কুশল কোঁৱৰ-kushal konwar essay

কুশল কোঁৱৰ-kushal konwar essay

নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি “কুশল কোঁৱৰ-kushal konwar essay” ৰচনা খনৰ জৰিয়তে স্বাধীনতা সংগ্রামী, মুক্তিকামী কুশল কোঁৱৰৰ জীৱনৰ বিষয়ে আলোচনা কৰিম। সেয়েহে, কুশল কোঁৱৰৰ বিষয়ে অধিক জানিবলৈ ৰাচনাখন শেষলৈকে পঢ়ক। ধন্যবাদ।

পৰিচয়:

ভাৰতক ব্ৰিটিছৰ কবলৰ পৰা স্বাধীন কৰাত যিসকলে নিজৰ প্ৰাণ উচৰ্গা কৰিছিল তেওঁলোকৰ ভিতৰত কুশল কোঁৱৰ অন্যতম। স্বাধীনতা সংগ্রামী, মুক্তিকামী এইজনা অসমীয়া বীৰদৰ্পে আগবাঢ়ি গৈছিল স্বাধীনতা আন্দোলনলৈ।

জন্ম আৰু পৰাধীনতাৰ প্ৰতি বিদ্রোহ:

কুশল কোঁৱৰ আহোমৰ তুংখুঙীয়া ফৈদৰ কমলেশ্বৰ সিংহৰ বংশধৰ। তেওঁৰ পিতৃ আছিল কাঠব্যৱসায়ী সোণাৰাম কোঁৱৰ আৰু মাতৃ কনকেশ্বৰী। ১৯০৫ চনৰ চ’ত মাহৰ ৯ দিন যোৱাত বালিজানত কুশল কোঁৱৰৰ জন্ম হয়। পিছত তেওঁৰ পিতৃ সোণাৰামে বেংমাইলৈ তেওঁলোকৰ বাসস্থান স্থানান্তৰ কৰে। সোণাৰামৰ আঠজন পুত্র-কন্যাৰ ভিতৰত কুশল_কোঁৱৰ পঞ্চম সন্তান। নির্ভিকতা সৰুৰেপৰাই তেওঁৰ তেজত প্রবাহিত হৈ আছিল। সৰুৰে পৰা তেওঁ খেলা-ধূলাতো পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছিল।

কুশল কোঁৱৰ-kushal konwar essay

কুশল কোঁৱৰ-kushal konwar essay

ধুনীয়া বিহুনাম গোৱা, ঢোল, পেঁপা, বাহী বাদনতো পাৰদৰ্শী আছিল কুশল_কোঁৱৰ। কিন্তু এইবোৰৰ মাজত কুশলে কোনো দিনে পাহৰা নাছিল যে তেওঁ এখন পৰাধীন দেশত উশাহ লৈ আছে। ব্ৰিটিছৰ অত্যাচাৰী শাসনত আমাৰ মানুহৰ কেনে অৱস্থা হৈছিল, ব্ৰিটিছে কি অন্যায় কৰিছে সেয়া তেওঁ মৰ্মে মর্মে উপলব্ধি কৰিছিল। স্বাধীন মনৰ কুশল_কোঁৱৰে ব্ৰিটিছৰ তলত চাহ বাগিছাৰ কাম কৰিবলৈ মন নকৰিলে। আনকি দেউতাকে উইলছন চাহাবৰ আশ্ৰয়ত থাকি কাঠৰ কাৰবাৰ কৰাটোও তেওঁ পেটে পেটে ভালপোৱা নাছিল।

শিক্ষা আৰু আদৰ্শৰ পথত অগ্ৰসৰ:

১৯১২ চনত কুশল_কোঁৱৰে প্রাথমিক স্কুল আৰু ১৯১৮ চনত গোলাঘাট বেজবৰুৱা মধ্য ইংৰাজী স্কুলত পঢ়ে। দেশৰ পৰিস্থিতি ক্রমশঃ বেয়াৰ ফালে ঢাল খাবলৈ ধৰাত লগতে বয়সো বাঢ়ি অহাত পঢ়া-শুনা সিমানতে সামৰে। ১৯২৫ চনত বেংমাইত প্রাথমিক বিদ্যালয় প্রতিষ্ঠা কৰি শিক্ষকতা আৰম্ভ কৰে। ১৯২১ চনত সংগ্রামী মনৰ সহপাঠী কেইজনমানৰ লগ লাগি কুশল কোঁৱৰে স্বাধীনতা আন্দোলনত যোগ দিয়ে। তেতিয়া তেওঁ মাথো ষোল্লবছৰীয়া। পিতৃ সোণাৰাম কোঁৱৰৰ দাবী এৰিব নোৱাৰি কুশল_কোঁৱৰে জীৱিকাৰ বাবে বাছি লবলগীয়া হয় অন্য পথ।

১৯২৭ চনৰ পৰা ১৯৩৬ চনলৈকে দহ বছৰ স্বাধীনচিতীয়া অসমীয়া চাহ খেতিয়ক বিশ্বেশ্বৰ শৰ্মাৰ চাহ বাগিছাত কেৰাণী কাম কৰে। ইতিমধ্যে কুশল কোঁৱৰ হৈ পৰিছিল সংসাৰী। ১৯২১ চনৰ ২৪ ফেব্ৰুৱাৰীত মৰঙী কোঁৱৰ গাঁৱৰ প্রেমানন্দ দুৱৰাৰ কন্যা প্রভাৱতীক বিয়া কৰায়। ব্যক্তিগত জীৱনৰ সকলো কাম সুকলমে কৰিও কুশলে পাহৰা নাছিল তেওঁৰ আচল কর্তব্য।

১৯৩৪ চনত মহাত্মা গান্ধীয়ে তৃতীয়বাৰ অসম ভ্ৰমণ কৰোঁতে গোলাঘাটলৈ আহে। কুশল_কোঁৱৰ, ভদ্ৰ ফুকন, তিলক বৰা প্ৰমুখ্যে কেইগৰাকীমান উদ্যোগী নিষ্ঠাবান যুৱকক মহাত্মা গান্ধীক সেৱা-শুশ্ৰষা কৰাৰ ভাৰ দিয়া হৈছিল। কুশলে এই দায়িত্ব সূচাৰুৰূপে পালন কৰে। তেতিয়াৰপৰাই কুশল_কোঁৱৰ নিৰামিষভোজী হৈ পৰে। অহিংসাক তপৰূপে প্ৰাণত ধাৰণ কৰি লয়। দেশৰ স্বাধীনতা সংগ্ৰামত জপিয়াই পৰাৰ বাবে সাজু হয়।

১৯৩৬ চনত তেওঁ বাগিছা এৰি স্বাধীনতা আন্দোলনত জপিয়াই পৰে। ইতিমধ্যে ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলন অসমতো আৰম্ভ হৈছিল। বন্দে মাতৰম ধ্বনিত ওলাই আহিছিল অসমৰ মানুহ। কুশল_কোঁৱৰো নাছিল তাৰ ব্যতিক্রম। অনেকে হেৰুওৱা প্ৰাণৰ বিনিময়ত অসমৰ মানুহে স্বাধীনতা ল’বলৈ সাজু হৈছিল। গহপুৰ পুলিচ থানাৰ প্ৰাংগণত পতাকা উত্তোলন কৰিবলৈ যাওঁতে পোন্ধৰ বছৰীয়া কনকলতা আৰু কুৰি বছৰীয়া মুকুন্দ কাকতি পুলিচৰ গুলীত নিহত হয়। শ্বহীদ হল ভোগেশ্বৰী ফুকননী, ঠগীৰাম সূত, লক্ষী হাজৰিকা আদিৰ দৰে বহু অসমীয়া।

কিন্তু কুশল_কোঁৱৰৰ বাবে ৰৈ আছিল এক বেলেগ ৰূপ। ১৯৪২ চনৰ ১০ অক্টোবৰৰ দিনা সৰুপথাৰ ৰে’ল ষ্টেচনৰ ওচৰত কোনোবাই ৰে’ল লাইন উঠাই দিলে। ফলত সশস্ত্র ব্রিটিছ মিলিটাৰী, স্বাস্থ্য বিষয়াসহ বহু ব্ৰিটিছ বিষয়াক কঢ়িয়াই অনা ৰে’লগাড়ীখন দূৰ্ঘটনাত পতিত হয়। বেচৰকাৰী হিচাপত প্ৰায় এহাজাৰ লোক মৃত্যু মুখত পৰে। ৰাতিৰ ভিতৰত সৰুপথাৰ অঞ্চলটো সশস্ত্র পুলিচ-মিলিটেৰীয়ে ঘেৰাও কৰি যাকে য’তে পালে ধৰি-বান্ধি নি গোলাঘাট জেলত ভৰাই থলে। কুশল কোঁৱৰকো এই ঘটনাৰ বাবে দায়ী কৰি পুলিচে গ্ৰেপ্তাৰ কৰিলে। ধার্মিক, অহিংসবাদী কুশল_কোঁৱৰ পিছ হুহকি নাহিল। হাঁহিমুখে ব্ৰিটিছৰ হাতত বন্দী হ’ল।

১৯৪৩ চনৰ ১১ ফেব্ৰুৱাৰীৰ দিনা গোলাঘাটৰ লোকেল বর্ডৰ কাৰ্যালয়ত ৰে’ল দুৰ্ঘটনাত অভিযুক্ত বন্দীসকলৰ বিচাৰ শিৱসাগৰ জিলাৰ ডেপুটি কমিছনাৰ মিঃ কেম্বেল এনদ্রু হামফ্রেৰ আদালতত আৰম্ভ হল। ঘৰ বিভীষণ মৌজাদাৰ ভগীৰাম গাঁওবুঢ়া প্ৰমুখ্যে ব্ৰিটিছৰ পদলেহনকাৰী দলে ৰাজসাক্ষ্য দিলে। হামফ্রে চাহাবে তিনি দফাত বিচাৰ শেষ কৰিলে। তৃতীয় দফাত কুশল কোঁৱৰ, ঘনশ্যাম শইকীয়া, কনকেশ্বৰ কোঁৱৰ আৰু ঘনকান্ত ডেকাৰ ফাঁচীৰ হুকুম দিয়া হ’ল। ১২ জুনৰ শেষ নিশা স্বাধীনতা সংগ্রামী কুশল কোঁৱৰ ফাঁচী কাঠত ওলমিল।

সামৰণি:

আমাৰ দেশৰ বতাহত চিৰকালৰ বাবে এইজনা স্বাধীনতা সেনানীৰ কথা লিখা ৰব। কোনোদিনে আমি পাহৰিব নোৱাৰো যে কুশল কোঁৱৰৰ দৰে হাজাৰজনে নিজৰ জীৱন উচৰ্গা নকৰা হ’লে আজি আমি স্বাধীন দেশত উশাহ ল’ব নোৱাৰিলোঁহেঁতেন । শ্বহীদৰ তেজেৰে লিখা আমাৰ ইতিহাসত কুশল কোঁৱৰ অমৰ হৈ থাকিব।

(আশা কৰোঁ আপুনি ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top