উৰাজাহাজ

উৰাজাহাজ

সকলো ধৰণৰ যান-বাহনৰ ভিতৰত উৰাজাহাজ বা আকাশ ভ্ৰমণৰ উপযোগী যান বাহনৰ উদ্ভাৱনৰ কাহিনীয়েই আটাইতকৈ বিস্ময়কৰ আৰু ৰোমাঞ্চকৰ। সভ্যতাৰ আদিম যুগতো গুহাবাসী মানুহে আকাশত উৰাৰ কথা ভাবিছিল। গ্ৰীচৰ এটা প্রাচীন কাহিনীত পাখি লগাই আকাশত উৰাৰ কথাৰ পৰা সেই কালতো মানুহে আকাশত উৰিবলৈ কৰা আকাংক্ষাৰ কথা জনা যায়। বাগদাদৰ এক ৰাজকন্যাই মন্ত্ৰপূত দলিচাত বহি আকাশ ভ্ৰমণ কৰা কাহিনীয়েও একে আকাংক্ষাকে প্রতিফলিত কৰে। আমাৰ দেশতো নাৰদে ঢেকীত উঠি ত্ৰিভুৱন ভ্ৰমণ কৰা, ইন্দ্ৰজিতে মেঘৰ আঁৰত লুকাই যুদ্ধ কৰা, শ্ৰীকৃষ্ণই গৰুড়ৰ পিঠিত উঠি আকাশত উৰি ফুৰা আদি পৌৰাণিক কাহিনীয়ে আকাশত উৰাৰ বাবে মানুহক অনুপ্রাণিত কৰিছিল। এই সকলো নিতান্তই গল্প কাহিনী বা আখ্যান হলেও সেইবোৰে মানুহে আকাশত উৰাৰ বাসনা যে বহুদিনৰ পৰা পুহি ৰাখিছে তাৰ সাক্ষ্যবহন কৰে।

উৰাজাহাজ

হাজাৰ হাজাৰ বছৰ ধৰি মানুহে চৰাইৰ দৰে আকাশত উৰাৰ সপোন দেখি আহিছিল। আনকি ওখ ঘৰ, গৰা আৰু পাহাৰৰ ওপৰৰ পৰা তললৈ জপিয়াই উৰাৰ চেষ্টা কৰাৰ কথাও পঢ়িবলৈ পোৱা যায়। কিন্তু এনে প্ৰচেষ্টাই মানুহৰ আকাশত উৰাৰ সপোন বাস্তৱত পৰিণত কৰিব পৰা নাছিল। ডেউকা কোবাই উৰাৰ শক্তি মানুহৰ মাংসপেশীত একেবাৰে নাই। তাতে ইমান এটা গধুৰ আৰু ডাঙৰ শৰীৰক বতাহত ওপঙাই ৰাখিবলৈ ডেউকাত হাতীৰ সমান বলৰ প্রয়োজন হব।

উৰাজাহাজ

প্রাথমিক পৰীক্ষাৰে সূচনা হ’ল আকাশ ভ্ৰমণ:

চৰাইৰ দৰে আকাশত উৰাৰ বাসনাতেই মানুহে আকাশত উৰিবলৈ অনেক পৰীক্ষা নিৰীক্ষা চলাইছিল। ইয়াৰ ফলত মানুহ একাধিকবাৰ বিপদতো পৰিবলগীয়া হৈছিল, অনেকে প্ৰাণ পৰ্যন্ত হেৰুৱাবলগীয়া হৈছিল। ইতিমধ্যে বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে আন বিষয়ৰ লগতে আকাশীযানৰ নিৰ্মাণৰ ক্ষেত্ৰতো নানা পৰীক্ষা-নিৰীক্ষা আৰম্ভ হ’ল।

প্ৰথম অৱস্থাত উৰাজাহাজ সম্পর্কীয় যিমানবোৰ পৰীক্ষা-নিৰীক্ষা হৈছিল তাৰ অধিকাংশই আছিল হাতে-ভাৰিয়ে পাখি বান্ধি চৰাইৰ দৰে আকাশত উৰাৰ চেষ্টা। গোলক বা বেলুনৰ সহায়ত যে আকাশত উৰিব পাৰি সেয়া আছিল নিতান্তই তাত্ত্বিক ভ্যাখ্যা। কিন্তু ক্রমে মানুহে বুজিলে যে চৰাইৰ দৰে ডেউকাৰ সহায়ত আকাশত উৰা মানুহৰ বাবে সম্ভব নহয়। ইয়াৰ পাছৰ পৰাই বেলুনৰ সহায়ত আকাশ ভ্ৰমণৰ সূত্ৰপাত হয়।

লাহে লাহে বেলুন সম্বন্ধে নানান পৰীক্ষা-নিৰীক্ষাও আৰম্ভ হ’ল। বেলুন উৰুওৱাৰ আৰু তাত উঠি ভ্ৰমণ কৰাৰ চখো ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিলে। বিভিন্ন বৈজ্ঞানিক গৱেষণা আৰম্ভ হ’ল। বেলুনত উঠি কোনো কোনোৱে দুঃসাহসিক অভিযানো চলালে। ক্রমে বতৰ বিজ্ঞান, বায়ুমণ্ডলৰ বিভিন্ন স্তৰৰ আৰু অন্যান্য স্তৰৰ ভৌতিক ঘটনাৱলীৰ তথ্য সংগ্ৰহৰ কামতো বেলুনৰ ব্যৱহাৰ হবলৈ ধৰিলে। এই জাতীয় আকাশীযানৰ নাম দিয়া হ’ল উৰাজাহাজ বা এয়াৰ শ্বিপ (Airship)।

সমসাময়িকভাৱে যুদ্ধ ক্ষেত্ৰতো বেলুনৰ ব্যৱহাৰ হ’বলৈ ধৰিলে। দ্বিতীয় মহাসমৰৰ সময়ত বেলুন জাতীয় আকাশীযানৰ ব্যৱহাৰ প্ৰায় নোহোৱা হৈ পৰে। মহাসমৰৰ পাছত এই জাতীয় আকাশীযানে চিৰদিনৰ বাবে আকাশৰ বুকুৰ পৰা বিদায় লয়। অৱশ্যে বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা, খেলাধূলা আৰু আন কেতবোৰ কামৰ বাবে সেৰেঙাকৈ হলেও বেলুনৰ ব্যৱহাৰ আজিও আছে।

দিঠকত পৰিণত কৰিলে আকাশত উৰাৰ সপোন:

অতীজতে উৰণবিদসকলে আকাশীযান নিৰীক্ষণৰ বাবে নিজেই সকলো শিকি মেলি ল’বলগীয়া হৈছিল। সেইসময়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অহিঅ’ প্ৰদেশৰ ডেটন নগৰৰ উইলবাৰ ৰাইট (১৮৬৭-১৯১২) আৰু তেওঁৰ ভায়েক অৰভিল ৰাইটে (১৮৭১-১৯৪৮) চাইকেল নিৰ্মাণ কৰিছিল। দুই সহোদৰে চিলা উৰুৱাই উৰাজাহাজ নির্মাণৰ সপোন দেখিছিল। তেনেদৰে ১৮৯৯ চনত তেওঁলোকে সাজি উলিয়াইছিল দুখন ডেউকাৰ এখন চিলা। সেই উদ্দেশ্য তেওঁলোকে পঢ়া-শুনা কৰি, বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা তথ্য-পাতি লৈ চিলা উৰুৱাবৰ বাবে বাচি লৈছিল নর্থ কেৰলিনাৰ সাগৰৰ পাৰৰ কিট্টি হক নামৰ বালি চাপৰিটো। মানুহৰ আকাশ-বিজয়ৰ ইতিহাসৰ ওই ঠাইডোখৰ সদায়ে স্মৰণীয় হৈ ৰ’ব। সেই ঠাইডোখৰতে চিলা উৰুৱাৰ পৰা আৰম্ভ কৰি ৰাইট ভ্রাতৃদ্বয়ে কমেও ১০০০ বাৰ গ্লাইডাৰ উৰুৱাই পৰীক্ষা চলাইছিল। ১৯২০ চনত তেওঁলোকে এনে এখন গ্লাইডাৰ সাজি উলিয়ালে যিখনে তেওঁলোকক উৰাজাহাজ নির্মাণত যথেষ্ট সহায় কৰিলে।

উৰাজাহাজ

অৱশেষত তেওঁলোকে ১৯০৩ চনত ফ্লায়াৰ ১ নামৰ প্রথম ইঞ্জিনযুক্ত উৰণ যানখন সাজি উলিয়ায়। এই ইঞ্জিনটো আছিল ১২ অশ্বশক্তিৰ আৰু প্ৰায় ১০০ কিলোগ্রাম ওজনৰ। ১৯০৩ চনৰ ১৪ ডিচেম্বৰৰ দিনা তেওঁলোকে প্রথমবাৰ ফ্লায়াৰ ১-ৰ উৰণ পৰীক্ষা কৰিছিল যদিও সেইবাৰ তেওঁলোক সফল নহ’ল। কিন্তু নেৰানেপেৰা চেষ্টাৰ অন্তত তেওঁলোক সফল হ’ল। যানখনে ঘন্টাত ১৩ কিলোমিটাৰ বেগেৰে উৰা  মাৰিলে। ৩৭ মিটাৰ উৰি যানখন পুনৰ মাটিলৈ নামি আহিল। এবাৰ এক মিনিট সময় জুৰি আৰু ২৬০ মিটাৰ দূৰত্ব উৰি ৰাইট ভ্রাতৃদ্বয়ে উৰাজাহাজৰ নতুন যুগৰ সূচনা কৰিলে। ইঞ্জিনযুক্ত উৰাজাহাজৰ উদ্ভাৱন এনেকৈয়ে হ’ল। সেই স্মৰণীয় দিনটো আছিল ১৭ ডিচেম্বৰ, ১৯০৩ চন।​​​​​​​

আৰম্ভ হ’ল উৰাজাহাজৰ যাত্রা:

ইয়াৰ পাছত ৰাইট ভ্রাতৃদ্বয়ৰ অনুকৰণত বহুজনে উৰাজাহাজ সাজি উলিয়ায়। লাহে লাহে আজিৰ পাইলটৰ দৰে আসনত বহি বিমান চলাব পৰা উৰাজাহাজৰ নিৰ্মাণ হ’ল। প্রথম মহাসমৰৰ সময়ত উৰাজাহাজ ব্যৱহাৰ কৰি যুদ্ধৰত জাতিবোৰে বিশেষ সফলতা লাভ কৰে। সকলোৱেই বুজি উঠিল যে, দ্রুতগামী বাহন হিচাপে উৰাজাহাজে ভৱিষ্যতে অনেক অসাধ্য সাধন কৰিব। যুদ্ধৰ সময়ৰ পৰা উৰাজাহাজৰ আকাৰ-আকৃতি, যন্ত্ৰ-পাতি সকলোতে নানান পৰিৱৰ্তনৰ পাছত উৰাজাহাজে বৰ্তমানৰ ৰূপ পৰিগ্ৰহণ কৰিছেহি। আকাৰ-আকৃতি সলনি হোৱাৰ দৰে ইয়াৰ গতিবেগো বাঢ়িছে। যাত্ৰীৰ বাবে নান সুখ-সুবিধাৰ ব্যৱস্থা কৰা হৈছে। আকাশ ভ্ৰমণ হৈ উঠিছে অধিক বিপদমুক্ত।​​​​​​​

নতুন যুগৰ নতুন ৰূপ:

উৰাজাহাজ

আজিকালি বিভিন্ন কামত ব্যৱহাৰৰ বাবে বিভিন্ন ধৰণৰ উৰাজাহাজ নিৰ্মাণ কৰা হৈছে। সেইদৰে বিভিন্ন বিমানৰ সুকীয়া সুকীয়া নামো ৰখা হৈছে। যুদ্ধৰ বাবে যিবোৰ উৰাজাহাজ ব্যৱহাৰ কৰা হয়, সেইবোৰ সাধাৰণতে পাতল, আকাৰত সৰু আৰু তীব্র গতিসম্পন্ন। অৱশ্যে বোমা পেলোৱাৰ বাবে ব্যৱহৃত ব’ম্বাৰ বিমানৰ আকাৰ নিচেই সৰু নহয়।

এখন বিৰাটকায় বিমান হৈছে বয়িং ৭৪৭ (Boeing 747)। এইখন বিমানত ৪৯০ জন যাত্রী অনায়াসে আৰামত বহি-শুই যাতায়ত কৰিব পাৰে। বর্তমানে ইয়াতকৈও বেছি যাত্ৰী কঢ়িয়াব পৰা বিমানৰ আৱিষ্কাৰ হৈছে। আমেৰিকাৰ উপৰিও ৰাছিয়া, ইংলেণ্ড, ফ্রান্স, চীন, জাপান আদি দেশৰো বিমান নিৰ্মাণত বিশেষ সুনাম আছে। ভাৰততো বিমান নিৰ্মাণৰ কাৰখানা আছে আৰু তাৰ পৰা কেইবাখনো উন্নতমানৰ বিমান নিৰ্মাণ হৈছে।

প্ৰথম অৱস্থাত উৰাজাহাজবোৰৰ গতিবেগ আছিল ঘন্টাত প্ৰায় দহ-বাৰ কিলোমিটাৰ. বর্তমানে এখন বয়িং জেট বিমানৰ গতিবেগ ঘন্টাত প্ৰায় ২,৭০০ কিলোমিটাৰ৷ শব্দতকৈও বেগী (শব্দৰ বেগ ঘন্টাত প্রায় ১,২০০ কিলোমিটাৰ) এইবিধ বিমানৰ নাম ছুপাৰছনিক বিমান। আনবোৰ বিমানৰ ঘণ্টাত প্ৰায় ৬০০ কিলোমিটাৰ।

প্রথম মহাসমৰত উৰাজাহাজ যুদ্ধৰ উদ্দেশ্যেহে ব্যৱহাৰ কৰা হৈছিল। যুদ্ধৰ শেষত উৰাজাহাজক মানৱ জাতিৰ সেৱাত নিয়োগ কৰা হয়। পোনতে যাত্ৰী আৰু বয় বস্তু পৰিবহণৰ বাবে যুদ্ধত ব্যৱহাৰ কৰা বিমানবোৰকেই কামত লগোৱা হৈছিল। সেয়েহে যাত্রী বহাৰ বাবে আজি দৰে আৰামদায়ক আসন আৰু অন্যান্য ব্যৱস্থা নাছিল। সাধাৰণ কেবিন, সাধাৰণ আসন আদিৰে তেনে যাত্ৰা আছিল অতি অশান্তিজনক আৰু আৰামহীন। ​​​​​​​

সামৰণি:

লাহে লাহে ব্যৱসায়িক বিমান সেৱাৰ উন্নতি ঘটিবলৈ ধৰিলে। যাত্ৰী পৰিবহণৰ বাবে আৰামদায়ক আসনৰ ব্যৱস্থা কৰা হ’ল। বিমানৰ ভিতৰত উৰণৰ গর্জনশব্দ কমোৱাৰ বাবে বিমানৰ ইঞ্জিন ডেউকাত স্থাপন কৰা হয়। সেইসময়ত বিমানৰ বেগ আছিল ঘন্টাত ১৬০ৰ পৰা ৩২০ কিলোমিটাৰৰ ভিতৰত। গতিকে দীঘলীয়া যাত্ৰাত বিমানৰ ভিতৰত যাত্ৰীক আহাৰ দিয়াৰ ব্যৱস্থা আৰম্ভ হ’ল। ১৯১৯ চনত ফ্ৰান্স আৰু বেলজিয়ামৰ মাজত প্রথম আন্তর্জাতিক বিমান সেৱা আৰম্ভ হয়। এনেদৰেই বিমান পৰিবহন সম্প্রতি দ্রুতগামী যাতায়াতৰ মাধ্যম হোৱাব উপৰি আৰামদায়ক নিৰ্ভৰযোগ্য বাহনৰূপে সমগ্ৰ বিশ্বতে বিশেষভাৱে সমাদৰ লাভ কৰিছে।

(আশা কৰোঁ আপুনি ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top