টমাচ আলভা এডিচন-thomas alva edison

টমাচ আলভা এডিচন-thomas alva edison

আধুনিক সমাজত টমাছ আলভা এডিছন (thomas alva edison) এটা অতি পৰিচিত নাম। কুৰি শতিকাৰ আগভাগত পাশ্চাত্য জগতত যি কাৰিকৰী সভ্যতাই গা-কৰি উঠিছিল, তাৰ গঢ় দিওঁতা লােকসকলৰ ভিতৰত এডিছন অন্যতম। বিজুলীবাতিৰ চুইচটো টিপি দিলে, গ্রামােফনত এখন ৰেকৰ্ড বজালে, এখন চিনেমা চালে, কাৰোবালৈ ফোন এটা কৰিলে প্রত্যক্ষ বা পৰােক্ষভাৱে এই আৱিষ্কাৰক গৰাকীজনাৰ প্ৰতি আমি সন্মান জ্ঞাপন কৰোঁ। একাধিক অর্থত এডিছন আধুনিক কাৰিকৰী সভ্যতাৰ জনক।

টমাচ আলভা এডিচন-thomas alva edison

টমাচ আলভা এডিচন-thomas alva edison

১৮৪৭ চনৰ এঘাৰ ফেব্ৰুৱাৰীৰ দিনা আমেৰিকাৰ অ’হাইও চহৰৰ মিলান নামে এখন সৰু ঠাইত এডিছনৰ জন্ম হয়। তেওঁৰ দেউতাক চেমুৱেল টমচনে এখন অতিথিশালাৰ মেনেজাৰ হিচাপে কাম কৰিছিল; মাক আছিল কিছুদিনৰ বাবে এখন স্কুলৰ শিক্ষয়িত্রী। ১৮৫৪ চনত তেওঁলােকৰ পৰিয়ালটো মিলানৰ পৰা প’ৰ্ট হৰ্ণ নামে এখন চহৰলৈ উঠি যায় আৰু ইয়াতেই এডিচনে স্কুলীয়া শিক্ষাৰ পাতনি মেলে। কিন্তু তেওঁৰ পঢ়াশুনা আৰম্ভ নহ’লেই বুলিব পাৰি। এদিন শিক্ষকে তেওঁক মােটা বুদ্ধিৰ ল’ৰা বুলি ককৰ্থনা কৰাত মাকে খঙতে তেওঁক স্কুলৰপৰা এৰুৱাই আনিলে।

এইদৰেই এডিছনৰ স্কুলীয়া শিক্ষাৰ ওৰ পৰিল। শিক্ষয়িত্রী মাকে তেওঁক ঘৰতে শিক্ষা দিছিল। পঢ়াশুনাত অপটু হলেও পৰীক্ষা-পাতিত এডিছন আছিল সিদ্ধহস্ত। সৰুতে তেওঁ কৰা কিছুমান অদ্ভুত পৰীক্ষাৰ কথা শুনিলে নাহাঁহি থাকিব নােৱাৰি। এবাৰ তেওঁ নিজে কুকুৰাৰ দৰে কণী উমনি দিবলৈ চেষ্টা কৰিছিল। এবাৰ আকৌ তেওঁলােকৰ ঘৰত মাজে-সময়ে কাম কৰি দিয়া মানুহজনৰ নাকত তেওঁ মনে মনে এবিধ পাউদাৰ সুমুৱাই দিছিল।

তেওঁ ভাবিছিল যে পাউডাৰৰ পৰা ওলােৱা গেছে মানুহজনক উৰুৱাই লৈ যাব; কিন্তু ফল ওলােটাহে হ’ল। মানুহজন উৰি নগ’ল; অভিভাৱকৰ ধমকি আৰু বেতৰ কোবত তেওঁ নিজৰ জীৱটোহে উৰি যােৱা যেন পালে! গতিকে যাৰে -তাৰে ওপৰত পৰীক্ষা চলাবলৈ এৰি তেওঁ বাগিচাৰ এচুকত নিজাকৈ এটুকুৰা ঠাই বিচাৰি ল’লে আৰু তাতে তেওঁ আপােন মনে নিজৰ গৱেষণাৰ কাম আৰম্ভ কৰিলে। দেউতাকে তেওঁক নিজ ইচ্ছামতে খেতি-বাতি কৰিবলৈ এটুকুৰা মাটি দিছিল। তেওঁ ইয়াত পৰিশ্ৰম কৰি যথেষ্ট শাক-পাচলি উৎপন্ন কৰিছিল। সেই শাক-পাচলিবােৰ ৰেলগাড়ীৰে লৈ গৈ ডেট্রইট নামে ওচৰৰে চহৰখনত তেওঁ বেচিছিলগৈ।

ৰেলগাড়ীৰে এইদৰে কেইবাবাৰাে অহা-যােৱা কৰাৰ পিছত এডিছনৰ মনত এদিন এটা নতুন চিন্তা সােমাল। তেওঁ ভাবিলে, গাড়ীত গৈ থকা সময়খিনিত যাত্রীসকলক বাতৰি কাকত বেচি দেখােন ধন ঘটিব পাৰি! এই উদ্দেশ্যে তেওঁ কর্তৃপক্ষৰ পৰা অনুমতি বিচাৰিলে। সৰু লৰা এজনৰ এনে উৎসাহ দেখি কর্তৃপক্ষই তেওঁক কাকত বেচিবলৈ অনুমতি দিয়াই নহয়, বিনা পইচাৰে গাড়ীত ফুৰিবলৈও অনুমতি দিলে। গাড়ীখনৰ মাল কঢ়িওৱা ডবাটোৱেই আছিল তেওঁৰ অফিচ। ইয়াতে তেওঁ কাগজপত্র ৰাখিছিল, বিজ্ঞানৰ কিতাপ পঢ়িছিল আৰু কেতিয়াবা পৰীক্ষা-পাতি কৰিও চাইছিল। এ

ডিছন আছিল এজন জাত উদ্ভাৱক। বাতৰি কাকত বেচি তেওঁ বেছিদিন ক্ষান্ত নাথাকিল। বাতৰি কাকত ছপা কৰিবলৈও তেওঁ মন মেলিলে। এই উদ্দেশ্যে এদিন এটা ছপাকল আনি চলন্ত অফিটটোত সুমুৱালেহি আৰু তাৰ পৰা ‘উইলি হেৰাল্ড’ নামে এখন কাকত নিয়মীয়াকৈ উলিয়াবলৈ ধৰিলে। চলন্ত ৰেলগাড়ীৰ ভিতৰত প্ৰকাশ হােৱা এইখনেই বিশ্বৰ একমাত্র বাতৰি কাকত। এডিছন কিজানি বিশ্বৰ সর্বকনিষ্ঠ সম্পাদকো, কিয়নাে সেই সময়ত তেওঁৰ বয়স আছিল মাত্র পােন্ধৰ বছৰ! দুই পৃষ্ঠাৰ এই কাকতখন বহুদিনলৈকে সুকলমে চলি আছিল।

টমাচ আলভা এডিচন-thomas alva edison

কিন্তু এদিন এটা ঘটনা ঘটিল যাৰ ফলত তেওঁৰ কাকত বন্ধ হােৱাই নহয়, তেওঁৰ ৰেলগাড়ীত বিনামূলীয়াকৈ ভ্ৰমণৰো অন্ত পৰিল। চলন্ত গাড়ীৰ ভিতৰত পৰীক্ষা-নিৰীক্ষা কৰি থাকোঁতে তেওঁৰ ডবাটোত এদিন হঠাতে জুই লাগিল। দুর্ঘটনা দেখি গার্ডে গাড়ী ৰখালে আৰু তেওঁক এনে এটা কাণতলীয়া চৰ সােধাই বিদায় দিলে যে তেতিয়াৰ পৰা তেওঁ কাণেৰে ভালদৰে নুশুনা হ’ল।

ৰেলগাড়ীৰ পৰা খেদা খাই এডিচনে ছপাকলটো নি এইবাৰ ঘৰত বহুৱালেগৈ আৰু ‘প’ল ফ্রাই’ নাম দি নতুনকৈ এখন বাতৰি কাকত প্ৰকাশ কৰিলে। কাকতখনৰ খুহুতীয়া সৰু সৰু ঘটনাবিলাকে মানুহক বেছ আমােদ দিছিল। কিন্তু এদিনাখন এইখন কাকতৰো প্ৰকাশ হঠাতে বন্ধ হৈ গ’ল। চহৰৰে এজন স্থানীয় ব্যৱসায়ীক ব্যঙ্গ কৰি কাকত খনত কিবা কথা লিখাত ব্যৱসায়ীজনে তেওঁক ডিঙিত ধৰি ওচৰতে থকা নৈ এখনৰ দাঁতিলৈ লৈ গ’ল আৰু তালৈ তেওঁক গতা মাৰি পঠিয়ালে! এইদৰেই এডিছনৰ বাতৰি কাকত সম্পাদনাৰ ওৰ পৰিল।

টমাচ আলভা এডিচন-thomas alva edison

এডিচনে এইবাৰ টেলিগ্রাফী শিকিবলৈ মন মেলিলে। টেলিগ্রাফ সেই সময়ত একেবাৰে নতুন বস্তু আছিল। এডিছনৰ জন্মৰ মাত্র তিনি বছৰ আগেয়ে চেমুৱেল মর্চ নামে এজন লােকে ইয়াক আৱিষ্কাৰ কৰিছিল। সেই সময়ত টেলিগ্রাফৰ সর্বাধিক ব্যৱহাৰ হৈছিল ৰেল ষ্টেচন বিলাকত! ৰেলগাড়ী যােৱা খবৰ পিছৰ ষ্টেচনটোত টেলিগ্রাফেৰে আগতীয়াকৈ জনাই দিয়াৰ ব্যৱস্থা ৰেলৱে কর্তৃপক্ষই কৰি লৈছিল।

১৮৩২ চনত এটা সৰু ঘটনাৰ ফলত এই ৰেলৱে বিভাগতে টেলিগ্রাফী শিকাৰ সুবিধা এটা এডিচনে পালে। এদিন তেওঁ কিবা কাৰণত মাউন্ট ক্লিমেন্স নামে এটা ষ্টেচনত ৰৈ আছিল। এনেতে হঠাৎ তেওঁৰ চকুত পৰিল যে এটা সৰু লৰাই ৰে’ল আলিৰ মাজত একান্তমনে খেলি আছে- তাৰ ফালে খৰ গতিৰে আহি থকা ৰেলগাড়ীখন সি মনেই কৰা নাই। এডিচনে দৌৰি গৈ অতি তৎপৰতাৰে ল’ৰাটোক আসন্ন মৃত্যুৰ মুখৰ পৰা ৰক্ষা কৰিলে।

ঘটনাক্রমে ল’ৰাটো আছিল আকৌ ষ্টেচন মাষ্টৰৰ পুতেক। এডিছনৰ এই সাহসিকতাত ষ্টেচন মাষ্টৰজন অতি কৃতজ্ঞ হ’ল আৰু ইয়াৰ প্রতিদান স্বৰূপে এডিছনক বিনা পইচাই টেলিগ্রাফী শিকাবলৈ গাত ল’লে। চাৰিমাহৰ ভিতৰতে এডিচনে গােটেই টেলিগ্রাফ পদ্ধতি খৰচি মাৰি শিকি ল’লে আৰু ৰেলবিভাগৰে টেলিগ্রাফ অপাৰেটৰৰ কামত নিযুক্ত হ’ল।।

এডিছনৰ প্ৰথম বৈজ্ঞানিক আৱিষ্কাৰৰ সূত্রপাত হয় তেওঁ অপাৰেটৰ হৈ থকা কালছােৱাতেই। নিজৰ কর্তব্য যে অৱহেলা কৰা নাই, তাৰ প্রমাণ দিবৰ বাবে অপাৰেটৰবিলাকে ৰাতি সদায় এটা নির্দিষ্ট সময়ৰ মূৰে মূৰে বিভাগীয় অফিচলৈ একোটা সঙ্কেত পঠিয়াই থাকিব লাগিছিল। আন দহজনৰ দৰে এডিছনৰ যন্ত্ৰয়াে নিয়মিতভাৱে সঙ্কেত পঠিয়াই আছিল।

টমাচ আলভা এডিচন-thomas alva edison

কিন্তু এদিনাখন এটা গণ্ডগােল ঘটিল। কিবা কাৰণত এদিন ৰাতি কর্তৃপক্ষই তেওঁক মাতি পঠিয়ালে। এডিছনৰ ফালৰ পৰা কোনাে উত্তৰ নাহিল; অথচ আচৰিত কথা, তেওঁৰ পৰা সঙ্কেত হলে নিয়মীয়াকৈ আহি আছে! ঘটনাটোৰ উঁহ বিচাৰি গৈ ৰেল কর্তৃপক্ষই দেখে যে এডিছন টোপনিত লালকাল- সঙ্কেতবােৰ যাতে নিয়মীয়াকৈ আপােনা-আপুনি গৈ থাকে এডিচনে তাৰ ব্যৱস্থা কৰি লৈছে! এয়ে আছিল এডিছনৰ প্ৰথম আৱিষ্কাৰ। বিদ্যুৎ প্রবাহৰ দ্বাৰা এন্দুৰ মাৰিব পৰা যন্ত্র এটাও তেওঁ এই সময়তেই তৈয়াৰ কৰিছিল।

কিন্তু তেওঁৰ পৰীক্ষা-পাতিবােৰে তেওঁক কোনাে চাকৰিতে সৰহ দিন টিকি থাকিবলৈ নিদিছিল। এইবাৰো এদিন ৰাসায়নিক পৰীক্ষা এটাই মেনেজাৰৰ কার্পেটখন ফুটা কৰি পেলােৱাত তেওঁ কামৰ পৰা বিদায় লবলগীয়া হ’ল। ভাগ্য ভাল যে ইতিমধ্যে তেওঁ ব’ষ্টন চহৰৰ বেষ্টার্ন ইউনিয়ন টেলিগ্রাফ’ নামে কোম্পানি এটাত অপাৰেটৰ হিচাপে কাম এটা পায়।

ইয়াত থকা অৱস্থাত তেওঁ ‘ভােট ৰেকৰ্ডাৰ’ নামে যন্ত্র এটা সাজিছিল। ইয়াৰ দ্বাৰা নির্বাচনবিলাকত সহজে ভােট গণনা কৰিব পৰা গৈছিল। যন্ত্ৰটো চৰকাৰে ব্যৱহাৰ কৰিব বুলি আশা কৰি এডিচনে যন্ত্ৰটো পেটেন্ট কৰিলে আৰু ৱাছিংটন চহৰলৈ গৈ সেইটো চৰকাৰক দেখুৱালেগৈও; কিন্তু এডিছনৰ দুর্ভাগ্য, যন্ত্ৰটোৰ প্রতি কর্তৃপক্ষ বিশেষ আগ্রহান্বিত নহ’ল। এইদৰেই জীৱনৰ প্ৰথম পেটেন্ট যন্ত্ৰটো অনাদৃত হৈ পৰি থাকিল।

ব’ষ্টন চহৰ ভাল নলগাত এডিচনে এইবাৰ ভাগ্য অন্বেষণত নিউইয়র্ক চহৰলৈ গুচি যায়। তেতিয়া তেওঁৰ হাতত সম্বল আছিল মাত্র এটা ডলাৰ। সেইসময়ত নিউইয়র্কত ‘গ’ল্ড ইণ্ডিকেটৰ কোঃ’ নামে এটা কোম্পানি আছিল। কোম্পানিটোৰ কাম আছিল এটা নতুন টেলিগ্রাফ পদ্ধতিৰ সহায়েৰে সােণৰ দামৰ উঠা-নমা সম্বন্ধে ব্যৱসায়ীসকলক জনাই থকা। এডিচনে নিউইয়র্কত ৰাতি থকাৰ ব্যৱস্থা কৰিলে এই কোম্পানিটোৰ এটা এৰা-পৰলীয়া কোঠাত।

টমাচ আলভা এডিচন-thomas alva edison

টমাচ আলভা এডিচন-thomas alva edison

প্রথম দুটা দিন তেওঁ অত-ত’ত অনাই-বনাই ফুৰিলে। তৃতীয় দিনা তেওঁৰ জীৱনলৈ এটা সুবর্ণ ক্ষণ আহিল। সেইদিনা কোম্পানিটোৰ টেলিগ্রাফ পদ্ধতিত এটা বিজুতি ঘটিল। তাৰ কৰ্মচাৰীবােৰে কেইবা ঘণ্টা যুঁজিও ইয়াৰ কেৰোঁণ বিচাৰি উলিয়াব নােৱাৰিলে। এডিচনে গােটেই ঘটনাটো লক্ষ্য কৰি আছিল। মেনেজাৰৰ অনুমিত লৈ তেওঁ অতিশয় নিপুণতাৰে অলপ সময়ৰ ভিতৰতে গােটেই যন্ত্ৰটো সচল কৰি তুলিলে। এই কামত কোম্পানিটোৰ কর্মকর্তাসকল অতি মুগ্ধ হ’ল আৰু আগৰ মেনেজাৰজনক পঠিয়াই দি এডিছনক কোম্পানিটোৰ মেনেজাৰ নিযুক্ত কৰিলে।

টমাচ আলভা এডিচন-thomas alva edison

তেওঁৰ দৰমহা হ’ল মাহে তিনিশ ডলাৰ। এইদৰে মাত্ৰ এটা ডলাৰ লৈ আহি তেওঁ নিজৰ প্রতিভা আৰু ভাগ্যৰ বলত তিনিদিনৰ ভিতৰতে মাহে তিনিশ ডলাৰকৈ উপার্জন কৰিবলৈ সক্ষম হ’ল। গ’ল্ড ইণ্ডিকেটৰ কোম্পানিৰ মেনেজাৰ হৈ থকা সময়তেই ‘ইউনিভার্চেল প্রিন্টাৰ’ নামে বাতৰি সৰবৰাহ কৰিব পৰা এটা উন্নত যন্ত্র তেওঁ সাজি উলিয়ালে। যন্ত্ৰটোৰ অনেক সুবিধা দেখি ইণ্ডিকেটৰ কোম্পানিয়ে তেওঁৰ যন্ত্ৰটোৰ স্বত্ব কিনি ল’বলৈ আগ্রহ প্রকাশ কৰিলে। এডিচনে ভাবিছিল যে যন্ত্ৰটোৰ দাম হিচাপে তেওঁক হয়তাে কোম্পানিয়ে কেইশমান ডলাৰ দিব। কিন্তু এডিছনক আচৰিত কৰি তেওঁক দিয়া হ’ল চল্লিশ হেজাৰ ডলাৰ! পিছৰ জীৱনত এডিচনে কৈছিল যে ধনৰ পৰিমাণ শুনি তেওঁ হেনাে মূৰ্ছা যােৱাৰ দৰে হৈছিল।

১৮৭০ চনত এডিচনে নিউ জার্চি প্ৰদেশৰ নিউৱার্ক নামে এখন চহৰত এটা গৱেষণাগাৰ আৰু কাৰখানা খােলে। তেওঁৰ অক্লান্ত চেষ্টাৰ ফলত কাৰখানাটোৱে দোপতদোপে উন্নতি কৰিবলৈ ধৰিলে। দুবছৰমানৰ ভিতৰতে তেওঁৰ কৰ্মচাৰীৰ সংখ্যা কুৰিজনৰ পৰা ডেৰশ জন হ’লগৈ। তেওঁৰ কৰ্মচাৰীবিলাকৰ সৰহ ভাগেই আছিল ডেকা আৰু উৎসাহী। তেওঁলােকৰ সহায় আৰু নিজৰ প্ৰতিভাৰ বলত তেওঁ এটাৰ পিছত এটাকৈ আৱিষ্কাৰ কৰি যাব ধৰিলে।

একেডাল তাঁৰৰ মাজেদি দুটা আৰু ততােধিক খবৰ পঠিওৱা পদ্ধতি (duplex and quaduplex telegraphy) উদ্ভাৱন কৰিলে। ইয়াৰ ফলত বাতৰি পৰিবহণৰ কাম আগতকৈ বহুতাে সহজ হৈ পৰিল। টাইপৰাইটাৰ যন্ত্ৰৰাে তেওঁ যথেষ্ট উন্নতি সাধন কৰিলে। তাঁৰৰ মাজেদি বার্তা পঠোৱা কামত লাগি থাকোঁতে এটা নতুন বৈদ্যুতিক পৰিঘটনাও তেওঁ আৱিষ্কাৰ কৰে। তেওঁ এই ঘটনাৰ নাম দিছিল ইথাৰিকফ’র্চ’ (Etheric force) কিন্তু আজিকালি ই ‘এডিছন প্রতিক্রিয়া’ (Edison effect) নামেহে জনাজাত। এই প্রতিক্রিয়াৰ ওপৰত ভিত্তি কৰিয়েই পিছলৈ এম্ব্র’চ ফ্লেমিং নামে এজন বিজ্ঞানীয়ে ‘থার্মিয়নিক ভাল্ভ (thermionic valve) সৃষ্টি কৰে আৰু ক’বলৈ গ’লে ইয়েই ৰেডিঅ’ৰ সূত্রপাত।

টমাচ আলভা এডিচন-thomas alva edison

১৮৭৬ চনত এডিচনে তেওঁৰ কাৰখানা নিউৱাৰ্কৰ পৰা ‘মেনলাে পার্ক’ নামে এটুকুৰা ঠাইলৈ লৈ যায়। ইয়াতে বে’লৰ টেলিফোন যন্ত্রই তেওঁৰ মন আকর্ষণ কৰে। তেতিয়ালৈকে টেলিফোন যন্ত্র সাধাৰণ মানুহৰ ব্যৱহাৰৰপযােগী হৈ উঠা নাছিল। তেওঁ ইয়াৰ উন্নতিৰ নানা কৌশল উলিয়ায়। লাউড-স্পীকাৰ যন্ত্রতাে তেওঁ হাত দিছিল। ১৮৭৭ চনত তেওঁ এটা অতি আকর্ষণীয় যন্ত্র উদ্ভাৱন কৰে। সেয়া হ’ল মানুহৰ মাত ধৰি ৰাখিব পৰা যন্ত্র। এডিচনে যন্ত্ৰটো সাজি প্রথমে নিজৰ মাতটোকে ধৰি ৰাখিবলৈ যত্ন কৰিলে। তেওঁ যন্ত্ৰটোৰ আগত ‘মেৰী হেড এ লিটল লেম্ব’ নামে এটা ইংৰাজী লােকগীত গাই গ’ল। আচৰিত কথা, কিছুসময়ৰ পিছত যন্ত্ৰটো চলাই দিয়াত যন্ত্ৰটোৱেও গাবলৈ ধৰিলে- ‘মেৰী হেড এ লিটল লেম্ব’!

আজিকালিৰ গ্রামােফোন আৰু টেপ-ৰেকৰ্ডাৰ যন্ত্ৰৰ ইয়েই আৰম্ভণি। এই যন্ত্রই সাধাৰণ মানুহৰ মাজত ভীষণ চাঞ্চল্য সৃষ্টি কৰিছিল। যন্ত্ৰটো চাবলৈ মেনলাে পার্ক দর্শকেৰে ভৰি পৰিছিল। মানুহবােৰে যন্ত্ৰটোৰ নাম দিছিল কথা কোৱা যন্ত্র’- এডিচনে ইয়াৰ নাম থৈছিল ‘ফ’ন’গ্রাফ’। কিন্তু পিছলৈ ই ‘এডিফোন’ বা ‘ডিক্টফোন’ নামেহে জনাজাত হৈ পৰিল।

মেনলােপার্কত এডিছনৰ আন এটা উল্লেখযােগ্য আৱিষ্কাৰ হ’ল বিজুলী চাকি। এই আৱিষ্কাৰৰ এক চমু ইতিহাস আছে। ১৮৭৮ চনত ইয়মিং নামে এটুকুৰা ঠাইত এটা সূর্যগ্রহণ হােৱাৰ কথা আছিল। এই গ্রহণ চাবলৈ বাৰ্কাৰ নামে পেনচিলভানিয়া বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকে এডিছনক লগ ধৰিলে। এডিছন যাবলৈ সন্মত হ’ল।

টমাচ আলভা এডিচন-thomas alva edison

ডেৰকুৰি বছৰীয়া জীৱনকালত এডিচনে এবাৰেই প্রথম ছুটি উপভােগ কৰিবলৈ বাহিৰ ওলাল। অৱশ্যে তেওঁ একেবাৰে শুদাহাতে যােৱা নাছিল। টাছিমিটাৰ’ (tasimeter) নামে তেওঁ নিজে সজা এটা বৈদুতিক তাপমান যন্ত্রও তেওঁ সূর্যগ্ৰহণৰ সময়ত পৰীক্ষা কৰি চাবলৈ লৈ গৈছিল। সেই সময়ত উইলিয়াম ৱালাচ নামে এজন মার্কিন লােকে এটা আর্ক লেম্প তৈয়াৰ কৰিছিল। ভ্ৰমণৰ শেষত তেওঁলােকে সেই আর্ক লেম্পটো চাবলৈ গ’ল।

এই আর্ক লেম্প পৰিদর্শন এডিছনৰ বাবে এটা অতি গুৰুত্বপূর্ণ ঘটনা আছিল, কিয়নাে ইয়াৰ পৰাই বিজুলী চাকি তৈয়াৰ কৰাৰ চিন্তা তেওঁৰ মনত সােমাল। কিন্তু, এই কাম তেনেই সহজ নাছিল। ইয়াৰ বাবে এডিছন আৰু তেওঁৰ কৰ্মচাৰী সকলে প্রায় এবছৰ ধৰি খােৱা-বােৱা প্রায় বাদ দিছিল বুলিব পাৰি। ধনো খৰচ হৈছিল প্ৰচুৰ। অৱশেষত বহুতাে চেষ্টাৰ মূৰত ১৮৮৯ চনৰ অক্টোবৰ মাহত বিশ্বৰ প্ৰথম বিজুলী চাকিটো মেনলাে পার্কৰ ভিতৰত জ্বলিবলৈ আৰম্ভ কৰিলে। এইদৰে বিদ্যুতৰ এক নতুন যুগৰ সূচনা হ’ল। ঘৰ-বাহিৰ সকলােতে ঢিমিক-ঢামাককৈ জ্বলা গেছলেম্পৰ ঠাইত এতিয়াৰ পৰা অধিকাৰ কৰিলে উজ্জ্বল পােহৰৰ বিজুলী চাকিয়ে।

বিজুলী চাকিৰ পিছতাে এডিচনে আৰু অসংখ্য সৰু-সুৰা যন্ত্ৰৰ উদ্ভাৱন কৰিছিল। তেওঁক চিনেমাৰ উদ্ভাৱক বুলি ক’লে ভুল হ’ব, কিন্তু আজিকালিৰ বৃহৎ চিনেমা উদ্যোগবিলাকৰ মূলতে আছিল তেৱেঁই। ১৯১২ চনত তেওঁ “কিনেট’স্কোপ’ নামে এবিধ যন্ত্র সাজি উলিয়ায়। যন্ত্ৰটোত দুটা সৰু ফুটা আছিল। ফুটা দুটাৰে যন্ত্ৰটোৰ ভিতৰলৈ জুমি চালে নানা তৰহৰ ফটো এখনৰ পিছত এখনকৈ ওলাই থকা দেখা গৈছিল; লগে লগে শুনিবলৈ পােৱা গৈছিল ফ’ন’গ্রাফ যন্ত্রৰপৰা সঙ্গীতৰ সুমধুৰ শব্দ। এয়েই আছিল পৃথিৱীৰ প্ৰথম চিনেমা। ছবিবিলাক তুলিবৰ বাবে এডিচনে ৱেষ্ট অৰেঞ্জ নামৰ ঠাইত এটা গৱেষণাগাৰ পাতি লৈছিল। এই গৱেষণাগাৰকেই পৃথিৱীৰ প্ৰথম ষ্টুডিঅ’ বুলিও ক’ব পাৰি।

টমাচ আলভা এডিচন-thomas alva edison

নিঃসন্দেহে এডিছন পৃথিৱীৰ সকলাে যুগৰে শ্ৰেষ্ঠ আৱিষ্কাৰকলৰ এজন৷ তেওঁ আঢ়ৈ হেজাৰতকৈয়াে অধিক পেটেন্ট যন্ত্রৰ অধিকাৰী। মানুহে তেওঁক ‘মেনলাে পার্কৰ যাদুকৰ’ আখ্যা দিছিল। তেওঁলােকে কৈছিল যে সমাজত যিবিলাক ঘটনা অবাস্তৱ আৰু সপােনৰ নিচিনা, মেনলাে পার্কৰ ভিতৰত সেইবিলাক একোটাহঁত সাধাৰণ ঘটনা মাথােন। কথাষাৰ মিছা নাছিল। তেওঁৰ প্রকৃতি-প্রদত্ত উদ্ভাৱিকা শক্তি আছিল সঁচা, কিন্তু সেই শক্তিক কামত খটুৱাবলৈ তেওঁ পৰিশ্ৰমাে কম কৰা নাছিল। তেওঁ দিনে কুৰি ঘণ্টাকৈয়াে কাম কৰাৰ দৃষ্টান্ত আছে। তেওঁ এবাৰ প্ৰতিভাৰ সংজ্ঞা এইবুলি দিছিল, ‘শতকৰা এভাগ অনুপ্ৰেৰণা আৰু শতকৰা নিৰানব্বৈ ভাগ পৰিশ্রম’। তেওঁ ধন উপার্জন কৰিছিল প্ৰচুৰ আৰু খৰচো কৰিছিল প্রচুৰ।

এডিচনে দুবাৰ বিয়া কৰাইছিল। তেওঁৰ প্ৰথম বিয়া হয় চৌব্বিশ বছৰ বয়সত মােৰ ষ্টিলৱেলৰ লগত। ১৮৮৪ চনত এই গৰাকী পত্নীৰ মৃত্যু হয়। ইয়াত দুবছৰৰ পিছত তেওঁ পুনৰ মিনা মিলাৰক বিয়া কৰায়। তেওঁৰ সৰ্বমুঠ ছটা ল’ৰা-ছােৱালী আছিল।

১৯৩১ চনৰ ওঠৰ অক্টোবৰ মাহত চৌৰাশী বছৰ বয়সত এডিছনৰ মৃত্যু হয়। সকলাে ধৰণৰ আৱিষ্কাৰতে হাত দিয়া এডিচনেই পৃথিৱীৰ সর্বশেষ আৱিষ্কাৰক৷ তেওঁৰ মৃত্যুৰ লগে লগে ‘বিশ্বজনীন আৱিষ্কাৰকৰ যুগৰ অন্ত পৰে আৰু বিশেষজ্ঞ’ৰ যুগ আৰম্ভ হয়।

(আশা কৰোঁ আপুনি “টমাচ আলভা এডিচন-thomas alva edison” লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “টমাচ আলভা এডিচন-thomas alva edison” লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top