অতীজতে মিকিৰ বা কাৰ্বিবিলাকে ডাঙৰ ডাঙৰ গুহাত বাস কৰিছিল। ভৈয়ামৰ অসমীয়া লােকৰ মাজত যেনেকৈ খেল আৰু ফৈদ আছে সেই মিকিৰসকলৰ মাজতাে চমাৰ (ফৈদ) আছে। সেই চমাৰবােৰৰ ভিতৰত ফাংচ চমাৰো এটা। ইয়াৰ দুটা ভাগ আছে। এটা কাম-ফাংচ আৰু আনটো উৱতি-ফাংচ। এই দুটা ঠালৰ কেনেকৈ উৎপত্তি হ’ল তাৰ এটা সাধু আছে।
এখন গাঁৱত এজন অকলশৰীয়া বুঢ়া আছিল। তেওঁ আছিল ফাংচ মানুহ। তেওঁৰ কেওঁ কিছু নােহােৱাৰ কাৰণে এজন মাউৰা লৰাকে তােলনীয়া পাে হিচাপে চপাই লৈছিল। বুঢ়াই সেই লৰাটিক বৰ মৰম কৰিছিল আৰু সততে নিজৰ লৰাৰ দৰে ৰাখিছিল। সেই লৰাটি আছিল ফাংচ চমাৰৰ।
মিকিৰসকলে পাহাৰ বৰ ভাল পায় আৰু সেই বাবে পাহাৰীয়া খেতি তেওঁলােকৰ বৰ প্রিয়। আনসকলৰ দৰে বুঢ়াৰো এখন আৰা (ৰেট) আছিল। আলু-কচু ধান আদিৰ খেতি কৰিবলৈ বুঢ়া সদায় তালৈ গৈছিল। বুঢ়াই পুতেকৰ সৈতে বাস কৰিছিল এটি পাহাৰৰ গুহাত। তেওঁ প্ৰায়ে তেওঁৰ তােলনীয়া লৰাটিক মৰমতে লগত নিনিছিল, অইন লগৰীয়াবােৰৰ লগত ঘৰতে এৰি গৈছিল। সেইদৰে কাম কৰি এদিন উভতি আহোঁতে বাটতে চিকাগমাৰী নামৰ এজোপা গছৰ ফেৰেঙনিত এটা বনৰীয়া চৰায়ে বাহ সাজি থকা দেখিলে। সেই চৰাইজনীয়ে সদায় গধূলি হােৱাৰ লগে লগে এবাৰ আৰু ৰাতি নৌপুৱাওঁতেই এবাৰ মাতে। বুঢ়াই সদায় চৰাই জনীৰ মাত শুনিলেই টোপনিৰপৰা সাৰ পায় আৰু সেইদৰে গধূলি কামৰপৰা উভতি আহে। কিন্তু বুঢ়াই কোনাে দিনে সেই চৰাই জনীনো কি আৰু কিয় তেনেকৈ চিঞৰে এইবােৰ কথা বিচাৰ কৰি চোৱা নাছিল।
এইদৰে কিছুদিনৰ মুৰত বুঢ়াৰ চৰাইজনীলৈ কৌতূহ’ল জাগিল। এদিন বুঢ়াই পথাৰৰপৰা সােনকালে নামি গছ ডালৰ ওচৰ চাপিলে। তেতিয়া চৰাইজনীয়ে গছৰ ফেৰেঙনিৰ পৰা আকৌ মাতিলে। মাত শুনি বুঢ়াই গছৰ ওপৰৰ ফালে চাবলৈ ধৰিলে। পাচত কিছু দূৰ উঠি গৈ বুঢ়াই ফেৰেঙনিৰ মাজত এটি চৰাইৰ বাহ দেখিলে। বুঢ়াক উঠি যােৱা দেখি চৰাইজনী বাহটোৰপৰা উৰি গ’ল। বুঢ়াই বাহটোৰ ওচৰ পাই তাত এটা ঔটেঙাৰ মান ডাঙৰ কণী দেখিলে। কণীটো বুঢ়াই মাটিলৈ নমাই আনি ঘৰলৈ আলফুলকৈ লৈ আহিল। কিন্তু আচৰিত কথা, সেইদিনাৰপৰা আৰু চৰাইজনী তাত নােহােৱা হ’ল আৰু তাইৰ মাতত কোনেও শুনিবলৈ নােপােৱা হ’ল।
এইদৰে কিছুদিন যােৱাৰ পিচত আচৰিতভাৱে সেই কণীটোৰ পৰা এটা সুন্দৰ লৰা জন্ম হ’ল। কেঁচুৱাটো দেখি বুঢ়াই অতি যতনেৰে গৰু, মহৰ গাখীৰ খুৱাই ডাঙৰ-দীঘল কৰিবলৈ ধৰিলে। অৱশেষত লৰাটো বুজন হােৱাত বুঢ়াই তাৰ নাম ৰাখিলে ‘উৱতি’। ‘উৱতি’ মানে মিকিৰ ভাষাত কণী। কণীৰপৰা জন্ম হােৱা বাবে নাম থলে উৱতি।
এতিয়া সেই আগৰজন ফাংচ চমাৰৰ লৰাৰ সৈতে বুঢ়াৰ দুটা ল’ৰা হ’ল। সিহঁত দুয়াে বুঢ়াৰ মৰমত দিনক দিনে ডাঙৰ হবলৈ ধৰিলে। বুঢ়ায়াে সিহঁতক কাম-বন শিকাই সকলাে ফালৰপৰা পাৰ্গত কৰি তুলিলে।
কিন্তু মিকিৰ সমাজত এটা প্রথা আছে। কোনেও বিনা কুল বা চমাৰ নােহােৱাকৈ থাকিব নােৱাৰে, গতিকে বুঢ়াই উৱতিকো সমাজৰ বান্ধত পৰি কুলত তুলিব লগা হ’ল। গতিকে বুঢ়াই তাক ফাংচ চমাৰতে তুলিবলৈ মনস্থ কৰিলে আৰু তেওঁ বিচাৰকৰ লগত এই বিষয়ে আলােচনা কৰিলে। তেতিয়া সমাজৰ নিয়ম অনুযায়ী উৱতিকো ফাংচ চমাৰতে তুলি ললে।
এইদৰে কিছুদিন যােৱাত বুঢ়াৰ অন্তিম অৱস্থা আহি পৰিল। তেতিয়া বুঢ়াই দুয়ােটা লৰাকে মাতি আনি নিজৰ যি অলপ সা-সম্পত্তি আছিল দুয়ােকে সমানে ভগাই দিলে। কিছুদিনৰ পিচত বুঢ়াৰ মৃত্যু হ’ল। বুঢ়াৰ মৃত্যুৰ পিচত এদিন দুয়ােটা লৰা বেলেগ বেলেগ হ’ল আৰু নিজৰ মতে নিজে কৰি মেলি খাবলৈ ধৰিলে। এসময়ত বুঢ়াৰ আগৰটো লৰা বেলেগ ঠাইলৈ কাম কৰিবলৈ সেই গাঁও এৰি গ’ল।
সি গুচি যোৱাৰ কিছুদিনৰ পিচত বিচাৰকে কাৰ্বিৰ আচন্ (সভা) আহ্বান কৰিলে। তাত বুঢ়াৰ কোনটো তােলনীয়া পােৱে শ্ৰেষ্ঠতাৰ সন্মান পাব সেই বিষয় লৈ আলােচনা চলিল। সদৌশেষত জন্মৰ ফালৰপৰা চাই উৱতিকেই শ্রেষ্ঠতাৰ আসন দিয়া হ’ল। তেতিয়াই আগৰ এটা ফাংচ চমাৰৰে দুটা ঠাল হ’ল। উৱতিৰ পক্ষক নাম দিয়া হ’ল ‘উৱতি-ফাংচ’ আৰু কামলৈ গুচি যােৱাৰ নাম ৰখা হ’ল ‘কাম-ফাংচ’। তেতিয়াৰপৰাই ‘উৱতি-ফাংচ’ ডাঙৰ আৰু ‘কাম-ফাংচ’ সৰু বুলি পৰিগণিত হ’ল।
কাৰ্বিসকলৰ মাজত এতিয়াও উৱতি চমাৰে চিকাগমাৰী গছজোপা নেকাটে আৰু কাটিবও নােৱাৰে। কাৰণ সেই গছ জোপাতে প্রথমে উৱতিয়ে স্থিতি লৈছিল আৰু সেই আপাহতে উৱতি-ফাংচ চমাৰে গছজোপাক নিজৰ মাতৃ জ্ঞান কৰে। এই গছৰ কাঠ আন কি কোনাে কামতে ব্যৱহাৰ কৰিবও নােৱাৰে। যদিও ফাংচ চমাৰ দুটা ঠালত বিভক্ত হ’ল তথাপি দুয়াে ফৈদৰ মাজতে আদান প্রদান এতিয়াও আছে।