সকলো কামৰ এটা সুচল বা ছেগ আছে। সেই ছেগত কৰিলে কাম সুকলমে সিদ্ধ হয়,আৰু তাৰ অনুৰূপ ফল পোৱা যায়। ছেগ উকলি গ’লে কাম নিষ্ফল হয়। বেপাৰত এই কথাৰ ভাল পটন্তৰ দেখা যায়। কেতিয়াবা কোনো এবিধ বস্তুৰ কাটন বৰ বাঢ়ে ,আৰু সেই বাবে বজাৰত তাৰ ভাও উঠে। সেই সময়, সেই বস্তু সৰহকৈ উলিয়াই দিব পাৰিলে সৰহকৈ আয় হয়। যি মানুহে তেনে ছেগ আওহেলা কৰে সি বেপাৰত লাভ কৰিব নোৱাৰে। আচল কথা,কোন বেহানিৰ ভাও কেতিয়া বাঢ়িব তাৰ উহ লৈ ফুৰাই বেপাৰী মানুহৰ এটা ঘাই কাম। সুচল বেপাৰীয়ে সকলো ঠাইত থকা বেহানিৰ বুজ-বাজ লৈ, আৰু বজাৰৰ আওভাও বুজি কোন বেহানিৰ ভাও কেতিয়া চৰিব আৰু কোন বেহানিৰ ভাও কেতিয়া পৰিব তাক ঠাৱৰাব পাৰে। এইদৰে বস্তুৰ ভৱিষ্যতে ভাও ঠাৱৰায় লৈ সিঁহতে সেই সময়লৈ তেনে বস্তু গোটাই ৰাখে আৰু সময়ত তাক বজাৰত উলিয়াই দি বহুত লাভ কৰে।
বেপাৰৰ বাদে আন কামতো ছেগৰ গুণাগুণ দেখা যায়। ছেগ চাই কৰিলে যি কামত এশ ৰূপ লাগিব ছেগ উকলি যোৱাত কৰিলে তাত চাৰি শ ৰূপ লাগিব। এক সময়ত চাঁওতালৰ পৰা বহুত আকলুৱা মানুহ অসমলৈ আহিছিল। সিহঁত মাটি কটাত বৰ পৈণত আৰু অলপ ধনতেই সন্তোষ হয়। এই ছেগ পাই বহুত অসমীয়া মানুহে নিজ নিজ ঘৰত বৰ বৰ নাদ আৰু বৰ বৰ পুখুৰী খনাই ল’লে। আন সময়ত তেনে নাদ আৰু তেনে পুখুৰী খানোতে যিমান ধন ভগন হ’লহেঁতেন তেতিয়া তাৰ আধাতে সেইবোৰ কাম হৈ উঠিল।
কিছুমান মানুহে ৰাজঘৰীয়া বিষয় পালে, বিষয় থকা কালটোক ধন গোটাবৰ ছেগ বুলি বিবেচনা কৰে। বিষয় পালে মাগন, এই বচন বহুত দিনৰ পৰা অসমত চলিত আছে। ইয়াৰ পৰা বুজা যায় যে আগৰ অসমীয়া বিষয়াবিলাকে ধনৰ নিমিত্তে সাধাৰণ ৰায়তৰ ওপৰত অত্যাচাৰ কৰিছিল। সাধাৰণ তৰপৰ মানুহে বিষয়াক সদায় ভয় কৰে, তেনে মানুহে মাগন পেলালে কোনেও নিদি থাকিব নোৱাৰে। কেতিয়াবা ঠেকত পালে পোটক তোলে বুলি ভয়ত ঘৰত ধন নাথাকিলেও আনৰ পৰা ধাৰ ঋণে আনি সিঁহতে বিষয়াক সন্তুষ্ট কৰে। ইয়াক ধন আৰ্জিবৰ ছেগ বুলিব নোৱাৰি। ভয় দেখুৱাই নিৰ্ব্বলীৰ পৰা ধন ল’লে তাক ডকা দিয়া বোলে, আৰু ফান্দত পেলাই ধন ল’লে ঠগ কৰা হয়। বেপাৰৰ অৰিয়া অৰিত বা ঘটনা সূত্ৰত যি সুচল ওলায় তাকেহে আচল ছেগ বোলে।
ওপৰত কোৱা কথাৰ পৰা বুজা যায় যে মানুহে ইচ্ছা কৰি সুচল আনিব নোৱাৰে, ঘটনাৰ ফেৰত সময় মতে সুচল আপোনা-আপুনি ওলায়। মানুহে বুদ্ধি বিবেচনাৰ বলত সেই সুচল কেতিয়া মিলিব তাকে মাথোন ঠিক কৰিব পাৰে। কিন্তু মাজে সময়ে কৰ্ম্মইও সুচল মিলোৱা দেখা যায়, দীপশলা উলিয়াই দিয়া মাত্ৰেই জগতত তাৰ আদৰ হ’ল আৰু উলিয়াওঁতাৰ ধন ঘটিবৰ ছেগ মিলিল। আগে দীপশলা কেনে বস্তু কোনেও নাজানিছিল, উলিয়াই দিলত সকলোৱে তাৰ মোল বুজি পালে, আৰু ঘৰ নিৰন্তৰে তাক ব্যৱহাৰ চলিল। এতেকে ইয়াত কৰ্ম্মইহে ধন ঘটিবৰ ছেগ মিলালে।
সুচল বা ছেগৰ পৰিমাণ অনুসৰি সংসাৰত মানুহৰ উদ্গতি বা অধোগতি হয়। যি মানুহে জীৱনত সৰহ ছেগ পায় সি সংসাৰত উদ্গতি কৰে,যি নাপায় তাৰ অধোগতি হয়। ছেগ পোৱা সম্বন্ধে দুই পক্ষৰ দুই মত শুনা যায়। এক পক্ষৰ পণ্ডিতবিলাকে কয় যে সময়েই মানুহৰ সৌভাগ্যৰ নায়ক অ্ৰৰ্থাৎ সময়হে মানৱ ভাগ্যৰ ভাল বেয়াৰ গৰাকী। সময়ৰ সোঁত পৰি কোন বা আঢ্যৱন্ত হয়, কোন বা দৰিদ্ৰ হয়। সময়ে কাৰো জীৱনত বহুত ছেগ মিলাই দিয়ে,আৰু কাৰো জীৱনত সমুলি নিদিয়ে। এই শ্ৰেণীৰ পণ্ডিত বিলাকক সাধাৰণ কথাত অদৃষ্টবাদী বোলে। তেওঁলোকৰ বিবেচনাত কপালৰ লিখন অনুসাৰে মানুহ সুভগীয়া বা দুৰ্ভগীয়া হয়। বিপৰীত পক্ষৰ পণ্ডিতবিলাকৰ মন ভিন। তেওঁলোকৰ মতে মানুহে নিজৰ সুদিন দুৰ্দ্দিন নিজে গঢ়ি পিটি লয়। এই দুই মতৰ কোনটো ঠিক অলপ গমি চালেই তাক বুজিব পাৰি। অদৃষ্টবাদীবিলাকৰ মতেও বিনা পুৰুষাৰ্থে কপালত থাকিলেও একো সিদ্ধ নহয়। তেনেহলে কপালক নধৰি অকল পুৰুষাৰ্থক ধৰিলেই হয়। ছেগ চাই পুৰুষাৰ্থ কৰিলে কাম নিশ্চয় সুসিদ্ধ হয়, ই ধুৰূপ কথা।
সময়ৰ লগত আগুৱাই যোৱা মানুহে তাৰ কৰ্ম্মৰ জোখাৰে ফল পায়, পাচ পৰা বা আগবঢ়াবিলাকে নাপায়। সময়ৰ অনুৰূপ কাম কৰাই উদ্গতিৰ ঘাই উপায়। যেতিয়া যি বস্তুৰ আদৰ নাই তাত প্ৰৰিশ্ৰম কৰিলে বজা দুখ কৰা হয়। একৰকমকালি অসমত চকঢাৰিৰ বৰ আদৰ আছিল, তেতিয়া যি সৰহকৈ চকঢাৰি কৰিব পাৰিছিল সি লাভ কৰিছিল। বৰ্ত্তমান কালত মানুহৰ ৰুচি লৰিছে, এতিয়া আগৰ দৰে চকঢাৰিৰ চল নাই। যদি কোনোৱে আজি কালি চকঢাৰি ববলৈ শিকে আৰু তাৰ বেপাৰ কৰে, তেনেহলে তাৰ ভাত মিলাই টান হ’ব। এনেকুৱা মানুহক সময়ৰ পাচ পৰা বুলিব পাৰি। এইদৰে যদি আজিকালি কোনোৱে উলৰ ফুল বা পাখিৰ টুপি ববলৈ শিকে,আৰু অসমত তাৰ বেপাৰ পাতে তেনেহলে তাৰো শ্ৰম বজা হ’ব ,কিয়নো অসমত আজিলৈকে সেইবোৰ বস্তুৰ চল হোৱা নাই। এতেকে উলৰ ফুল বা পাখিৰ টুপি কৰা মানুহক এতিয়া সময়ৰ আগ বঢ়া বুলি লাগিব। এক সময়ত ইংলণ্ডৰ এজন পণ্ডিতে এখন পুথি লিখিছিল। সেই পুথি যেতিয়া প্ৰকাশিত হ’ল, তেতিয়া মানুহে তাৰ মোল বুজিব নোৱাৰিলে, গতিকে দেশত পুথিৰ আদৰ নহ’ল, আৰু লিখকেও তেওঁৰ শ্ৰমৰ বেচ নাপালে। পাচে এশমান বছৰ হৈ গ’লত, মানুহে পুথিখনৰ মোল বুজিলে,তেতিয়া তাৰ আদৰ বাঢ়িল,আৰু হাজাৰে হাজাৰে পুথি বেচা গ’ল। এই লিখক জন সময়ৰ আগবাঢ়িছিল, সেইবাবে তেঁও পুথি লিখি নিজৰ জীৱনত একো উদ্গতি সাধিব নোৱাৰিলে।