এজনী ৰাক্ষসীৰ সাধু-কাৰ্বি সাধু

ৰাক্ষসীৰ সাধু

নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি কাৰ্বি সাধুৰ পৰা “এজনী ৰাক্ষসীৰ সাধু” নামৰ সাধুটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে সাধুকথাৰ এই মনোৰম জগতখনৰ ৰস পান কৰিবলৈ সাধুটো শেষলৈকে পঢ়ক। ইয়াৰ উপৰিও আন বহুতো সাধু আমাৰ এই ৱেবছাইটত প্ৰকাশ কৰা হৈছে। আশা কৰোঁ আপুনি পঢ়ি ভাল পাব।

ৰাক্ষসীৰ সাধু

এদিনাখনৰ কথা। এগৰাকী তিৰোতাই তাঁতশালত বহি গিৰিয়েকৰ কাৰণে কাপােৰত ফুল বাছি আছিল। এনেতে নন্দেকৰ ৰূপ লৈ এজনী ৰাক্ষসী তাইৰ ওচৰলৈ আহিল। ওচৰ চাপি ৰাক্ষসীয়ে এই বুলি ক’লে-

“অ’ নেং! অ’ নেং!
অক চতুৰ দাম নাং মা নেং?
হান চৰি দামনাং মা নেং??”

“অ” বৌ! শাক-মাছ বিচাৰি মােৰ লগত যাবানে?” আৰলেংপী (মানুহজনী) য়ে ক’লে,

“ম’ মতি নেং! নেং!
নাং আৰম’প’ আৰিকিং
তাংতেলাংতি নেং, নেং।”

“হেৰা নেং?’মই আজি যাব নােৱাৰিম। তােমাৰ ককাইদেৱৰাৰ কাৰণে বােৱা কাপােৰ উলিয়াবকে পৰা নাই।”

এইদৰেই ৰাক্ষসীৰ ছদ্মবেশ ধৰি প্ৰতিদিনে আহি তাইক মাছলৈ যাবলৈ লগ ধৰি আমনি কৰেহি। এদিনাখন ৰাক্ষসীয়ে আহি নিজেই তাঁতশালত বহি ললে আৰু খৰধৰ কৰি আধৰুৱা কাপােৰখন বৈ শেষ কৰিলে আৰু দুয়াে মাছলৈ বুলি ওলাই গ’ল।

ৰাক্ষসীৰ সাধু

পাহাৰীয়া নিজৰা। শিলৰ ফাঁকে ফাঁকে দুয়াে মাছবিচাৰি উজাই গৈ থাকিল। মাছ বিচাৰোঁতে ৰাক্ষসীৰ হাতত কেকোঁৰা, শিঙি, মকৰা, চেলা, সাপ আদিহে ধৰা পৰে। তাই সেইবােৰকে মাছ বুলি ধৰি খালৈত ভৰাই গৈ থাকিল। আনফালেদি আৰংপীয়ে নুথেং, নুনে, নুবই আদি সােপােৱালীৰূপােলী মাছবোৰ ধৰি খালৈত ভৰাইছে। এইদৰে দুয়াে মাছ ধৰি ধৰি নানা সুখ-দুখৰ কথা পাতি গৈ থাকিল।

বেলি হালি অহা দেখি আৰলেংপীয়ে ক’লে-“হেৰা নেং, বেলি পৰিবৰ হ’লহি। কিছু বন-শাক বিচাৰি ঘৰলৈ উভতাে ব’লা।”

আৰলেংপীৰ কথা শুনি ৰাক্ষসীয়ে মাছ বিচাৰিবলৈ এৰিলে আৰু নৈৰ কাষৰ কচু-ধেঁকীয়া শাক ছিঙি ছিঙি উভতিবলৈ ধৰিলে। এইদৰে আহি থাকোতে সিহঁতে নৈৰ কাষত এজোপা ডিমৰু গছ দেখা পালে। ডিমৰু গছজোপাৰ থােপা থােপা গুটিবােৰ পকি চাৰিওফালে মিঠা গােন্ধ বিয়পাই আছিল। ডিমৰু গছৰ পকা গুটিবােৰলৈ আঙুলিয়াই পােনাহঁতৰ কাৰণে নিবলৈ দুয়াে আলচ কৰিলে।

সেই উদ্দেশ্যে কঁকালৰ খালৈ আৰু পিঠিৰ হাকছ’ (এবিধ সৰু খাং) গছজোপাৰ কাষত দুয়াে নমাই থলে। প্ৰথমতে ৰাক্ষসীয়ে গছত উঠিবলৈ চেষ্টা কৰিলে। কিন্তু গছত উঠিব নােৱৰাৰ ভাও জুৰি চুঁচৰি তলত পৰিল। এইদৰে বাৰে বাৰে গছত উঠিবলৈ চেষ্টা কৰে আৰু চুঁচৰি নামি আহে। এইবাৰ আৰলেংপীয়ে উঠিবলৈ চেষ্টা কৰিলে।পিছল গছজোপাত ভৰিৰ খােপনি এই তাইও চুঁচৰি পৰি গ’ল। তাকে দেখি ৰাক্ষসীয়ে ক’লে, “এইদৰে গছত উঠাও নহ’ব আৰু পােনাহঁতলৈ পকা ডিমৰু নিম বুলি ভবা কথাও মিছা হ’ব। তুমি মােৰ কান্ধত উঠা নেং, কাষৰ ডালত ধৰা।”

ৰাক্ষসীৰ চলনা (এজনী ৰাক্ষসীৰ সাধু)

এইবুলি কৈ ৰাক্ষসীয়ে ঠেলি-হেঁচুকি তাইক গছজোপাত উঠাই দিলে। তাই পকা পকা চাই ডিমৰু ছিঙি ধৰা নেং’ বুলি কৈ তললৈ পেলাই দিয়ে। কিন্তু কেঁচু-মটা লাগিল বুলি ৰাক্ষসীয়ে মিছা কথা কৈ নৈৰ ফালে পেলাই দিয়ে আৰু অন্য ডাললৈ আঙুলিয়াই সেইফালে যাবলৈ উৎসাহ দি থাকিবলৈ ধৰিলে। এইদৰে তাই পক পকা ডিমৰুৰ কথা কৈ প্রলােভন দেখুৱাই আৰলেংপীক গছৰ বহুত আগলৈ উঠাই লৈ গ’ল। তাই গছৰ আগমান পােৱাত ৰাক্ষসীয়ে কু-অভিপ্রায় প্রয়ােগ কৰিবলৈ মন মেলিলে।

ৰাক্ষসীয়ে খালৈৰপৰা বিষাক্ত মকৰাটো উলিয়াই গছজোপাত মেলি দিলে। মকৰাটোৱে বগাই গৈ আৰলেংপীৰ কাষলতিত কামােৰ মাৰিলে। ভীষণ বিষত তাই মৰিলাে ঔ” বুলি চিঞৰ মাৰি দিলে। চিঞৰ শুনি কি হ’ল নেং?’ বুলি ৰাক্ষসীয়ে মাত লগালে।

বাঘ-মকৰাই কামুৰিছে বুলি তাই ক’লে। ৰাক্ষসীয়ে গােপনে হাঁহিলে আৰু তাইৰ প্ৰতি উদ্দেশ্য কৰি ক’লে, “এস নেং! তেতিয়া হ’লে তােমাৰ কাণৰ নথেংপি, হাতৰ ৰই পেংখৰা, ডিঙিৰ লেক-ৰুৱে আৰু আঙুলিৰ আৰনানবােৰ খহাই দিয়া। মকৰাৰ বিষ নিজেই ভাল হব।”

ৰাক্ষসীৰ কথামতেই তাই গাৰ আ-অলংকাৰবােৰ খহাই তললৈ পেলাই দিলে। ইতিমধ্যে ৰাক্ষসীয়ে খালৈৰ পৰা বিষাক্ত চেলা এটা উলিয়াই গছজোপাত এৰি দিলে। বগাই বগাই চেলাজনীয়ে আৰলেংপীৰ কঁকালত কামােৰ মাৰি দিলেগৈ। তাই বিকট চিঞৰ মাৰি হায়! হায়! এইবাৰ মৰিলাে’ বুলি কৈ নামি আহিবলৈ চেষ্টা কৰিলে। তাকে দেখি ৰাক্ষসীয়ে ক’লে, “অস্ নেং! তােমাৰ কি হৈছে? তােমাৰ গাৰ কাপােৰ কেইখন খহাই পেলাই দিয়া, সােনকালে কৰা। গাৰ বিষ ভাল হ’ব।”

তাই বিষত তৎ নেপাই গাৰ কাপােৰবােৰ খহাই তললৈ পেলাই দিলে। তৎক্ষণাৎ ৰাক্ষসীয়ে খালৈৰ পৰা বিষাক্ত সাপ এডাল গছজোপাত মেলি দিলে। সেই সাপডাল বগাই গৈ আৰলেংপীৰ মূৰত খোট মাৰিলে আৰু গছৰ ওপৰৰ পৰা তাই তলত পৰি থিতাতে মৰি থাকিল।

ৰাক্ষসীৰ সাধু

ৰাক্ষসীয়ে ল’লে আৰলেংপীৰ ৰূপ

আৰলেংপী মৰাৰ পিছত ৰাক্ষসীয়ে তাইৰ ৰূপ লৈ, তাইৰ আ-অলংকাৰ, সাজ-পাৰ পিন্ধি শাক-মাছ লৈ হাঁহিমুখে ঘৰলৈ খােজ ল’লে। ধৰি অনা মাছ আৰু বন-শাকৰ আঞ্জাৰে ভাত খাই টোপনিত নিহপালি দিলে।ৰাক্ষসীৰ কাষত শুই থকা আৰলেংপীৰ কেঁচুৱাটোৱে ওৰে নিশা কান্দিবলৈ ধৰিলে। মাকৰূপী ৰাক্ষসীয়ে নিচুকাবলৈ চেষ্টা কৰে যদিও কান্দোন বেছিহে হয়। এইদৰে ওৰে ৰাতি কান্দি নিশাটো পাৰ কৰিলে। ছদ্মবেশিনী ৰাক্ষসীৰ দেহ-ৰূপৰ প্ৰতি আৰলেংপীৰ ডাঙৰ ছােৱালীজনীৰ সন্দেহ হ’বলৈ ধৰিলে। তাইৰ সন্দেহ কথাটো বাপেকক ক’বলৈ ইচ্ছা কৰিও তাই গােপনে ৰাখিলে।

পুৱাৰ সূৰুযে ধলফাট দিলে আৰু কেঁচুৱাৰ কান্দোন বেছি হ’বলৈ ধৰিলে। ৰাক্ষসীয়ে নিজৰ গাখীৰ দিয়ে; কিন্তু কেঁচুৱাই নাখায়, কান্দোন চৰেহে। তাকে দেখি ছােৱালীজনীক কেঁচুৱাটো গতাই দি তাই ঘৰৰ কাম কৰিবলৈ ধৰিলে। এনেতে সিহঁতৰ ঘৰৰ ওপৰত এজনী চিলনী “অক্ অক্ কিলিক-কি-লিক”বুলি চিঞৰি ফুৰিবলৈ ধৰিলে। লিনীৰ মাত শুনাৰ লগে লগে কেঁচুৱাৰকান্দোন শাম কটা দেখি বায়েকজনী আচৰিত হ’ল আৰু পিছ চোতালৰ ফালেদি ভনীয়েকক নিচুকাবলৈ লৈ গ’ল। আকাশত উৰি থকা চিলনীজনীলৈ হাত ৰাউলি দি গীত গাই গাই সৰু ভনীয়েকক এইদৰে নিচুকাবলৈ ধৰিলে –

“অৰি লৰি!
লছিনি ছিনি,
ৰংমান আথাইথে ছুৰি
নেমু আফান কেৱাইপি;
চ’অং এদেকক ছবি
অজা ৰি লৰি।”

“অ’আই। মােৰ ভণ্টিৰ কাৰণে প্রতিদিনে কণী বাঙী বিচাৰি নিচুকাই আছোঁ। এই বনৰীয়া বাঙী খাই খাই ডিঙিত খজুৱতি ধৰিছে।”

এইদৰে গীত গাই গাই ভনীয়েকক নিচুকাই থাকোঁতে কেঁচুৱাটোৰ কাষলৈ দেওদি উৰা মাৰি চিলনীজনী আঁতৰি গ’ল। চিলনীজনী আঁতৰি যােৱাৰ লগে লগে কেঁচুৱাৰ কান্দোন বেছি হ’ল। এবাৰ চিলনীজনী নিচেই কাষলৈ আহি হাতত গাখীৰ কেইটোপালমান পেলাই থৈ গ’ল। সেই গাখীৰ চেলেক্ দিয়াৰ পাছত কেঁচুৱাৰ টোপনি আহিল আৰু দোলনাত শুৱাই থ’লে।

ৰাক্ষসীৰ সাধু

এইদৰেই সেইচিলনীজনী দিনৌ আহি থকা হ’ল। এদিনাখন কেঁচুৱাৰ কান্দোন বেছি হােৱাত ৰাক্ষসীয়ে ভিতৰৰ পৰা কেঁচুৱাক লৈ আহিবলৈ মাত লগালে। ৰাক্ষসীৰ মাত শুনি তাই ভনীয়েকক এইদৰে বুজালে,-

“ছাব’ ছাব’ মু! লাকে এপেই কালি।”
“অ’ মােৰ সােণজনী। সেয়া আমাৰ আই নহয়।”

ইয়াকে শুনি ৰাক্ষসীয়ে ডাঙৰ ছােৱালীক ধমক দি ক’লে—“মই তহঁতৰ আই নহওঁ যদি আৰু কোন তহঁতৰ আয়েৰ?”

এনেকৈয়ে দিনবােৰ যাবলৈ ধৰিলে। ৰাক্ষসীয়ে আলেঙে আলেঙে সেই চিলনীজনীৰ গতি-বিধিৰ প্ৰতি লক্ষ্য কৰি থাকিল। তাই বুজি পালে যে এই চিলনীজনী আৰলেংপীৰ জীউটোৰ বাহিৰে আন একো নহয়। তাই নিজকে ঢাকি ৰাখিবলৈ চিলনীজনীক মৰাৰ আঁচনি কৰিলে। এদিনাখন তাই আগচোতালত তাৰডালৰ তলত ছিটিকা পাতি থলে।

ৰাক্ষসীৰ উদ্দেশ্য বুজিব পাৰি ছােৱালীজনী চিন্তিত হ’ল। এনেদৰে চিন্তা কৰি চোতালত বহি থাকোতে, চিলনীজনীক তাই দেখা পালে। তাই তেতিয়া চিলনীজনীক উদ্দেশ্য কৰি কেঁচুৱাক নিচুকোৱাৰ ছলেৰে গীত গাই ছিটিকাত নপৰিবলৈ সোঁৱৰাই দিলে। তাই এইদৰে গীত গালে –

“অৰি লৰি।
হি-ঈ ছবাৰপী,
হনজাৰ আকেংৰি
ফামদং নাচ’বি;
উন আজাত উনৰি
দেই ৰি ল’ৰি।

—“হেৰা আই, দুর্মতিৰাক্ষসীয়ে তাঁৰডালৰ তলত তােমালৈ ছিটিকা পাতিছে। তুমি ভুলতো ছিটিকাত গচক নিদিবা।”

কিন্তু সেই গীতে চিলনীক বুজাব নােৱাৰিলে। চিলনীজনী নামি আহি ছিটিকাত পৰিলহি। ৰাক্ষসীয়ে উৰালত ধান খুন্দি আছিল। চিলনীজনীক ওলমি থকা দেখা পাই তাই দৌৰি আহিল আৰু উৰালৰ মাৰিৰে টঙনিয়াই মাৰি পেলালে। উদ্দেশ্য সিদ্ধি হােৱাত, ৰাক্ষসীয়ে আত্মতৃপ্তিৰ হাঁহি মাৰিলে আৰু ৰাতিৰ সাঁজৰ কাৰণে চিলনীৰ মঙহ বাছিবলৈ ধৰিলে।

মঙহবছা হ’লত তাই চৰুত ভৰাই সিজাবলৈ ধৰিলে। এনেতে চৰুৰ মঙহবােৰে মাত লগালে-

“বুক্ বুৰুক বুক্ বুক্
হি-ঈপী চ’পাৰক্লক বুক্ বুক্
থেত্ খেলেত থেত্ থেত
হি-ঈপী নাংচ’পাৰক্লক খেত্ থেত্?”

মঙহৰ টুকুৰাবােৰে ৰাক্ষসীক এনেদৰে ঠাট্টা কৰা দেখি তাইৰ খং উঠিল আৰু মঙহৰ চৰু নমাই থ’লে।

গধুলি ভাতৰ পাতত সকলােৱে বহিল। চিলনীৰ মঙহ সকলােকে বিলাই দিলে। ৰাক্ষসীয়ে পৰম তৃপ্তিৰে ভাত খাবলৈ ধৰিলে। কিন্তু আনবােৰে মুখলৈ নিলেই মঙহ তিতা হয়। তিতা হােৱা কাৰণে সকলােৱে ভাত-আঞ্জা বাৰীৰ পিছফালে পেলাই দিলে।

সময়ত সেই ঠাইত এজোপা সুমথিৰা গছ গজি উঠিল। লহপহকৈ গছজোপা বাঢ়িবলৈ ধৰিলে।চাওঁতে চাওঁতে গছত ফুল ধৰিলে আৰু ফুলে-ফলে জাতিষ্কাৰ হ’ল। ছােৱালীজনীয়ে ভনীয়েককক লৈ সদায় সুমথিৰা টেঙা চাবলৈ যায় আৰু সুমথিৰাৰ কথা কৈ তাইক নিচুকাবলৈ চেষ্টা কৰে। সুমথিৰা টেঙা গছৰ কথা শুনি ৰাক্ষসীয়ে বিচাৰিলে; কিন্তু সেই গছজোপা দেখা নাপাই ছােৱালীহঁতে মিছাকৈয়ে কৈছে বুলি তাই মন নকৰিলে। এদিনাখন ছােৱালীজনীয়ে জীয়েকক কাষত লৈ ‘আমাৰ সুমথিৰা পকিলে’ বুলি কৈ আনন্দ প্রকাশ কৰা দেখি ৰাক্ষসীয়ে ‘ছােৱালীহঁত, ক’তা?’ বুলি সুমথিৰা গছ চাবলৈ গল। কিন্তু ৰাক্ষসীয়ে সেই গছ দেখা নাপালে।

ৰাক্ষসীৰ সাধু

জুম-খেতিৰ কাৰণে হাবি কটাৰ সময় হৈ আহিল। এদিন ৰাক্ষসী আৰু আৰলেংপীৰ গিৰিয়েক দুয়াে হাবিলৈ গ’ল। সেই সুযােগতে ছােৱালীজনীয়ে পকা সুমথিৰা এটা ছিঙি পিছত খাম বুলি ঘৰৰ ভিতৰৰ বেৰত ওলমাই থােৱা খালৈ এটাত ভৰাই থ’লে। ৰাক্ষসীয়ে দেখে বুলি মনে মনে খােৱাৰ সুযােগ বিচাৰোঁতেই যায়, সুমথিৰা খােৱা নহয়।

এইদৰেই বহুত দিন গল। এদিনাখন ঘৰৰ সকলােৱে খেতি পথাৰলৈ যােৱাত ঘৰখন নিজঞ্জাল হ’ল। এনেতে খালৈৰ পৰা সুমথিৰা টেঙাটোৱে আৰলেংপীৰ ৰূপ লৈ ধীৰে ধীৰে নামি আহিল আৰু ঘৰৰ ভিতৰখন চাফ-চিকুণকৈ ৰাখি পুনৰ খালৈত সােমাই ৰ’ল।

খেতিৰ পৰা আহি ঘৰৰ পৰিৱর্তন দেখা পাই সকলাে আচৰিত হ’ল। ঘৰত কোনাে নথকা অৱস্থাত, দিনৌ এইদৰে তাই আহে আৰু ঘৰৰ কাম বন কৰি খালৈত সােমাই থাকে।

ইয়াকে দেখি এদিন দুয়াে আলচ কৰিলে আৰু পাল পাতি পহৰা দিবলৈ থিৰাং কৰিলে। প্ৰথমতে ৰাক্ষসীয়ে পহৰা দিলে। ঘৰৰ চুক এটাত তাই লুকাই থাকিল। গােটেই দিনটো লক্ষ্য কৰিও ৰাক্ষসীয়ে কাকো অহা নেদেখিলে। সন্ধ্যা গিৰিয়েকক ক’লে যে তাই দিনটোৰ ভিতৰত কাকো দেখা নাই।

পিছদিনাখন ৰাক্ষসী আঁৰলৈ গ’ল আৰু আৰলেংপ’ক পহৰা দিবলৈ ক’লে। সি লাংথেনুন (পানী-কোঠা)ত লুকাই কোনােবা আহে নেকি বুলি লক্ষ্য কৰি থাকিল। লাহে লাহে ভৰ দুপৰ হ’ল। খালৈৰ পৰা এগৰাকী তিৰোতা নামি অহা দেখি আৰলেংপ’ আচৰিত হ’ল। তাই নামি আহি ঘৰৰ কাম বন কৰিবলৈ ধৰিলে। আৰলেংপ’ই হাতত সাৰে ভৰিত সাৰে গৈ সেই তিৰােতা গৰাকীৰ হাতত ধৰিলে আৰু তাইৰ পৰিচয় দিবলৈ ক’লে। তেতিয়া তাই ৰাক্ষসীৰ সকলাে কথা বিৱৰি ক’লে আৰু লগত থকা সেইজনী ৰাক্ষসীহে বুলি গিৰিয়েকক বুজাই দিলে। তাইক পুনৰ উদ্ধাৰ কৰিবলৈ হ’লে ৰাক্ষসীক হত্যা কৰিবই লাগিব। এইবুলি কৈ তাই ধীৰে ধীৰে খালৈৰ ভিতৰলৈ সােমাই গ’ল আৰু সুমথিৰা টেঙা হৈ থাকিল।

আৰলেংপ’ৰ এতিয়াহে চকু মেল খালে আৰু মায়াবিনী ৰাক্ষসীক শেষ কৰাৰ কথা ভাবিলে। আঁৰৰ পৰা ৰাক্ষসীজনী আহি কিবা সম্ভেদ পাইছেনে বুলি গিৰিয়েকৰ পৰা জানিব বিচাৰিলে। সি কাকোকে দেখা নাই বুলি ক’লে।

পিছদিনাখন পুৱা আৰলেংপ’য়ে ক’লে, “খেতিৰ কামাে শেষ হৈছেহি। আজি ভালদৰে গা-মূৰ ধুবগৈ লাগে।” এই বুলি কৈ সি নককান্তি (এবিধ দীঘল দা) উলিয়ালে আৰু ধাৰ দিবলৈ ধৰিলে। ৰাক্ষসীয়ে মূৰ ধুবৰ বাবে খাৰ-পানী চেকিবলৈ ধৰিলে। আৰলেংপ’য়ে দাখনত ধাৰ দিয়া দেখি কিয় দাখনত ধাৰ দিছে বুলি ৰাক্ষসীয়ে সুধিলে। “ঘাটলৈ যােৱা বাটত হাবি হৈছে। সেইবােৰ কাটিবলৈ ধাৰ দিছোঁ” বুলি সি উত্তৰ দিলে।

ৰাক্ষসীৰ মৃত্যু

দুয়াে ঘাটলৈ ওলাই গ’ল। ৰাক্ষসীয়ে শিলচটাত বহি খাৰ-পানীৰে মূৰ ধুবলৈ ধৰিলে।হঠাৎ আৰলেংপ’ৰ দা খনৰ তিৰবিৰণি পানীত প্রতিফলন হ’ল।ৰাক্ষসীয়ে চক্ খাই কিহৰ তিৰবিৰণি বুলি সুধিলে। “বিজুলীৰ পোহৰ, বৰষুণ আনিব, সােনকালে মূৰ ধােৱা” বুলি সি কৈ ৰাক্ষসীক হত্যা কৰিবলৈ চেগ চাই ৰ’ল।

ৰাক্ষসীৰ সাধু

সঁচাকৈয়ে বৰষুণ আনিব বুলি ভাবি তাই খৰধৰ কৰি মূৰ ধুই থাকোঁতেই আৰেলেংপ’য়ে ৰাক্ষসীৰ ডিঙি কাটি দুছোৱা কৰিলে। কেনেবাকৈ ডিঙি জোৰা লাগে বুলি ভাবি সি বাকী থকা খাৰ-পানী কটা যােৱা ডিঙিত ঢালি দি মূৰডােখৰ উজনি আৰু গা-ডােখৰ ভটিয়নীৰ সোঁতত উটাই দিলে।

ৰাক্ষসীৰ মৃত্যুৰ পিছত আৰলেংপয়ে আৰলেংপীৰে সৈতে পুনৰ সুখেৰে কাল কটাবলৈ ধৰিলে।

(আশা কৰোঁ আপুনি  “এজনী ৰাক্ষসীৰ সাধু” সাধুটো পঢ়ি ভাল পাইছে। যদি আপুনি সাধুটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “এজনী ৰাক্ষসীৰ সাধু” সাধুটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top