চৰিত্ৰ শুধৰণিৰ বাটত বহুত ৰিপু আছে। লোভ, মোহ, অহঙ্কাৰ আদি প্ৰখ্যাত ৰিপুবিলাক বশ কৰিলেই সকলোবিলাক ৰিপু পাৰ হোৱা বুলি ভবা উচিত নহয়। সিহঁতৰ বাজেও অন্য অনেক ৰিপুৱে সেই বাট আগচি আছে। সংসাৰত উদ্গতি কৰিব খোজা মানুহে সেইবিলাক ৰিপুৰো সমুখ নোহোৱাকৈ এৰাব নোৱাৰে। সেইবিলাক ৰিপুৰ ভিতৰত বেয়া সংসৰ্গ এটা ঘাই ৰিপু। সংসাৰত মানুহে শঠ প্ৰবঞ্চক আদি মনে মুখে নিমিলা বহুত লোকৰ লগত বসতি কৰিব লাগে, আৰু সিহঁতৰ লগত বসতি কৰা বাবে কেতিয়াবা সিহঁতৰ দোষাদোষে সাধু সন্তকো পৰ্শ কৰে। দুষ্টৰ লগত সন্তৰ মৰণ, এই এটা নীতি বচন। কেৱল নিজৰ স্বভাৱ ভালকৈ ৰাখিলেই সংসাৰত প্ৰমাদ এৰাব নোৱাৰি, আনে কৰা অকামৰ ফলাফলে ঢুকি নোপোৱা হ’বলৈ যত্ন কৰিব লাগে। এই কথা নিচেই উজু নহয়। সংসাৰত থাকিলেই ভাল বেয়া দুই বিধ মানুহৰ লগত ঘনপাতল সম্বন্ধ হয়, আৰু সেই সম্বন্ধৰ বান্ধত পৰি ভালেও বেয়া বাটত ভৰি দিবলৈ বাধ্য হয়। মিছা কথা কোৱা এটা বেয়া কাম সেই দেখি সাধু লোকে মিছা কথা নকয়, কিন্তু কেতিয়াবা কোনো বন্ধু মানুহক তাৰ অকামৰ ফলৰ হাতৰ পৰা সৰুৱাবলৈ সাধুৱেও মিছা ক’ব লগীয়াত পৰে। অসৎ পুত্ৰক ৰক্ষা কৰিবলৈ সৎ পিতৃয়েও নকৰিবলগীয়া কাম কৰা বা নক’বলগীয়া কথা কোৱা দেখা যায়। সংসাৰী মানুহক অনেক সময়ত এনে বিধৰ সঙ্কটে বাট ভেটি ধৰে আৰু কোনো জনক সজ বাটৰ পৰা ঠেলি পেলায়। উদ্গতি কৰিব খোজা মানুহে এনেবোৰ সঙ্কটৰ হাতৰ পৰা সাৰিবলৈ সদায় চেষ্টাত থকা যুগুত।
আন মানুহৰ অনুগ্ৰহ গ্ৰহণ কৰিলেও অনেক সময়ত চৰিত্ৰ শুধৰণিত বাধা জন্মে। ক্ষমতাৱন্ত বা ধনৱন্ত মানুহৰ পক্ষে অন্যক অনুগ্ৰহ দান কৰা উজু কথা, কিন্তু লওঁতাৰ পক্ষে বৰ টান। দানত দিওঁতাৰ গৌৰৱ আছে, কিন্তু লওঁতাৰ কলঙ্ক মাথোন। দান গ্ৰহণৰ অখ্যাতি অপযশ গ্ৰহণ কৰোতাৰ জীৱনৰ লগৰীয়া হয়, তাৰ আগত তুমি সদায় সৰুটি হৈ থাকিব লাগে। সি অতি অধম অনাচাৰী হ’লেও তোমাৰ পূজনীয়। তুমি তাক সকলো কামতে সহায় কৰিবলৈ বাধ্য। অকৰ্ম্মতো সি তোমাৰ সহায় আশা কৰে, আৰু তাক নাপালে তোমাৰ বৈৰী হয়। কিন্তু এই হুলস্থুলীয়া সংসাৰত কেতিয়াবা আনৰ অনুগ্ৰহ নল’লে নচলে। তেনেকুৱা নিদান কালত মানুহ বাছি অনুগ্ৰহ খোজা উচিত। দুৰাচাৰ মানুহৰ অনুগ্ৰহ পৰাপক্ষত ল’ব নালাগে, ল’লে কেৱল ভৱিষ্যত সঙ্কতৰ সঁচ পচোৱা হয়। সমনীয়া বা নীচ মানুহৰ অনুগ্ৰহো আপদীয়া, তাকো পৰাপক্ষত গ্ৰহণ কৰা উচিত নহয়। মুঠতে ক’ব লাগিলে, আনৰ অনুগ্ৰহ সততে গৰল যেন জ্ঞান কৰা উচিত। কিন্তু উৎকট ৰোগত পৰিলে মানুহে গৰলো ব্যৱহাৰ কৰে, এতেকে দুৰ্ঘোৰ বিপদত পৰিলেহে অনুগ্ৰহ গৰললৈ হাত মেলিব লাগে। সকলো সময়তে আনৰ অনুগ্ৰহলৈ আশা নেপালি নিজৰ বাউসিবলৰ ওপৰত নিৰ্ভৰ কৰা উচিত। যি নিজ পুৰুষাৰ্থেৰে উধাবলৈ চেষ্টা কৰে তাক ঈশ্বৰেও সহায় কৰে, এনে নীতিবচন আছে।
নিজৰ আচল স্বভাৱ সকলোকে জনাই থলেও বহুত সঙ্কটৰ পৰা ৰক্ষা পৰিব পাৰি। তুমি যি কাম কৰিবলৈ ভাল নোপোৱা তাক কৰিবলৈ তোমাক কোনেও নাখাটে। চুৰ কৰিবলৈ সাধুক বা দান কৰিবলৈ কট্কিনাক কোনেও খাটনি কৰা দেখা নাযায়। কিন্তু মানুহে আগৰ পৰা তোমাক সাধু বা কট্কিনা বুলি জানিব লাগে, নাইবা কেতিয়াবা তুমি ভাল নোপোৱা কাম কৰিবলৈও মানুহে ধৰিব পাৰে। খাটনি নাৰাখিলে মানুহে পেটে পেটে বৰ বেয়া পায় আৰু খিয়াল কৰে, তোমাকো সেইদৰে খাটনি নাৰাখিলে বেয়া পাব আৰু খিয়াল কৰিব। নিজৰ ৰুচি অৰুচি সকলোকে জনাই থোৱাৰ আৰু এটা গুণ আছে। তুমি কেতিয়াও মিছা কথা নোকোৱা বুলি যদি সকলো ওচৰ চুবুৰীয়াৰ আগত কৈ ফুৰা তেনেহলে সিহঁতৰ আগত মিছা ক’বলৈ তোমাৰ বৰ লাজ লাগিব। নিজৰ ৰুচি অৰুচি বা স্বভাৱ চৰিত্ৰ গুপ্ত কৰি ৰাখিলে আগলৈ কুকাম কৰিবলৈ বাট মোকলাই ৰখা হয়।
সংসাৰ এৰি অৰণ্যত বাস লৈ সজ্জন হ’বলৈ কিছু উজু কিয়নো অৰণ্যত প্ৰলোভন সংসৰ্গ আদি বাধাবিলাক নাই। কিন্তু অৰণ্যবাসী সজ্জন আৰু সাগৰৰ তলৰ ৰত্ন একে ৰকম। সাগৰত থকা ৰত্নৰ পৰা যেন জগতৰ কোনো উপকাৰ নহয় অৰণ্যবাসী সজ্জনৰ পৰাও জগতৰ কোনো উপকাৰ নহয়, সংসাৰত থাকি সংসাৰৰ বাধাবিলাক নিজ বলেৰে মষিমূৰ কৰি সজ হ’ব পাৰিলেহে ধন্য।