একলব্যৰ গুৰুভক্তিৰ কথা জগতে জানে। তেওঁ আছিল হিৰণ্যধনুৰ পুত্র। হিৰণ্যধনু নীচ কুলৰ হােৱা বাবে তেওঁৰ পুত্র একলব্যই সেই সময়ত বহু সুবিধা লাভৰ পৰা বঞ্চিত হ’বলগা হৈছিল। তথাপি একলব্য আছিল পৰম আশাবাদী। সেই সময়ত পাণ্ডৱ আৰু কৌৰৱৰ গুৰু আছিল দ্রোণাচার্য। অজুর্নহঁতৰ অস্ত্র শিক্ষাই একলব্যকো দ্রোণাচাৰ্যৰ ওচৰত শিক্ষা ল’বলৈ বিহ্বল কৰি তুলিছিল। সেয়েহে এদিন পুৱাই একলব্য দ্রোণাচাৰ্যৰ ওচৰত উপস্থিত হৈছিল। সেইসময়ত গুৰু দ্রোণাচার্য আছিল শিষ্যসকলৰ লগত ব্যস্ত। একলব্যই গুৰুক প্রণাম জনাই তেওঁৰ মনৰ ইচ্ছা ব্যক্ত কৰিছিল। গুৰু দ্রোণাচার্যই যেতিয়া একলব্যৰ বংশ পৰিচয় জানিলে, তেতিয়া তেওঁ একলব্যক শিষ্য কৰি ল’বলৈ টান পালে। কাৰণ, একলব্য আছিল নীচ কুলজাত। সেই সময়ত উচ্চ বংশৰ মাজতে শিক্ষা ব্যৱস্থাবােৰ সীমিত আছিল। নীচ বংশৰ লােকক তেনে শিক্ষা দিয়া নিষেধ আছিল। গুৰুৱে শিক্ষা দিবলৈ অমান্তি হােৱাৰ পিছত একলব্যই বিফল মনোৰথ লৈ উলটি আহিছিল যদিও সম্পূর্ণ আশা বাদ নিদিলে। তেওঁ তেতিয়াই ঘােৰ অৰণ্যত প্ৰৱেশ কৰিলে আৰু একান্ত ভক্তি ভাবেৰে অৰণ্যত গুৰু দ্রোণাচাৰ্যৰ এটা মূর্তি সাজি লৈ তাত স্থাপন কৰিলে। সেই দিনাৰপৰা তেওঁ সেই মূর্তিটোকে গুৰু ভাবি অস্ত্র শিক্ষা আৰম্ভ কৰিলে। এনেকৈ বহুদিন, বহু মাহ পাৰ হৈ গ’ল। একলব্যৰ অস্ত্র শিক্ষা তাত চলিয়ে থাকিল। সময় কেতিয়া কোন দিশে আৰু কেনেকৈ গতি কৰে, কোনেও তাক ক’ব নােৱাৰে। এদিন একলব্যৰ ক্ষেত্ৰতাে সেয়াই হ’ল। তেওঁ তাত নভবা ঘটনা এটা ঘটিল। কৌৰৱ পাণ্ডৱ সমন্বিতে দ্রোণাচার্যৰ সেইখন অৰণ্যতে প্রৱেশ ঘটিল। সেই সময়ত গুৰু-শিষ্যৰ সৈতে কেইটামান কুকুৰেও সংগ লৈছিল। আগে আগে যােৱা কুকুৰকেইটাই একলব্যক দেখি ডাঙৰ ডাঙৰকৈ ভুকিবলৈ আৰম্ভ কৰিলে। শিক্ষা গ্রহণৰ সময়ত তেনে অশান্তি তেওঁ আশা কৰা নাছিল বাবে তৎক্ষণাত কাঁড় মাৰি সিহঁতৰ মুখবােৰ বন্ধ কৰি পেলালে। কুকুৰকেইটাৰ এনে অৱস্থা প্রত্যক্ষ কৰি গুৰু দ্রোণাচার্য বৰ স্তম্ভিত হ’ল। তেওঁ ভাবিলে— যিটো কাম তেওঁৰ প্রিয় শিষ্য অর্জুনে নােৱাৰে, সেই কামটো যিজনে কৰিলে, তেওঁ এলাপেচা বিধৰ ধনুর্ধৰ হ’ব নােৱাৰে। সেই সময়ত অর্জুনতকৈ শ্রেষ্ঠ ধনুর্ধৰ বীৰ অইন কোনাে নাছিল। একলব্যই যি অসাধ্য সাধন কৰিছে সেয়া সাধাৰণ শিষ্যৰ বাবে অসম্ভৱ। তেতিয়া তেওঁ সেই ধনুর্ধৰ বীৰজনক চাবলৈ ব্যগ্র হৈ পৰিল। সেই ইচ্ছাৰে তেওঁ হাবিৰ মাজলৈ সােমাই গ’ল। তেওঁ হাবিৰ মাজত যি দেখিলে, সেইদৃশ্যই তেওঁক আচৰিত কৰি তুলিলে। এজন সাধাৰণ বালকে এটা মূর্তি সন্মুখত লৈ অস্ত্র শিক্ষাৰ সাধনা কৰি আছে। সেই মূর্তিটোও অইন কাৰাে নহয়, স্বয়ং তেওঁৰে। গুৰু দ্রোণাচাৰ্যক দেখি একলব্যই পৰম উৎসাহেৰে প্রণাম জনালে। তেওঁ তেতিয়া একলব্যৰ মুখৰপৰা জানিব বিচাৰিলে যে তেওঁৰ গুৰু কোন? একলব্যই পুনৰ সাদৰ প্রণাম জনাই ক’লে যে তেওঁৰ একমাত্ৰ গুৰু দ্রোণাচার্য। তেতিয়া গুৰু দ্রোণাচার্যই একলব্যৰপৰা গুৰু দক্ষিণা বিচাৰিলে। একলব্যই তেতিয়া গুৰুক কি দক্ষিণা লাগিব বুলি প্রশ্ন কৰিলে। চতুৰ দ্রোণাচার্যই জগতত আৰু দ্বিতীয়জন শ্রেষ্ঠ ধনুর্ধৰ কামনা কৰা নাছিল বাবে গুৰু দক্ষিণাৰ ৰূপত একলব্যৰ সোঁহাতৰ বুঢ়া আঙুলিটো বিচাৰিলে। একলব্যই গুৰু দক্ষিণাৰূপে হাঁহি হাঁহি তেওঁৰ বুঢ়া আঙুলিটো কাটি গুৰু দ্রোণাচার্যলৈ আগবঢ়াই দিলে। গুৰু দ্রোণাচার্যই একলব্যৰ শ্রদ্ধা-ভক্তিত অতিকৈ পৰম সন্তুষ্টি লাভ কৰিলে আৰু জগতত চিৰদিন নাম ৰৈ যােৱাৰ আশীর্বাদ দিলে। সঁচাকৈ এজন শ্রেষ্ঠ শিষ্যৰ ৰূপত একলব্যৰ নাম জগতত ৰৈ-বৈ গ’ল। তেওঁৰ শ্ৰদ্ধা-ভক্তি আৰু একাগ্রতাক কোনেও অস্বীকাৰ কৰিব নােৱাৰে।