Table of Contents
সমগ্ৰ পৃথিৱীখনে ৰহস্যৰে ভৰপূৰ। পৃথিৱীত আমি দিয়া প্ৰতিটো খোজতে চাঞ্চল্যকৰ ৰহস্যৰ মায়াজাল আছে। যাক আমি যিমানেই বুজিবলৈ চেষ্টা কৰোঁ সি সিমানেই জটিল হৈ হৈ গৈ থাকে। পৃথিৱীৰ নানান ৰহস্যৰে পৰিপূৰ্ণ তেনে এখন দেশ হ’ল ইজিপ্ত। হাজাৰ হাজাৰ বছৰ আগেয়ে নিৰ্মাণ কৰা ইজিপ্তৰ ওখ ওখ পিৰামিড আৰু বগা কাপোৰেৰে মেৰিয়াই থোৱা মামিবোৰ মানুহৰ বাবে ৰহস্যৰ বিষয়, এয়া সেই সময়তে কৰা কিদৰে সম্ভৱ! এই লৈ সাধাৰণ মানুহেই নহয় ডাঙৰ ডাঙৰ প্ৰত্নতত্ত্ববিদসকলো আচৰিত হয়।
ইজিপ্তৰ এই পিৰামিড আৰু ভাস্কৰ্য্যসমূহ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ স্থাপত্য। যিয়ে সমগ্ৰ বিশ্বৰ মানুহকে মোহিত কৰাৰ শক্তি নিজৰ মাজত ৰাখিছে। গিজাৰ পিৰামিড মানৱ ইতিহাসৰ অন্যতম মহান স্থাপত্যৰ আশ্চৰ্য্যকৰ সৃষ্টি। মানুহৰ দ্বাৰা সৃষ্ট এই পিৰামিডবোৰ হাজাৰ হাজাৰ বছৰৰ পাছতো নিজৰ ঠাইতে থিয় হৈ আছে। যুগে যুগে অহা প্ৰাকৃতিক পৰিৱৰ্তন যেনে মৰুভূমিৰ প্ৰবল ধুমুহা, ভূমিকম্প আৰু নীল নদীৰ বানপানীয়েও ইহঁতক প্ৰভাৱিত কৰিব নোৱাৰিলে। সময়ৰ বিধ্বংসী প্ৰভাবো এই পিৰামিডবোৰৰ ওপৰত পৰা দেখা নাযায়। এইবোৰ দেখিলে মাত্ৰ এটা কথাহে চকুত পৰে; সেয়া হ’ল মিচৰৰ মহান ইতিহাস আৰু মহান স্থাপত্য।
ইজিপ্তৰ সভ্যতা
ইজিপ্তৰ সভ্যতা প্ৰায় পাঁচ হাজাৰ বছৰ পুৰণি। সেই যুগৰ আটাইতকৈ চহকী আৰু শক্তিশালী সভ্যতাৰ ভিতৰত ই আছিল এক অন্যতম সভ্যতা। ইজিপ্তবাসীয়ে নিজৰ উন্নতিৰ বাবে অহৰহ চেষ্টা কৰি ভালতকৈও ভালখিনি কৰি আহিছে। সেই পুৰণি সময়তো তেওঁলোকৰ হাতত আছিল বিশ্বৰ সকলো ধৰণৰ সুবিধা। যেতিয়া সমগ্ৰ বিশ্বই অট্টালিকা নিৰ্মাণৰ কথা ভাবিছিলহে তেনে সময়তে ইজিপ্তে আকাশলঙ্ঘী ওখ ওখ পিৰামিডবোৰ নিৰ্মাণ কৰি উলিয়াছিল।
মিচৰবাসী সকলৰ চিকিৎসা বিজ্ঞান
বিশ্বৰ আন আন দেশত য’ত মানুহে সৰু সৰু ৰোগৰ চিকিৎসাও বিচাৰি পোৱা নাছিল তেনে সময়তে ইজিপ্তৰ মানুহে অস্ত্ৰোপচাৰ কৰি চিকিৎসা ল’বলৈও আৰম্ভ কৰিছিল। তেওঁলোকৰ চিকিৎসা বিজ্ঞান ইমানেই উন্নত আছিল যে মানুহৰ মৃতদেহ সংৰক্ষণ কৰি মামিলৈ ৰূপান্তৰিত কৰিছিল। মিচৰৰ পিৰামিডত ৰজা-ৰাণীৰ লগতে ৰাজ পৰিয়ালৰ সদস্যসকলক মামি হিচাপে ৰখা হৈছিল। ‘Mummification’ আছিল প্ৰাচীন মিচৰবাসী সকলৰ এক কৌশল যাৰ জৰিয়তে তেওঁলোকে ৰজা-ৰাণীৰ মৃতদেহ হাজাৰ হাজাৰ বছৰ ধৰি সংৰক্ষণ কৰিবলৈ সক্ষম হৈছিল। এই মামিবোৰৰ বাবেই আজি আমি প্ৰাচীন মিচৰবাসীৰ জীৱন-ধাৰণৰ বিষয়েও জানিবলৈ পাইছো।
কেনেকৈ তেওঁলোক এই পৃথিৱীত বৰ্তি আছিল? তেওঁলোকৰ শৰীৰৰ দৈৰ্ঘ্য কেনে আছিল? ইজিপ্তৰ মানুহে মামিৰ লগতে বহু বস্তু ৰাখিছিল। যাৰ জৰিয়তেই বিশ্বাসীয়ে জানিব পাৰিছে যে প্ৰাচীন মিচৰৰ জীৱন-ধাৰণ প্ৰণালী কেনে আছিল! ইজিপ্তত এনে বহু মামি পোৱা গৈছে যাৰ ওপৰত এতিয়াও অহৰহ গৱেষণা চলিয়ে আছে। ইয়াৰ উপৰিও সমগ্ৰ বিশ্বৰ প্ৰত্নতত্ত্ববিদ, বিজ্ঞানী আৰু গৱেষকসকলেও গিজাৰ মহান পিৰামিডৰ ওপৰত গৱেষণা কৰিয়ে আছে। যাৰ জৰিয়তে তেওঁলোকে এই মহান পিৰামিডবোৰৰ বহু ৰহস্য উন্মোচন কৰিছে যদিও এতিয়াও বহু ৰহস্যৰ সমাধান কৰিবলৈ বাকী আছে।
ইজিপ্তৰ পিৰামিড
প্ৰাচীন মিচৰবাসীয়ে নিৰ্মাণ কৰা পিৰামিডসমূহ সমগ্ৰ বিশ্বতে বিখ্যাত। গিজাৰ বৃহৎ পিৰামিড পৃথিৱীৰ অন্যতম প্ৰাচীন আশ্চৰ্য্যকৰ পিৰামিডৰ অন্যতম। গিজাৰ মহান পিৰামিডলৈ চালেই বুজা যায় যে প্ৰাচীন মিচৰবাসী সেই সময়ৰ আন বহু সভ্যতাৰ তুলনাত সকলো দিশতে বহু আগবঢ়া আছিল। তেওঁলোকে এনে পদ্ধতিৰে পিৰামিড নিৰ্মাণ কৰিছিল যিবোৰ সেই সময়ত নিৰ্মাণ কৰাটো সম্ভৱেই নাছিল। গতিকে বন্ধুসকল, এই কাহিনীৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যে মিচৰৰ সভ্যতা প্ৰকৃততে কেনেকুৱা আছিল? কিদৰে মিচৰৰ লোকসকলে নিজকে আন সভ্যতাৰ তুলনাত ইমান উন্নত কৰিলে। এই কাহিনীৰ জৰিয়তে আপুনি তেওঁলোকৰ মহান স্থাপত্য আৰু ভাস্কৰ্য্যৰ বিষয়েও জানিব পাৰিব আৰু গিজাৰ মহান পিৰামিডৰ বিষয়েও বহুতো আকৰ্ষণীয় আৰু ৰহস্যময় তথ্যও জানিব পাৰিব। গতিকে ইজিপ্তৰ সৈতে জড়িত প্ৰতিটো গোপন ৰহস্যৰ বিষয়ে জানিবলৈ এই কাহিনী পঢ়ি থাকক।
ৰহস্যময় ইজিপ্ত
মিচৰৰ পিৰামিডৰ বিষয়ে ভালদৰে বুজিবলৈ হ’লে তাৰ আগতে আমি মিচৰৰ সভ্যতাৰ বিষয়ে জানি ল’ব লাগিব। আমি বুজিব লাগিব যে আচলতে মিচৰৰ প্ৰাচীন লোকসকল কেনেধৰণৰ আছিল? তেওঁলোকৰ জীৱনশৈলী কেনেকুৱা আছিল? ইজিপ্তৰ ইমান বিকাশ সেই সময়তে কেনেকৈ সম্ভৱ হ’ল? বৰ্তমান সময়ত ইজিপ্তৰ প্ৰাচীন সভ্যতাৰ লগতে ইয়াৰ স্থাপত্য আৰু ভাস্কৰ্য্যৰ চৰ্চাও সমগ্ৰ বিশ্ব জুৰি চলিছে। বিশ্ব জুৰি আড়োলনৰ সৃষ্টি কৰা ইজিপ্তৰ সভ্যতাই কিদৰে পৃথিৱীৰ উন্নত সভ্যতালৈ পৰিণত হ’ল সেই বিষয়ে আমি এতিয়া আলোচনা কৰিম।
আমি সকলোৱে জানো যে পৃথিৱীৰ সকলো সভ্যতাৰ আৰম্ভণি বা বিকাশ ঘটিছিল কোনোবা নহয় কোনোবা এটা নদীৰ পাৰত আৰু ইয়াৰ সাক্ষী বহন কৰে সকলো সভ্যতাৰ ইতিহাসেই। এইক্ষেত্ৰত ভাৰতৰ প্ৰাচীন সভ্যতাৰ কথাকে ক’ব পাৰোঁ; সি লাগিলে সিন্ধু উপত্যকা সভ্যতাই হওক বা মোহেঞ্জোদাৰো সভ্যতাই হওক। এই সকলোবোৰ সভ্যতাৰ বিকাশ ঘটিছিল নদীৰ পাৰত। অৰ্থাৎ এই সভ্যতাসমূহৰ বিকাশত নদীসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ইজিপ্তৰ সভ্যতাৰ বিকাশো বিশ্বৰ আটাইতকৈ দীঘল নদী নীল নদীৰ পাৰতে হৈছিল। এই কাৰণেই মিচৰৰ সভ্যতাক নীল নদীৰ উপত্যকাৰ সভ্যতা বুলিও কোৱা হয়। এককথাত ক’বলৈ হ’লে মিচৰৰ সভ্যতা নীল নদীয়ে দিয়া এক বিশেষ উপহাৰ।
ইজিপ্তৰ সভ্যতাৰ আৰম্ভণি
ইজিপ্তৰ নীল উপত্যকাৰ এই সভ্যতা পৃথিৱীৰ অন্যতম প্ৰাচীন আৰু উন্নত সভ্যতাসমূহৰ মাজৰ অন্যতম। ১৭৯৮ চনত নেপোলিয়ন বোনাপাৰ্টে ইজিপ্ত আক্ৰমণ কৰাৰ সময়ত প্ৰথমবাৰৰ বাবে প্ৰাচীন মিচৰৰ সভ্যতাৰ আৱিষ্কাৰ হৈছিল। বোনাপাৰ্টে নীল নদীৰ পাৰত এখন উন্নত চহৰৰ কিছু অৱশিষ্ট আৰু শিলালিপি পাইছিল। ইজিপ্তত নীল উপত্যকাৰ সভ্যতা কেতিয়াৰ পৰা আৰম্ভ হৈছিল সেই সম্পৰ্কে বহু ধৰণৰ মতানৈক্য আছে যদিও প্ৰায় দহ-বাৰ হাজাৰ বছৰ আগতে ইজিপ্তত নীল উপত্যকাৰ সভ্যতা আৰম্ভণি ঘটিছিল বুলি কৰা মতটোকে সকলোৱে গ্ৰহণ কৰিছে। বহু ইতিহাসবিদে ভাৰত আৰু চীনৰ সভ্যতাক ইয়াতকৈও পুৰণি বুলি ক’ব খোজে।
মিচৰবাসীয়ে নিজৰ সভ্যতাৰ বিকাশৰ বাবে অহৰহ কাম কৰি আহিছিল, যাৰ ফলস্বৰূপে তেওঁলোকৰ বিকাশ পৃথিৱীৰ আন সভ্যতাৰ তুলনাত বহু বেছি আগবাঢ়ি গৈ থাকিল। তেওঁলোকে কৃষি-কৰ্মৰ ক্ষেত্ৰত নতুন নতুন কৌশল আৱিষ্কাৰ কৰি তাৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে। যাৰ ফলত ইজিপ্তে কৃষিক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছিল।
মিচৰৰ প্ৰায় আশী শতাংশ লোকে খেতি- বাতি কৰিছিল। তেওঁলোকৰ খেতিপথাৰসমূহ নীল নদীৰ পাৰতে আছিল। য’ত মানুহে ঘেঁহু, যৱ, কপাহ, খেজুৰ আৰু আঙুৰৰ খেতি কৰিছিল। নদীৰ পৰা অলপ আঁতৰত অৱস্থিত পথাৰবোৰত জলসিঞ্চনৰ বাবে নীল নদীত মথাউৰি বান্ধি কিছুমান খাল নিৰ্মাণ কৰা হৈছিল আৰু সেই খালবোৰ পথাৰত এনেদৰে সংযোগ কৰা হৈছিল যাতে সকলোৱে পৰ্যাপ্ত পৰিমাণৰ পানী পায়। পথাৰত পানীৰ পৰ্যাপ্ত যোগানে মিচৰবাসীক বছৰটোৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ শস্যৰ খেতি কৰাত সহায় কৰিছিল। লগতে মথাউৰি নিৰ্মাণ কৰাৰ বাবে নীল নদীৰ বান নিয়ন্ত্ৰণ তেওঁলোকৰ বাবে অতি সহজ হৈ পৰিল।
খেতি-বাতিৰ লগতে এই লোকসকলে জীৱ-জন্তুও পালন কৰিছিল। মিচৰৰ লোকসকলৰ বেছিভাগৰে গৰু, ম’হ, বান্দৰ আৰু গাধ পালনৰ ব্যৱস্থা আছিল। জীৱ-জন্তুৰ ভিতৰত গাধ আৰু ম’হৰ ব্যৱহাৰেৰে পথাৰসমূহ চহ কৰা হৈছিল। মিচৰৰ মানুহে শিল কাটি বিভিন্ন ধৰণৰ সঁজুলি আৰু বাচন-বৰ্তন বনাবলৈ শিকাৰ লগতে অতি কম সময়তে গছৰ পাতৰ পৰা কাগজ বনাবলৈও শিকিছিল। মিচৰত প্ৰাকৃতিক সম্পদৰ অভাৱ নাছিল। ইজিপ্তৰ লোকসকলে গহনা পিন্ধিবলৈ বৰ ভাল পায়। সেয়া লাগিলে মহিলাই হওক বা পুৰুষেই হওক, সকলোৱে গহনা পিন্ধিছিল। এই গহণাবোৰ কাঠৰে বিশেষভাৱে নিৰ্মাণ কৰা হৈছিল।
মিচৰত গ্ৰেনাইট, বালিশিল আৰু চূণশিলৰ অভাৱ নাছিল। মিচৰবাসীয়ে এই শিলবোৰৰ সহায়ত পিৰামিড আৰু অন্যান্য প্ৰকাৰৰ স্থাপত্য নিৰ্মাণ কৰিছিল। সেই সময়ছোৱাত ইজিপ্তৰ সৈতে ভাৰতৰ এক ব্যৱসায়িক সম্পৰ্ক আছিল। মিচৰৰ মানুহবোৰ শিল্পকৰ্মত ইমানেই পাকৈত হৈ পৰিছিল যে তেওঁলোকে কাঠৰ আচবাব, নাও আৰু জাহাজ বনাবলৈও আৰম্ভ কৰিছিল। সেইবোৰ ব্যৱহাৰ কৰি এঠাইৰ পৰা আন ঠাইলৈ নীল নদীৰ মাজেৰেই যাত্ৰা কৰিছিল।
প্ৰাচীন মিচৰৰ চিকিৎসা পদ্ধতি
এইবোৰৰ উপৰিও মিচৰৰ প্ৰাচীন চিকিৎসা বিজ্ঞান পদ্ধতিয়ে সমগ্ৰ বিশ্বকে চমক খুৱাইছিল। মিচৰবাসীয়ে চিকিৎসা বিজ্ঞানক ইমান দূৰলৈ লৈ গৈছিল যে যেতিয়া কোনো ব্যক্তি অসুস্থ হৈ পৰে তেতিয়া তেওঁলোকে অতি শীঘ্ৰেই সেই অসুস্থ ব্যক্তিজনক অতি উন্নত চিকিৎসা প্ৰদান কৰে। আনকি প্ৰাচীন মিচৰবাসীৰ কোনো গুৰুতৰ ৰোগ হ’লে অস্ত্ৰোপচাৰ কৰাৰ ব্যৱস্থাও আছিল। আৰু এই সকলো ধৰণৰ চিকিৎসা তাৰ পুৰোহিতসকলেই কৰিছিল। ইজিপ্তৰ উন্নত চিকিৎসা বিজ্ঞানৰ প্ৰমাণ এই কথাৰ পৰাই পোৱা যায় যে তেওঁলোকে বিশেষ পদ্ধতিৰে সংৰক্ষণ কৰা মামিবোৰ হাজাৰ হাজাৰ বছৰৰ পাছতো নিৰাপদ অৱস্থাত পোৱা গৈছে। যাৰ জৰিয়তে বৰ্তমান সমগ্ৰ বিশ্বই মিচৰৰ ইতিহাসৰ বিষয়ে জানিব পাৰে।
প্ৰায় একত্ৰিশটা বংশই মিচৰত শাসন কৰিছিল। এই শাসনৰ সময়ক মূলতঃ তিনিটা ভাগত ভাগ কৰা হৈছে- পিৰামিড যুগ, সামন্তীয় যুগ আৰু সাম্ৰাজ্যবাদী যুগ। প্ৰথমে পিৰামিড যুগৰ বিষয়ে আমি জানিম। খ্ৰীষ্টপূৰ্ব ৩৬০০ পৰা খ্ৰীষ্টপূৰ্ব ২১৬০ লৈকে এই সময়চোৱাক মিচৰৰ পিৰামিড যুগ বুলি ধৰা হয়। এই সময়ছোৱাত যিসকল ৰজাই শাসন কৰিছিল সেই ৰজাসকলক জনসাধাৰণে ঈশ্বৰ সদৃশ ভাবি পূজা কৰিছিল আৰু তেওঁলোকক ফেৰো, ফাৰাও বা ফাৰো বুলি কোৱা হৈছিল। মানুহে বিশ্বাস কৰিছিল যে ৰজাৰ ওচৰত ঈশ্বৰৰ শক্তি আছে যাৰ সহায়ত তেওঁ অলৌকিক কামো কৰিব পাৰে। এই সময়ছোৱাত ইজিপ্তৰ বহু উন্নয়ন ঘটিছিল। পিৰামিড যুগৰ তৃতীয় ৰাজবংশৰ সময়ত ইজিপ্তত পিৰামিড নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল আৰু ৰজা Sneferu এ ইজিপ্তত পিৰামিড নিৰ্মাণৰ ভেটি স্থাপন কৰিছিল।
ইজিপ্তৰ দ্বিতীয় যুগ আছিল সামন্তীয় যুগ। সামন্ত যুগৰ সময়ছোৱা খ্ৰীষ্টপূৰ্ব ২১৬০ চনৰ পৰা খ্ৰীষ্টপূৰ্ব ১৫৮০ চনলৈ বুলি ধৰা হয়। এয়াই সেই সময় আছিল যেতিয়া ইজিপ্তৰ ক্ষমতা ৰজাৰ হাতৰ পৰা সামন্তৰ হাতলৈ গতি কৰিছিল। ৰজা সকলৰো এই সামন্তবাদী সকলৰ ওপৰত নিয়ন্ত্ৰণ নাছিল, যাৰ ফলত পূৰ্বৰ বৃহৎ দেশ হিচাপে পৰিগণিত ইজিপ্ত কিছুমান সৰু সৰু খণ্ডত বিভক্ত হৈ পৰিছিল। সামন্তবাদীয়ে নিজৰ কৰ্তৃত্ব বঢ়াবলৈ আৰু নিজৰ ক্ষমতা দেখুৱাবলৈ ইজনে সিজনক আক্ৰমণ কৰিবলৈ ধৰিলে। যাৰ ফলত মিচৰত আইন-শৃংখলাৰ অন্ত হ’বলৈ ধৰিলে। আইনৰ উলংঘা হোৱাত পূৰ্বৰ মিলা-প্ৰীতিৰ পৰিৱৰ্তে ইজন- সিজনৰ বিৰুদ্ধে থিয় দিয়া দেখা গ’ল। আৰু এই পৰস্পৰ বিৰোধী সময়ৰ সুযোগ গ্ৰহণ কৰে বিদেশী আক্ৰমণকাৰীয়ে।
তেনে সময়তে হিকচোচ্ জনগোষ্ঠীয়ে মিচৰৰ এক বৃহৎ অংশ দখল কৰি লৈছিল। পশ্চিম এছিয়াৰ পৰা আহি মিচৰক তেওঁলোকে নিজৰ নিয়ন্ত্ৰণত লৈছিল। হিকচোচ্ জাতিৰ বাবেই মিচৰত ৰাজ শাসনৰ অন্ত পৰিল আৰু দ্বিতীয় মধ্যকালীন যু্গৰ আৰম্ভণি ঘটিল। তেওঁলোকে প্ৰায় চাৰিশ বছৰ মিচৰত শাসন কৰিছিল। তেওঁলোকে মিচৰৰ লোকসকলক বহুত অত্যাচাৰ কৰে। যাৰ ফলত খ্ৰীষ্টপূৰ্ব ১৫৮০ চনত মিচৰৰ জনসাধাৰণে বিদ্ৰোহ আৰম্ভ কৰে আৰু হিকচোচ্সকলক মিচৰৰ পৰা পলায়ন কৰিবলগীয়াত পৰে।
ইয়াৰ পিছতে আৰম্ভ হয় তৃতীয় যুগ অৰ্থাৎ সাম্ৰাজ্যবাদী যুগৰ। সাম্ৰাজ্যবাদী যুগত ইজিপ্তৰ ভাগ্য পুনৰ সলনি হয়। সামন্ত্যবাদী যুগত স্থৱিৰ হৈ ৰোৱা উন্নয়ন প্ৰক্ৰিয়াই পুনৰ এই যুগত তীব্ৰ গতি লাভ কৰে। এই সাম্ৰাজ্যবাদী যুগৰ প্ৰথমজন ৰজা আছিল Thutmose প্ৰথম। এওঁ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰা মিচৰক পুনৰ একত্ৰিত কৰিবলৈ চেষ্টা কৰিছিল। এই চেষ্টাত সফল হোৱা তটমোজে পুনৰ বিশাল মিচৰ ৰাজ্য প্ৰতিষ্ঠা কৰি Thebes ত নিজৰ ৰাজধানী পাতিলে। এই সময়ছোৱাক মিচৰৰ সোণালী যুগ বুলি কোৱা হয়। এই সময়ছোৱাতে ইজিপ্তে স্থাপত্য, ভাস্কৰ্য্য, ধৰ্ম, দৰ্শন আৰু চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰে।
প্ৰাচীন ইজিপ্তৰ শাসন ব্যৱস্থা:
এইবোৰৰ উপৰিও মিচৰৰ শাসন ব্যৱস্থাও অতি আকৰ্ষণীয় আছিল। প্ৰাচীন মিচৰত ৰজাই আছিল ৰাষ্ট্ৰৰ সৰ্বে-সৰ্বা অৰ্থ্যাৎ সৰ্বোচ্চ মুৰব্বী। যাক ফৰাও বা ফেৰো বুলিও কোৱা হৈছিল। মানুহে ৰজাক ঈশ্বৰৰ পুত্ৰ বুলি গণ্য কৰিছিল। সেয়ে মিচৰত ৰজাৰ আদেশেই আছিল আইন। উপদেশ দিবলৈ ৰজাৰ ওচৰত পৰিষদো আছিল, য’ত বহু মন্ত্ৰীও আছিল। কিন্তু তেওঁলোকৰ ৰায় কাৰ্যকৰী কৰিব নে নাই সেয়া সম্পূৰ্ণৰূপে ৰজাৰ ওপৰতে নিৰ্ভৰ আছিল।
পৰিষদৰ আটাইতকৈ ডাঙৰ পদটো আছিল ৱজিৰৰ। যিয়ে সমগ্ৰ ৰাজ্যৰে সকলো ধৰণৰ কামৰ চোৱাচিতা কৰিছিল। প্ৰাচীন কালত শাসনৰ সুবিধাৰ বাবে মিচৰক বিভিন্ন সৰু সৰু ৰাজ্যত বিভক্ত কৰা হৈছিল। প্ৰতিখন ৰাজ্যৰ যত্ন ল’বলৈ ৰজাই এজনকৈ মানুহক দায়িত্ব দিছিল। যিসকলক Nomarch বুলি জনা গৈছিল। এই Nomarch বোৰে ৰজাৰ ইচ্ছামতেহে শাসন চলাইছিল। এই ৰাজ্য বা প্ৰদেশবোৰ আকৌ কিছুমান সৰু সৰু গাঁৱত বিভক্ত আছিল। যাক চোৱা-চিতাৰ দায়িত্ব সামন্তক অৰ্পণ কৰা হৈছিল।
মিচৰবাসীয়ে ঈশ্বৰৰ অস্তিত্বত অগাধ বিশ্বাস ৰাখিছিল। তেওঁলোকে যে কেৱল এজন দেৱতাকে পূজা কৰিছিল এনে নহয়; তেওঁলোকে অনেক দেৱ-দেৱীৰ পূজা-অৰ্চনা কৰিছিল। বেছিভাগ মিচৰবাসীয়ে সূৰ্য্য, চন্দ্ৰ আৰু নীল নদীক পূজা কৰিছিল। উল্লেখ্য যে, প্ৰাচীন মিচৰত 2200 দেৱ-দেৱীক পূজা কৰা হৈছিল।
ইয়াৰ লগ লগে প্ৰাচীন ইজিপ্তে বিজ্ঞানৰ ক্ষেত্ৰতো বহু অগ্ৰগতি লাভ কৰিছিল। তেওঁলোকে সূৰ্য্য ঘড়ীৰ আৱিষ্কাৰো কৰিছিল। তেওঁলোকে এনে এখন কেলেণ্ডাৰো বনাইছিল, যি সূৰ্য্য আৰু তৰাৰ ওপৰত ভিত্তি কৰি তাৰিখ নিৰ্ণয় কৰিব পাৰিছিল। ইজিপ্তৰ আশ্চৰ্য্যকৰ পিৰামিড, স্থাপত্য আৰু ভাস্কৰ্য্যলৈ চালে এনে লাগে যেন প্ৰাচীন মিচৰবাসীৰ গণিত, চিকিৎসা বিজ্ঞান, জ্যামিতি আৰু আভিযান্ত্ৰিক বিষয়ত উৎকৃষ্ট পৰিমাণৰ জ্ঞান আছিল। ইজিপ্তৰ এই পিৰামিড নিৰ্মাণ কাৰ্যৰ কেনেকৈ আৰম্ভ হৈছিল আৰু কেনেধৰণৰ কৌশল ব্যৱহাৰ কৰি ইয়াক নিৰ্মাণ কৰা হৈছিল! এই বিষয়ে আমি পৰৱৰ্তী অধ্যায়ত জানিব পাৰিম।
(আশা কৰোঁ আপুনি লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)