বিষয়—অসমত স্ত্ৰী শিক্ষা
স্ত্ৰী-শিক্ষাৰ বিষয়ে সি বাৰৰ অধিবেশনত বহুত কথাৰ আলোচনা হৈছিল, কিন্তু কথাৰ ওৰ পৰা নাছিল৷ এই বোৰৰ অধিবেশনত বিষয়টি শেষ কৰিম বুলি বক্তা ডাঙ্গৰীয়াই সভাক জনাইছিল৷ আমি সিবাৰৰ কথা বিলাক শুনি বৰ ৰং পাইছিলোঁ, আৰু বাকীখিনি শুনিবলৈ মনত বৰ ধাউতি আছিল৷ সেই দেখি এইবাৰো আমি সভাত উপস্থিত আছিলোঁ৷ সভাৰ সভ্য এটাই বিলাক আহি গোট খালত সভাপতি ডাঙ্গৰীয়াই সভা লগাই দি কলেঃ—সভ্য ডাঙ্গৰীয়া সকল! ৰাজখোৱা ডাঙ্গৰীয়াই সিবাৰ যি বিলাক কথা কৈছিল, আমি শুনি বৰ আনন্দ পাইছিলোঁ৷ তেখেতৰ বাকী কথাখিনি শুনিবলৈ আমাৰ মন উত্ৰাৱল হৈ আছে৷ আজি যেন তেখেতে বিষয়টি শেষ কৰি আমাৰ মনৰ খুদুঁৱনি নিবাৰণ কৰে, এই মোৰ অনুৰোধ৷
সভাপতি বহিলতে ৰাজখোৱা থিয় দিলে, আৰু চকু মুদি অলপমান পৰ কিবা ভাবিলে, এবাৰ মূৰত হাত বুলালে, পাচত দুয়োখানি হাত কঁকালত দি বুকু ফিন্দাই সভা পাতিলৈ নিৰীক্ষণ কৰি কবলৈ ধৰিলেঃ—সভ্য সকল! আপোনালোকে কেন্দ্ৰসভাৰ নিয়ম উলঙ্ঘি মোক যে দুদিনকৈ বক্তৃতা কৰি বলৈ দিছে, এই বাবে মই আপোনালোকৰ নথৈ শলাগ লৈছোঁ৷ মোৰ আলোচনাৰ বিষয়টি যেনে লাগতিয়াল তেনে দীঘল৷ কিন্তু তাৰ সৰহভাগ কথা সিবাৰেই কোৱা হৈছে৷ অসমীয়া মাইকীয়ে কি আলাপ কৰে, কি মেল কৰে, আৰু কি কাম কৰে এটাইবিলাক বিশেষকৈ বৰ্ণোৱা হৈছে৷ তেওঁলোকৰ ৰান্ধন-বাঢ়নৰ নিয়ম কেনে তাকো কোৱা হৈছে, আৰু শেষত তেওঁলোকৰ হাতৰ চিৰা পিঠা পায়স আদি মিষ্টান্ন খুৰাই আপোনালোকক বিদায় দিয়া হৈছিল৷ ( চাপৰি ) এতেকে আমাৰ তিৰোতাই কি প্ৰণালীত আলাপ কৰে; আৰু তেওঁ- লোক ৰান্ধন-বাঢ়নত, বা পিঠা পৰমান্ন কৰাত কিমান চতুৰ; তাৰ ভালকৈ সম্ভেদ পাইছে (চাপৰি ) ইয়াৰ বাজে মোৰ আৰু যি বক্তব্য আছে তাক আজি সংক্ষেপে নিবেদন কৰি বিষয়টি সামৰিবৰ মনস্থ কৰিছোঁ৷
আপোনালোকে অৱশ্যে জানে যে আন আন সভ্য দেশৰ তিৰোতা বিলাকে লিখা পঢ়া শিকে, কিছুমানে বিশ্ববিদ্যালয় জয় কৰি বি, এ, এম এৰ ধ্বজা উৰায়, সভা সমিতিত উপস্থিত হৈ সাৰুৱা বক্তৃতা কৰে, গধুৰ পুথি লিখে, আৰু কিছুমানে বাতৰি কাকতো চলায়৷ কিন্তু আমাৰ দেশত তেনে কথা ন ভূত ন শ্ৰুত; হোলোঙ্গাৰে কাণ খজুৱাৰ নিচিনা অদ্ভুত৷ আমাৰ তিৰোতাৰ সৰহ ভাগৰেই কখৰ লগত চিনাকি নাই৷ কিন্তু সেই বুলি তেওঁ বক্তৃতা কৰাত নিচেই অপৈণত বুলি নাভাবিব৷ এখন দন্দ লগাই দিলে তেওঁৰ মুখৰ পৰা সুমধুৰ বাক্যৰ লালী নিছিগা হয়৷ দন্দত তেওৰ ভাষাৰ লালীত্য আৰু শব্দৰ মাধুৰ্য্য দেখিলে কালিদাসেও বিস্ময় মানে, তদুৰপ ফঁকৰা পটন্তৰৰো সোঁত বয়৷ তেও তৰ্ক শাস্ত্ৰতো বিচক্ষণ নিজে দোষ কৰি ঢাকিবলৈ বা গিৰিয়েকৰ গাত দিবলৈ যেতিয়া গিৰিয়েকেৰে সৈতে তৰ্ক পাতে, তেতিয়া দেখিলে, তেওঁ যে পঢ়িব নাজানে ই কথা কোনে কব পাৰে? অসমীয়া তিৰোতাৰ ভিতৰত দুই চাৰিজনী বৰ চোকা ৰকমৰ কবিও পোৱা যায়৷ ৷ তেওঁলোকে আকাশৰ তৰা আৰু পাতালৰ বাসুকীক যোৰাই, বা বিয়াত দৰা কন্যাৰ, আৰু হোমৰ বাপু দেউৰ ধেমেলিয়া নাম থৈ নিমিষতে সুললিত গীত ৰচিব পাৰে৷ লিখিব নাজানে দেখি বাতৰি কাকতখন চলাব নোৱাৰে হয়, কিন্তু সেই বুলি তেওঁলোকে কোনো কথাৰ বাতৰি নোপোৱাকৈ নাথাকে৷ উজনিত টিলিকি মাৰিলে নামনিত আগেয়ে বুজ পায়৷ চুবুৰিৰ ভালমন্দ নিতৌ দুপৰীয়া মাৰলত বখ্যা ব্যাখ্যি হয়৷ ৷ একোজনী বাতৰি যোগোৱাত ইমান পাৰ্গত যে মাইকীৰ সমাজত তেওঁ আসাম গেজেট উপাধি পায়, আৰু সকলোৰে মান সৎকাৰৰ পাত্ৰী হয়৷ ৷ এওঁলোকৰ বিদ্যা ইমান বিলাক, কিন্তু একাধলিৰ পোন্ধৰ পয়চা খৰচ গলে পেৰাত কি থাকিল, তাক সুধিলে আথাউনি সাগৰত পৰে৷ ( চাপৰি ) তেওঁলোকে এনে বিধৰ কথা শিকাটো মাইকীৰ পক্ষে যুগুত নহয় বুলি৷ কয়৷ তেওঁলোকৰ বিবেচনাত মাইকী হলেই আজলী আৰু আঁকৰী হব লাগে৷ ৷ ৰূপটকাৰ পইচা কিমান হয় মই না- জানো এইবুলি তেওঁলোকে বৰাই কৰে; আৰু যি জনীয়ে জানে তেওঁক সাত ঘাটৰ চেঙ্গেলী বুলি নিন্দা কৰে৷ (চাপৰি) মোৰ এই কেই আষাৰ কথাৰ পৰা, অসমৰ কোনো তিৰোতাই [ ৩২ ]লিখা পঢ়া নিশিকে বুলি নাভাবিব৷ দুজনী এজনীয়ে কিতাপ কাকত খৰচি নোৰোৱাকৈ মাতিব পাৰে, আৰু দুজনী এজনীয়ে পঢ়াশালিত পঢ়ি মহলা দিয়ে, খ্যাতিও পায়৷ এওঁলোকেই আমাৰ মহিলা মণ্ডলীৰ ৰত্ন৷ ( চাপৰি )
লিখা পঢ়াত আমাৰ তিৰোতাৰ এই অৱস্থা৷ এতিয়া সোধোঁ তেওঁলোকৰ এনেকুৱা অৱস্থা হোৱাৰ কাৰণ কি? তেওঁলোক আন দেশৰ তিৰোতাৰ নিচিনা জনা বুজা বা পণ্ডিত নহয় কিয়? আন দেশৰ তিৰোতাৰ নিচিনা সজ আলাপ কৰিব নাজানে কিয়? ৰান্ধন বাঢ়নত পাৰ্গত নহয় কিয়? এই অৱস্থাৰ বাবে কোন জগৰীয়া? মোৰ বিবেচনাত জগৰ আমাৰ৷ আমাৰ তিৰোতা আমাৰ অধীন৷ আমি যেনেকৈ চলাও তেওঁলোক তেনেকৈ চলে, আৰু যেনেকৈ ৰাখোঁ তেনেকৈ থাকে৷ পাচত, আমি তেওঁলোকৰ শিক্ষাৰ কিবা ব্যবস্থা কৰিছো নে? মানুহে এক শিকে দেখি আৰু এক শিকে লেখি৷ পিচে, দেখি শিকিবলৈ তেওঁলোকৰ কোনটো সুচল আছে? বুকুত ৰিহা লবৰ দিন ধৰি আমি তেওঁলোকক পোহনীয়া শালিকীৰ নিচিনা সজাত ভৰাই আৰ বেৰ দি থৈ দিওঁ৷ কেতিয়াবা বাজলৈ এৰি দিলেও, এহতীয়া ওৰণিৰে তেলশালিৰ বলদৰ নিচিনাকৈ চকু বান্ধি আৰু চাৰি ফালে চাৰিটা বৰজাপিৰে চন্দ্ৰ সূৰ্য্যই নেদেখাকৈ পঠাওঁ৷ ( সজ সজ শব্দ ) জানোচা তেওঁ কাৰবাক দেখে, জানোচা তেওঁক কোনোবাই দেখে, এই ভয়ে চিৰকাল আমাৰ পাচ নেৰে৷ ৷ এই ভয়তে আমি তিৰোতাক সজাৰ শালিকী, নাদৰ ভেকুলি কৰিলোঁ৷ তিৰোতাক এই দৰে ৰাখি আমি তেওঁলোকৰ দেখি শিকাৰ মূৰ মাৰিছো৷ লেখি শিকাৰ পটন্তৰো তেনেকুৱা৷ ছোৱালী পঢ়াবলৈ আমি কত কেইজন অধ্যাপক ৰাখি দিওঁ কেইজনী ছোৱালীয়ে পঢ়াশালিত পঢ়ে৷ ছোৱালীক পঢ়ো- ৱাটো আমি দোষৰ কথা বুলিহে বিবেচনা কৰোঁ৷ পঢ়িলে ছোৱালী ৰচকী আৰু লাহতী হয়৷ বৰুৱাৰ জীয়েক লিখা পঢ়া শিকি লাহতী হৈছে, তেওঁ নিকা কাপোৰ নহলে মলিয়ন কাপোৰ নিপিন্ধে, আখলত তেলীচাই লাগিলে চাবোন খাৰণি লগায়, আৰু উপন্যাস পঢ়ে আৰু বাতৰি কাকত পঢ়ে৷ এনেকুৱা আচৰণ আমি গৰ্হিত বুলি ধৰোঁ৷ আমাৰ বিবেচনাত তিৰোতা নেজ-গুবৰুৱা গাই, বা লেটিলোৱা গাহৰি যেন হব লাগে৷ তেওঁলোকৰ গাৰ গোন্ধত খালৰ যখিনী আৰু গছৰ পিশাচনী পলাব লাগে! কিয়নো সুতিৰী গেন্ধেলী ই ডাকৰ বচন, ( চাপৰি ) গাত কেচেমা কেচেম গোন্ধ নাথাকিলে তেওঁ কেতিয়াও সুতিৰী ( চাপৰি ) হব নোৱাৰে৷ তিৰোতাৰ গাত নিকা কাপোৰ; আৰু তিৰোতাৰ নিকা ভৰি হাত আমাৰ চকুৰ কুটা দাঁতৰ শাল, আমি তাক কদাপি সহিব নোৱাৰোঁ৷ আমি আৰু তৰ্ক কৰোঁ যে লিখা পঢ়া শিকিলে ছোৱালী মই- মত হয়; শাহ শহুৰক নমনা হয়, আৰু গিৰিয়েকক উলাই কৰে৷ আমাৰ বিবেচনাত ছোৱালীয়ে পুৱা-গধূলি দুয়ো বেলা দণ্ডৱৎ দি সেৱা কৰিলেহে স্বামীক মান্য কৰা হয়, শাহুৱেকৰ ভৰি ধুৱাই পাদোদক খালেহে শাহুক ভক্তি কৰা হয়৷ ঘৰৰ তিৰোতা জনীৰ পূজাৰ থলি হবলৈ আমাৰ পৰম হাবিয়াস৷ পূজা ফেৰি হেৰাব বুলি আমি সদায় শঙ্কিত৷ এই শঙ্কাৰ পৰাই আমি আমাৰ তিৰোতা বিলাকক চকুত সাঁফৰ লগাই থৈছোঁ৷ এইবিলাকতো সামান্য ওজৰ, ইয়াৰ ওপৰঞ্চিও টান ওজৰ আছে৷ পঢ়িবলৈ শিকিলে বোলে ছোৱালীৰ চৰিত্ৰ ভালে নাথাকে৷ যি দেশত স্ত্ৰী শিক্ষা চলিত আছে, তাৰ তিৰোতা বিলাক ধৈয়ালী, আৰু অসমৰ বিলাক লাজুকী—সাক্ষাৎ লজ্জা ৱতী লতা৷ ছোৱালীয়ে লিখা-পঢ়া শিকিলে এনে বিলাক বিপৰ্যয় ফল ধৰে, এই আমাৰ বুজ, এই বুজৰ পৰা আমি ছোৱালীক লিখা-পঢ়া শিকিবলৈ নিদিওঁ, দিলেও শ্যমন্ত হৰণৰ ওপৰে নহয়৷ ( চাপৰি ) এতিয়া আপোনালোকে বিবেচনা কৰি কওক এনে বিলাক তিৰোতাই গৃহস্থালি চলোৱাত পাৰ্গত হব পাৰে নে কি৷ তেওঁলোকে নিজৰ বুদ্ধিৰে এটি কামো সুৱলাকৈ কৰিব নোৱাৰে৷ সেই দেখি যি গৃহস্থালিৰ ভাৰ তিৰোতাৰ হাতত, সেই গৃহস্থালি অচিৰে তল যায়৷ আমি গৰুৱালি কৰি আমাৰ তিৰোতাক অজ্ঞান আন্ধাৰত বান্ধি থৈ নিজে তাৰ ফল ভোগ কৰিবলৈ লাগিছোঁ, আৰু দেশখনক এনে দুৰৱস্থাত পেলাইছোঁ৷ ( চাপৰি )
বস্তৃতা শেষ কৰি ৰাজখোৱা বহিলত সভাপতি ডাঙ্গৰীয়াই উঠি বক্তৃতাৰ ওপৰত যাৰ যি মন্তব্য আছে প্ৰকাশ কৰিবলৈ সভ্যবিলাকক অনুৰোধ কৰিলে৷ সন্দিকৈয়ে আগৰ পৰাই উঠে উঠোঁকৈ অছিল৷ সভাপতিয়ে অনুৰোধ কৰি বহিলত তেওঁ একে চাবে উঠি থিয় হল; আৰু বাওঁহাতখন কঁকালত থৈ গাত ঢুলনি লগাই কবলৈ ধৰিলেঃ—সভ্য ডাঙ্গৰীয়া সকল! ৰাজখোৱা ডাঙ্গৰীয়াই আমাৰ তিৰোতাৰ ঘুনবিলাক দেখালে হয়, কিন্তু তেওঁলোকৰ গুণৰ কথা এটিও নকলে৷ আমাৰ তিৰোতাৰ যেনে দোষ আছে, তেনে হটি এটি গুণো আছে৷ তেওঁলোকে সজ আলাপ নাজানিব পাৰে, লিখা পঢ়া নাজানিব পাৰে, ভাল ৰান্ধন নাজানিব পাৰে, কিন্তু বোৱন কাটনত অসমীয়া তিৰোতাক কেও চেৰ পেলাব পৰা নাই৷ একোজনীৰ হাতৰ কাপোৰ দেখিলে বিস্ময় মানিব লাগে৷ দুখীয়া গৃহস্থীত ঘৈণীয়েই লৰা চোৰালী আদি ঘৰৰ পৰিয়ালক তাতে বৈ কাপোৰ যোগায়৷ গৰাকীয়ে কাপোৰত ধন ভাঙ্গিবই নালাগে৷ ইয়াৰ বাজেও আমাৰ তিৰোতা বিলাক কামিলা৷ মতা বিলাক যদিও সৰপা, তিৰোতাই কিন্তু আঠোপৰে কাম কৰে৷ দুখীয়াৰ ঘৈণীয়ে ঘৰত ৰান্ধে বাঢ়ে, বয় কাটে, পথাৰত ৰুই দাই গিৰিয়েকক সহায় কৰে৷ ৷ আমাৰ মাইকীৰ এই বিলাক গুণ অৱশ্যে প্ৰশংসাৰ যোগ্য৷ ( চাপৰি )
বৰাও কেন্দ্ৰ সভাৰ এজন সভ্য৷ এওঁ বৰ সাত্ত্বিক লোক৷ এওঁ দিনটোৰ ভিতৰত অতি কমেও ন বাৰ মান গা ধোৱে তিতা কাপোৰে ভাত খায়, মালা জপে, আৰু গুৰু সেৱা নকৰাকৈ পানী টোপো ভিতৰ নকৰে৷ এওঁৰ আৰ্থিক অৰস্থাও ৰৰৈয়া৷ আগেয়ে এওঁ দুখীয়া আছিল, পাচত ককায়েক মৰি- লত এখান উইল উলিয়াই হুজুৰত গোচৰ কৰি ককায়েকৰ সম্পত্তি এটাইখিনি পাইছে৷ ককায়েকৰ এটি ১২ বছৰীয়া, ল’ৰা আৰু তাৰ মাক আছিল৷ তেওঁলোকে সম্পত্তি নাপালে৷ ল’ৰাৰ মাকৰ হুনু স্বভাব বৰ ভাল নাছিল সেই দেখি গিৰিয়ৈকে সেই কথা উইলত লিখি তেওঁক লাৰু লৰাটিক বঞ্চিত কৰি তেওঁৰ লাকটি পাকটি যি আছিল, এটাইখিনি ভায়েকক দি গৈছে৷ ল’ৰাটি এতিয়া মোমায়েকৰ ঘৰত৷ বৰাই জানিবা সেই সম্পত্তিকে চলাই গৃহস্থালি কৰি আছে৷ সন্দিকৈ বহিলতে, এওঁ থিয় হল আৰু বাওঁহাতত এডুখৰী চাৰি আঙ্গুলীয়া টোকা লৈ সোঁহাত ওপৰলৈ তুলি কবলৈ ধৰিলে —-ডাঙ্গৰীয়া সকল৷ ডেকাল’ৰাৰ মতি বুদ্ধি লৰচৰ ভয় দেখি- বলৈ ভাল৷ কিন্তু আমাৰ ৰাজখোৱ ডাঙ্গৰীয়াৰ বয়স মোৰ মনে তিনি কুৰি পোন্ধৰৰ কম নহয়৷ ৷ তেখেতে যে এই বয়সত চাহাব হব: ই কথা আমাৰ সপোনৰ বাতৰি৷ তেখেতৰ কথা ধৰিব লাগিলে আমি এটাই বিলাক চাহাব হব লাগিব; আৰু আমাৰ ঘৰৰ বুঢ়ী কেই জনীকো গন পিন্ধাই বিবী কৰিব লাগিব৷ আমাৰ তিৰোতা বিলাকে দীঘলীয়া মাছিয়াত দীঘল হৈ ঠেং টোৰ ওপৰত ঠেংটো তুলি লাহৰী মনোমতী পঢ়ি থাকিলে ৰাজখোৱাৰ মনত ভাল৷ ৰাজখোৱাৰ জীয়েক এজনীও নাই, নাইবা তেখেতৰ গাভৰু জীয়েক লিখিকা পাঠিকা হৈ চুবুৰীয়া ডেকালৈ প্ৰিয়তম বুলি চিঠি লিখিলে ভাল পাবনে? ( টোকা খনলৈ চাই ) ৰাজখুৱাই আৰু কৈছে যে আমাৰ তিৰোতাই ভাল আঞ্জা ৰান্ধিব নাজানে৷ তেখেতে আজিকালি, আমাৰ পুৰণি সাতাম পুৰুষীয়া লফাৰ টেঙ্গা আৰু কোমোৰাৰ জালুকীয়া লোপ কৰি বঙ্গলুৱা পোলাও কোৰ্ম্মাত ধৰিছে হবলা৷ আমাৰ তিৰোতাই সেই বিলাক ৰান্ধিব নাজানে হয়৷ কিন্তু ৰাজ- খুৱাই তেখেতৰ গৃহিনীৰ হাতৰ লফাৰ আঞ্জা টকালি পাৰি খোৱা নাই নে? ইয়াকে বোলে খাই অশলাগ কৰা৷ আমাৰ৷ তিৰোতাক এতিয়া কোৰ্ম্মা কট্লেট শিকিবলৈ কৰিম খামচামাৰ হাতত পেলাই দিব নোৱাৰো৷ ৰাজখুৱাই আমাৰ পিঠাও ভাল নাপাই৷ তেখেতক খীৰমোহন চন্দ্ৰপুলী লগা হৈছে৷ ৷ আমি হল আমাৰ ফেনীৰ সোৱাদ পাহৰিব নোৱাৰো৷ ফেনীৰ আগত বগুৱা খাৰমোহন কি? ৰাজখোৰা ডাঙ্গৰীয়াই আমাৰ তিৰোতা বিলাকক কি কৰিব দিয়ে মই হলে বুজিব পৰা নাই৷
এই কেই আষাৰ কথা কৈ বৰা ডাঙ্গৰীয়া বহিল৷ তেওঁৰ পাচত কেও নুঠা দেখি সভাপতি ডাঙ্গৰীয়া থিয় হল আৰু কবলৈ ধৰিলেঃ—সভ্য ডাঙ্গৰীয়া সকল! ৰাজখোৱা ডাঙ্গৰীয়াৰ কথা কেই আষাৰ মোৰ বিবেচনাত শলাগিব লগীয়া৷ আমাৰ তিৰোতা বিলাক যে কোনো বিষয়তে আন আন সভ্য দেশৰ তিৰোতাৰ যুৰীয়া নহয় তাক মিছা বুলিবলৈ টান৷ বৰা ডাঙ্গৰীয়াই ৰাজখোৱাৰ কথা কেই আষাৰৰ মৰ্ম্ম ভালকৈ বুজা নাই৷ ৰাজখুৱাই আমাৰ তিৰোতা বিলাকক বিবী কৰিবলৈ নকয়, তেওঁবিলাকক শিক্ষা দিবলৈহে কৈছে৷ তিৰোতা বিলাকে যাতে ভালকৈ গৃহস্থালি চলাব জনা হয় তাৰে কাৰো বাৰ কৰিবলৈহে ৰাজখুৱাই কয়৷ আমাৰ তিৰোতাই যে একো নাজানে ই নিশ্চয় কথা৷ তিৰী নায়কীয়া ঘৰৰ যে অধোগতি হয় এই কথা আমি সদাই দেখিবলৈ পাওঁ৷ আমাৰ তিৰোতা আন দেশৰ তিৰোতাৰ নিচিনা শিক্ষিত আৰু জনা বুজা হলে কেতিয়াও এনেকুৱা নহল হেঁতেন৷ আজি আৰু গধূলি হল, মই আপোনালোকক সৰহ পৰ নাৰাখোঁ, আজিলৈ সভা সম্বৰণ কৰিলোঁ৷ ( চাপৰি )