চিন্তা

বেজে যেনেকৈ নানা তৰহৰ বস্তু মিহলাই খুন্দি, কুটি, বাটি পৰম গুণকাৰী দৰব প্ৰস্তুত কৰে, সোণাৰিয়ে যেনেকৈ সৰু সৰু সোণৰ চেকুৰা গোট কৰি জুইত উতলাই মহামূল্য অলঙ্কাৰ প্ৰস্তুত কৰে, বাঢ়ৈয়ে যেনেকৈ সৰু সৰু চলীয়া কাঠ লগ লগাই বিতোপন পীৰা বা পালেং প্ৰস্তুত কৰে, শিপিনীয়ে যেনেকৈ কপাহী আৰু সোণালী সূতা গোট কৰি ধুনীয়া ৰিহা মেখেলা বা চেলেং চুৰিয়া বয়, সেইদৰে চিন্তাইও নানাবিধ উপকৰণ অৰ্থাৎ ভাব গোট লগাই খুন্দি কুটি, গুলি পিহি জ্ঞান প্ৰস্তুত কৰে। মানুহে নানা দেশত ফুৰি, আৰু নানা পুথি পঢ়ি, উপকৰণবোৰ যতনাই দিয়ে, চিন্তাই নিজৰ গঢ়শালিত বহি সেই উপকৰণবোৰ উচিত পৰিমাণে মিহলাই জ্ঞান বুদ্ধি আদি অমূল্য বস্তুবিলাক সাজি তোলে। কেৱল পঢ়ন বা দৰ্শনৰ পৰা জ্ঞান বুদ্ধি নোপজে। অনেক মানুহে পুথি পঢ়ে আৰু নানা দেশৰ নানা বস্তু চাই ফুৰে, কিন্তু সিহঁত সকলোৱেই পণ্ডিত বা জ্ঞানী নহয়। কোনো বস্তু দেখিলে বা কোনো কথা পঢ়িলে, সেই বস্তু বা কথা সম্বন্ধে এটা এটা ভিন ভিন ভাব ওপজে, সেই ভাববোৰ সানমিহলি কৰি তাৰ পৰা সাৰ বস্তু খিনি উলিয়াই ল’ব নোৱাৰিলে জ্ঞানৰ উৎপত্তি নহয়। তুমি নানাবিধ বলকাৰক বস্তু খাব পাৰা, কিন্তু উদাৰগ্নিয়ে বস্তুবোৰ জীৰ্ণ কৰি সাৰ উলিয়াই নিদিলে তোমাৰ গাত বল নজন্মে। সেইদৰে তুমি পঢ়ন দৰ্শন আদি উপায়েৰে নানা বিধ ভাব সঞ্চয় কৰিব পাৰা, কিন্তু চিন্তাই সেই ভাববিলাক জীৰ্ণ কৰি সাৰ গোটাই নিদিলে জ্ঞান নজন্মে। উদাৰগ্নিৰ নিচিনা চিন্তা মনৰ জীৰ্ণকাৰী শক্তি চিন্তাৰ চাকত পৰি ভিন ভিন ভাববিলাক জীৰ্ণ নগ’লে মনে জ্ঞানৰূপ বল লাভ কৰিব নোৱাৰে।

চিন্তা প্ৰশ্নৰ ফল, অৰ্থাৎ যি বস্তু দেখা যায় সেই বস্তু সম্বন্ধে মনক প্ৰশ্ন কৰিব লাগে, প্ৰশ্ন কৰিলেই চিন্তা কৰা হয়। প্ৰশ্নৰ পৰিমাণেই শিক্ষাৰ পৰিমাণ। যি বিষয়ত যিমান প্ৰশ্ন উদয় হয়, সেই বিষয়ত সিমান শিক্ষা লাভ কৰা যায়। তোমাৰ নিজৰ বুদ্ধিত কোনোটো প্ৰশ্নৰ উত্তৰ বিচাৰি নাপালেও, পুথি বা পণ্ডিতৰ পৰা তাক শিকি ল’ব পাৰা।

কোনো এটা বস্তুৰ বিষয়ে চিন্তা কৰিব লাগিলে, বস্তুটো সমুখত থাকোঁতেই কৰা উচিত, নাইবা তাৰ কি কি চাব লাগে থিৰ কৰিব নোৱাৰি। কিছুমান মানুহে বস্তু এটা নিজ চকুৰে চাই আহিও অনেক কথাৰ উত্তৰ দিব নোৱাৰে। ই কেবল চাবৰ সময়ত চিন্তা নকৰাৰ ফল। এই বিষয়ে এটা অখ্যান আছে। এজন ডাঙ্গৰীয়াৰ এজন মহৰি আৰু এটা লগুৱা আছিল। মহৰিৰ দৰ্ম্মহা কুৰি টকা আৰু লগুৱাৰ দৰ্ম্মহা তিন টকা আছিল। কম দৰ্ম্মহা পোৱা বাবে লগুৱা মনত বৰ বেজাৰ। সি এদিন ডাঙ্গৰীয়াক অকলশৰে লগ পাই ওজৰ কৰিলে, ‘দেউতা! মই ওৰে দিনটো, পুৱাৰ পৰা গধুলিলৈ আপোনাৰ আলপৈচান ধৰি, কেৱাৰ কৰি টাকুৰী ঘুৰাদি ঘুৰি ফুৰোঁ, আৰু সেই মহৰিটোৱে এখন্তেক মাথোন আহি লিখা পঢ়া কৰে, কিন্তু সি পায় কুৰি টকা, আৰু মই পাওঁ তিন টকা, ইয়াৰ কাৰণ বন্দীয়ে বুজিব নোৱাৰোঁ। দেউতাৰ ঘৰত মোৰ আদবয়স গ’ল, ইচ্ছা কৰিলে দুখীয়াক দেউতাই কৃপা কৰিব পাৰে।’ ডাঙ্গৰীয়াই লগুৱাৰ কথা শুনি সেইদিনা তাক একো সমিধান নিদিলে। কিছুমান দিনৰ পাচত ডাঙ্গৰীয়াৰ এজনী ছাগলী জগিল। ছাগলীজনী তেওঁৰ বৰ মৰমৰ বস্তু আছিল। তাই জগা বুলি শুনি কেইটা পোৱালি হৈছে চাই আহিবলৈ তেওঁ লগুৱাটোক পাচিলে। লগুৱাই গৈ চাই আহিল, আৰু পোৱালি তিনটা হৈছে বুলি খবৰ দিলে। ডাঙ্গৰীয়াই এই খবৰ পাই পোৱালি তিনটা কলা নে বগা লগুৱাটোক সুধিলে। সি সেই কথাৰ উত্তৰ দিব নোৱাৰি লৰি আকৌ চাবলৈ গ’ল, আৰু উলটি আহি ক’লে যে পোৱালি এটা কলা, দুটা বগা হৈছে। ডাঙ্গৰীয়াই তাক আকৌ সুধিলে ‘পোৱালি কেইটা পঁঠা নে পাঁঠি!’ এইবাৰো লগুৱাই তাৰ উত্তৰ দিব নোৱাৰিলে, সি ঘূৰি আকৌ চাবলৈ ওলাল, কিন্তু ডাঙ্গৰীয়াই তাক সেইবাৰ যাবলৈ হাক দি, তাতে থিয় হৈ থাকিবলৈ ক’লে, আৰু আন এজন মানুহ পঠিয়াই মহৰিটোক মতাই অনালে। মহৰি আহি পালত, ডাঙ্গৰীয়াই তাক ক’লে শুনিছা নে মহৰি! আমাৰ ছাগলীজনী হুনু জগিছে, যোৱাঁচোন, সঁচা নে মিছা চাই আহাঁ গৈ।’ ডাঙ্গৰীয়াৰ আজ্ঞা পাই মহৰিয়ে চাবলৈ গ’ল, আৰু কিছুমান পৰৰ মূৰত উলটি আহি খবৰ দিলে যে ছাগলীজনী জগা হয়, পোৱালি তিনটা হৈছে, এটা কলা, দুটা বগা, কলাটো আৰু বগা এটা পাঁঠি, সিটো পঁঠা, পঁঠা পোৱালিটো নোদোকা, পাঁঠি দুটা লিতা। মহৰিয়ে এবাৰ চাই আহিয়েই এই এটাইখিনি খবৰ ডাঙ্গৰীয়াক বৰ্ণাই ক’লে। এই ঘটনাৰ পাচে লগুৱাই আৰু মহৰিৰ পাটণ দি সৰহ দৰ্ম্মহা খুজিবলৈ মুখ নাপালে। এতিয়া চোৱা, মহৰিৰ চোৱাৰ প্ৰণালী আৰু লগুৱাৰ চোৱাৰ প্ৰণালী কিমান বেলেগ। লগুৱাই ছাগলীৰ পোৱালি তিনটা চায়েই গুচি আহিল, সি সেই বিষয়ে মনক আৰু কোনো প্ৰশ্ন নুসুধিলে, সেই দেখি গিৰিহঁতে সোধা আনবোৰ কথাৰ উত্তৰ দিব নোৱাৰিলে। কিন্তু মহৰিটো বুধিয়ক মানুহ, সি চাবলৈ গৈ পোৱালি কেইটাক আগত লৈ সিহঁতৰ বিষয়ে হ’ব পৰা এটাইবোৰ প্ৰশ্ন মনক সুধি। উত্তৰ গোটাই লৈ গিৰিহঁতৰ আগ হৈছিল, আৰু সেই কাৰণে সি লাগতিয়াল কথা এটাইখিনি ক’ব পাৰিছিল। ওপৰত কোৱা এই লগুৱাটোৰ নিচিনা মানুহ পৃথিবীত বহুত আছে, সিহঁত চকু থাকিও কণা।

 চিন্তা মনৰ জেউতি, তাৰ গুণত আন্ধাৰ সমস্যা পোহৰ হয়, টান কাম উজু হয়। চিন্তাৰ অতুল প্ৰভাৱ। আগৰ কালত যোগীবিলাকে ধ্যান কৰি ভূত ভৱিষ্যৎ সকলো জানিছিল, আৰু কৈবল্য লাভ কৰিছিল। ধ্যান চিন্তাৰেই এটা ৰকম মাথোন। চিন্তা উগ্ৰ আৰু দীৰ্ঘকাল স্থায়ী হ’লেই ধ্যান নাম পায়। পাচে, যদি যোগীবিলাকে চিন্তাৰ বলত দুৰ্লভ কৈবল্যকেই লাভ কৰিব পাৰিছিল, সংসাৰীয়ে সংসাৰ চলাবৰ জোখাৰে জ্ঞান বুদ্ধি লাভ কৰিব নোৱাৰিবৰ কোনো কাৰণ নাই।

 চিন্তা কৰিবলৈ কোনো নিৰ্দ্দিষ্ট সময় নালাগে। শোওঁতে, খাওঁতে, ফুৰোঁতে সকলো সময়তেই চিন্তা কৰিব পাৰি। বহুত পণ্ডিতে এনেবোৰ সময়তেই চিন্তা কৰি ডাঙ্গৰ কথা, আৱিষ্কাৰ কৰিছে। এজন পণ্ডিতে গা ধুবৰ সময়ত চিন্তা কৰি জল-জোখৰ* প্ৰণালী আৱিষ্কাৰ কৰিছিল। চিন্তাৰ অসীম ক্ষমতা চকুৰে নেদেখা বস্তুকো চিন্তাৰে দেখা যায়, হাতেৰে ধৰিব নোৱাৰা বস্তুকো চিন্তাৰে ধৰিব পাৰি। মনুষ্য আকাৰত সৰু, কিন্তু সিহঁতে চিন্তাৰে ভূমণ্ডল, নভোমণ্ডল সমস্ত ব্ৰহ্মাণ্ড আঁকোৱালি ধৰিব পাৰি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top