আলীবাবা আৰু চল্লিশটা চোৰৰ কাহিনী
বহুবছৰ আগৰ কথা। পাৰস্য দেশত আলিবাবা আৰু কাছিম নামৰ দুজন ভাতৃয়ে বসবাস কৰিছিল। দেউতাকৰ মৃত্যুৰ পিছৰে পৰা দুয়োজন ভাতৃয়ে একেলগে দেউতাকৰ ব্যৱসায় চলাব আৰম্ভ কৰিলে। কিন্তু ডাঙৰ ভায়েক কাছিম বৰ লোভী আছিল। তেওঁ প্ৰৱঞ্চনাৰে সৰু ভায়েক আলীবাবাক ঠগি গোটেই ব্যৱসায়টোৱে নিজে কৰি লৈ আলিবাবাক ঘৰৰ পৰা বাহিৰ কৰি দিলে।
আলীবাবা আৰু চল্লিশটা চোৰৰ কাহিনী
উপায়হীন হৈ আলিবাবাই এটা বসতিস্থললৈ গ’ল আৰু তাতে তেওঁৰ পত্নীৰ সৈতে জুপুৰী এটাত দৰিদ্ৰ জীৱন অতিবাহিত কৰিবলৈ আৰম্ভ কৰিলে। জীৱন নিৰ্বাহৰ বাবে তেওঁ প্ৰতিদিনে অৰণ্যলৈ গৈ কাঠ কাটি আনে আৰু সেয়া বজাৰত বিক্ৰী কৰি পোৱা ধনেৰে যেনে তেনে এমুঠি খাদ্যৰ যোগাৰ কৰে।
এদিনাখনৰ কথা। আলিবাবাই অৰণ্যত কাঠ কাটি আছিল আৰু তেনে সময়তে হাবিৰ মাজৰ সেই নিৰ্জন ঠাই টুকুৰালৈ ৪০টা ঘোঁৰাত উঠি ৪০ জন মানুহ অহা দেখিলে। প্ৰতিজন ঘোঁৰাচালকৰ ওচৰত টকাৰ মোনা আৰু ডেগাৰ আছিল। একেলগে ইমানখিনি ধন তেওঁলোকৰ ওচৰত দেখি তেওঁ বুজি পাইছিল যে তেওঁলোক সকলোবোৰেই চোৰ।
আলিবাবাই ডাঙৰ গছ এডালৰ পিছফালে লুকাই লুকাই সিহঁতৰ গতিবিধি চাবলৈ ধৰিলে। তেওঁ দেখিলে চোৰবোৰে এঠাইত ৰ’ল আৰু তাৰ পিছত তাত থকা পাহাৰখনৰ সন্মুখলৈ গৈ থিয় হ’ল। তাৰ পিছত চোৰৰ চৰ্দাৰজনে পাহাৰখনৰ সন্মুখত থিয় হৈ ক’লে, “খুল যা চিম চিম।” এনেদৰে কোৱাৰ লগে লগে পৰ্বতখনৰ এটা গুহাৰ গুপ্ত দুৱাৰ এখন খোল খালে আৰু সকলো ঘোঁৰাচালক সেই গুহাৰ ভিতৰলৈ সোমাই গ’ল। গোটেই কেইজনে ভিতৰলৈ যোৱাৰ লগে লগে চৰ্দাৰজনে ক’লে, “বন্ধ হৈ যা চিম চিম” আৰু লগে লগে গুহাৰ দুৱাৰখন বন্ধ হৈ গ’ল।
আলীবাবা আৰু চল্লিশটা চোৰৰ কাহিনী
আলিবাবাই এই দৃশ্য দেখি আচৰিত হৈ পৰিল। কিছু সময়ৰ পিছত দুৱাৰখন পুনৰ খোল খালে আৰু সকলো ঘোঁৰাচালক তাৰ পৰা ওলাই আহিল আৰু ঘোঁৰাত উঠি গুচি গ’ল। আলিবাবাই তেওঁলোক যোৱাৰ পিছত এই গুহাটোতনো কি আছে আৰু তেওঁলোক সকলোৱে ইয়ালৈ আহি কি কৰি আছিল সেয়া জানিবলৈ আগ্ৰহী হৈ পৰিল। তেওঁ লগে লগে গুহালৈ যোৱাৰ সিদ্ধান্ত ল’লে। তেওঁ সেই পৰ্বতখনৰ সন্মুখলৈ গৈ চোৰৰ চৰ্দাজনে কোৱা কথাখিনিকে ক’বলৈ আৰম্ভ কৰিলে – “খুল জা চিম চিম, খুল জা চিম চিম….”।
লগে লগে গুহাৰ দুৱাৰখন খুলি গ’ল। আলিবাবাই গুহাৰ ভিতৰলৈ সোমাই গ’ল আৰু দেখিলে যে তাত সোণৰ বিভিন্ন ধৰণৰ গহনা, মুকুট আদি ৰখা আছে। চাৰিওফালে মাথো ধন আৰু টকা পইচা। ইমানবোৰ ধন-সম্পদ একেলগে দেখি তেওঁৰ আনন্দৰ সীমা নোহোৱা হ’ল। তেওঁ বুজি উঠিল যে চোৰবোৰ ইয়ালৈ আহে আৰু চুৰি কৰি অনা সামগ্ৰীবোৰ ইয়াতে সকলোৰে পৰা লুকুৱাই ৰাখে। আলিবাবাই কিছুসময় চিন্তা কৰি সেই ধন সম্পদৰ মাজৰ পৰা কিছু ধন আৰু সোণ ভৰাই ঘৰলৈ গ’ল।
আলীবাবা আৰু চল্লিশটা চোৰৰ কাহিনী
ঘৰলৈ গৈয়ে আলিবাবাই তেওঁৰ পত্নীক এই গোটেই ঘটনাটোৰ বিষয়ে ক’লে আৰু মোনাখন খুলি দেখালে। একেলগে ইমানবোৰ টকা-পইচা তথা সোণৰ গহনা দেখি তেওঁৰ পত্নী আচৰিত হৈ সেইবোৰ গণিবলৈ বহিল। আলিবাবাই তাইক ক’লে যে, এতিয়া ইমানবোৰ টকা-পইচা, গহনা গণনা কৰি থাকিলে ৰাতি পোহৰ হ’ব। মই গাঁত এটা খান্দি এইবোৰ আনে নেদেখাকৈ লুকুৱাই ৰাখোঁ যাতে কোনেও আমাক সন্দেহ কৰিব নোৱাৰে। আলিবাবাৰ পত্নীয়ে ক’লে, মই এইবোৰ এতিয়া গণনা কৰি শেষ কৰিব নোৱাৰো, কিন্তু এটা ধাৰণাৰ বাবে মই এইবোৰৰ ওজন কৰিব পাৰো।
এইবুলি কৈয়ে আলিবাবাৰ পত্নীয়ে কাছিমৰ ঘৰলৈ দৌৰ মাৰি গ’ল আৰু কাছিমৰ পত্নীক কৈ তেওঁলোকৰ ঘেঁহুৰ ওজন জোখা তুলাচনীখন খুজি আনিলে। হঠাতে কাছিমৰ ঘৰলৈ তুলাচনীখন নিবলৈ অহাৰ বাবে কাছিমৰ পত্নীয়ে তেওঁৰ ওপৰত সন্দেহ কৰিলে। তেওঁ আচৰিত হ’ল যে, এই ভিকহুসকলে হঠাতে কেনেকৈ ইমান জুখিব লগাকৈ শস্য পাইছে। তাই ভিতৰলৈ গৈ মনে মনে তুলাচনীখনৰ তলত আঠা অলপ লগাই আনি তাইক দি দিলে।
ৰাতি আলীবাবাৰ পত্নীয়ে সকলো ধন সম্পদ আগত লৈ ওজন লোৱা আৰম্ভ কৰিলে। পিছদিনা ৰাতি পোহৰ হোৱাৰ লগে লগে তেওঁলোকৰ তুলাচনীখন ঘূৰাই দি আহিল। কাছিমৰ পত্নীয়ে তুলাচনীখন ঘৰলৈ নি ওলোটাকৈ চালে আৰু তাত এটা সোণৰ মুদ্ৰা লাগি থকা দেখিলে। তাই লগে লগে এই কথাটো তাইৰ স্বামীক ক’লে। কাছিম আৰু তেওঁৰ পত্নীয়ে বুজিলে যে আলীবাবাহঁতে কৰোবাৰ পৰা ধন সম্পদ পাইছে। এয়া ভাবিয়ে তেওঁলোক দুয়ো গোটেই ৰাতি টোপনি নাহিল।
ৰাতিপুৱা হোৱাৰ লগে লগে কাছিমে আলিবাবাৰ ঘৰলৈ গৈ তেওঁক ধনখিনিৰ উৎসৰ কথা সুধিলে। আলিবাবাই এইকথা শুনি ক’লে যে, তুমি ভুল বুজিছা! মই ইমান ধন ক’ত পাম! মইতো এজন সাধাৰণ খৰিকটীয়াহে।
কাছিমে ক’লে যে তোমাৰ পত্নীয়ে কালি আমাৰ ঘৰৰ পৰা ধন সম্পদবোৰ জোখাৰ বাবে তুলাচনী আনিছিল। এইটো চোৱা, এইটো তুলাচনীত লাগি গৈছে। মোক সঁচা কথাটো কোৱা নহ’লে তুমি চুৰি কৰা বুলি মই সকলোকে কৈ দিম। এই কথা শুনি আলীবাবাই ভয় খালে আৰু গোটেই কাহিনীটো তেওঁক ক’লে।
কথাখিনি শুনিয়ে কাছিমৰ মনটো লালসাৰে ভৰি পৰিল। তেওঁ গোটেই ধনখিনি নিজৰ কৰাৰ পৰিকল্পনা কৰি পিছদিনা সেই গুহাটোৰ ওচৰত উপস্থিত হ’ল। তেওঁ নিজৰ পোহনীয়া গাধটোও লগত লৈ গৈছিল, যাতে তেওঁ ইয়াৰ ওপৰত বান্ধি ধন আনিব পাৰে। যেতিয়া তেওঁ গুহাৰ সন্মুখ পালে আলিবাবাই তেওঁক কোৱাৰ দৰে তেওঁ খুল যা চিম চিম বুলি ক’লে। কোৱাৰ লগে লগে গুহাৰ দুৱাৰখন খুলি গ’ল। তেওঁ ভিতৰত উপস্থিত হৈ চাৰিওফালে ধনৰ পাহাৰ দেখি আচৰিত হৈ পৰিল। তেওঁ বস্তাত সোণৰ মুদ্ৰাবোৰ এফালৰ পৰা ভৰালে। তেওঁৰ মনটোত ইমানে আনন্দ লাগিল যে বাহিৰলৈ ওলাবলৈ কি ক’ব লাগে সেয়াও পাহৰি গ’ল।
কাছিমে গুহাৰ ভিতৰৰ পৰা ওলাই আহিবলৈ সকলো প্ৰচেষ্টা কৰিলে যদিও একো লাভ নহ’ল। তেওঁ গুহাৰ ভিতৰতে বন্দী হৈ পৰিল। কিছুসময়ৰ পিছত সেই ঠাইত যেতিয়া চোৰৰ দলটো আহি উপস্থিত হ’ল, তেওঁলোকে দেখিলে যে বাহিৰত এটা গাধ বান্ধি থোৱা আছে। তেওঁলোকে বুজি উঠিল যে কোনোবা ইয়ালৈ আহিছে। চোৰবোৰে ভিতৰলৈ গৈ কাছিমক বিচাৰি হত্যা কৰিলে।
ইফালে, যেতিয়া কাছিম বহু দেৰিলৈ ঘৰলৈ উভতি অহা নাছিল, তেওঁৰ পত্নীয়ে চিন্তাত বিচলিত হৈ আলীবাবাৰ ঘৰলৈ গ’ল আৰু ডাঙৰ ভায়েকক বিচাৰি যোৱাৰ কথা ক’লে। আলীবাবাই গুহাটোৰ ওচৰলৈ গৈ দেখিলে যে তেওঁৰ ভায়েকৰ গাধটোৱে তাত ঘাঁহ খাই আছে। তেওঁ বুজি পালে যে কাছিম ভিতৰলৈ গৈছে হয়তো তেওঁ চোৰৰ হাত ধৰা পৰিছে। যেতিয়া আলিবাবা গুহাৰ ভিতৰলৈ সোমাই গ’ল, তাত তেওঁ কাছিমৰ মৃতদেহটো দেখা পালে। আলিবাবাই মৃতদেহটো ঘৰলৈ লৈ আহিল আৰু কাকো একো নজনোৱাকৈ ইয়াক প্ৰাকৃতিক মৃত্যু বুলি ঘোষণা কৰি সৎকাৰ কৰিলে। কাছিমৰ পত্নীৰ অনুৰোধত আলীবাবা আৰু তেওঁৰ পত্নীয়ে কাছিমৰ ব্যৱসায়ৰ চোৱা চিতা কৰিবলৈ ল’লে আৰু কাছিমৰ পত্নীৰ লগত থাকিবলৈ ল’লে।
একে সময়তে, যেতিয়া চোৰবোৰ গুহালৈ উভতি আহিল আৰু কাছিমৰ মৃতদেহ দেখা নাপালে, তেওঁলোকে বুজি পালে যে গুহাৰ ৰহস্য আৰু কোনোবাই জানে। তেওঁলোকে এয়া কোন তাৰ সন্ধানত গাওঁখনলৈ যায় আৰু গম পায় যে কাৰ ঘৰত মৃত্যু কেইদিনমানৰ ভিতৰতে হৈছে। চোৰে আলীবাবাৰ ঘৰ বিচাৰি পালে। চোৰে তেওঁৰ ঘৰৰ বাহিৰত ক্ৰছৰ চিহ্ন অংকন কৰিলে, যাতে তেওঁলোকে ৰাতি তেওঁৰ ঘৰটো চিনি পোৱাত সুবিধা হয়। একে সময়তে, যেতিয়া আলীবাবাই তেওঁৰ ঘৰৰ বাহিৰত ক্ৰছ মাৰ্কটো দেখিলে, তেওঁ বুজিলে যে চোৰে তেওঁৰ ঘৰটো বিচাৰি পালে। তেওঁ গাওঁৰ সকলোৰে ঘৰৰ বাহিৰত একেই চিহ্ন আঁকি দিলে। ৰাতি, যেতিয়া চোৰবোৰ আহি সকলোৰে ঘৰত ক্ৰছৰ চিহ্ন দেখি দুবিধাত পৰি উভতি গ’ল।
চোৰৰ দলপতিজন চুপচাপ বহি থকা বিধৰ নাছিল। শেহতীয়াকৈ তাত কোন ধনী হৈছে তাকে জানিবলৈ তেওঁ তেওঁৰ মানুহবোৰক সেই ঠাইলৈ পঠিয়ালে। আৰু তেওঁ আলিবাবাৰ বিষয়ে জানিব পাৰিলে। সি তেওঁৰ ঘৰটো ভালদৰে চিনাক্ত কৰিলে আৰু এজন তেল ব্যৱসায়ী হিচাপে নিশাৰ সময়ত তেওঁৰ ঘৰত উপস্থিত হ’ল। তেওঁ তেওঁৰ লগত 40 বেৰেল তেল লৈ গৈছিল, যাৰ ভিতৰত আছিল 39 বেৰেলত চোৰ আৰু এটা বেৰেলত তেল।
তেওঁলোকে ভাবিলে যে ৰাতি যেতিয়া সকলোৱে টোপনি যাব, তেওঁলোকে সকলোৱে একেলগে আলিবাবাক হত্যা কৰিব। তেওঁ আলিবাবাৰ সৈতে বন্ধুত্ব কৰিলে আৰু ৰাতিটোৰ বাবে তেওঁৰ ঘৰত থাকিবলৈ অনুমতি বিচাৰিলে। আলিবাবাই তেওঁক খাদ্য খুৱালে আৰু তেওঁৰ ঘৰত ৰাতি থাকিবলৈ অনুমতি দিলে।
আলিবাবাৰ পত্নীৰ তেল ব্যৱসায়ীজনৰ ওপৰত সন্দেহ হৈছিল। তাই সকলো বেৰেলত টোকৰ মাৰি চালে আৰু তাই বুজি পালে যে এটা পিপাত তেল আছে আৰু বাকীবোৰত মানুহ আছে। তাৰ পিছত তাই এটা উপায় উলিয়ালে। তাই তেলখিনি তেল থকা বেৰেলৰ পৰা উলিয়াই গৰম কৰিলে আৰু বাকী বেৰেলবোৰত ঢালি দিলে। সকলো চোৰ বেৰেলতে মৰি থাকিল। ৰাতি যেতিয়া চৰ্দাৰে চোৰবোৰক বাহিৰলৈ আহিবলৈ ইংগিত দিলে, এজনো চোৰ ওলাই নাহিল। সি বেৰেলবোৰ খুলি দেখিলে যে সকলো চোৰৰে ইতিমধ্যে মৃত্যু হৈছে। এয়া দেখি সি ইমান ভয় খালে যে লগে লগে তাৰ পৰা নিজৰ জীৱন বচাবলৈ পলাই গ’ল ।
ৰাতিপুৱা, আলিবাবাৰ পত্নীয়ে এই সকলোবোৰ কথা আলিবাবাক কোৱাত তেওঁ পত্নীৰ বুদ্ধিমত্তাত সুখী হ’ল। আলিবাবা এতিয়া সেই চল্লিশজন চোৰৰ সকলো ধনৰ একমাত্ৰ গৰাকী হৈ পৰিল। কিছুদিনৰ ভিতৰতে তেওঁ দেশৰ আটাইতকৈ ধনী ব্যক্তি হৈ পৰিল আৰু সুখেৰে তেওঁৰ পত্নী আৰু সন্তানৰ সৈতে দিন নিয়াবলৈ ধৰিলে।
নীতিশিক্ষাঃ-
লোভে হৈছে মানুহৰ প্ৰধান শত্ৰু। সকলো কাম লোভৰ দ্বাৰাই নষ্ট হয়। সেয়েহে, আমি কেতিয়াও লোভী হোৱাটো উচিত নহয়।
(আশা কৰোঁ আপুনি “আলীবাবা আৰু চল্লিশটা চোৰৰ কাহিনী” সাধুটো পঢ়ি ভাল পাইছে। যদি আপুনি সাধুটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “আলীবাবা আৰু চল্লিশটা চোৰৰ কাহিনী” সাধুটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)