চাহ কেৱল ভাৰতীয়ৰ বাবে দিনটো আৰম্ভ কৰাৰ প্ৰয়োজনীয়তাই নহয়, এই ডাঠ আৰু মিঠা পানীয় ভাৰতীয়ৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগও হৈ পৰিছে। কোনোবা এজনৰ বাবে চাহ মনোৰঞ্জনৰ মাধ্যম আৰু কোনোবা এজনৰ বাবে ই জীৱিকা। কিছুমানৰ বাবে ই সতেজ পানীয় আৰু আন কিছুমানৰ বাবে ই আলোচনাৰ অজুহাত। আজি চাহ Gossip সংস্কৃতিৰ অংশ হোৱাৰ লগতে পাৰিবাৰিক পৰম্পৰাও হৈ পৰিছে। অৰ্থাৎ, চাহ ভাৰতৰ আৰ্থ-সাংস্কৃতিক আৰু আৰ্থ-সামাজিক তন্ত্ৰৰ এক অবিচ্ছেদ্য অংগ।
Table of Contents
চাহৰ ইতিহাস- History of Indian tea & Assam tea
বাৰু, আপুনি জানি আচৰিত হ’ব যে ভাৰত বিশ্বৰ ভিতৰতে দ্বিতীয় বৃহত্তম চাহ উৎপাদনকাৰী দেশ। কেৱল ২০২১ চনত ভাৰতৰ চাহ উৎপাদন ১৩ লাখ টনতকৈও অধিক আছিল আৰু ইয়াৰ প্ৰায় ৯০% চাহ কেৱল ভাৰততেই খোৱা হয়। যিটো ভাৰতীয় সংস্কৃতিত চাহৰ কিমান গুৰুত্ব তাৰেই প্ৰমাণ। চাহ আৰু ভাৰতীয়ৰ এই সম্পৰ্ক যেন অতি গভীৰ আৰু অনন্তকালৰ পৰা চলি আহিছে।
কিন্তু, সত্যটো হ’ল যে ১৯ শতিকাৰ মাজভাগতহে ভাৰতত চাহ জনপ্ৰিয় হৈ উঠিছিল। আপুনি জানি আচৰিত হ’ব পাৰে যে আগতে চাহক কেৱল Medicinal Plant হিচাপে ভাৰতৰ কিছুমান ঠাইতহে ব্যৱহাৰ কৰা হৈছিল। গতিকে চাহৰ এই যাত্ৰা কেনেকুৱা আছিল? ভাৰতলৈ চাহ কেনেকৈ আহিল? এই পানীয়টোৱে কেনেকৈ এনে এটা পৰ্যায় পালেগৈ যে আজি বেছিভাগ মানুহেই ইয়াৰ অবিহনে নিজৰ দিনটো কল্পনাও কৰিব নোৱাৰে? গতিকে জানো আহক ভাৰতৰ আটাইতকৈ জনপ্ৰিয় পানীয় অৰ্থাৎ চাহৰ ইতিহাসৰ বিষয়ে।
চাহৰ ইতিহাস
বন্ধুসকল, চাহ কোনো কাৰিকৰী বস্তু নহয় যিটো আৱিষ্কাৰ কৰিবলৈ কোনো বিজ্ঞানীৰ প্ৰয়োজন হব। বৰং চাহ আৱিষ্কাৰৰ সন্দৰ্ভত ইতিহাসত এনে এক ঘটনাৰ উল্লেখ আছে যিয়ে চাহৰ আৱিষ্কাৰ হঠাতে ঘটিছিল বুলি প্ৰমাণ কৰে। প্ৰায় ৫০০০ বছৰ আগতে সম্ৰাট Shennong এ চীনত শাসন কৰিছিল বুলি কোৱা হয়। নিজকে সুস্থ কৰি ৰাখিবলৈ তেওঁ প্ৰতিদিনে পুৱা খালী পেটত গৰম পানী খাইছিল। ৰাতিপুৱা খোজকাঢ়ি অহাৰ পিছত তেওঁ বাগিচাত বহি এই পানী খাইছিল।
চাহৰ ইতিহাস- History of Indian tea & Assam tea
এদিন ৰাতিপুৱা তেওঁ খোজকাঢ়ি উভতি আহি চকী এখনত বহিল। তেওঁৰ সেৱকসকলে তেওঁৰ বাবে এগিলাচ গৰম পানী আনি দিলে আৰু সেই সময়ত সম্ৰাটেও তেওঁৰ আন সংগীসকলৰ লগত আলোচনাত ব্যস্ত হৈ পৰিল। তাৰ পাছত ওচৰৰ জোপোহা এজোপাৰ পৰা কিছু পাত গৰম পানীত আহি পৰিল, যাৰ বাবে পানীৰ ৰং সলনি হৈ সুগন্ধ ওলাবলৈ ধৰিলে। সেই পানী দেখি সম্ৰাটে থতমত খালে কাৰণ তাৰ ৰং সলনি হৈ গৈছিল। তথাপি তেওঁ পানীখিনি খাব বিচাৰিছিল যদিও দৰবাৰীসকলে তেওঁক পৰামৰ্শ দিলে যে এইবোৰ কোনো বিষাক্ত পাত হ’ব পাৰে যাৰ বাবে ইয়াক খোৱাটো যুগুত নহয়। কিন্তু তেওঁ কাৰো কথা নুশুনি সেই পানী খালে।
পানী খোৱাৰ পিছত তেওঁ সতেজ অনুভৱ কৰিলে আৰু ইয়াৰ সোৱাদো তেওঁ বৰ ভাল পালে। ইয়াৰ পিছত সম্ৰাটে ৰাজপ্ৰসাদৰ দৰবাৰীসকলৰ হতুৱাই সেই পাতবোৰ বিচাৰি উলিয়ালে আৰু লগতে নিৰ্দেশ দিলে যে এতিয়াৰ পৰা তেওঁ প্ৰতিদিনে এই পাতেৰে সিজোৱা পানী খাব। তাৰ পাছত লাহে লাহে এই পানীয় ইমানেই জনপ্ৰিয় হৈ পৰিল যে তেতিয়াৰ পৰা কেৱল সম্ৰাটেই নহয়, আন আন দৰবাৰীসকলেও একেটা পানীয় পান কৰিবলৈ আৰম্ভ কৰিলে। তাৰ পিছত সময়ৰ লগে লগে ই চীনৰ সাধাৰণ জনতাৰো প্ৰিয় পানীয় হৈ পৰিল। ইয়াৰ পিছত চীনলৈ অহা বিদেশী ব্যক্তিক আদৰণি জনোৱাৰ ক্ষেত্ৰতো এই পানীয় ব্যৱহাৰ কৰা হ’ল। অৱশ্যে চীনৰ বাসিন্দাসকলক এই ৰেচিপিটো আন কাৰোবাৰ লগত শ্বেয়াৰ নকৰিবলৈ কঠোৰ নিৰ্দেশ দিয়া হৈছিল। এই কাৰণেই বছৰ বছৰ ধৰি পৃথিৱীৰ অন্য লোকসকলে চাহৰ আৱিষ্কাৰৰ বিষয়ে অৱগত নাছিল।
কিন্তু বন্ধুসকল, এই পানীয়টো সম্পূৰ্ণ প্ৰাকৃতিক আছিল, গতিকে চীনৰ বৌদ্ধ ভিক্ষুসকলৰো ইয়াক পান কৰাত কোনো সমস্যা নাছিল। সেয়েহে সময়ৰ লগে লগে তেওঁলোকেও ইয়াক সেৱন কৰিবলৈ আৰম্ভ কৰিলে। কাৰণ চাহ খোৱাৰ ফলত তেওঁলোকৰ শৰীৰত গৰম আৰু সতেজতা অনুভৱ হৈছিল আৰু লগতে বহু সময়লৈ টোপনিও ধৰা নাছিল। যাৰ বাবে তেওঁলোকে সহজেই ধ্যানত মনোনিৱেশ কৰিবলৈ সক্ষম হৈছিল।
চাহৰ ইতিহাস- History of Indian tea & Assam tea
এফালে তেওঁলোকৰ সাধাৰণ মানুহ আৰু দৰবাৰীসকলে পৃথিৱীৰ পৰা চাহৰ ৰহস্য লুকুৱাই ৰাখিছিল, আৰু আনফালে বৌদ্ধ সন্ন্যাসীসকল য’তেই গৈছিল তাতেই এই চাহপাত কঢ়িয়াই লৈ গৈ চাহ বনাই পান কৰিছিল আৰু লগতে নিজৰ আশে পাশে থকা থকা আন লোকসকলকো খুৱাইছিল। তাৰ পিছত সময়ৰ লগে লগে এই সন্ন্যাসীসকলে চাহ লগত লৈ আন আন দেশলৈও গ’ল আৰু তেতিয়াহে তাত থকা মানুহে ইয়াৰ মূল্য বুজি পালে। এইদৰেই চাহৰ বিষয়ে জাপান, ভূটান, নেপাল আৰু তাৰ পিছত ভাৰতৰ লোকসকলেও চাহৰ বিষয়ে গম পালে।
ব্ৰিটিছ আৰু চাহ
ভাৰতত চাহৰ প্ৰচলনৰ কৃতিত্ব ইংৰাজক দিয়া হয়। কিন্তু ইংৰাজে চাহৰ বিষয়ে বহুত দেৰিকৈহে গম পাইছিল। আচলতে চীনে ইয়াক পানীয় হিচাপে প্ৰায় ২০০০ বছৰ আগৰ পৰাই ব্যৱহাৰ কৰি আহিছে। চাহৰ প্ৰথম উল্লেখ এজন ইংৰাজ ডায়েৰিষ্ট Samuel Pepys ৰ ১৬০০ চনৰ ডায়েৰী এণ্ট্ৰিত পোৱা যায়। য’ত তেওঁ ইয়াক Tcha বুলি উল্লেখ কৰি কয়, “excellent and by all Physicians approved, China drink”.
পেপিছে তেওঁৰ ডায়েৰীত কয় যে ১৬৩৫ চনত ইংলেণ্ডত ইয়াক প্ৰতি পাউণ্ডত ৬ ৰ পৰা ১০ ইউৰোৰ হাৰত বিক্ৰী কৰা হৈছিল। ইমান বেছি দাম থকাটোৰ পৰা বুজা যায় যে সেই সময়ত চাহ কিমান মূল্যৱান আছিল। ইয়াৰ পিছত ১৬৬২ চনত ইংলেণ্ডৰ ৰজা Charles দ্বিতীয়ই যেতিয়া পৰ্তুগীজ ৰাজকুমাৰী Catherine of Braganza ক বিয়া কৰাইছিল, তেতিয়া তেওঁ যৌতুকত বম্বে দ্বীপৰ লগতে চাহেৰে ভৰা এখন চন্দুকো পাইছিল। ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে সেই সময়ছোৱাত চাহৰ গুৰুত্ব কি আছিল।
এতিয়া আহোঁ ১৮ শতিকালৈ। ঔদ্যোগিক বিপ্লৱৰ পিছত ইংলেণ্ডত অভিজাত শ্ৰেণীৰ এটা অংশৰ উত্থান হ’বলৈ ধৰিছিল। আৰু তেওঁলোকৰ দ্বাৰা চাহ-কফিৰ দৰে পানীয়ৰ চাহিদা বৃদ্ধি পাবলৈ ধৰিলে। এই সময়ছোৱাত ইংলেণ্ডলৈ চাহ যোগান ধৰাৰ দায়িত্ব ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওপৰত আছিল। কিন্তু তেওঁলোক ইয়াত বিফল হৈছিল, যাৰ ফলত ইয়াৰ লাভ J.J. Voute & Sons নামৰ এটা Dutch প্ৰতিষ্ঠানে উঠাই চাহ ইংলেণ্ডলৈ স্মাগল কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু এই চাহৰ গুণগত মান অতি নিম্নমানৰ আছিল, যাৰ ফলত অতি সোনকালেই ইয়াক ব্যৱহাৰৰ অনুপযোগী বুলি ঘোষণা কৰা হ’ল। আৰু এইদৰেই ইংলেণ্ডত উন্নত মানদণ্ডৰ চাহ পোৱা বন্ধ হৈ গ’ল। যাৰ ফলত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইয়াৰ সমাধান অতি সোনকালে বিচাৰি উলিয়াব লগা হ’ল।
বন্ধুসকল, এয়াতো হ’ল বৃটিছ আৰু তেওঁলোকৰ চাহৰ প্ৰভাৱৰ কথা। এতিয়া আমি পোনপটীয়াকৈ ভাৰতলৈ আহোঁ য’ত ১৮ শতিকাত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ব্যৱসায় বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিছিল। এতিয়া জানো আহক কেনেকৈ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত চাহৰ প্ৰচলন কৰি ইয়াক ৰপ্তানিৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিলে।
ভাৰতত চাহ- Indian tea
১৮ শতিকাত বম্বে ব্ৰিটিছ ভাৰতৰ বাণিজ্যিক কেন্দ্ৰ হ’বলৈ আৰম্ভ কৰিছিল। এই সময়ছোৱাত ব্ৰিটিছৰ বাহিৰেও ইউৰোপৰ আন আন দেশসমূহেও ইয়াত ব্যৱসায় চলাইছিল। ইয়াৰ ভিতৰত Dutch আৰু পৰ্তুগীজৰ উত্থান আছিল উল্লেখনীয়, যিয়ে ব্ৰিটিছৰ একচেটিয়া অধিকাৰক প্ৰত্যাহ্বান জনাইছিল। বম্বে বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ লগে লগে তেওঁলোকেও ইয়াত ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ আৰম্ভ কৰে। যাৰ ফলত ব্ৰিটিছ আৰু ডাচৰ মাজত প্ৰতিদ্বন্দ্বিতাৰ সৃষ্টি হ’ল আৰু Anglo-Dutch যুদ্ধৰ সৃষ্টি হয়। এই যুদ্ধবোৰৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীৰ Resources কমি আহিবলৈ ধৰিলে। ইয়াত তেওঁলোকৰ বিশেষকৈ ৰূপৰ নাটনি হ’বলৈ ধৰিলে যাৰ যোগেদি তেওঁলোকে চীনৰ পৰা চাহ কিনিছিল।
এই সমস্যা সমাধান কৰিবলৈ ইংৰাজে ভাৰতত আফিং উৎপাদন আৰম্ভ কৰি চীনলৈ চোৰাংভাৱে আফিং সৰবৰাহ কৰিবলৈ আৰম্ভ কৰিলে। আফিঙৰ বিনিময়ত তেওঁলোকে নিজৰ প্ৰিয় পানীয় অৰ্থাৎ চাহ আমদানি কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু ইয়াৰ পিছতো ব্ৰিটিছে চীনা চাহ আৰু ইয়াৰ কৌশল ভাৰতলৈ আনিবলৈ আগ্ৰহী হৈ পৰিছিল। কাৰণ ইয়াত উৎপাদন কৰিলে তেওঁলোক আত্মনিৰ্ভৰশীল হৈ থাকিব আৰু চোৰাং সৰবৰাহৰ আশ্ৰয় ল’ব নালাগিব। কেৱল এয়াই নহয়, তেওঁলোকে ভাৰতক চাহৰ ৰপ্তানিৰ কেন্দ্ৰ হিচাপেও গঢ়ি তুলিবলৈ বিচাৰিলে, যাৰ ফলত তেওঁলোকৰ ৰাজহো বৃদ্ধি পাব।
ইয়াৰ পিছত, ১৭৮৮ চনত এটা গুৰুত্বপূৰ্ণ উন্নয়ন ঘটিল যেতিয়া লণ্ডনৰ The Royal Society of Arts এ চীনৰ পৰা চাহৰ গছ আনিবলৈ আলোচনা আৰম্ভ কৰে। এইখিনিতে জনাও যে এই সংগঠনটো ১৭৫৪ চনত প্ৰতিষ্ঠা কৰা হৈছিল। এই সংগঠনটোৰ মুখ্য উদ্দেশ্য আছিল সামাজিক প্ৰত্যাহ্বানৰ ব্যৱহাৰিক সমাধান বিচাৰি উলিওৱা। ইয়াৰ পিছত ৰয়েল ছ’চাইটি অৱ আৰ্টছৰ সহায়ত ভাৰতত চাহ বাগিচাৰ ওপৰত গৱেষণা আৰম্ভ হ’ল। ছ’চাইটিৰ প্ৰচেষ্টাত স্কটিছ ভদ্ৰলোক Robert Bruce এ আৱিষ্কাৰ কৰিলে যে অসমত ইতিমধ্যে চাহ উৎপাদন হৈ আছে।
অসমত চাহ-Assam tea
অসমৰ এজন সম্ভ্ৰান্ত ব্যক্তি মণিৰাম দেৱানে ব্ৰুচক অসমৰ চাহৰ লগত চিনাকি কৰাই দিলে। ব্ৰুচে আৱিষ্কাৰ কৰিলে যে অসমত ইতিমধ্যে Singpho জনগোষ্ঠীয়ে চাহ খেতি কৰি আছে। যাৰ বিষয়ে বাহিৰৰ মানুহে জনা নাছিল। তেওঁ লগতে জানিব পাৰিলে যে চাহ বাগিচাৰ বাবে ইয়াৰ পৰিৱেশ ফলপ্ৰসূ আৰু সেইবাবেই ৰবাৰ্ট ব্ৰুচে ১৮২৪ চনত অসমত ব্যৱসায়িক পৰ্যায়ত চাহ বাগিচাৰ আৰম্ভণি কৰে। ইয়াৰ পিছতেই এই বাগিচাবোৰ ক্ৰমান্বয়ে সমগ্ৰ অসম আৰু দাৰ্জিলিং অঞ্চলত বিয়পি পৰিল।
ইয়াৰ পিছত ১৮৩৩ চনত ব্ৰিটেইনে Charter Act গৃহীত কৰে। এই আইনৰ অধীনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চীনৰ সৈতে বাণিজ্যিক একচেটিয়া অধিকাৰ হেৰুৱাই পেলালে। ইয়াৰ পিছত ১৮৩৪ চনত তেতিয়াৰ গৱৰ্ণৰ জেনেৰেল William Bentinck ৰ অধীনত এখন চাহ সমিতি গঠন কৰা হয়। এই সমিতিৰ কাম আছিল চাহৰ খেতি, প্ৰক্ৰিয়াকৰণ আৰু ব্যৱসায়ৰ ওপৰত চকু ৰখা। চীনৰ পৰা চাহৰ গুটি আৰু প্ৰযুক্তি অনাৰ প্ৰয়াসো ১৮৩৪ চনত কৰা হৈছিল। Jardine Matheson নামৰ এটা ব্ৰিটিছ প্ৰতিষ্ঠানে ইয়াৰ দুজন বিষয়া Charles Gutzlaff আৰু George Gordon ক চীনলৈ পঠিয়াইছিল। য’ৰ পৰা তেওঁলোকক Sample আৰু কৌশল শিকিবলৈ কোৱা হৈছিল। অৱশ্যে এই অভিযান বৰ সফল নহ’ল।
ইয়াৰ ১০ বছৰৰ পাছত এজন স্কটিছ Horticulturist, Robert Fortune চীনলৈ যায়। তেওঁৰ উদ্দেশ্য আছিল তাত থকা চাহ বাগানৰ নমুনা লৈ অধ্যয়ন কৰা। ব্ৰিটেইনলৈ উভতি অহাৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেওঁৰ অধ্যয়ন আৰু তথ্যত আপ্লুত হৈ ফৰ্চুনক নিযুক্তি দি তেওঁক “Great British Tea Heist” অৰ্থাৎ চুৰি কৰাৰ মিছন দিলে। ইয়াৰ অৰ্থ আছিল তেওঁ চীনৰ পৰা চাহৰ নমুনা স্মাগল কৰি চোৰাংকৈ আনিব লাগে। ফৰ্চুনে এই প্ৰস্তাৱ গ্ৰহণ কৰিলে। তেওঁক চাহৰ উপৰিও আন আন উদ্ভিদৰ নমুনা অনাৰ দায়িত্বও দিয়া হৈছিল। কোনে জানিছিল যে এই ফৰ্চুনেই অতি সোনকালে ব্ৰিটেইনৰ চাহ উদ্যোগক চিৰদিনৰ বাবে সলনি কৰি দিব।
The Great Tea Robbery
প্ৰথমে ফৰ্চুনৰ মিছন “The Great Tea Robbery” ৰ বিষয়ে বিতংভাৱে জানো আহক। বন্ধুসকল, ফৰ্চুনে ১৮৪৮ চনত চীনত প্ৰৱেশ কৰে। তেওঁ চীনা মানুহৰ সাজ-পোছাক পিন্ধি আৰু লগত তেওঁৰ এজন কৰ্মচাৰী লৈ তালৈ গৈছিল। প্ৰথমে তেওঁ Wuyi Shan উপত্যকাৰ এটা চাহ কাৰখানালৈ গ’ল। তাৰ পাছত তাৰ পৰা Zhejiang আৰু Zhejiang ৰ চাহ বাগিচালৈ গ’ল। এই সমগ্ৰ অভিযান ৩ মাহ ধৰি চলিছিল। ১৮৪৯ চনত তেওঁ কোম্পানীক জনাইছিল যে তেওঁ নিজৰ লগত বৃহৎ পৰিমাণৰ চাহৰ গুটি আৰু সৰু সৰু গছ-গছনি আনিবলৈ সক্ষম হৈছে। এই নমুনাবোৰ অতি সোনকালে হংকং হৈ কলিকতালৈ লৈ যোৱা হয়। য’ত মুঠ ১৩ হেজাৰটা উদ্ভিদৰ নমুনা আৰু প্ৰায় ১০ হেজাৰটা বীজ আছিল। এইবোৰক ৰবাৰ্ট ব্ৰুচে কাঁচৰ বটলত ভৰাই ভাৰতলৈ চোৰাংভাৱে লৈ অনাইছিল।
এই নতুন উদ্ভিদৰ সহায়ত ব্ৰিটিছে পূব ভাৰতত Home-bred Tea অৰ্থাৎ ঘৰুৱা চাহ বিয়পাইছিল। যাৰ ফলত অতি সোনকালেই ভিক্টোৰিয়ান অৰ্থাৎ ব্ৰিটিছ চাহ উদ্যোগত উত্থান ঘটিল। আৰু এনেদৰেই ভাৰতত ব্যাপক পৰিসৰত চাহৰ প্ৰচলন হ’ল।
ভাৰতীয় চাহৰ আন্তৰ্জাতিক প্ৰসাৰ
আহক এতিয়া জানো ভাৰতীয় চাহ কেনেকৈ সমগ্ৰ বিশ্বতে বিখ্যাত হৈ উঠিল। বন্ধুসকল, আমি আপোনালোকক কোৱাৰ দৰে ফৰ্চুনৰ Smuggling আগতেই Jardine Matheson নামৰ এটা প্ৰতিষ্ঠানে চীনলৈ মিছন পঠিয়াইছিল। এই প্ৰতিষ্ঠানে ১৮৩৪ চনৰ পিছতেই অসমত ক্ষুদ্ৰ পৰিসৰত চাহ উৎপাদন আৰম্ভ কৰিছিল। ইয়াৰ পিছত ১৮৩৮ চনত ভাৰতত উৎপাদিত চাহ প্ৰথমবাৰৰ বাবে ব্ৰিটেইনলৈ প্ৰেৰণ কৰা হয়। ১৮৫৩ চনৰ ভিতৰত ভাৰতীয় চাহ উৎপাদন ইমানেই বৃদ্ধি পালে যে Fraser আলোচনীয়ে চীনৰ পৰিৱৰ্তে ভাৰতক “Natural home of the Tea plant” হিচাপে ঘোষণা কৰিলে। আৰু ১৮৮৮ চনলৈকে ব্ৰিটিছ সৰ্বমুঠ চাহ আমদানিত ভাৰতীয় চাহৰ অংশ চীনতকৈ বেছি হৈছিল।
১৮৮০ চনত ভাৰতীয় চাহে লণ্ডন, আয়াৰলেণ্ড, স্কটলেণ্ড, ইউৰোপ আৰু আমেৰিকাৰ আন বহু ঠাইত বজাৰ দখল কৰিলে। যেন ভাৰতীয় চাহে তেওঁলোকক Colonized কৰি ললে। ইয়াৰ উপৰিও ১৮৮১ চনত লণ্ডনৰ অক্সফৰ্ড ষ্ট্ৰীটত প্ৰথমটো “দ্য ইণ্ডিয়ান টি ষ্ট’ৰ” মুকলি কৰা হয়। আনহাতে যদি ভাৰতৰ অভ্যন্তৰীণ বজাৰৰ কথা কওঁ, ১৮৭৮ চনত ডাজিলিং হিমালয়ান ৰেলৱে মুকলি হোৱাৰ পিছত চাহৰ বজাৰ আৰু বৃদ্ধি পাবলৈ ধৰিলে। ১৯০১ চনলৈকে ভাৰত চাহৰ এখন ডাঙৰ বজাৰ হৈ পৰিছিল আৰু ১৯০৩ চনত Tea Cess Bill এখনো গৃহীত হৈছিল। এই Cess ভাৰত আৰু সমগ্ৰ বিশ্বতে চাহৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিবলৈ লোৱা হৈছিল।
ভাৰতীয়ৰ মাজত চাই কেনেকৈ জনপ্ৰিয় হৈ পৰিল?
কিন্তু বন্ধুসকল, প্ৰশ্ন উত্থাপন হয় যে ভাৰতৰ সাধাৰণ জনতাৰ মাজত এই চাহ কেনেকৈ বিখ্যাত হ’ল? বন্ধুসকল, প্ৰথম বিশ্বযুদ্ধৰ অন্ত পৰাৰ পিছত ভাৰতীয় জনসাধাৰণৰ মাজত চাহৰ জনপ্ৰিয়তা বৃদ্ধি পাবলৈ ধৰিলে। ভাৰতীয় আৰু ইউৰেছিয়ান বিক্ৰেতাসকলে বংগ, পঞ্জাৱ আৰু বিভিন্ন প্ৰদেশৰ ৰেল ষ্টেচনত Stove আৰু কেটলিৰ সহায়ত চাহ বিক্ৰী কৰিবলৈ আৰম্ভ কৰে। সেই সময়ত ৰেলপথ আছিল পৰিবহণৰ আটাইতকৈ জনপ্ৰিয় মাধ্যম। সাধাৰণ জনতাই ইয়াৰ ব্যাপক ব্যৱহাৰ কৰিছিল। সেইবাবেই চাহো মানুহৰ চকুত আহিবলৈ ধৰিলে। ইয়াৰ উপৰিও চাহক জনপ্ৰিয় কৰিবলৈ সমগ্ৰ দেশতে বিভিন্ন ভাৰতীয় ভাষাত চাহৰ ৰেচিপিৰ ডাঙৰ ডাঙৰ পোষ্টাৰ আৰু হৰ্ডিং স্থাপন কৰা হ’ল। যাৰ ফলত চাহ আৰু অধিক জনপ্ৰিয় হৈ পৰিল।
চাহৰ ইতিহাস- History of Indian tea & Assam tea
বন্ধুসকল, এই সময়লৈকে চাহ কেৱল ক’লা চাহৰ দৰেহে বনোৱা হৈছিল। একাংশ বিক্ৰেতাই ইয়াক ইম্প্ৰভাইজ কৰিবলৈ চেষ্টা কৰি ক’লা চাহত গাখীৰ মিহলাই ল’বলৈ ধৰিলে। যিটো মানুহেও ভাল পাবলৈ ধৰিলে। কিছু সময়ৰ পাছত এই চাহ হাইব্ৰিড পানীয়ত পৰিণত হ’ল। য’ত গাখীৰ আৰু চেনি বৃহৎ পৰিমাণে মিহলি কৰা হৈছিল। এইদৰে ১৯৩০ চনৰ ভিতৰত ভাৰত কেৱল বৃটিছ Packaged Tea ৰ কাৰখানা হোৱাই নহয় বজাৰতো পৰিণত হ’ল। আৰু একবিংশ শতিকাৰ ভিতৰত ভাৰতে নিজেই সৰ্বমুঠ উৎপাদনৰ ৭০% খৰচ কৰিবলৈ আৰম্ভ কৰিলে। আজি আমি ভাৰতীয়সকলে এই পানীয়টো উপভোগ কৰি থকাৰ সময়ত, এই বিষয়ে অজ্ঞ যে প্ৰায় ১৭০ বছৰ আগতে এজন স্কটিছ ব্যক্তিয়ে আমাক এই আটাইতকৈ জনপ্ৰিয় পানীয়টো কেনেকৈ উপহাৰ হিচাপে দিছিল।
(আশা কৰোঁ আপুনি “চাহৰ ইতিহাস- History of Indian tea & Assam tea” লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “চাহৰ ইতিহাস- History of Indian tea & Assam tea” লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)