আপুফুলৱা, নিকুমা-মাদোঙমা আৰু সিহঁতৰ সন্তান-কামেং সীমান্তৰ সাধু

আপুফুলৱা

নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি কামেং সীমান্তৰ সাধুৰ পৰা “আপুফুলৱা, নিকুমা-মাদোঙমা আৰু সিহঁতৰ সন্তান” নামৰ সাধুটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে সাধুকথাৰ এই মনোৰম জগতখনৰ ৰস পান কৰিবলৈ সাধুটো শেষলৈকে পঢ়ক। ইয়াৰ উপৰিও আন বহুতো সাধু আমাৰ এই ৱেবছাইটত প্ৰকাশ কৰা হৈছে। আশা কৰোঁ আপুনি পঢ়ি ভাল পাব।

আগৰ সাধুত আপুফুলৱা আৰু মুইনিনিৰ কথা কোৱা হৈছে। আপুফুলৱা আৰু মুইনিনিৰ ল’ৰা-ছােৱালীবােৰ ডাঙৰ হ’লত সিহঁত সকলাে মাক দেউতাকৰ পৰা আঁতৰি গুচি গ’ল। আপুফুলৱাও সময়ত বুঢ়া হ’ল। কিন্তু মুইনিনি ধুনীয়া গাভৰু হৈয়ে থাকিল। আপুফুলৱা বুঢ়া হােৱাত মুইনিনিৰ বৰ দুখ। গতিকে তাই নদীৰ ঘাটলৈ পানী আনিবলৈ যাওঁতে এডােখৰ শিলৰ ওপৰত বহি দুখ কৰি গায়-

আপুফুলৱা হ’ল বুঢ়া,
মই থাকিলাে গাভৰু হৈ
তেওঁৰ যদি হয় মৃত্যু মই কৰিম কি?
ল’ৰা-ছােৱালীয়েও আমাক গ’ল এৰি।

মুইনিনিয়ে যিখিনি ঠাইত বহি গীত গাইছিল, সেইখিনি ঠাইৰ কাষতে এজন জলদেৱতাই বাস কৰিছিল। তেওঁ সদায় মুইনিনিৰ গীত শুনিছিল। তাইৰ গীতৰ অর্থ বুজিব পাৰি এদিন ভাবিলে মানুহজনীয়ে গিৰিয়েক বুঢ়া হােৱা বাবে সদায় দুখ কৰি থাকে। যদি তাই ডেকা মানুহ এটা পায়। তেন্তে তাই বৰ সুখী হ’ব। ময়াে দেখােন ডেকা হৈয়েই আছো, গতিকে ময়েই তাইক বিয়া কৰাব খুজিলে তাই মান্তি হ’ব নিশ্চয়! সেইদিনাৰ পৰা তেওঁ মুইনিনিক ধৰি নিবলৈ সুবিধা চাই থাকিল।

এদিন পানী আনিবলৈ যাওঁতে মুইনিনিৰ পানীত সাঁতুৰিবৰ ইচ্ছা গ’ল। তাই পানী অনা চুঙাবােৰ পাৰত থলে, গাৰ কাপােৰ কানিবােৰ খুলি তাৰ কাষত থৈ সম্পূর্ণ নাঙঠ হৈ পানীত নামিল। সুবিধা বুজি জলদেৱতাই তাইক ধৰি নি পানীৰ তলত থকা তেওঁৰ কাৰেঙলৈ লৈ গ’ল। তাতে তেওঁ তাইক বিয়া কৰালে। মুইনিনিয়ে নতুন পতিৰ লগত সুখেৰে থাকিল।

মুইনিনিক বিচাৰি আপুফুলৱাৰ অভিযান

আপুফুলৱা

সিফালে বহু সময় বাট চোৱাৰ পিছত যেতিয়া মুইনিনি ঘাটৰ পৰা ঘৰলৈ উভতি নাহিল, তেতিয়া আপুফুলৱাই তাইক বিচাৰি নৈ লৈ গ’ল। তাত সি মুইনিনিৰ কাপােৰ আৰু পানী নিয়া বাঁহৰ চুঙাবােৰ পৰি থকা দেখিবলৈ পালে। সি তাইক মাছ মাৰিবলৈ যােৱা বুলি ভাবিলে; গতিকে নদীৰ কাষে কাষে ঘুৰি-পকি সি মুইনিনিক চিঞৰি চিঞৰি মাতিলে; কিন্তু তাইৰ পৰা কোনাে উত্তৰ নাহিল। তাইক বিচাৰি গৈ গৈ সি সদূৰ তিব্বত পালেগৈ। ইমান দূৰলৈকে বিচাৰিও মুইনিনিক নােপােৱাত স্বাভাৱিকতে সি হতাশ হৈ পৰিল। মুইনিনিক পুনৰ পােৱাৰ আশা বাদ দি সি তাৰ পৰা ঘৰলৈ উভতিল।

নিকুমা মাদোঙমা আৰু আপুফুলৱাৰ বিয়া

আহি থাকোতে বাটত আপুফুলৱাই নিকুমা-মাদোঙমা নামৰ এজনী কুৎসিত ছােৱালী লগ পালে। তাইৰ মাথােন এটা চকু, এখন কাণ, এখন হাত আৰু এখন ভৰি আছিল; নাক কিন্তু নাছিলেই। তাইৰ কুৎসিত ৰূপ দেখি আপুফুলৱাই ভাবিলে— এনেকুৱা কুৎসিত ছােৱালীয়ে পৃথিৱীত থাকিব পাৰে ভাবিবই নােৱাৰি। তাইৰ কুৎসিত ৰূপটো দেখিয়েই মনত ঘৃণা উপজি গৈছে। কোন মানুহেনাে এনে ছােৱালীক বিয়া কৰাবলৈ আগবাঢ়ি আহিব? পিছ মুহূর্ততে সি পুনৰ ভাবিলে— মই বুঢ়া হলাে। সেইবাবেই মুইনিনিয়ে মােক এৰি থৈ গুচি গ’ল। গােটেই জীৱনটো এতিয়া মই অকলশৰে কটাব লাগিব। এই বুঢ়া বয়সত মই বিচাৰিলেও ছােৱালী এজনী নাপাওঁ। গতিকে এইক বিয়া কৰালে মােৰ একো লােকচান নহয়; বৰং পতি এজন পালে তাইৰ জীৱনো সার্থক হ’ব।

সি নিকুমা মাদোঙমাক বিয়াৰ প্ৰস্তাৱ দিলে। তাই আনন্দেৰ সেই প্রস্তাৱ গ্ৰহণ কৰিলে। নিকুমা মাদোঙমাক বিয়া কৰাই সি ঘৰলৈ উভতি আহিল।

নিকুমা মাদোঙমাৰ শিল সন্তান

কিছুদিনৰ পিছত নিকুমা মাদোঙমা গৰ্ভৱতী হ’ল। সময়ত তাই সন্তান এটি জন্ম দিলে। কিন্তু সন্তানটো মানুহ নহৈ হ’ল শিল এটা। মাক বাপেকে তাৰ মুখৰ পৰা মাত উলিয়াবলৈ যত্ন কৰিলে। কিন্তু সিহঁতৰ সকলাে চেষ্টা ব্যর্থ হ’ল। শিলৰ মুখৰ পৰা মাত নােলাল। তাতে আপুফুলৱা আৰু নিকুমা মাদোঙমাৰ বৰ খং উঠিল। সিহঁতে তাৰ মুখৰ পৰা যেনে-তেনে মাত উলিওয়াৰ কাৰণে দৃঢ় সংকল্পবদ্ধ হ’ল। সেই নিমিত্তে সিহঁতে গধুৰ গধুৰ কাঠৰ পাচোটা বােজা তাৰ ওপৰত জাপি দিলে। কিন্তু সি নিমাত হৈ থাকিল। আপুফুলৱাই পুনৰ তাৰ ওপৰত পানী ভৰি থকা পাঁচোটা বাঁহৰ চুঙা জাপি দিলে। তথাপি যেতিয়া সি নিমাত হৈ থাকিল, তেতিয়া তাৰ ওপৰত আকৌ পাঁচোটা বেতৰ বােজা জাপি দিয়া হ’ল।

তাতো যেতিয়া একো নহ’ল, তেতিয়া সিহঁতে পাঁচোটা বাঁহৰ বােজা জাপি দিলে। তাৰ পিছতাে সি নিমাত হৈ থকা দেখি সিহঁতে তাৰ ওপৰত পাঁচোটা খেৰৰ বােজা জাপি দিলে। আপুফুলৱা আৰু নিকুমা মাদোঙমাই যেতিয়া একোতে সিহঁতৰ সন্তানৰ মুখৰ পৰা মাত উলিয়াব নােৱাৰিলে, তেতিয়া আপুফুলৱাৰ বৰ খং উঠিল আৰু সেই খঙৰ ভমকতে সি শিল টুকুৰা হাবিলৈ দলি মাৰি পেলাই দিলে। তেতিয়াহে সিহঁতৰ সন্তানৰ মুখৰ পৰা মাত ওলাল।

শিলটোৱে মাক দেউতাকক উদ্দেশ্য কৰি ক’লে- আই-দেউতা! আপােনালােকে মােক হাবিত দলিয়াই পেলাই দি খুউব ভাল কাম কৰিলে। মই হাবি-বননিত থাকিবলৈহে জন্ম লৈছিলাে। কাৰণ মােৰ পৰাই পানী ওলাই নদীৰ সৃষ্টি হ’ব, মােৰ বুকুতে গছ-গছনি, ঘাঁহ-বন, শস্য আদি গজিব। মই শিল হৈ থাকিলে আপােনালােকৰ সন্তানে মােৰ আশ্ৰয়ত গুহা কৰি বা ঘৰ সাজি থাকিব। মই নদীৰূপে বৈ থাকিলে তাৰ মাজত বহু মাছ থাকিবলৈ ল’ব। আপােনালােকৰ সন্তান-সন্ততিয়ে সেই মাছ মাৰি খাব পাৰিব আৰু সেই মাছ মৰা কামতাে মই সহায় কৰিম। আপুফুলৱা আৰু নিকুমা-মাদোঙমাই শিলচটা তাতে এৰি ঘৰলৈ উভতি গ’ল।

আপুফুলৱা

নিকুমা মাদোঙমাৰ অদ্ভুত সন্তান

তাৰ কিছুদিনৰ মূৰত নিকুমা-মাদোঙমাই পুত্র সন্তান এটা জন্ম দিলে। সন্তানটো মানুহাে নহয়, জন্তুও নহয়, নির্জীৱ বস্তুও নহয়, তাৰ মাজতে কিম্ভুত-কিমাকাৰ এটা প্রাণী হ’ল। মাক-বাপেকে তাৰ নাম ৰাখিলে তাকোইং। ল’ৰাটোৱে উপজিবৰ পৰা দৌৰাদৌৰি কৰিবলৈ আৰম্ভ কৰিলে। অকল দৌৰি ফুৰাই নহয়, দৌৰি ফুৰোঁতে সি দিং দোং শব্দও কৰিবলৈ ধৰিলে। যেতিয়া আপুফুলৱা আৰু নিকুমা-মাদোঙমাই ভাত ৰান্ধিবৰ কাৰণে জুই জ্বলায়, তেতিয়া সি জুইখিনি নুমুৱাই পেলায় বা বেছিকৈ ফুৱাই দপদপাই জুইকুৰা জ্বলাই দি তাৰ শিখা ইফাল-সিফাল ফুৱাই নচুৱাই থাকে। ঘৰৰ কাপােৰ কানি, ঘৰৰ চাল, শস্য, পাতল বস্তু আদি পালেই সি জুইত পেলাই দিয়ে।

তাৰ এনে কার্যত মাক বাপেকৰ বৰ বিৰক্তি উপজিল। এদিন আপুফুলৱাই তাক খঙতে গােৰ মাৰি দিলে আৰু লগতে ঘৰৰ পৰা ওলাই যাবলৈ ক’লে। সি দেউতাকৰ খাপৰ পৰা দা আৰু চৌকাৰ পৰা জ্বলি থকা কাঠ এটুকুৰা লৈ আকাশলৈ গুচি গ’ল আৰু যাওঁতে কৈ গ’ল— মই আকাশলৈ যাওঁ। তাত এটা ডাঙৰ ড্রেগনে বাস কৰে। সি পৃথিৱীত বৰষুণ পৰাৰ পৰা বাধা দি ৰাখে। মই তাৰ লগত যুঁজি পৃথিৱীত বৰষুণ দিয়াম। তাৰ ফল আপােনালােকে আৰু আপােনালােকৰ ল’ৰা-ছােৱালীয়ে ভােগ কৰিব।

সেই কাৰণে যেতিয়া তাকোইঙে ড্রেগনৰ সৈতে যুদ্ধ কৰে, তেতিয়া আমি আকাশত গর্জন শুনিবলৈ পাওঁ আৰু যেতিয়া সি তাৰ জ্বলা আঙঠাৰে ড্রেগনক ভয় দেখুৱায়, তেতিয়া আমি আকাশত বিজুলী-ঢেৰেকণি দেখিবলৈ পাওঁ।

আপুফুলৱা

নিকুমা মাদোঙমাৰ তৃতীয় সন্তান

তাৰ পিছত নিকুমা-মাদোঙমাই তৃতীয় সন্তান জন্ম দিলে। তাৰ নাম থােৱা হ’ল কালাও। জন্মিয়েই সি গুৰৰ-গাৰৰ শব্দ কৰি চাৰিওফালে ঘূৰিবলৈ ধৰিলে। সি অকলে অকলে ঘুৰিয়েই ক্ষান্ত নাথাকিল, তাৰ লগতে সি মাক বাপেককো ঘূৰিবলৈ বাধ্য কৰালে। ফলত সিহঁতে কাম কৰিব নােৱৰা হ’ল। আপুফুলৱাৰ তাতে বৰ খং উঠিল। সি কালাওক গােৰ মাৰি ঘৰৰ পৰা ওলাই যাবলৈ ক’লে।

দেউতাকৰ ব্যৱহাৰত কালাৱৰ বৰ খং উঠিল। সি দেউতাকক কলে— আপুনি মােক ভৰিৰে গােৰ মৰাৰ কোনাে যুক্তি নাছিল। আপােনাৰ দৰে মােৰাে খং বােলা বস্তু এটা আছে। আপুনি মােক যেনে ব্যৱহাৰ কৰিলে, তাৰ প্ৰতিশােধ মই নােলােৱাকৈ নাথাকো। মই পৃথিৱীক কঁপাই তুলি প্রাকৃতিক দুর্যোগ ঘটাম আৰু আপােনাক তথা আপােনালােকৰ সন্তান সন্ততিক দুখ-কষ্ট দিম। সেইবুলি কৈ সি মাটিৰ তললৈ গুচি গ’ল। সেই তেতিয়াৰ পৰা যেতিয়াই কালাৱে চক্রাকাৰে ঘূৰিবলৈ লয়, তেতিয়াই পৃথিৱীত ভূমিকম্প হয় আৰু তেতিয়া মানুহৰ নানাধৰণৰ আলৈ-আথানি হয়।

নিকুমা মাদোঙমাৰ চতুর্থ সন্তান

তাৰ পিছত নিকুমা-মাদোঙমাৰ চতুর্থ সন্তান জন্ম হ’ল। সন্তানটোৰ নাম চাক মাও থােৱা হ’ল। সি জন্ম হােৱাৰ লগে লগে গােটেই পৃথিৱী আন্ধাৰ হৈ গ’ল। সেই আন্ধাৰত আপুফুলৱা আৰু নিকুমা-মাদোঙমা, উভয়ে উভয়ক দেখা নােপাৱা হ’ল। আপুফুলৱা আৰু নিকুমা মাদোঙমাই খঙতে দুয়াে ফালৰ পৰা সন্তানটোক প্ৰহাৰ কৰিবলৈ ধৰিলে। মাক বাপেকৰ প্ৰহাৰত অতিষ্ঠ হৈ চাকমাও মানুহ ঘৰৰ পৰা পানী এচুঙা লৈ ওপৰলৈ উৰি গ’ল। যাওঁতে সি কৈ গ’ল মই ককাই তাকোইঙৰ কাষলৈ যাওঁ আৰু তাৰ সৈতে লগ লাগি পৃথিৱীত পানীবর্ষণ কৰিম। সি মেঘ হৈ আকাশত থিতাপি ল’লেগৈ।

নিকুমা-মাদোঙমা আৰু আপুফুলাৰ পঞ্চম সন্তানটোৰ নাম হাচাম। প্রথমটো সন্তানৰ দৰে সি বােবা আছিল আৰু মাক যলৈকে যায়, কাপােৰৰ আঁচলত ধৰি সিও তালৈকে যায়। কিন্তু সি য’তেই ভৰি দিয়ে ত’তেই ডাঙৰ ডাঙৰ ঘূর্ণী বতাহৰ সৃষ্টি হয় আৰু সকলোেবােৰ বস্তু উৰুৱাই নিয়ে। সিহঁতে তাক ধৰি বান্ধি ৰাখিব খুজিও ব্যর্থ হ’ল। গতিকে সিহঁতে তাকো ঘৰৰ পৰা ওলাই যাবলৈ আদেশ দিলে। মাক বাপেকৰ আদেশ মানি সি ওলাই গ’ল। যাবৰ সময়ত সি কৈ গ’ল- মই যাওঁ, কিন্তু গলেও মই আপােনালােকৰ সহায়ৰ বাবে সদায় সাজু থাকিম। যেতিয়াই ক’ৰবাত লেতেৰা জাৱৰ-জোঁথৰ গােট খায়, তেতিয়াই মই তাক উৰুৱাই লৈ যাম, গছৰ পাত শুকাই গ’লে তাক সৰাই দিম আৰু নতুন পাত গজাম। মই পৃথিৱীত জাৰ, জহ, বাৰিষা আনিম আৰু লৈ যাম। পৃথিৱীখন মই পৰিবর্তনশীল আৰু সজীৱ কৰি ৰাখিম।

তাৰে কিছুদিন পিছত নিকুমা মাদোঙমাই এটা সাপৰ জন্ম দিলে। সাপটো দেখি সিহঁতে ভয় খালে। তাকে দেখি সাপে মাত লগালে- ‘ভয় নাখাবা।’ মই নদীৰ ৰজা হ’বলৈ আহিছো। সেইবাবে মই নদ-নদী, জান-জুৰি, বিল পুখুৰী আদিত বাস কৰিম। যেতিয়া সেইবােৰত পানী শুকাই যাবলৈ ধৰিব, তেতিয়া মই আকাশত গৈ পানী খুজিম। সেইবুলি কৈ সি ঘৰৰ পৰা আঁতৰি গ’ল। সেই কাৰণে যেতিয়া পাতলকৈ বৰষুণ দিয়ে, তেতিয়া সি নদী বা জান-জুৰিৰ পৰা উঠি আকাশলৈ যায় আৰু আমি তাক ৰামধেনু ৰূপে দেখা পাওঁ।

আপুফুলৱা আৰু নিকুমা-মাদোঙমাৰ তাৰ পিছৰ সন্তানটোও হ’ল এটা সাপ। নিকুমা-মাদোঙমাই আগৰ সাপ সন্তানটোৰ দৰে ইয়াে ভাল সন্তান বুলি ভাবি মৰমতে বুকুত সাবটি ল’লে। কিন্তু সাপটোৱে তাইৰ বুকুত খোঁট মাৰিলে। বিষত নিকুমা-মাদোঙমা অজ্ঞান হৈ পৰিল। আপুফুলৱাই তাইক ঔষধ দি পুনৰ তাইৰ জ্ঞান ঘূৰাই আনিলে। তাৰ পিছত তাই য’লকৈ যায়, সাপটোওে তাইক অনুসৰণ কৰিবলৈ ধৰিলে। আৰু যি বাটেৰে সি পৃথিৱীলৈ আহিছিল, সেই বাট বিচাৰি সি মাকক কষ্ট দিবলৈ ধৰিলে। অৱশেষত নিকুমা মাদোঙমাৰ খং উঠিল আৰু তাক ধৰি হাবিত দলিয়াই দিলে। বৰ ককায়েক শিলৰ লগত থাকিবৰ বাবে সি গুচি গ’ল।

তাৰ পিছত নিকুমা-মাদোঙমাই নানাধৰণৰ কাঁইটীয়া গছ, লতা, ঘাঁহ, বন আদিৰ জন্ম দিলে। সিহঁতক হাবিত পেলাই দিয়া হ’ল। তাৰ পিছত তাই নানাধৰণৰ বিষাক্ত পােক-পৰুৱা আদিৰ জন্ম দিলে আৰু সেইবােৰো হাবিত এৰি দিয়া হ’ল। নিকুমা-মাদোঙমাই তাৰ পিছত নানাধৰণৰ বীজাণুৰ জন্ম দিলে। সিহঁতৰ জন্ম হােৱাৰ লগে লগে আপুফুলৱা আৰু নিকুমা-মাদোঙমাৰ বেমাৰ হ’ল। তেনেতে সেইফালে এটা কেদো উৰি আহিল। আৰু সি আপুফুলৱা আৰু নিকুমা মাদোঙমাৰ বেমাৰ দেখি চিকিৎসা কৰি আৰােগ্য কৰি থৈ গ’ল। আৰােগ্য হৈ সিহঁতে বীজাণুবােৰক ক’লে- ‘তহঁত ইয়াৰ পৰা গুচি যা। তহঁতে যিহেতু আমাক কষ্ট দিলি, গতিকে তহঁতক অভিশাপ দিছাে তহঁতে যেন কেতিয়াও কতাে শান্তিৰে থাকিবলৈ নাপাৱ। সেই কাৰণে সকলাে ৰােগৰ বীজাণু একেলগে থাকিব নােৱাৰে আৰু বেছি দিন একেটা দেহতাে শান্তিৰে থাকিব নােৱাৰে।

আপুফুলৱা আৰু নিকুমা-মাদোঙমাৰ মৃত্যু

অৱশেষত নিকুমা-মাদোঙমাই এটা মৃত সন্তান জন্ম দিলে। তাৰ জন্ম হােৱাৰ লগে লগে আপুফুলৱা আৰু নিকুমা-মাদোঙমাৰ মৃত্যু হ’ল। সি কান্দি কান্দি মাক বাপেকক বিচাৰি ফুৰিবলৈ ধৰিলে। কিন্তু যেতিয়াই সি কোনো মানুহৰ ওচৰলৈ গৈ মাক বাপেকৰ বাতৰি সােধে, তেতিয়াই সেইটো মানুহৰ মৃত্যু ঘটে। তেনেকৈয়ে পৃথিৱীলৈ মৃত্যু আহিল।

আপুফুলৱাৰ ঔৰসত নিকুমা-মাদোঙমাৰ গৰ্ভৰ পৰা তেনেকৈ পৃথিৱীৰ চেতন-অচেতন নানা জীৱ-জন্তু, গছ-গছনি, নদ-নদী আদি বস্তুৰ জন্ম হ’ল। তাৰে কিছুমান মানুহৰ উপকাৰী আৰু কিছুমান অপকাৰী ৰূপে চিহ্নিত হ’ল।

(আশা কৰোঁ আপুনি সাধুটো পঢ়ি ভাল পাইছে। যদি আপুনি সাধুটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই সাধুটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top