ছাত্ৰ জীৱন আৰু সমাজ সেৱা- student life and social service essay in Assamese

ছাত্ৰ জীৱন আৰু সমাজ সেৱা- student life and social service essay in Assamese

নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি “ছাত্ৰ জীৱন আৰু সমাজ সেৱা- student life and social service essay in Assamese” ৰচনা খনৰ জৰিয়তে ছাত্ৰসকলৰ সমাজৰ প্রতি থকা কর্তব্যৰ বিষয়ে আলোচনা কৰিম। সেয়েহে, ছাত্ৰসকলৰ সমাজৰ প্রতি থকা কর্তব্যৰ বিষয়ে অধিক জানিবলৈ ৰাচনাখন শেষলৈকে পঢ়ক। ধন্যবাদ।

ভূমিকা:

আৰ্তজনক সেৱা কৰাই সমাজ সেৱাৰ মূল উদ্দেশ্য। যুগে যুগে নানা জনে সমাজ সেৱাক জীৱনৰ ব্ৰত হিচাপে লৈ আহিছে। বৰ্তমান বিজ্ঞানৰ যুগতো আৰ্তজনৰ সেৱাৰ প্রয়োজন কমি অহা নাই, বৰঞ্চ বাঢ়িছেহে। ব্যক্তিৰ বাহিৰেও সামাজিক অনুষ্ঠান আদিয়েও সমাজ সেৱাত অংশ গ্ৰহণ কৰে। আমাৰ ছাত্ৰ সমাজেও এই কাৰ্যত প্রয়োজন অনুসৰি সময়ে সময়ে অংশ গ্ৰহণ কৰি আহিছে। বয়সত তৰুণ হোৱা হেতু ছাত্ৰসকল দুঃসাহসী হয়। সেয়েহে তেওঁলোকে কোনো বিপদৰ সময়ত নিজৰ জীৱনৰ প্ৰতিও আশংকা নকৰি নিৰ্ভয়ে সমাজৰ কামত আগবাঢ়ি যায়। এই আৱেগপ্ৰৱণ বয়সটোতে ছাত্ৰসকলক সমাজ সেৱাৰ পিনে ঢাল খুৱাব পাৰিলে সমাজ জীৱন লাভৱান হ’ব।

সামাজিক বিকাশৰ বাবে জৰুৰী অধ্যয়ন:

অধ্যয়নেই ছাত্র জীৱনৰ ব্ৰত। কিন্তু আধুনিক শিক্ষাব্যৱস্থাই এই কথাটো সম্পূর্ণ মানি লোৱা নাই। কেৱল পুথিগত শিক্ষাই ছাত্র এজনক পূৰ্ণাংগ মানৱ হিচাপে গঢ়ি তুলিব নোৱাৰে। পুথিগত শিক্ষাৰ লগে লগে এজন ছাত্ৰৰ শাৰীৰিক আৰু সামাজিক বিকাশৰ প্রয়োজন। শাৰীৰিক বিকাশৰ বাবে যি ধৰণে খেলাধূলা কৰাৰ প্ৰয়োজন সেইদৰে সামাজিক বিকাশৰ বাবে নিজৰ চৌপাশৰ সমাজখনৰ পৰিৱেশ আৰু পৰিস্থিতিৰ প্ৰতি সচেতন হোৱাৰ লগতে বিভিন্ন সামাজিক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ প্ৰয়োজন। তেহে এজন ছাত্র সময়ত এজন পূৰ্ণাংগ সামাজিক মানুহ হিচাপে গঢ় লৈ উঠিব পাৰিব।

ছাত্ৰ জীৱন আৰু সমাজ সেৱা- student life and social service essay in Assamese

ছাত্ৰ জীৱন আৰু সমাজ সেৱা- student life and social service essay in Assamese

যিহেতু মানুহ সামাজিক প্রাণী, সেয়েহে সমাজৰ মাজৰ এজন হিচাপে নিজকে গঢ় দিব নোৱাৰিলে কোনো লোকেই সুস্থভাৱে বাচি থাকিব নোৱাৰে। সেয়েহে বৰ্তমান কালত বিদ্যালয়, মহাবিদ্যালয়সমূহত গণিত, সাহিত্য, বিজ্ঞান, বুৰঞ্জীৰ দৰে পাঠ্যক্ৰমৰ লগতে খেলা-ধূলা, নৃত্যগীত, ব্যায়াম, সমাজ সেৱা আদি সহ বিষয়সূচী  অন্তর্ভুক্ত কৰা হৈছে।

যিহেতু ছাত্ৰসকল এই সমাজৰে অংশ, গতিকে ছাত্ৰসকলৰো সমাজৰ প্রতি কর্তব্য আছে। সমাজৰ যিকোনো সমস্যাক ছাত্ৰসকলে আওকাণ কৰি থাকিব নোৱাৰে। সেয়েহে সমাজত অন্যায় অবিচাৰ দেখিলে তেওঁলোকে প্রতিবাদ কৰি উঠে।

ছাত্ৰ জীৱন আৰু সমাজ সেৱা- student life and social service essay in Assamese

সমাজ সেৱাৰ কাৰ্যসূচীত অংশগ্রহণ:

মানুহৰ ব্যক্তিগত জীৱনত অহাৰ দৰে সামাজিক জীৱনলৈও সময়ে সময়ে বিভিন্ন বিপদ, বিভিন্ন দুর্যোগ আহে। অতিবৃষ্টি, অনাবৃষ্টি, ভূমিকম্প, বানপানী আদিত মানুহ গৃহহীন, সর্বস্বান্ত হয়। সেইদৰে কেতিয়াবা কোনো কোনো ঠাইত কোনো কোনো সময়ত কোনো ৰোগে মহামাৰীৰ ৰূপ লৈ হাহাকাৰৰ সৃষ্টি কৰে। সেই সময়ত ছাত্ৰসকল আগবাঢ়ি যোৱা প্ৰয়োজন। ঔষধ, খাদ্য বস্তু, কাপোৰ-কানি সংগ্ৰহ কৰি আর্তসকলৰ মাজত ছাত্র দলে বিতৰণ কৰিব পাৰে।

দেশৰ সৰহ সংখ্যক লোকেই অশিক্ষিত বা অৰ্ধশিক্ষিত। বহুতৰ মাজত স্বাস্থ্যৰক্ষাৰ জ্ঞানখিনিৰো অভাৱ। বহুতৰে অঞ্চলটোৰ চৌপাশ, খোৱাপানীও অপৰিষ্কাৰ। ছাত্ৰসকলে নলা-নর্দমা পৰিষ্কাৰ কৰি, খোৱাপানীৰ পুখুৰী আদি পৰিষ্কাৰ কৰাৰ উপৰিও মানুহখিনিক স্বাস্থ্যৰক্ষাৰ বিষয়ে প্রাথমিক জ্ঞান দিয়াৰ কাৰ্যসূচী ল’ব পাৰে। আজিকালি বহু বিদ্যালয়-মহাবিদ্যালয়ে তেওঁলোকৰ সমাজ সেৱা কাৰ্যসূচীত ছাত্ৰসকলৰ দ্বাৰা এইবিলাক কাৰ্য ৰূপায়ণ কৰায়।

শিক্ষাৰ প্ৰসাৰতো ছাত্ৰসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। আমাৰ দেশৰ আধাখিনি মানুহ এতিয়াও নিৰক্ষৰ। ছাত্ৰসকলে তেওঁলোকৰ অৱসৰৰ সময়ত বয়স্কসকল আৰু নিৰক্ষৰ শিশু-কিশোৰৰ শিক্ষা আঁচনিত অংশ গ্ৰহণ কৰিব পাৰে।

সমাজ সেৱা এক মহান কার্য। দেশৰ আর্ত পীড়িত আৰু দুৰ্দশাগ্রস্ত মানুহখিনিক যদি শক্তি আৰু সামৰ্থ অনুসৰি সহায় কৰিব পাৰি তেতিয়া হ’লে সমাজৰ সৰ্বাংগীন উন্নতিতে সহায়ৰ হাত আগবঢ়োৱা হয়। অৱশ্যে একমাত্র দুর্দশাগ্ৰস্তক সহায় কৰাতেই সমাজসেৱী সীমাৱদ্ধ নহয়। বৃক্ষৰোপণ, বন্যপ্রাণী সংৰক্ষণ, পৰিৱেশ সংৰক্ষণ, প্ৰদূষণ ৰোধ আদি কাৰ্যত সক্ৰিয় অংশ গ্ৰহণ কৰাৰ উপৰিও জনসাধাৰণক এইবোৰৰ সুফলৰ বিষয়ে অৱগত কৰোৱা আদি কাৰ্যও সমাজ সেৱাৰ অন্তৰ্গত।

সমাজ সেৱাৰ কাৰ্যবোৰ বহুমুখী হ’লে তাৰ দ্বাৰা ছাত্ৰৰ জ্ঞান বৃদ্ধি হয়। তদুপৰি সমাজৰ বিভিন্ন পৰিৱেশ আৰু বিভিন্ন সমস্যাৰ প্রত্যক্ষ অভিজ্ঞতা লাভ কৰাৰ ফলস্বৰূপে তেওঁলোকৰ অভিজ্ঞতা আৰু জ্ঞানৰ পৰিসৰ বৃদ্ধি হয়। বর্তমান কালত ভাৰতীয় শিক্ষার্থী বাহিনী (এন চি চি), স্কাউট, গাইড, ৰাষ্ট্ৰীয় সেৱা আঁচনি (এন এছ এছ), নেহৰু যুৱকেন্দ্ৰ আদি সংগঠনৰ জৰিয়তেও ছাত্ৰসকলক সৃষ্টিমূলক সংগঠনমূলক সমাজ সেৱাৰ কামৰ প্ৰণালীবদ্ধভাৱে শিক্ষা দিয়াৰ ব্যৱস্থা আছে। ইয়াৰোপৰি আছে বহু বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন,যিবিলাকে প্রণালীৱদ্ধভাৱে সমাজ সেৱাৰ কাম হাতত লয়। ছাত্ৰসকলে এইবিলাকতো যোগদান কৰিব পাৰে। চৰকাৰৰ ফালৰ পৰাও এই অনুষ্ঠানসমূহক অনুদান আদি দি সহায় কৰা হৈছে।

ছাত্ৰ জীৱন আৰু সমাজ সেৱা- student life and social service essay in Assamese

সামৰণি:

বর্তমান কালত সমাজ সেবা বিষয়ক পাঠ্যক্ৰমো প্রবর্তন কৰা হৈছে। এইবিলাকত সমাজ সেৱাৰ বিষয়ত বিজ্ঞানসন্মত প্রশিক্ষণ দিয়া হয়। আমাৰ দেশত টাটা ইন্সটিটিউট অব ছচিয়েল ছায়েন্সকে ধৰি এনে কেইবাটাও অনুষ্ঠান আছে।

ছাত্ৰসকল সমাজ-সেৱাৰ কামত আগবাঢ়ি যাওঁতে তেওঁলোকক উপযুক্ত পথ দেখুৱাই নিব লাগে। সমাজৰ মাজলৈ ওলাই যোৱাৰ আগতে তেওঁলোকক প্ৰথমতে বিদ্যালয়ৰ চৌহদৰ ভিতৰতে পৰিস্কাৰ-পৰিচ্ছন্নতাবৃক্ষৰোপণ আদি কামবোৰৰ শিক্ষা দিব লাগে। শিক্ষকসকলে ছাত্র -ছাত্ৰীসকলক সমাজ সেৱাৰ কামত উৎসাহ দিয়াৰ উপৰিও তেওঁলোকৰ কাম-কাজবিলাক সূচাৰুৰূপে পৰিচালনা কৰাত চকু ৰাখিব লাগে। ছাত্র সমাজৰ ওপৰত দেশৰ ভৱিষ্যত নিৰ্ভৰশীল। সমাজ সেৱাৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰীক সুচাৰুৰূপে এই কামত আগবঢ়াই নিব পাৰিলে দেশে ভৱিষ্যতৰ নিঃস্বার্থ সমাজ সেৱক উপহাৰ দিব পাৰিব।

(আশা কৰোঁ আপুনি “ছাত্ৰ জীৱন আৰু সমাজ সেৱা- student life and social service essay in Assamese” ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “ছাত্ৰ জীৱন আৰু সমাজ সেৱা- student life and social service essay in Assamese” ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

1 thought on “ছাত্ৰ জীৱন আৰু সমাজ সেৱা- student life and social service essay in Assamese”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top