰী, বিশেষকৈ প্রথম সন্তান জন্ম হ’বৰ সময়ত মাকৰ ঘৰলৈ যোৱাটো অসমৰ সামাজিক প্রথা। সাধাৰণতে অসমত সন্তান জন্ম হোৱাৰে পৰা এমাহলৈকে মাকক অশুচি বুলি ধৰা হয় আৰু ঘৰৰ বয়-বস্তু একোকে তেওঁক চুবলৈ দিয়া নহয়। সন্তান জন্মৰ কাৰণে মাছ-মিঠাই ওচৰ চুবুৰীয়া আৰু আত্মীয়-কুটুম্বক বিলোৱাটোঅসমৰ এটা সামাজিক প্রথা। অসমীয়া সমাজৰ অশৌচ আদি মাক আৰু শাহুয়েক পক্ষৰ লোকসকলে পালন কৰিব নালাগে যদিও কোনো কোনো ক্ষেত্ৰত মোমায়েক ঢুকালে ভাগিনীয়েকে আৰু শহুৰেক শাহুৱেক ঢুকালে জোঁৱায়েকে অশৌচ পালন কৰাৰ নিয়ম আছে।

অনৈক্যৰ মাজত ঐক্যৰ কটকটীয়া বান্ধোন:

অসমীয়া সমাজৰ সৰহসংখ্যক মানুহেই গাঁৱত বাস কৰে। প্ৰকৃততে অসমৰ গ্ৰাম্য সমাজৰ ছবিখনেই অসমীয়া সমাজ জীৱনৰো ছবি। সাধাৰণতে একে গাঁৱতে ভিন ভিন জাতৰ লোকে বাস কৰে। অৱশ্যে প্রত্যেক জাতৰে বসতি অঞ্চল সুকীয়া। সেইদৰে গাঁওভেদে জীৱন-যাপন প্রণালীও বেলেগ বেলেগ দেখা যায়। অসমৰ প্ৰায়বোৰ গাৱৰে কোনো নির্দিষ্ট ভৌগোলিক সীমা দেখা নাযায়। সাধাৰণতে বহল ধাননি পথাৰ, নৈ, নিজৰা, পুখুৰীহাবি-বননি, গছ আদিয়ে দুখন গাঁৱৰ মাজৰ সীমাৰেখা সৃষ্টি কৰে। এনে সীমাৰেখাৰ উপৰি অসমৰ গাঁওবোৰৰ একোটা সুকীয়া সুকীয়া নাম আছে, যাৰ দ্বাৰা গাঁওখনৰ স্থান বৈশিষ্ট্য, যেনেঃ বেঙেনা-খোৱা, ঐতিহাসিক গুৰুত্ব (লাদৈগড়), স্থান মাহাত্ম্য (শিৱথান), প্রকৃতি পৰিচয় (আমগুৰি), কোন জাতিৰ ঘাই বসতি (বামুণগাঁও), পৌৰাণিক ঐতিহ্য (নুমলীগড়) আদি বুজিব পাৰি।

অসমীয়া সমাজত জাতিপ্রথা বৰ কটকটীয়া নহয় আৰু লগতে বিভিন্ন বৃত্তিয়াল জাতিবোৰো সিমান স্পষ্ট নহয়।এটা বেলেগ বৃত্তিৰ লোকেও আন এটা বৃত্তি লোৱা দেখা যায়। তদুপৰি অসমীয়া সমাজৰ, বিশেষকৈ গাঁৱৰ সমাজখনত বিভিন্ন জাতি-উপজাতি উমৈহতীয়া খেল দেখা যায়। কোনো কোনো অঞ্চলত প্রত্যেক জাত-উপজাতিৰে সুকীয়া খেল থাকে। গাঁৱৰ মুখিয়ালসকলৰে গঠিত পঞ্চায়তে গাঁৱৰ সমস্যাবাদ-বিসম্বাদ নীতিনিয়মৰ বিচাৰ আৰু আলোচনা কৰে।

সমাজ ব্যৱস্থা

অসমীয়া সমাজ ব্যৱস্থাত এক অনন্য আৰু ভূমিকা বিশিষ্ট পালন কৰা অনুষ্ঠান হল নামঘৰ। সাধাৰণতে প্রত্যেক গাঁৱতে একোটিকৈ হলেও নামঘৰ থাকে। প্রধানতঃ ধৰ্মানুষ্ঠান হলেও গাঁৱৰ নানান সমস্যা, বাদবিসম্বাদ, নীতি-নিয়মৰ আলোচনা কৰিবৰ বাবেও গাঁৱৰ ৰাইজ নামঘৰত সমৱেত হয়। অসমীয়া সমাজ জীৱনৰ শৃংখলাপূর্ণ বান্ধোনত নামঘৰৰ অৰিহণা অতুলনীয়। নামঘৰৰ দৰেই মুছলমানসকলৰ মছজিদেও অনুৰূপ ভূমিকা পালন কৰে।

আন্তৰিকতাৰে ভৰা সম্বন্ধ সমাজ:

সমাজ ব্যৱস্থা

অসমীয়া গাৱৰ সমাজখনৰ ৰাইজৰ মাজত আত্মীয়তাৰ ভাব অতি প্রবল। এখন গাঁৱৰ প্ৰতিজন লোকেই ইজনে সিজনক অতি আপোনজনৰ দৰে ব্যৱহাৰ কৰে। জাত-পাত বিচাৰ নকৰি প্ৰত্যেকেই প্রত্যেকক সম্বন্ধ ধৰি মাতে। সেইদৰে কোনো বংশগত সম্পর্ক নাথাকিলেও ইজনে সিজনক ককাইদেউ, খুৰা, পেহা-পেহী, খুৰী, দদাই, জেঠাই আদি বিভিন্ন আত্মিক সম্বন্ধৰে সম্বোধন কৰে। উচ্চ জাতৰ ল’ৰা-ছোৱালীয়ে তেওঁলোকৰ নীহকুলৰ জ্যেষ্ঠজনক আনকি বনকৰা লোককো মোমাই, ককাই, দদাই, মাহী, পেহী, বাই সম্বন্ধ ধৰিহে মাতে। বিভিন্ন জাতি-উপজাতিৰ মাজত এই মধুৰ সম্বন্ধ যুগ যুগ ধৰি বংশোনক্রমে চলি আহিছে। মিতিৰ-কুটুম সম্বন্ধেও অসমীয়া সমাজত কেতবোৰ সামাজিক প্রথা আছ।সাধাৰণতে বোৱাৰীয়েকে শহুৰ, বৰজনাৰ লগত শাহুৱেকে জোঁৱায়েকৰ আগত মুকলিমূৰীয়াকৈ ওলাই কথাবতৰা নাপাতে। আজিকালি অৱশ্যে ঘাইকৈ নগৰীয়া শিক্ষিত সমাজত এইবোৰ বান্ধোন শিথিল হৈ আহিছে। আনহাতে ভিনিহিয়েক, খুলশালীয়েক, নবৌৱেক, দেওৰেক, মোমাই-ভাগিন, ককাক-আইতাক-নাতি-নাতিনীৰ সম্বন্ধ অসমীয়াৰ বৰ আদৰৰ।

সেইদৰে বিবিধ উছৱ-পাৰ্বণ, বিয়া-বাৰু, সকাম-নিকাম, বিপদ-আপদতো গাঁৱৰ ইজনে সিজনক একে পৰিয়ালৰ মানুহৰ দৰেই সহায় কৰে। দৈনন্দিন জীৱনতো এই মধুৰ আত্মীয়তা অসমীয়া সমাজ জীৱনৰ আন এক অনুকৰণীয় বৈশিষ্ট্য।

অসমৰ বহুতো ঠাইত একেখন গাৱতে কেইবাটাও খেল বা জাতি বাস কৰি একো একোটা জাতি বা খেলে একোটা চুক বা চুবুৰিৰ সৃষ্টি কৰে। নগৰীয়া জীৱনৰ ‘পাৰা’ ইয়াৰে চহৰীয়া ৰূপ বুলিব পাৰি। জাতি বা খেলৰ নাম অনুসৰিয়েই সেই বসতি অঞ্চলৰ সাধাৰণতে নামকৰণ হয়। যেনেঃ কলিতা চুক, ফুকন চুক আদি। সুকীয়া সুকীয়াকৈ বাস কৰিলেও ইটো খেল বা জাতিৰ লগত সিটো খেল বা জাতিৰ সম্পৰ্ক মধুৰ। বহু গাৱৰ এমূৰে হিন্দু আৰু আনমূৰে মুছলমানৰ বসতি অসমীয়াৰ সমাজ ব্যৱস্থাত নিহিত সাম্প্রদায়িক সম্প্রতি উৎকৃষ্ট উদাহৰণ। গাঁৱৰ এনে সম্প্রদায়বোৰৰ মাজতো পেহা, দদাই, পেহী, ককাই আদি মধুৰ আৰু আত্মীয় সম্বোধনবোৰ প্রচলিত। সুখে-দুখে এই দুই সম্প্ৰদায়ৰ লোকেই ইজনে সিজনক সহায়-সহযোগ কৰে।

দৈনন্দিন জীৱনৰ বিচিত্ৰতা:

সমাজ ব্যৱস্থা

অসমীয়া সমাজ জীৱনত বিশেষ ভূমিকা পালন কৰি অহা এটি আকর্ষণীয় অনুষ্ঠান হ’ল হাটবজাৰ। কেইবাখনো গাঁৱৰ মাজত সাধাৰণতে সপ্তাহটোৰ এটা নিৰ্দিষ্ট দিনত একোখন হাট বহে। অসমৰ গ্ৰাম্য অর্থনীতিত এই হাটবোৰে বিশেষ ভূমিকা পালন কৰি আহিছে। খাদ্য-সামগ্রী, খাদ্যশস্য আৰু অন্যান্য দৈনন্দিন প্রয়োজনীয় বয়-বস্তুৰ উপৰি হাটবোৰত হাঁহ-পাৰ, কুকুৰা-গাহৰি, গৰু-ছাগলীৰো বেচা-কিনা হয়। অসমীয়া গাঁৱৰ সমাজখনত জীৱিকা অৰ্জনৰ ঘাই উপায় হ’ল খেতি। তেওঁলোকে নিজ বাৰীত বা পথাৰত উৎপাদিত কৃষি সামগ্রী হাটলৈ বেচিবৰ বাবে নিয়ে আৰু সেইখিনি বেচি তাৰ ধনেৰে আন প্রয়োজনীয় সামগ্রী কিনি আনে।

কুমাৰ, কঁহাৰ, কমাৰ, কৈৱৰ্ত সকলেও অনুৰূপ উপায়ে নিত্য প্রয়োজনীয় সামগ্রী হাটৰ পৰা ক্ৰয় কৰে। কেতিয়াবা কোনো এক বিশেষ সামগ্রী কিনা-বেচাৰ বাবে কোনো হাটে প্রসিদ্ধি লাভ কৰে। এই হাটবোৰে চুবুৰীয়া গাঁৱৰ ৰাইজৰ ইজনে সিজনক লগ পোৱাৰ আৰু কুশল বাতৰি বিনিময় কৰা চা-চিনাকি হোৱা আৰু মিলা-প্ৰীতি সম্বন্ধ গঢ়ি তোলাতো সহায় কৰে; লগতে গাঁৱৰ বাহিৰৰ পৰা অহা কাপোৰ-কানি, মনোহাৰী সামগ্ৰী আদিৰ ব্যৱসায়ীৰ জৰিয়তে গাঁৱৰ ৰাইজৰ লগত বহিজগতৰো সম্বন্ধ ঘটায়। এনেদৰে গ্ৰাম্য অর্থনীতিত প্ৰভাৱ বিস্তাৰৰ লগতে হাটে অসমীয়া সমাজ ব্যৱস্থাৰ সামাজিক, সাংস্কৃতিক যোগাযোগো স্থাপন কৰি আহিছে।

সমাজ ব্যৱস্থা

ভঁৰাল আৰু ঢেঁকীশাল অসমীয়া সমাজ জীৱনৰ আন একোটি বিশিষ্ট উপাদান। ঘৰৰ চোতালৰ এমূৰে চাংঘৰ কৰি সাধাৰণতে কেঁচাকৈ সজা ভঁৰালঘৰ অসমীয়াৰ বাবে পৰম শ্ৰদ্ধা আৰু পবিত্ৰতাৰ প্ৰতীক। খেতিপথাৰত উৎপাদিত সমুদায় শস্য ইয়াত সযতনে বছৰটোলৈ সংৰক্ষণ কৰা হয়। সেইদৰে ধান বনা, পিঠা খুন্দা, চিৰা খুন্দা আদি কামত ব্যৱহৃত ঢেঁকীশালখনো অসমীয়াৰ, ঘাইকৈ অসমীয়া নাৰীৰ বৰ আদৰৰ সম্পত্তি।

ডঃ নিৰ্মলপ্ৰভা বৰদলৈৰ ভাষাত –“জকা, খৰাহি, পাচি, কুলা, চালনী, ৰইনা, তৃহগুৰি, বাঢ়নী মাৰিৰে সুশোভিত ঢেঁকীশাল, অন্তেষপুৰৰ জীয়ৰী-বোৱাৰীৰ ক্লাবঘৰ সদৃশ। লুকাই-চুৰকৈ এঘুমটি শোৱা, ৰবাব টেঙা, আচাৰ জলফাই খোৱা, হাঁইচতিমৰা, নাম-গুণ আওৰোৱাৰ থলী ঢেঁকীশালখনেই। তথাপি ঢেঁকীশালখনো লক্ষ্মীশাল।” ভঁৰাল আৰু ঢেঁকীশালৰ লগত অসমীয়া সমাজত বছবোৰ লোকবিশ্বাস আৰু আচাৰ-অনুষ্ঠানো জড়িত হৈ আছে, যিবোৰে অসমীয়া সমাজ জীৱনক এক সুকীয়া ৰূপ আৰু মর্যাদা দান কৰিছে। ভঁৰাল আৰু ঢেঁকীশালৰ লগতে অসমীয়াৰ পথাৰ আৰু ৰান্ধনিঘৰটোও সমান আদৰৰ আৰু শ্ৰদ্ধাৰ।

সমাজ ব্যৱস্থা

অসমীয়া সমাজত তামোল-পাণৰ বিশেষ প্রচলন আছে। দৈনন্দিন ব্যৱহাৰৰ উপৰি বিভিন্ন ধর্মানুষ্ঠান আৰু ক্রিয়া-কাণ্ডতো তামোল অপৰিহাৰ্য। ঘৰলৈ অতিথি আহিলে পোনতে তামোল এখনৰেই অভ্যর্থনা জনোৱা হয়। অসমীয়া পুৰুষ-মহিলা, ডেকা-গাভৰু, বুঢ়া-ডেকা কাৰো ক্ষেত্ৰতে তামোল খোৱাত সামাজিক বাধা-নিষেধ নাই। বাৰীত তামোল পাণ ৰোৱা অসমীয়া মানুহৰ ধৰা-বন্ধা ৰীতি। অসমীয়া সমাজৰ বিবিধ ধৰ্ম-অনুষ্ঠান আৰু সামাজিক লোকাচাৰত তামোল-পাণে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। পূজাৰ নৈবেদ্যত তামোল-পাণ অপৰিহাৰ্য উপাচাৰ।

সেইদৰে বিয়া আদি সামাজিক অনুষ্ঠানতো তামোল-পাণৰ ব্যৱহাৰ মন কৰিবলগীয়া। দৈনিক আহাৰৰ অন্তত স ৰহভাগ অসমীয়াৰে তামোল এখন নহলেই নহয়। তামোলৰ লগত পাণৰ উপৰি চূণ আৰু ধপাত খোৱা হয়। তামোল-পাণ, চূণ, ধপাত, -এই চাৰিওবিধ মিলিহে তামোলখন সম্পূর্ণ হয়। অৱশ্যে ধর্ম অনুষ্ঠানত ব্যৱহৃত তামোলত চূণ-ধঁপাত দিয়া নহয়। এনে অনুষ্ঠানত পাণৰ ভিতৰত কটা তামোল ভৰাই থুৰি সাজি আগবঢ়োৱা হয়। ইয়াক পূৰিয়া তামোল বোলে। এনেদৰে তামোল-পাণ থুৰিওৱাৰ যোগেদি অসমীয়া নাৰীৰ শিল্পীসূলভ মনৰ পৰিচয় পোৱা যায়।

মান্যজনৰ পৰা আশীৰ্বাদ বিচৰা, ৰাজহুৱা দায়-জগৰত মার্জনা বিচৰা, বন্ধুত্ব স্থাপন, প্রেম নিবেদন, বিবাহ-বিচ্ছেদ, বিয়া-বাৰুৰ নিমন্ত্ৰণ আদি অলেখ কার্যত তামোল-পাণৰ এক বৈচিত্র্যপূর্ণ ভূমিকা আছে। উল্লেখযোগ্য যে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ কেইখনমান ৰাজ্যৰ বাহিৰে আন ক’তো কোমল তামোল অথবা কেঁচা তামোল খোৱা প্ৰথা নাই। তামোল গাঁতত পুতি পাছত ‘বুঢ়া তামোল’ কৰি খোৱাৰ পদ্ধতিটোও অসমীয়াৰ নিজা।

অসমৰ বিভিন্ন লোকগীত, লোক-সাহিত্য আদিত তামোল-পাণৰ মনোৰম বর্ণনা আৰু উল্লেখ পোৱা যায়। তামোল-পাণ খোৱা, কটা আৰু তামোল-পাণ আগবঢ়োৱা সা-সৰঞ্জামৰ ক্ষেত্ৰত নানা ৰীতি-নীতি আৰু বাধা-নিষেধ আছে।

অসমৰ কেইবাটাও জাতি আৰু জনজাতিৰ মাজত তামোল খোৱা প্ৰথাৰ ব্যাপক প্রচলন আছে। ইয়াৰ ভিতৰত আও নগা, লঠা নগা, কন্যাক নগা, খাচি আৰু কাৰ্বিসকলৰ নাম উল্লেখযোগ্য। আহোম চকলং বিবাহ পদ্ধতিত তামোল-পাণৰ প্রয়োজনৰ উল্লেখ পোৱা যায়। জনজাতিসকলৰ ভিতৰত খাচি আৰু কাৰ্বিসকলেই বেছি তামোল খায়। মৃতকৰ সৎকাৰৰ সময়ত খাচি সমাজত তামোলৰ বিশেষ ব্যৱহাৰ আছে। কাৰ্বিসকলে বাটৰ দূৰত্ব তামোল এখনৰ খোৱাৰ পৰৰ পৰাই নিৰ্ণয় কৰে। এই অভ্যাস অসমীয়া গাঁৱৰ মানুহৰো আছে। যেনেঃ ‘তামোল এখন খোৱাৰ বাট’।

অসমীয়া সমাজ ব্যৱস্থাৰ লগতে অসমীয়া মানুহৰ সামাজিক স্বভাৱ-চৰিত্ৰৰো কিছু কথা যোগ দিব পাৰি। অসমৰ বিবিধ লোক-গীত, লোক-সাহিত্যভাষা আৰু শিল্পকৰ্মত অসমীয়াৰ চৰিত্ৰৰ কিছু উমান পোৱা যায়।

কথা-বতৰাত অসমীয়া মার্জিত, ৰসিক আৰু যথেষ্ট কথকী আৰু কৌতুহলী। অসমীয়া মানুহ সৰল আৰু অতিথিপৰায়ণ বুলি এটা সুনাম আছে। সেইদৰে ধৰ্মৰ প্ৰতি অগাধ বিশ্বাস, আধুনিক চিকিৎসা বিদ্যাতকৈ বেজ-বেজালিত আস্থা আৰু অলপতে সন্তুষ্ট হোৱাটো অসমীয়াৰ চৰিত্ৰৰ এক বিশেষত্ব। বহু পৰিমাণে এলেহুৱা বুলিও অসমীয়াৰ এটা দুর্নাম আছে। এলেহুৱা আৰু কথকী হোৱা বাবে অসমীয়া সমাজত পৰচৰ্চাৰ প্রকোপো কিছু বেছি। তদুপৰি অসমীয়াই যুক্তি-তর্কতকৈ প্ৰথা-পৰম্পৰাক অধিক গুৰুত্ব দিয়ে। বহুসংখ্যক লোক অনাখৰী হোৱা বাবে অসমীয়া সমাজত অন্ধবিশ্বাসৰ মাত্ৰাও বেছি।

সামাজিক ক্ষেত্ৰত অসমীয়া সমাজ উদাৰ যদিও কোনো কোনো ক্ষেত্ৰত, বিশেষকৈ নাৰীৰ ক্ষেত্ৰত ৰক্ষণশীলতাৰ বহু বাধা-নিষেধ দেখা যায়। সাধাৰণতে ঘৰৰ চাৰিবেৰৰ মাজতেই অসমীয়া নাৰীয়ে দিন নিয়াবলগীয়া হোৱা বাবে অসমীয়া নাৰীৰ পৃথিৱীখন সৰু। তদুপৰি বছবোৰ সামাজিক বান্ধোনেও (বহু ক্ষেত্ৰত অপ্রয়োজনীয় আৰু অন্যায়) অসমীয়া নাৰী মন, যথোচিত বিকাশত বাধা দি আহিছে। অসমীয়া মানুহ সাধাৰণতে উদাৰ চৰিত্ৰৰ আৰু ‘ভোগৰ মূল্যতকৈ ত্যাগৰ মূল্য বেছি’ নীতিত বিশ্বাসী। সেয়ে অসমীয়া মানুহৰ খং-ৰাগ সাধাৰণতে উগ্ৰ নহয়। অসমীয়াৰ এই চাৰিত্ৰিক বৈশিষ্ট্যবোৰেও অসমীয়া সমাজ ব্যবস্থাত প্রভাৱ নেপেলোৱাকৈ থকা নাই।

সামৰণি:

আধুনিক সভ্যতাৰ বতাহে স্পর্শ কৰাৰ লগে লগে অসমীয়া সমাজ জীৱনলৈ বহুবোৰ পৰিৱৰ্তন আহিছে। নগৰীয়া সভ্যতাৰ বোকোচাত উঠি অসমীয়া সমাজ জীৱন দ্রুতগতিত আগবাঢ়িছে আৰু ফলত অতীতৰ সহজ-সৰল গাঁৱলীয়া সমাজৰ ছবিখন ক্রমশঃ ধূসৰ হৈ আহিছে। নগৰকেন্দ্রিক সভ্যতাই মানুহক ব্যক্তিকেন্দ্রিক কৰি তোলাৰ বাবে আত্মীয়তাৰ সম্পৰ্কৰ বান্ধোনো বহু পৰিমাণে শিথিল হৈ আহিছে, লগে লগে জীৱন যাপন প্রণালীতো আমূল পৰিবৰ্তন ঘটিছে।

সেইদৰে গাঁৱৰ জীৱনলৈও বহু পৰিবৰ্তন আহিছে। পূৰ্বৰ সহজ-সৰল আদর্শ গাঁও এখন অসমীয়া সমাজত আজি বিৰল। সামাজিক, সাংস্কৃতিক জগতত নানান পৰিবৰ্তন আৰু ক্ৰমবর্ধিত জনসংখ্যা আদিৰ বাবে গাঁৱৰ ৰাইজ আজি চহৰমুখী হবলৈ লৈছে। ফলত গাঁৱৰ জীৱনতো চহৰৰ প্ৰভাৱ পৰিছে। এনেদৰেই কিছু গাঁৱলীয়া সংস্কাৰ, মূল্যবোধ আৰু কিছু পশ্চিমীয়া আধুনিক সভ্যতাৰ সংমিশ্ৰণত দ্ৰুতগতিত অসমীয়া সমাজ ব্যবস্থালৈ এক পৰিৱৰ্তন আহিছে, যাৰ ফলত গাঁও নগৰৰ পাৰ্থক্য কমি আহিছে আৰু লগে লগে অসমীয়া সমাজ জীৱনে বহু পৰিমাণে নিজস্বতা হেৰুৱাইছে।

(আশা কৰোঁ আপুনি লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top