এজনী মালিনী আৰু এজোপা ফুল

এক মালিনী আছিল। তাই বৰ যতনকৈ এজোপা ফুল-গছ ৰুইছিল। তাই সেই গছজোপা দিনৌ ইমান পতি কৰে, তথাপি তাত ফুল নুফুলে। সেইদেখি এদিন তাই ফুলগছজোপাক সুধিলে-”অ’ গছ, অ’ গছ ফুল নুফুল কিয়?” গছে উত্তৰ দিলে-”মই যে ফুলিব লাগে, গৰুৱেনো মোৰ আগ খায় কিয়?” তেতিয়া মালিনীয়ে গৰুৰ ওচৰলৈ গৈ গৰুক সুধিলে-”অ’ গৰু, অ’ গৰু ফুলগছৰ আগ খাৱ কিয়?”

গৰু: “গৰখীয়াই যে গৰু নাৰাখে, মই বা নাখাম কিয়?”

মালিনী : “অ’ গৰখীয়া, অ’ গৰখীয়া গৰু নাৰাখ কিয়?”

গৰখীয়া: “ৰান্ধনীয়ে যে ভাত নিদিয়ে, মই বা ৰাখিম কিয়?”

ৰান্ধনী : “খৰিকটীয়াই যে খৰি নিদিয়ে, মইনো দিম কিয়?”

মালিনী : “অ’ খৰিকটীয়া, অ’ খৰিকটীয়া খৰি নিদিয় কিয়?”

খৰিকটীয়া: “কমাৰে যে কুঠাৰ নিদিয় মইনো দিম কিয়?”

মালিনী : “অ’ কমাৰ, অ’ কমাৰ, কুঠাৰ নিদিয় কিয়?”

কমাৰ : “এঙাৰীয়াই যে এঙাৰ নিদিয়ে মইনো দিম কিয়?”

মালিনী : “অ’ এঙাৰীয়া, অ’ এঙাৰীয়া এঙাৰ নিদিয় কিয়?”

এঙাৰীয়া: “মই যে এঙাৰ দিব লাগে, মেঘেনো বৰষুণ দিয়ে কিয়?”

মালিনী : “অ’ মেঘ অ’মেঘ বৰষুণ দিয় কিয়?”

মেঘ: “ভেকুলীয়ে যে টোৰ্‌টোৰায় মইনো নিদিম কিয়?”

মালিনী : “অ’ ভেকুলী অ’ভেকুলী টোৰ্‌টোৰাৱ কিয়?”

ভেকুলী : “বোপা-ককাৰ ৰীতিটো মইনো এৰিম কিয়? মই কৰোঁ টোৰ্‌ টোৰ্‌, মেঘ গাজে ঘোৰ ঘোৰ, বৰষুণ আহে আহে হোৰ্‌ হোৰ‌।”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top