ক্ষমা

মানুহৰ দোষ ক্ষমা কৰিবা৷ ক্ষমাত মহত্ত্ব আৰু দেৱত্ত্ব আছে, আৰু সি তোমাৰ চৰিত্ৰত প্ৰতিভাত হৈ তোমাক আৰু ওখ আৰু মহত কৰিব৷ ক্ষমাই মনলৈ দয়াৰ বাট, প্ৰেমৰ বাট মুকলি কৰি ৰাখে৷ যি দোষ কৰে, তাৰ ঠাইত তোমাৰ মনতে তোমাক বহুৱাই চাবা, তেনেহ’লেও তুমি তেওঁক ক্ষমা কৰিব পাৰিবা৷ হিংসা, খিয়াল, দ্বেষ, ক্ৰোধ আদি নানা অৱস্থাত পৰি মানুহে পশুত্বপ্ৰাপ্ত হৈ পৰৰ বিৰোধ আচৰণ কৰে৷ সেইটো বুজি কৃপা কৰি, ক্ষমা কৰি, সাধুতাৰে তাৰ অসাধুতাক জয় কৰিবা৷ অনেকে বিপক্ষক ক্ষমা কৰে, কিন্তু বিপক্ষৰ দোষটো হ’লে নাপাহৰে, মনত টোপোলা বান্ধি থৈ দিয়ে৷ ক্ষমাও কৰিব লাগে, দায় পাহৰিবও লাগে, তেহে সম্পূৰ্ণ ক্ষমা কৰা হয়, নতুবা পুৰণি দোষৰ সোঁৱৰণিয়ে তোমাৰ মনত আকৌ কেতিয়াবা বিপৰীত ভাবক সাৰ পোৱাই দিব পাৰে৷ সেইদেখি দোষৰ ক্ষমাক সম্পূৰ্ণ কৰিবলৈ পাহৰণি লাগে৷

ঈশ্বৰে সৃষ্টিৰ সকলো পদাৰ্থ, সকলো কাৰ্যকে আপুনি গঢ়িছে; মাথোঁঁন এটি কাৰ্যৰ গঠন তেওঁ মানুহৰ হাতত এৰি দিছে; সেইটি মানুহৰ চৰিত্ৰ গঠন৷ ইয়াৰ কাৰণ, মানুহক তেওঁ বুদ্ধি-বিদ্যা আৰু চিন্তা-শক্তি দান কৰি ৰাখিছে৷ এইফেৰা ‘স্বৰাজ’ৰ (self-government) ক্ষমতা মানুহে ঈশ্বৰৰ পৰা লাভ কৰিছে৷ এতেকে এইফেৰি ‘স্বৰাজ’ৰ শাসন, গঠন মানুহে ভালকৈ কৰিলে ভাল হৈ তাৰ ফলাফল ভোগ কৰিবলৈ পায়, বেয়াকৈ কৰিলে বেয়া হৈ তাৰ ফল ভোগ কৰিবলৈ পায়৷ self-government municipality অৰ্থাৎ স্বায়ত্ত্ব শাসনৰ ক্ষমতা পোৱা কোনো মিউনিচিপেলিটিয়ে ভালকৈ নিজৰ কৰ্তব্য কৰিব নোৱাৰিলে, গৱৰ্ণমেণ্টে সেই মিউনিচিপেলিটিৰ পৰা সেই ক্ষমতা কাঢ়ি নিয়া আমি চকুৰ আগতে দেখি আছোঁ৷ সেইদৰে নিজৰ চৰিত্ৰ গঠন কাৰ্যত অপাৰগ হোৱা লোককো ঈশ্বৰে তেওঁৰ হাতৰ পৰা এই ডাঙৰ ক্ষমতা কাঢ়ি নি, চৰিত্ৰ কি বস্তু তাক নজনা পশুৰ শাৰীলৈ পঠিয়ায়৷ সজ-চিন্তা, সজ-কাৰ্যৰ জনক৷ মনৰ পোহৰে তোমাৰ কাৰ্যৰ এন্ধাৰ চুকতো পোহৰ পেলায়৷ মন, বুদ্ধি, চিত্তক শুদ্ধ কৰি ৰাখা, আৰু সেই বিশুদ্ধ মন-বুদ্ধি, চিত্তৰে তোমাৰ অন্তৰ বিশুদ্ধ কৰি, জীৱনৰ কাৰ্যক্ষেত্ৰত আগবাঢ়ি যোৱা; ভয় নাই, তোমাৰ জয় নিশ্চিত৷

ঈশ্বৰত একান্ত বিশ্বাস, একান্ত নিৰ্ভৰ কৰি, তোমাৰ জীৱনত এহাশুধীয়াকৈ নিষ্কপটভাৱে কৰা কাৰ্যৰ ফলাফল তেওঁৰ চৰণত সমৰ্পণ কৰা, হে বন্ধুসকল এয়েই তোমালোকৰ প্ৰতি এই দুখীয়াৰ উপদেশ৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top