জীৱনী গ্রন্থ অধ্যয়নৰ প্রয়োজনীয়তা

ভূমিকা:
জীৱনী গ্রন্থ স্মৰণীয় গ্ৰন্থৰ বাণীৰূপ। মেধা আৰু বিখ্যাত, পাণ্ডিত্যত, কর্ম-কুশলতাত অথবা নন্দন শিল্পত, অর্থাৎ জীৱনৰ বিভিন্ন বিভাগত যিজনে চৰম সাফল্যৰ পৰিচয় দিব পাৰিছে তেওঁৰেই জীৱন-গাঁথা জীৱনীগ্ৰন্থৰ মূল উপজীব্য। সেইসকল মহান মনীষীয়েও এদিন ধৰা ত্যাগ কৰি পৰলোকলৈ গতি কৰে, কিন্তু যদি গ্রন্থাকাৰে তেওঁলোকৰ কীর্তিৰ কথা লিপিবদ্ধ হৈ থাকে, তেনেহলে তেওঁলোক কেতিয়াও বিস্মৃতিৰ গৰ্ভত লীন হৈ নাযায়। সুদীৰ্ঘ কাল ধৰি পৰৱৰ্তী প্রজন্মৰ বাবে সেয়া আপুৰুগীয়া তথা অনুকৰণীয় সম্পদ হ’ব পাৰে। এই পৃথিৱীত মহৎ আদর্শ বিৰল হ’লেও তাক অনুকৰণৰ প্রয়োজন আছে আৰু এই প্রয়োজন পূৰণ কৰাত জীৱনী গ্ৰন্থৰ মূল্য অসীম।

জীৱনী হ’ল নিৰপেক্ষ ইতিহাস:
এজন ব্যক্তিৰ কৰ্ম জীৱনৰ যথাযথ তথা নিৰপেক্ষ ইতিহাসেই হ’ল জীৱনী। জীৱনী গ্ৰন্থৰ লেখকে প্ৰচুৰ শ্ৰম কৰি সংশ্লিষ্ট ব্যক্তিৰ জীৱনৰ বিভিন্ন তথ্য আৰু ঘটনা সংগ্রহ কৰে। পাছত আবেগহীন ভাষা আৰু বৰ্ণনাৰে সেইবোৰ ঘটনাক লিপিবদ্ধ কৰি গ্ৰন্থৰ ৰূপ দিয়ে। জীৱনী গ্ৰন্থত লেখক কল্পনাবিলাসী হোৱাৰ উপায় নাই; ব্যক্তিগত অনুভূতি প্ৰকাশৰ সুযোগো সীমাবদ্ধ। ইতিহাসৰ শুদ্ধ তথা সম্পূর্ণ তথ্য আৰু সততা জীৱনীগ্ৰন্থত অনুকৰণীয়। মনীষী কাৰ্লাইৰ মতে, ‘ইতিহাস হ’ল মহাপুৰুষৰ জীৱনৰেই কিঞ্চিত উন্নত সংস্কৰণ।’ জীৱনী গ্ৰন্থত পাঠকে ৰোমাঞ্চকৰ উপন্যাসৰ স্বাদ গ্ৰহণ কৰিবলৈ নিবিচাৰে। এটি মহৎ জীৱনৰ অনিৰ্বাণ আলোকেৰে তেওঁ নিজৰ অন্তৰক আলোকিত কৰিবলৈ বিচাৰে।

ঐতিহাসিক তথ্য অক্ষুন্ন ৰাখি বিশ্ব সাহিত্যত যিকেইখন সাৰ্থক জীৱনী ৰচিত হৈছে, তাৰ ভিতৰত বছৱেলৰ ডঃ জনছনৰ জীৱনী অন্যতম। অসমীয়া সাহিত্যতো বহুকেইখন মনোৰম জীৱনী গ্রন্থ প্রকাশ হৈছে। তাৰ ভিতৰত পণ্ডিত তীৰ্থনাথ শৰ্মাৰ ‘বেণুধৰ শৰ্মা’, মহেশ্বৰ নেওগৰ ‘শ্ৰীশ্ৰী শংকৰদেৱ’, বেণুধৰ শৰ্মাৰ ‘মণিৰাম দেৱান’, মুনীন বৰকটকীৰ ‘বিস্মৃত ব্যতিক্রম’, আব্দুছ ছাত্তাৰৰ ‘কৃষ্ণকান্ত সন্দিকৈ’, তিলক দাসৰ ‘বিষ্ণুৰাভা এতিয়া কিমান ৰাতি’ আদিৰ নাম উল্লেখযোগ্য।

জীৱনী অধ্যয়নৰ উপকাৰিতা:
জীৱনী গ্রন্থ অধ্যয়নে পাঠকৰ উৎকৰ্ষ সাধনত সহায় কৰাৰ উপৰি সমাজ জীৱনৰ এখন বিশ্বস্ত চিত্র উপস্থাপিত কৰি ঐতিহাসিক চেতনাকো সমৃদ্ধ কৰে। ভিক্টোৰিয়া যুগৰ কোনো জীৱনী পাঠ কৰিলে সেই যুগৰ সমাজ জীৱনৰ এখন বাস্তব চিত্র পাঠকৰ মানস চক্ষুত প্রতিফলিত হয়। অনুৰূপ কাৰণতেই উনবিংশ শতিকাৰ অসমৰ সামাজিক দৃশ্যপটৰ সন্ধান কৰিবলৈ আমি সেই যুগৰ মনীষীৰ জীৱনী গ্রন্থৰ সহায় ল’বলগীয়া হয়। যিবোৰ জীৱনী গ্ৰন্থত সংশ্লিষ্ট ব্যক্তিগৰাকীৰ জীৱন বর্ণনাৰ প্ৰসংগত সমকালীন সমাজ আৰু সামাজিক মানুহৰ তথ্যসন্মত ইতিহাস উপস্থাপিত কৰা হয়, সেইবোৰ জীৱনী গ্রন্থ অধ্যয়নতেই পাঠক সকলোতকৈ বেছি উপকৃত হয়। মহাপুৰুষৰ জীৱনী যথাৰ্থতেই আমাৰো জীৱনৰ সঞ্জীৱনী মন্ত্ৰৰ দৰে। তেওঁলোকৰ জীৱনতো আছে আন্ধাৰ-পোহৰৰ খেল। দৰিদ্ৰতা, শঠতা, কষ্ট, বিফলতাৰ সৈতে তেওঁলোকৰ প্ৰতিজনেই যুঁজ কৰিছে। সোণৰ চামুচ মুখত লৈ জন্ম হোৱা বহুজনেও মানুহৰ বাবে উৰ্চগা কৰিছে নিজৰ জীৱন। জীৱনৰ বিপদসংকুল পথত তেওঁলোকৰ পথ অনুসৰণ কৰিয়েই আমি আগবাঢ়ি যোৱাৰ বাবে প্ৰেৰণা পাওঁ।

সামৰণি:
মহাজ্ঞানী মনীষীসকলৰ পদাংক অনুসৰণ কৰিলেও আমিও যে একোজন মহাপুৰুষ হৈ উঠিম, সেই আশা হয়তো দুৰাশা। কিন্তু ইয়াৰ জৰিয়তে আমাৰ সাধাৰণ জীৱনো যে সততা আৰু সংগ্রাম শক্তিত সুন্দৰ হৈ উঠিব তাত সন্দেহ নাই। বৰণীয় ব্যক্তিসকলৰ জীৱনী অধ্যয়নৰো সার্থকতা তাতেই। বৰণীয় ব্যক্তিসকলৰ জীৱনে প্রমাণ কৰি গৈছে যে তেওঁলোকে কেৱল জ্ঞানগর্ভ উপদেশেই নিদিয়ে, নিজৰ জীৱনটোকো তেওঁলোকে অনুকৰণীয় কৰি তোলে। সেয়ে হয়তো তেনে মহাপুৰুষে ক’ব পাৰে ‘মোৰ জীৱনেই মোৰ বাণী’।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top