আন্তর্জাতিক নাৰীকণ্ঠস্বৰ মালালা ইউছুফজাই

আৰম্ভণিঃ
The right of education is as basic as food, and is as basic, and as needed as water- শিক্ষাৰ প্রয়ােজনীয়তা আৰু উপযােগিতা সম্পর্কে এই ধাৰণা আৰু মতামত সর্বত্রে বিয়পাই আন্তর্জাতিক নাৰী কণ্ঠস্বৰৰ নামেই হৈছে— মালালা ইউছুফজাই।

মালালাই শিক্ষাৰ কাৰণে অধিকাৰ, সাহসিকতা আৰু ধৈৰ্যৰ পাঠ আমাক শিকালে। তেওঁৰ মহৎ কর্মৰ আৰু উদ্দেশ্যৰ ওচৰত প্রতিজনে মূৰ দোৱাবলৈ বাধ্য হৈছে।

১৯৯৭ চনৰ ১২ জুলাই তাৰিখে পাকিস্তানৰ এক চুন্নী মুছলমান পৰিয়ালত জন্মগ্রহণ মালালা ইউছুফজাইৰ। তেওঁৰ দুই ককা- খুশল আৰু অতল আৰু মা-দেউতা হ’ল ক্রমে— জিয়াউদ্দিন আৰু তৰপেকাই।

বংশ ‍পৰিচয়ঃ
জন্ম সূত্রেই মালালাই সততা তথা ইয়াৰ প্ৰতি থকা বিশ্বাস আৰু সমাজ সচেতনতা লাভ কৰিছিল। মালালাৰ পিতৃ জিয়াউদ্দিন ইউছুফজাই আছিল একেধাৰে এজন সুশিক্ষিত, সমাজ সচেতন ব্যক্তি, আৰু তেখেতৰ নিজাকৈ এখন ব্যক্তিগত বিদ্যালয়াে আছিল। দেউতাকৰ পৰাই মালালাই ইংৰাজী, উর্দু ভাষা দক্ষতাৰে শিকাৰ সুযােগ লাভ কৰিছিল। সমাজ, ৰাজনীতি আদি বিষয়েও দেউতাকৰ লগত চর্চা-আলােচনা হৈছিল, মালালাৰ ঘৰতেই। এটি সাক্ষাৎকাৰত তেওঁ ডাক্তৰ হােৱাৰ ইচ্ছাৰ বিষয়ে ব্যক্ত কৰিছিল।

২০০৪ চনৰ ছেপ্টেম্বৰৰ পৰা মালালাই নাৰী শিক্ষা, শিক্ষাৰ অধিকাৰ, তথা প্রয়ােজনীয়তাৰ বিষয়ে প্রতিবাদী কণ্ঠস্বৰ আৰম্ভ কৰে। বহু বাধা হুমকিৰ পাছতাে তেওঁ পেছােৱাৰৰ সন্মানীয় প্ৰেছ ক্লাৱত নিজৰ মতাদর্শ নির্ভিকতাৰে দাঙি ধৰিছিল।

‘How dare the Taliban take away may basic right to education’ BBC ৰ উৰ্দু বাতৰিত তালিবানসকলৰ বৰ্বৰতাৰ বিষয়ে বাতৰি পৰিবেশনত উদ্যমী হৈ স্কুলীয়া ছাত্রী মালালাই দৃষ্টান্তৰ খােজ পেলাই। সকলােৱেই মালালাৰ নিৰাপত্তাৰ কথা ভাবি আতংকিত হৈ পৰিল। কিন্তু দেউতাক জিয়াউদ্দিনে মালালাক অধিক আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়ে। তেতিয়া মালালা এঘাৰবৰ্ষীয়া সৰু ছােৱালী।

ইয়াৰ পাছত তালিবানসকলৰ অত্যাচাৰ আৰম্ভ হয়। টি ভি, ৰেডিঅ’ সকলােধৰণৰ প্ৰচাৰত নিষেধাজ্ঞা আৰােপিত হয়। ছােৱালীৰ চৌহদৰ বাহিৰ ওলােৱা নিষিদ্ধ হয়। অমান্য কৰিলে এচিডৰ দ্বাৰা মুখ মণ্ডল আৰু শৰীৰ নষ্ট কৰাৰ লগতে নানাধৰণৰ অত্যাচাৰৰ হুমকি দিয়ে।

‘গুলমাকাই’ নামে মালালাৰ ‘ব্লগ’ প্রস্তুত হ’ল। তাত প্রতিবাদী লিখনি প্রকাশ হ’বলৈ ধৰিলে। ইয়াৰ পাছত মালালাৰ বাবে বিদ্যালয়ৰ জপনা সম্পূর্ণৰূপে বন্ধ হৈ পৰে। তালিবানসকলে ঘােষণা কৰে ষে ২০০৯ চনৰ ১৫ জানুৱাৰীৰ পাছত কোনাে ছােৱালী স্কুললৈ যাব নােৱাৰিব। তালিবানসকলে স্থানীয় বহুতাে বিদ্যালয় ধ্বংস আৰু নিশ্চিহ্ন কৰিবলৈ আৰম্ভ কৰে।

পাছত অৱশ্যে স্থানীয় তালিবান নেতা মওলান ফজলুল্লাই নিজৰ বেঁতাৰ বার্তাত ছােৱালী বিলাকক কেৱলমাত্ৰ পৰীক্ষা দিৱৰ অনুমতি দিয়ে যদিও তেওঁলােকে বােৰ্খা পৰিধান কৰি যােৱাৰ চৰ্ত ৰাখিলে। তথাপিও তালিবানৰ দৌৰাত্ম ক্ৰমাৎ বাঢ়িবলৈ লয়। ২০০৯ চনৰ মাৰ্চত মালালাৰ ব্লগ শেষ হােৱাত মালালাৰ পিতৃক মৃত্যুদণ্ডৰ ভাবুকি দিয়া আৰম্ভ হয়।

তালিবানী আক্রমণঃ
পৰীক্ষা দি ওভােতাৰ পৰত লগৰীয়াসহ মালালাক তালিবান জংগীসকলে ঘেৰি ধৰে। সকলােৰে মাজত মালালা কোনজনী জানিব বিচাৰে। সকলােৰে ওপৰত গুলী চলাবলৈ আৰম্ভ কৰে। মালালাৰ বন্ধু-বান্ধৱীসকলৰ গাত গুলী লগে আৰু মালালাৰ বাঁও কপালৰ বাওফালে গুলী সােমায়। পাঁচ ঘণ্টা সময় ধৰি চলা অপাৰেচনৰ অন্তত সেই গুলী উলিওৱা সম্ভৱ হয়। তেওঁৰ লগত থকা বন্ধুবর্গ হ’ল কাইনাত, ৰিয়াজ আৰু সাজিয়া ৰামজান। ইয়াৰ পাছত নিৰাপত্তাৰ স্বাৰ্থত মালালাক আমেৰিকালৈ নিয়া হয়। দেউতাকে আদৰ্শৰ বাবে দেশ ত্যাগ অস্বীকাৰ কৰিছিল।

ভয়াৱহ পৰিস্থিতিৰ মাজত বিচৰণ কৰি থকা এজনী ছােৱালী। যাৰ চাৰিওফালে ঘেৰি আছে প্রতিকূল বিৰােধীতাৰ বাষ্প। তালিবানৰ হুমকি, অত্যাচাৰ, এই সকলােবিলাকৰ সন্মুখত সমানে দৌৰি থাকি নিজৰ লগতে বিশ্বৰ প্রতিটো শিশুৰ শিক্ষাৰ অধিকাৰ আৰু দাবীক বিশ্ববাসীৰ সন্মুখত তুলি ধৰা যি কণ্ঠ তাক প্রতিবাদী আন্তর্জাতিক নাৰী কণ্ঠস্বৰৰ বাহিৰে কি বুলি আখ্যা দিব পৰা যায়।

ইমানখিনিৰ পাছতাে সুশিক্ষিত, মার্জিত মালালাই তালিবান বা কোনাে উগ্রপন্থীৰ বিৰুদ্ধে কোনাে ক্ষোভ প্রকাশ কৰা নাই। কেৱল কৈছে যে তালিবান আৰু তেওঁবিলাকৰ শিশুসকলক শিক্ষিত কৰি তােলাটো প্রয়ােজনীয়। তেতিয়াহে তেওঁলােকে কিতাপ পঢ়াৰ প্রয়ােজনীয়তা কিমান বুজিব পাৰিব। প্রকৃত শিক্ষাৰ পােহৰেহে তেওঁলােকৰ দৃষ্টি প্রসাৰিত কৰিব পাৰিব। সকলাে শিশু আৰু নাৰীৰ শিক্ষা অত্যন্ত প্রয়ােজনীয় আৰু বাঞ্ছনীয়।

২০১৩ বৰ্ষৰ ১২ জুলাইত মালালাৰ ষােল্ল বছৰীয়া জন্মদিনৰ এটি অনুষ্ঠানত ১২ জুলাইক, তেওঁৰ সৎ উদ্দেশ্য তথা কৃতকর্মৰ বাবে ‘মালালা দিৱস হিচাবে ঘােষণা কৰা হয়।

আমেৰিকাৰ গায়িকা Madonna ই মালালাক এটি গান উৎসৰ্গা কৰে। এঞ্জেলিনা জলি মালালাৰ সমর্থনত নিজস্ব মতামত আগবঢ়াই প্রবন্ধ লিখিছিল। আমজান খানে মালালাৰ বায়’গ্রাফিকেল ফিল্ম (জীৱনীমূলক চলচিত্র)ৰ প্রযােজনাৰ বাবে মত প্রকাশ কৰে।

২০১৪ বৰ্ষৰ ১২ ডিচেম্বৰত মাত্ৰ সোঁতৰ বছৰ বয়সত তেওঁৰ সাহসিকতা, শিক্ষাৰ অধিকাৰৰ বিষয়ে বক্তব্য, নির্ভীক চিন্তাৰ লগতে শান্তিৰ বার্তাবাহক হিচাপে নােবেল পুৰস্কাৰ লাভ কৰে। মালালা হ’ল পাকিস্তানৰ দ্বিতীয় নােবেল জয়ী।

২০১৫ বৰ্ষৰ ১২ জুলাইত লেবাননৰ বেকাভেলিত চাইৰিয়ান সীমান্তৰ কাষত ৰিফিউজিসকলৰ বাবে মালালা ফাণ্ড-অৰ ধনেৰে বিদ্যালয় খােলাৰ ব্যৱস্থা কৰা হয়। এই বিদ্যালয় বিশেষকৈ চৈধ্যৰ পৰা ওঠৰ বছৰ বয়সৰ ছােৱালীসকলৰ কাৰণে।

মালালাৰ বিষয়ে প্রকাশ পােৱা সংবাদপত্র-

  1. Little Brown and Company by Weidenfeld & Nicolson
  2. The Guardian
  3. The Washington Post
  4. Entertainment Weekly
  5. You safzai’s memoir I Am Mala CO-Writer-Christina Lamb.

মালালাই লাভ কৰা পুৰষ্কাৰ আৰু অন্যান্য বঁটা আদি-

  1. 2011 International Children’s Peace Prize
  2. 2011 National Youth Prize
  3. 2012 Anne Frank Award for Moral Courage
  4. 2013 Honorary Master of Arts degree awarded by the University of Edinburgh
  5. 2014 Honorary Canadian Citizenship
  6. 2015 Grammy Award for Best Children Album
  7. 2016 Honorary President of the students Union of the University of Sheffield.

আৰু বহুতাে সন্মান তথা পুৰস্কাৰেৰে তেওঁক সন্মানিত কৰা হৈছে। ইয়াত মাথাে দৃষ্টান্ত হিচাপে কেইটামান উল্লেখ কৰা হ’ল।

মালালা ইউছুফজাই প্রমাণ কৰি দিলে যে প্রতিবাদৰ বাবে অথবা অধিকাৰ দাবীৰ বাবে বয়স এটা মাথাে অজুহাত। প্রয়ােজন মানসিকতা, শিক্ষা, সম্ভ্ৰম আৰু ইচ্ছা শক্তি তালিবানসকলৰ অত্যাচাৰত তেওঁৰ ভয়, কুণ্ঠাবােধ নাইকিয়া হৈ ইয়াৰ বিপৰীতে প্রাণ পাই উঠিছে সাহসিকতা, অধিকাৰবােৰ, প্রতিকুলতা জয়ৰ ক্ষমতাই। পৃথিৱীৰ জপনাত টোকৰ দি জনাই দিছে শান্তিৰ বাবে জীয়াই থকাৰ বাবে সুস্থ মনৰ কাৰণে শিক্ষা অতি আৱশ্যকীয়। শিক্ষাৰ সমতাৰ লগতে নাৰীশিক্ষা অত্যন্ত দৰকাৰী।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top