আমাৰ সংসাৰ

প্ৰথম দৰ্শন
(ভৱানীৰ বয়স ২২৷ স্বামী শম্ভূনাথৰ বয়স ৩০৷ জীয়েক চেনেহীৰ বয়স ৩ বছৰ৷ পুৱা ৯ বজা৷ বৰঘৰৰ ভিতৰ৷ ভৱানী শোৱাপাটীত৷ শম্ভূ পাটীৰ কাষত থিয় হৈ৷)

শম্ভূ: পিছে তুমি আজি নুঠা নে? ৯ বাজিল৷ মোৰ কছাৰীলৈ যাবলৈ সময় হলহি; এতিয়ালৈকে ভাত-পানীৰো একো দিহা নহল দেখোন?
(উস্‌! আস্‌! কৈ ভৱানীয়ে কেকায়৷ )
কি হৈছে? কেকাইছা কিয়?
(আকৌ দীঘল দীঘল কেকনি) নোকোৱা নো কিয় কি হৈছে?

ভৱানী: কি হ’ব, একো হোৱা নাই৷ আমি মৰিলেও কিবা কোনোবাই আমাৰ বুজ লওঁতা আছে নে? সকলোৰে কেৱল খাওঁ খাওঁ মূৰ্ত্তিহে৷ উস্‌! উস্‌-দেউতা ঐ-!

শম্ভূ: কি, জ্বৰ হৈছে নেকি? চাওঁ৷
(শোৱাপাটীত বহি ভৱানীৰ কপালত হাত দিয়ে৷ )

ভৱানী: সেই ফেৰাইহে বাকী আছে৷ -উস্‌! –আস্‌! –ইস্‌! –
(চেনেহীৰ প্ৰবেশ)

চেনেহী: আই, হেল আই, মোল ভোক আগিছে, দলপান দে৷
(পাটীত উঠি মাকৰ গাৰ ওপৰত পৰে)

ভৱানী: উস্‌! উস্‌! তয়ো আহিছনে মোক খাবলৈ? জলপান বুলি মোৰ মূৰটোকে খা৷ গাৰ বিষত লৰচৰ কৰিব পৰা নাই মইা মানুহজনীয়ে, আটায়ে খাওঁ খাওঁ লগাইছে!

শম্ভূ: গা বেয়া যদি উঠিব নালাগে, শুই থাকা৷ মইা আজি বেজবৰুৱাৰ ঘৰৰপৰা বিষৰ তেল আনি দিম, সেই তেল ঘঁহিলেই ভাল হ’ব৷ চেনেহী আহ, মাৰক আমনি নকৰিবি; মাৰৰ নৰীয়া হৈছে নেদেখিছ৷ মইৰ জলপান খাবলৈ দিম আহ৷
(ঠোন্‌-ঠোনাই কন্দা চেনেহীক কোলাত তুলি লৈ শম্ভূ বাহিৰলৈ আহে৷ )

দ্বিতীয় দৰ্শন
(পুৱা ১০ বজা৷ আলিবাট৷ )

ঘিণাৰাম পেস্কাৰ: সেইটি নকলনবিচ ডাঙৰীয়া নে? ৰব মইহও গৈছোঁ৷ আজি আমি গৰহাজিৰ হমহঁক যেন পাওঁ৷ হাকিম যে খুব সোনকালে কছাৰীলৈ আহিবলৈ ধৰিছে৷

শম্ভূ: আহক, গৰহাজিৰ নহওঁ, দহহে বাজিছে৷

ঘিণাৰাম: আজি আপোনাৰ মুখখন শুকান কিয়? গা ধুবলৈ নহল হ’বলা?

শম্ভূ: এৰা, আজি আমাৰ ঘৰ-ঘৈণীৰ গা ভাল নহয়, সেই দেখি ভাত-পানী ৰন্ধা নহ’ল; বাহী গায়ে কছাৰীলৈ আহিলো!

ঘিণাৰাম: আপুনি আজি এই চ’ত-মহীয়া দিনটো এই দৰেই কটাব নেকি? নিজেই এমুঠি চাউল বহাই নাখালে কিয়?

শম্ভূ: কিবা বাঙ্কৰা কাকত এসোপা চাই থাকোঁতেই পলম হ’ল, নোৱাৰিলো৷ ঘিণাৰাম: আপোনাসকল বামুণৰ জীৱ দুৰা-কাছৰ নিচিনা লেকেতা; বতাহ খায়ো আপোনালোকে তিনি দিন কটাব পাৰে৷ আমি শূদিৰ মখাইহে এসাঁজ খাবলৈ নেপালে পেটৰ পোৰণিত ত্ৰাহি-মধুসূদন দেখোঁ৷ সৌৱা হাকিম এতিয়াহে আহিছে৷ (প্ৰস্থান) তৃতীয় দৰ্শন (দুপৰীয়া ১২ বজা৷ ৰান্ধনি ঘৰ৷ ভৱানীয়ে বহি খাত খাইছে৷ চেনেহীয়ে কাষতে থিয় হৈ কল্‌-কল্‌ কৰি কথা কৈছে৷ ) চেনেহী: আই, এই বল ফুঠী মাঠটো মোল; নহয় নে বালু আই? ভৱানী: হয় এই বৰ পুঠি মাছটো তোৰে; মোক ভাজি অতাবলৈ দে; আগৰপৰা আহুকাল কৰি নেথাকিবি৷ চেনেহী: হেল আই হেল, মোল ফালে ঠাঠোন, আন্দাত আজি জেল নেমাল নে? ভৱানী: কেপ্‌কেপাই নাথাকিবি সেই, কোনে কলে আঞ্জাত তেল নেমাৰোঁ বুলি তোক? চাওঁ গুচ, মোক তেলৰ চুপিটো আনিবলৈ দে৷ চেনেহী: আই হেল, ভাতে বক্‌বক্‌ কলে কিয়? ভৱানী: উতলি কৰে৷ চেনেহী: নহয়, নহয়, তইা মোল দেউতালে সৈতে দন্দ কলে৷ চতুৰ্থ দৰ্শন (ৰান্ধনিঘৰৰ মজিয়া৷ ভৱানী আৰু চেনেহীৰ একেখন কাঁহীতে ভোজন৷ ) চেনেহী: মোল বল ফটী মাঠটো তই নেকাবি, হেল আই৷ ভৱানী: নেখাওঁ৷ চেনেহী: (কান্দি) নেকাওঁ বুলি তইব মোল বল ফুটি মাঠটোৰ আদখিনি কালি৷ দেউতা কেছালিল পলা আহিলে আজি মইন কৈ দিম৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top