জগদীশচন্দ্র বসু

ঊনৈশ শতিকাৰ শেষভাগ আৰু কুৰি শতিকাৰ আগভাগৰ দোমােজাৰ কালছােৱাক ভাৰতীয়, বিশেষকৈ বঙ্গীয় ইতিহাসৰ নৱন্যাসৰ যুগ বুলিব পাৰি। সুদীর্ঘ ইংৰাজ শাসনৰ ফলস্বৰূপে এই কালছােৱাত বহুতাে ভাৰতীয় লােক পাশ্চাত্য শিক্ষাৰ দ্বাৰা উদ্বুদ্ধ হৈ পৰিছিল। প্রাচ্য আৰু পাশ্চাত্য দুয়ােবিধ শিক্ষাৰে অপূর্ব সমাৱেশে বঙ্গদেশত এনে এচাম লােকৰ জন্ম দিছিল যিসকলে সাহিত্য, সংস্কৃতি আৰু বিজ্ঞান আদি সকলাে বিষয়তে ভাৰতক এক নতুন ভাবৰ পােহৰ দেখুৱাবলৈ সক্ষম হৈছিল। তাৰ ভিতৰত বিজ্ঞান বিষয়ত বাটকটীয়া আছিল আচার্য জগদীশচন্দ্র বসু। ক’বলৈ গলে, আধুনিক ভাৰতৰ তেৱেই প্রথম বিজ্ঞানবিদ।

১৮৫৮ চনৰ ত্রিশ নৱেম্বৰৰ দিনা ঢাকাৰ ওচৰৰ বড়িশাল নামে এখন গাঁৱত জগদীশচন্দ্ৰৰ জন্ম হয়। তেওঁৰ দেউতাক ভগৱানচন্দ্র বসু এজন ডেপুটি মেজিষ্ট্রেট আছিল। ল’ৰা কালছােৱাত দেউতাকেই জগদীশচন্দ্ৰৰ আদৰ্শ আছিল। তেওঁৰ দেউতাক এজন সৎপৰায়ণ উৎসাহী আৰু দেশপ্রেমিক লােক আৰু দেশৰ শিল্প-বাণিজ্যৰ উন্নতিৰ বাবে যৎপৰােনাস্তি তেওঁ চেষ্টা কৰিছিল। তেওঁৰ মন আছিল সংস্কামুক্ত। পূর্বৰ ডকাইত এজনক তেওঁ নিজৰ ঘৰত লগুৱা হিচাপে ৰাখিছিল আৰু শিশু জগদীশক চোৱা-চিতা কৰাৰ ভাৰ পৰিছিল একালৰ এই ডকাইতজনৰ ওপৰতেই।

জগদীশচন্দ্ৰৰ স্কুলীয়া শিক্ষা আৰম্ভ হয় বর্তমান বাংলাদেশৰ ফৰিদপুৰ নামে এখন চহৰত। সেই সময়ত ফৰিদপুৰত দুখন স্কুল আছিল তাৰে এখনত ইংৰাজী ভাষাৰে আৰু আনখনত বঙলা ভাষাৰে শিক্ষা দিয়া হৈছিল। বনুৱা, কৃষক আদি সমাজৰ তথাকথিত তলখাপৰ মানুহৰ ল’ৰা-ছােৱালীয়ে বঙলা স্কুলত পঢ়িছিল- ইংৰাজী স্কুলখন আছিল সৰহ দৰ্মহা পােৱা মানুহৰ ল’ৰা-ছােৱালীবিলাকৰ কাৰণেহে। জাতীয়তাবাদী ভগৱানচন্দ্ৰই পুতেকক ইচ্ছা কৰিয়েই বঙলা স্কুলখনত নাম লগাই দিয়ে, কিয়নাে তেওঁ জানিছিল যে মাতৃভাষা ভালদৰে জনা নাথাকিলে কেৱল বিদেশী ভাষাৰ জৰিয়তে কোনাে জ্ঞানকেই সম্পূৰ্ণৰূপে আয়ত্ত কৰা সম্ভৱ নহয়। বঙলা স্কুলত পঢ়াৰ পৰা জগদীশচন্দ্ৰৰ যথেষ্ট লাভ হ’ল। তেওঁ বঙলা ভাষাতে নিজাকৈ চিন্তা কৰিবলৈ শিকিলে- উচ্চ পৰিয়ালৰ আন ল’ৰাবিলাকৰ নিচিনাকৈ তেওঁ আনৰ চিন্তা ভাটোৰ নিচিনাকৈ আওৰাবলগীয়া নহ’ল। তদুপৰি এই শিক্ষাই বঙলা সাহিত্যলৈও তেওঁৰ ৰাপ বঢ়ালে।

১৮৬৯ চনত জগদীশচন্দ্রই ফৰিদপুৰৰ পৰা আহি কলিকতাৰ ‘চেইন্ট জেভিয়াৰ্ছ’ বােলা স্কুলখনত নাম লগায়। ষােল্ল বছৰ বয়সত তেওঁ সেই স্কুলৰ পৰা প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষা পাছ কৰে আৰু চেইন্ট জেভিয়াৰ্ছ কলেজৰ বিজ্ঞান শাখাত ভর্তি হয়। কলেজত তেওঁ মজলীয়া তৰপৰ ছাত্ৰ আছিল। ভৱিষ্যতৰ বিজ্ঞানী জগদীশচন্দ্ৰৰ কোনাে চিন তেতিয়ালৈকে তেওঁৰ গাত ফুটি উঠা নাছিল। চাৰি বছৰ পঢ়াৰ পিছত তেওঁ এই কলেজৰ পৰা দ্বিতীয় শ্ৰেণীৰ স্নাতক উপাধি লাভ কৰে। সৰুৰে পৰা তেওঁৰ ৰাপ দেখা গৈছিল প্রাকৃতিক বিজ্ঞানত। নানা তৰহৰ গছ-লতা লিৰিকি-বিদাৰি আৰু ৰং-বিৰঙৰ ফুল আৰু পখিলা পর্যবেক্ষণ কৰি তেওঁ খুব আনন্দ পাইছিল। তথাপি কলেজত তেওঁৰ ধাউতি বাঢ়িল পদার্থবিজ্ঞানৰ প্ৰতিহে৷ ইয়াৰ ঘাই কাৰণ হ’ল ফাদাৰ লাফোঁ নামৰ চেইন্ট জেভিয়াৰ্ছ কলেজৰ এজন অধ্যাপক। লাফে নিজে এজন পদার্থবিদ আৰু উৎকৃষ্ট শিক্ষক আছিল আৰু তেওঁ জগদীশচন্দ্রক পদার্থবিজ্ঞান পঢ়িবলৈ উদগনি দিছিল।

সেই সময়ত প্ৰায়বিলাক কৃতী-ছাত্ৰৰে উদ্দেশ্য আছিল বিলাতলৈ গৈ আই. চি. এছ পৰীক্ষা দিয়া। বি. এ পাছ কৰি জগদীশচন্দ্ৰয়াে এই পৰীক্ষা দি ভাৰত চৰকাৰৰ পৰা এটা ভাল পদ পাবলৈ অভিলাষ কৰিছিল। সেইকালত (আজিকালিৰ দৰে বিজ্ঞান বিষয়ৰ স্নাতক বা স্নাতকোত্তৰ উপাধিক বি. এছ. চি, বা এম. এছ. চি. বােলা নহৈছিল।) কিন্তু দেউতাকৰ ইচ্ছা আছিল সুকীয়া। ডাঙৰ চাকৰিয়াল হৈ ভাত মােকোলােৱাতকৈ বিদ্যা অর্জন কৰি পুতেকে সমাজৰ মুখ পােহৰ কৰাটোহে দেউতাকে বাঞ্ছা কৰিছিল। গতিকে দেউতাকৰ অনুৰােধত আই. চি. এছ হােৱাৰ আশা পৰিত্যাগ কৰি চিকিৎসাবিদ্যা অধ্যয়ন কৰিবৰ বাবে ১৮৮০ চনত জগদীশচন্দ্রই বিলাতলৈ যাত্ৰা কৰে।

তেওঁ প্ৰথমে লণ্ডনৰ মেডিকেল কলেজত নাম লগালে। কিন্তু ইয়াত তেওঁৰ সঘনে অসুখ হৈ থকাত সকলােৱে তেওঁক চিকিৎসাবিদ্যাৰ অধ্যয়ন এৰি পেলাবলৈ উপদেশ দিলে। গতিকে এবছৰমান পিছত তেওঁ লণ্ডন ত্যাগ কৰি কেম্ব্ৰিজলৈ আহে আৰু ইয়াৰ খ্রাইষ্ট কলেজৰ বিজ্ঞান শাখাত নাম লগায়। ইয়াতাে তেওঁ বিজ্ঞানৰ কোনটো শাখাত অধিক জোৰ দিব তাক স্থিৰ কৰিব নােৱাৰি প্ৰথম বছৰত বিজ্ঞানৰ সকলাে বিষয়ৰে বক্তৃতা তেওঁ শুনি গৈছিল। দ্বিতীয় বছৰত তেওঁ পদার্থবিজ্ঞান, ৰসায়নশাস্ত্ৰ আৰু উদ্ভিদ বিজ্ঞান- এই তিনিটা বিষয় বাছি ল’লে। ইয়াত তেওঁ বিখ্যাত পদার্থবিদ লর্ড ৰেলিক শিক্ষক হিচাপে পােৱাৰ সৌভাগ্য লাভ কৰিছিল। তিনি বছৰৰ পিছত তেওঁ এই কলেজৰ পৰাই বিজ্ঞান বিষয়ত স্নাতক উপাধি পায়। ইয়াৰ কিছুদিনৰ পিছত তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ পৰাও স্নাতক উপাধি লাভ কৰে। বিলাত প্রবাসে জগদীশচন্দ্রক বিজ্ঞানৰ প্ৰতি ৰাপ বঢ়াই তােলাত সহায় কৰিলে। ভৱিষ্যতে বিজ্ঞানী হােৱাৰ পথ নির্মাণ হৈছিল তেওঁ কেম্ব্ৰিজত থকা কালছােৱাতেই।

ইংলেণ্ডত চাৰিটা বছৰ থকাৰ পিছত জগদীশচন্দ্র পুনৰ দেশলৈ উভতি আহে আৰু কলিকতাৰ প্রেচিডেন্সী কলেজত পদার্থবিজ্ঞানৰ অধ্যাপক নিযুক্ত হয়। সেই সময়ত শিক্ষা বিভাগৰ দেশীয় চাকৰিয়ালসকলে তেওঁলােকৰ সহকর্মী ইংৰাজ বিষয়াসকলৰ দৰ্মহাৰ মাত্র তিনি ভাগৰ দুভাগ পােৱাৰহে নিয়ম আছিল। আত্মমর্যাদাৰ প্ৰতি সদা-সচেতন জগদীশচন্দ্রই এই নিয়মৰ তীব্র প্রতিবাদ কৰিলে আৰু ইয়াৰ সু-মীমাংসা নােহােৱালৈকে কোনাে দৰ্মহা ল’বলৈ ৰাজী নহ’ল। অৱশেষত তেওঁৰ দৃঢ়তাৰ ওচৰত কর্তৃপক্ষ হাৰ মানিলে; তিনি বছৰৰ মূৰত তেওঁক চাকৰিত সােমােৱা দিনৰ পৰাই পূৰা দৰ্মহা দিবলৈ কর্তৃপক্ষ মান্তি হ’ল।

প্রেচিডেন্সী কলেজত সােমায়েই জগদীশচন্দ্রই বিজ্ঞানৰ গৱেষণাত লাগি গৈছিল। ঊনৈশ শতিকাৰ মাজভাগমানত জেমচ ক্লার্ক মেক্সৱেলে পােহৰৰ বিদ্যুৎচুম্বকীয় তত্ত্ব আৱিষ্কাৰ কৰাৰ কথা আমি ইতিমধ্যে কৈ আহিছোঁ। মেক্সৱেলৰ মতে এটা বিদ্যুকণা দুলি থাকিলে সি বিদ্যুৎচুম্বকীয় শক্তি বিকিৰণ কৰে আৰু এই শক্তি এঠাইৰ পৰা আন এঠাইলৈ পৰিবাহিত হয় তৰঙ্গ বা ঢৌৰ ৰূপত। কিন্তু মেক্সৱেলে বিদ্যুৎ চুম্বকীয় তৰঙ্গৰ অস্তিত্ব পৰীক্ষামূলকভাৱে দেখুৱাব পৰা নাছিল। এই কাম সমাধা কৰিলে মেক্সৱেলৰ মৃত্যুৰ আঠ বছৰৰ পিছত ১৮৮৭ চনত হাইনৰিখ হার্টজ নামে এজন জার্মান বিজ্ঞানীয়ে। হার্টজৰ গৱেষণাত অণুপ্রাণিত হৈ ভাৰতত জগদীশচন্দ্র বসুৱেও এই বিষয়ে দকৈ গৱেষণা আৰম্ভ কৰিলে। ফলত তেওঁ হার্টজৰ পৰীক্ষা ভালেখিনি উন্নত কৰি তুলিবলৈ সমর্থ হ’ল। হার্টজে উৎপন্ন কৰা বিদ্যুৎ চুম্বকীয় তৰংগৰ তৰঙ্গ দৈর্ঘ্য (wave length) আছিল খুব বেছি। এনেবিলাক তৰঙ্গৰ দ্বাৰা সাধাৰণ পােহৰ আৰু বিদ্যুৎ চুম্বকত্বৰ সাদৃশ্য সন্তোষজনকভাৱে দেখুৱাব পৰা নগৈছিল। জগদীশচন্দ্রই নিজে সজা কিছুমান যন্ত্রপাতিৰ সহায়েৰে অতি কম তৰঙ্গ দৈর্ঘ্যৰ ঢৌও ধৰা পেলাবলৈ সক্ষম হ’ল। ইয়াৰ দ্বাৰা তেওঁ নিশ্চিতভাৱে প্ৰমাণ কৰিলে যে বিদ্যুৎচুম্বকীয় তৰঙ্গও সাধাৰণ পােহৰৰ দৰে প্ৰতিফলিত আৰু প্ৰতিসৰিত হয়। পােহৰৰ ‘সমবর্তন’ (Polarisation) নামে এটা ধর্মও যে বিদ্যুৎ চুম্বকীয় তৰঙ্গই মানি চলে, তেওঁ আনকি সেই কথাও প্রমাণ কৰি দেখুৱাবলৈ সমর্থ হৈছিল। সাধাৰণ পােহৰ আৰু বিদ্যুৎ চুম্বকত্ব যে একেজাতীয়, সেইকথা মেক্সৱেলে তত্ত্বৰ দ্বাৰা দেখুৱাইছিল যদিও ভাৰতীয় বিজ্ঞানী বসুৱেহে তাক নিশ্চিতভাৱে প্ৰমাণ কৰিলে।

পদার্থবিজ্ঞানলৈ বসুৰ আন এটা স্মৰণীয় অৱদান হ’ল বিদ্যুৎচুম্বকীয় তৰঙ্গ ধৰিব পৰা এটা গ্রাহক যন্ত্র উদ্ভাৱন। ১৮৯৪ চনৰ নৱেম্বৰ মাহত তেওঁ প্রেচিডেন্সী কলেজ প্রাঙ্গণত এই যন্ত্ৰটোৰ বিষয়ে প্রথম পৰীক্ষা কৰি চাইছিল। তেওঁ বিদ্যুৎ চুম্বকীয় তৰঙ্গ উৎপাদন কৰা যন্ত্ৰটো হৈছিল তেওঁৰ সহকর্মী প্রফুল্লচন্দ্র ৰায়ৰ ঘৰত। নতুনকৈ আৱিষ্কাৰ কৰা যন্ত্ৰটো থৈছিল পেডলাৰ নামে ওচৰৰে আন এজন অধ্যাপকৰ ঘৰত। ৰায়ৰ ঘৰত থকা যন্ত্ৰটো চলাই দিয়াত তাৰপৰা বিদ্যুৎচম্বকীয় শক্তি গৈ গ্রাহক যন্ত্ৰটোত গােট খাইছিলগৈ। শক্তি গােট খুৱাব পৰা ক্ষমতা গ্রাহক যন্ত্ৰটোৰ ইমান বেছি আছিল যে সেই শক্তিৰে এটা বেল বজাব আনকি বন্দুকৰ গুলি পর্যন্ত ফুটাব পৰা গৈছিল। বসুৰ এই পৰীক্ষাই বেতাৰ বাৰ্তাৰ সূত্রপাত। মার্কনিয়েই বেতাৰ যন্ত্ৰৰ আৱিষ্কাৰক বুলি জনাজাত যদিও জগদীশচন্দ্র বসু মার্কনিৰ অগ্রণী আছিল। বসুৰ এই পৰীক্ষাবিলাকত বিস্ময়াভিভূত হৈ ১৮৯৫ চনত কেম্ব্রিজ বিশ্ববিদ্যালয়ে তেওঁক ডি. এছ. চি. উপাধি প্রদান কৰে। বসুৱে পয়সত্তৰ ফুট দূৰলৈকে বেতাৰ বার্তা পঠিয়াবলৈ সক্ষম হৈছিল। এতিয়া তেওঁ কলেজৰ পৰা নিজৰ ঘৰলৈকে এমাইল দূৰত্ব বেতাৰ-বার্তা পৰিবহণৰ যাে-জা কৰিলে। কিন্তু দুর্ভাগ্যবশতঃ তেওঁৰ কাম সম্পূর্ণ নহ’ল। ইতিমধ্যে লিভাৰপুল চহৰত বহা ‘ব্রিটিছ এছচিয়েছন অব ছায়েন্স’ৰ বার্ষিক অধিৱেশনলৈ তেওঁক আমন্ত্রণ জনােৱা হ’ল। গতিকে বেতাৰ যন্ত্ৰৰ কাম আধৰুৱাকৈয়ে এৰি তেওঁ ইংলেণ্ডলৈ যাত্ৰা কৰে। ইয়াত তেওঁ প্ৰথমবাৰৰ বাবে বিদেশী বিজ্ঞানবিদৰ সমুখত নিজৰ বিস্ময়কৰ পৰীক্ষা-পাটি কৰি দেখুৱায়। লর্ড কেলভিন প্ৰমুখ্যে খ্যাতনামা বিজ্ঞানবিদসকলে তেওঁৰ এই আৱিষ্কাৰসমূহৰ ভূয়সী প্রশংসা কৰিছিল।

১৮৯৭ চনত বসু দেশলৈ উভতি আহে। কিন্তু তিনি বছৰৰ পিছত তেওঁ পুনৰ বিদেশলৈ যাবলগীয়া হয়। ১৯০০ চনত পেৰিচত বৈজ্ঞানিক যন্ত্রপাতিৰ এখন আন্তর্জাতিক প্রদর্শনী হৈছিল; ভাৰত চৰকাৰৰ প্রতিনিধি হৈ বসুৱে ইয়াত যােগদান কৰে। পেৰিচৰ প্রদর্শনী শেষ হােৱাত তেওঁ জার্মানীলৈ যায় আৰু বার্লিন চহৰত বক্তৃতা দিয়েগৈ। এইদৰে পশ্চিমীয়া দেশবােৰত ঘূৰি ফুৰোঁতে তেওঁ এবাৰ টান নৰিয়াতাে পৰিছিল। আৰােগ্য লাভ কৰাৰ পিছত তেওঁ কিছুকাল ইংলেণ্ডৰ বিখ্যাত ‘ডেভি-ফেৰাডে গৱেষণাগাৰ’ত কাম কৰে। ১৯০২ চনত ভাৰতলৈ ঘূৰি অহাত তেওঁক চি. আই. ই উপাধিৰে বিভূষিত কৰা হয়। অকল পদার্থবিজ্ঞানতে লাগি থকা হ’লে ৰেডিঅ’ বা বেতাৰ যন্ত্ৰৰ আৱিষ্কাৰক হিচাপে বসুৱে নিঃসন্দেহে মার্কনিৰ স্থান অধিকাৰ কৰিবলৈ সক্ষম হ’লহেঁতেন; কিন্তু লাহে লাহে তেওঁৰ অনুৰাগ জীৱ-পদার্থবিজ্ঞানৰ (Bio-physics) ফালেহে ঢাল ল’লে। জীৱবিজ্ঞানৰ প্ৰতি তেওঁৰ ৰাপ আগৰ পৰাই আছিল। বসুৱে পঢ়ি থকা অৱস্থাত কলিকতা বিশ্ববিদ্যালয়ত ‘জীৱবিজ্ঞান’ নামৰ কোনাে বিষয় নাছিল। কলিকতাত তেনে এটা বিষয় থকা হ’লে বা অধ্যাপক লাঁফোৰ সংসর্গ নােপােৱা হ’লে বসুৱে হয়তাে পদার্থবিজ্ঞানতকৈয়াে জীৱবিজ্ঞানৰ প্ৰতিহে অধিক মনােযােগ দিলেহেঁতেন।

ডেভি-ফেৰাডে গৱেষণাগাৰত থকা সময়তে বসুৱে প্রাণী আৰু উদ্ভিদৰ মাজত কিছুমান সাদৃশ্য দেখা পাইছিল। দেশলৈ উভতি আহি তেওঁ এই বিষয়ে দকৈ পৰীক্ষা আৰম্ভ কৰিলে। ফলত গছ-গছনিবিলাকৰ যে জীৱ আছে – তাক তেওঁ দেখুৱাবলৈ সমৰ্থ হ’ল। তেওঁ দেখুৱালে যে জীৱ-জন্তুৰ নিচিনাকৈ গছ-গছনিবিলাকেও টোপনি যায়, সিহঁতৰ ভাগৰ লাগে, স্পর্শ কৰিলে সিহঁতেও প্ৰাণীৰ দৰে জিকাৰ খাই উঠে, ইত্যাদি। উদ্ভিদৰ বৃদ্ধি আৰু অন্যান্য প্রক্রিয়াবিলাক ভালদৰে পর্যবেক্ষণ কৰিবৰ বাবে তেওঁ ‘ক্রেস্ক’গ্রাফ’ (Crescograph) নামে এটা সূক্ষ্ম যন্ত্রৰ আৱিষ্কাৰ কৰিছিল। ইয়াৰ দ্বাৰা উদ্ভিদৰ প্রক্রিয়াবিলাক একলাখ গুণে ডাঙৰকৈ দেখা পােৱা গৈছিল। বসুৱে তেওৰ আৱিষ্কাৰসমূহ কেইবাখনাে পুথিত লিপিবদ্ধ কৰি থৈ গৈছে। পুথিবিলাক হ’ল- ‘জৈৱ আৰু অজৈৱ বস্তু প্রতিচাৰ’ (Response in Living and Non-living) ‘উদ্ভিদৰ প্ৰতিচাৰ’ (Plant Response), ‘উদ্ভিদৰ সঞ্চালন প্ৰক্ৰিয়া’ (Motor Mechanism of Plants), ইত্যাদি। এই পুথিবিলাক জার্মান, ৰাছিয়ান আদি ভাষালৈও অনূদিত হৈছে। বৈজ্ঞানিক ক্ষেত্ৰত ইটালিৰ গেলভানিৰ লগত বসুৰ কিছু সাদৃশ্য দেখা যায়।

বৈজ্ঞানিক হিচাপে বসুৱে যিমান খ্যাতি লাভ কৰিছে, মানুহ হিচাপে তেওঁৰ কীর্তি তাতকৈ অলপাে কম নহয়। জীৱনত তেওঁ বহু ধন আর্জিলেও ধনৰ প্ৰতি তেওঁৰ আক্রোশ নাছিল। মৃত্যুৰ আগে আগে তেওঁ নিজৰ সমস্ত সম্পত্তি বিভিন্ন অনুষ্ঠানসমূহত দান দি থৈ গৈছিল। ইচ্ছা কৰা হ’লে তেওঁ নিজৰ বৈজ্ঞানিক আৱিষ্কাৰসমূহৰ দ্বাৰাই যথেষ্ট ধন আর্জিব পাৰিলেহেঁতেন, কিয়নাে তেওঁৰ আৱিষ্কৃত বেতাৰ-যন্ত্ৰৰ এটা সুন্দৰ ব্যৱহাৰিক দিশ আছিল। বক্তৃতা দিবলৈ বিলাতলৈ যাওঁতে বহুতাে উদ্যোগপতিয়ে যন্ত্ৰটো পেটেন্ট কৰিবৰ বাবে তেওঁক খাটনি ধৰিছিল। কিন্তু তেওঁ উত্তৰ দিছিল যে ধন আর্জিবৰ বাবে তেওঁ বিজ্ঞান অধ্যয়ন কৰা নাই। তেওঁৰ এই উত্তৰে পাশ্চাত্য বিজ্ঞানীসকলক বিস্মিত কৰিছিল। প্রসিদ্ধ বিজ্ঞানী হলেও সাহিত্যৰ প্ৰতিও বসুৰ অনুৰাগ আছিল। সাহিত্য অধ্যয়ন কৰাৰ উপৰিও তেওঁ নিজেও বহুতাে গল্প-প্রবন্ধ ৰচনা কৰিছিল। পিছত তেওঁৰ সেই সকলােবােৰ থুপ খুৱাই ‘অব্যক্ত’ নাম দি এখন পুথি প্রকাশ কৰা হয়। ১৯১১ চনত মৈমনসিংহ চহৰত বহা চতুর্থ বাংলা সাহিত্য সন্মিলনৰ সভাপতিৰ আসনো তেওঁ অলংকৃত কৰিছিল। মাতৃভাষাত বিজ্ঞান শিক্ষা যে সম্ভৱ, সেই কথা বসুৱে ভালদৰে উপলব্ধি কৰিছিল। কোনাে কাৰিকৰী ভাষাৰ সহায় নােলােৱাকৈ সহজ-সৰলভাৱে বিজ্ঞানৰ জটিল কথাবিলাক বঙলা ভাষাতে বুজাই দিব পৰা ক্ষমতা তেওঁৰ আছিল। বিশ্বকবি ৰবীন্দ্রনাথ ঠাকুৰ বসুৰ অন্তৰঙ্গ বন্ধু আছিল।

বসু আজীৱন কালৰ বাবে কলিকতা বিশ্ববিদ্যালয়ৰ ‘এমেৰিটাছ প্ৰফেচাৰ’ নিযুক্ত হৈছিল। ১৯১৬ চনত তেওঁক ‘ছাৰ’ উপাধি প্ৰদান কৰা হয়। ১৯২০ চনত ৰয়েল ছচাইটিয়ে তেওঁক সভ্য নির্বাচিত কৰে। তেওঁ ভাৰতৰ তৃতীয় এফ. আৰ. এছ.। বসুৰ জীৱনৰ আন এটা মহান কীর্তি হ’ল ‘বসু বিজ্ঞান মন্দিৰ’। ১৯১৭ চনৰ ত্রিশ নৱেম্বৰৰ দিনা বিহাৰৰ গিৰিড চহৰত তেওঁ এই মন্দিৰৰ ভেটি প্রতিষ্ঠা কৰিছিল। ভাৰতীয় ইতিহাসত ই এটা অতি স্মৰণীয় দিন। এই অনুষ্ঠানটোকেই ভাৰতত আধুনিক বিজ্ঞান অধ্যয়নৰ প্রথম পদক্ষেপ বুলিব পাৰি। প্রায় কুৰি বছৰ কাল এই অনুষ্ঠানৰ অধিকর্তা হৈ থকাৰ পিছত ১৯৩৭ চনৰ তেইশ নৱেম্বৰৰ দিনা গিৰিডি চহৰতে বসুৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল উনাশী বছৰ।

ভাৰতত বৈজ্ঞানিক যুগৰ সূচনা কৰা প্রথম লােক হিচাপে জগদীশচন্দ্র বসুৰ নাম ইতিহাসত স্মৰণীয় হৈ থাকিব। তেওঁৰ আগলৈকে ভাৰতত বিজ্ঞান চর্চা অসম্ভৱ বুলিয়েই বিজ্ঞানীসকলে ভাবি আহিছিল। ভাৰতত বিজ্ঞানবিদ আৱিৰ্ভাৱ হােৱাৰ বিষয়লৈ এবাৰ ব্রিটিছ গণিতজ্ঞ ৰামজেই বসুলৈ লিখিছিল, আপুনি ব্যতিক্রম, কিন্তু এটা কুলিৰ ধ্বনিত জানাে কেতিয়াবা বসন্ত আহে? দেশবাসীৰ ওপৰত গভীৰ আস্থা ৰাখি বসুৱে উত্তৰ দিছিল এইবুলি- ‘আপােনালােকে আশংকা কৰাৰ কোনাে কাৰণ নাই। মই ঠিৰাংকৈ ক’ব পাৰোঁ যে অতি সােনকালেই ভাৰতৰ বিজ্ঞান জগতত শ-শ কুলিয়ে বসন্তৰ আৱিৰ্ভাৱ ঘােষণা কৰিব। সুখৰ বিষয় যে বসুৰ বিশ্বাস অথলে নগ’ল, কিয়নাে তেওঁৰ পিছতেই চন্দ্ৰশেখৰ ভেঙ্কটৰামণ, শ্রীনিবাস ৰামানুজন, সত্যেন্দ্রনাথ বসু, মেঘনাদ সাহা আদিৰ নিচিনা বিজ্ঞানীয়ে ভাৰতত জন্মগ্রহণ কৰিলে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top