টেলিভিছন আৰু বিজ্ঞাপন

ভূমিকা:
বিজ্ঞানৰ জয়যাত্ৰাৰ লগে লগে ক্ৰমাৎ উন্মোচিত হ’বলৈ ধৰিছে প্রকৃতিৰ অফুৰন্ত ৰহস্য। এটা সময়ত যি প্ৰকৃতিয়ে মানুহৰ ওচৰত অসীম ৰহস্যৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল, আজি তাক ভেদ কৰিবলৈ সক্ষম হৈছে বিজ্ঞান। মানৱ সভ্যতাক বিজ্ঞানেই আগুৱাই লৈ গৈ আছে। অৱশ্যে বিজ্ঞানৰ ধ্বংসাত্মক দিশবোৰক উলাই কৰিব নোৱাৰি। বিজ্ঞানৰ প্ৰভাৱত উন্নতি হলেও সৃষ্টি হৈছে ভয়াবহ প্ৰদুষণ, ধ্বংসৰ মুখলৈ আগবাঢ়িছে সংস্কৃতি, কৃষ্টি। টেলিভিছনৰ বিজ্ঞাপনে আমাৰ যুগ যুগ ধৰি চলি অহা পৰস্পৰা, বিশ্বাস, সংস্কৃতিত আঘাত হানিছে।

জন-জীৱনত বিজ্ঞাপনৰ ভূমিকা:
টেলিভিছন বিনোদনৰ জনপ্রিয় মাধ্যম হলেও এই যুগত টেলিভিছনৰ মাধ্যমত বিজ্ঞাপন এক বিৰাট অৱদান। বৰ্তমানৰ যুগ বিজ্ঞাপনৰ যুগ। বিজ্ঞাপনৰ সহায়তেই বৃহৎ উদ্যোগপতিবোৰে বিশ্বজুৰি চলাই আছে ব্যৱসায়। তাৰবাবেই সাধাৰণ লোকক বিজ্ঞাপনযোগে অকৰ্ষণ কৰাৰ বাবে চেষ্টাৰ ক্ৰুটি কৰা নাই। গাড়ী, মটৰ চাইকেল, চাইকেল, ৱাছিং মেচিন, ফ্রিজ, প্রসাধনজাত সামগ্রী, খোৱা সামগ্রী, শীতল পানীয় আদিৰ আলেখ বিজ্ঞাপনৰে ভৰি থাকে আজিৰ টেলিভিছনৰ বিবিধ কার্যসূচী। টেলিভিছনত কম্পিউটাৰ আৰু ইলেকট্রনিক শিল্পৰ কাৰুকাৰ্যই বিজ্ঞাপনক আকর্ষণীয় কৰি তুলিছে। বিজ্ঞাপনৰ ভাষাৰ চাতুর্য আৰু আধুনিকতাই আমাক আকৰ্ষণ কৰে।

চৰকাৰী ভূমিকা:
ব্যৱসায়িক স্বার্থ ৰক্ষাৰ বাবে আমাৰ দেশত টেলিভিছনক যাৰ যেনেকুৱা ইচ্ছা তেনেকৈ ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে। সামাজিক অৱক্ষয় সত্ত্বেও এইক্ষেত্ৰত চৰকাৰী হস্তক্ষেপ কম। তাৰবাবেই অপসংস্কৃতিৰ দিশে গতি কৰিছে সমাজ। ব্যৱসায়ীসকলৰ বাবে মুনাফাই মূল কথা, য’ত সমাজ-সংস্কৃতিৰ কোনো স্থান নাই। ভাৰতৰ টেলিভিছন জগতত বাণিজ্য সংস্থাৰ কর্তৃত্ব ক্ৰমাৎ বৃদ্ধি পাইছে।

ব্যৱসায়ীৰ চক্ৰান্ত:
বিজ্ঞাপনৰ যোগেদি ধন অর্জনৰ স্বাৰ্থত টেলিভিছনৰ বিভিন্ন চেনেলৰ মাজত অহৰহ প্রতিযোগিতা চলিছে। নিজৰ চেনেলৰ জনপ্রিয়তা বঢ়াবলৈ এনে কাৰ্যসূচীও প্রচাৰ কৰি থকা হৈছে যিবোৰ সমাজ আৰু সংস্কৃতিৰ বাবে ক্ষতিকাৰক। শিশু, যুৱচামৰ ওপৰত ইয়াৰ কু-প্ৰভাৱ স্পষ্টকৈ পৰিবলৈ ধৰিছে।

বিজ্ঞাপনত নগ্নতা:
বিজ্ঞাপন আকর্ষণীয় কৰিবলৈ অতি কৌশলেৰে নগ্নতাৰ আশ্রয় গ্রহণ কৰিবলৈ কুণ্ঠাবোধ নকৰা পৰিস্থিতি উদ্ভৱ হৈছে। বহুক্ষেত্ৰত কোনো প্রয়োজন নথকা সত্ত্বেও স্বল্পবস্ত্ৰা নাৰীক বিজ্ঞাপনত ব্যৱহাৰ কৰা হৈছে। বিজ্ঞাপনবোৰ এনে হৈ পৰিছে যে পৰিয়ালৰ সকলো লোক একেলগে বহি থাকিলে অস্বস্তিকৰ অৱস্থাৰ সন্মুখীন হ’বলগীয়া হয়।

সামৰণি:
টেলিভিছনৰ বিজ্ঞাপনৰ পিছত সাম্রাজ্যবাদী আৰু পুজিবাদী চক্ৰৰ ভূমিকা আছে। প্রত্যেক দেশৰ যুৱসমাজক বিভ্রান্ত কৰি তেওঁলোকে শোষণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কোনো প্রতিৰোধ যাতে গঢ়ি নুঠে তাৰ প্ৰচেষ্টা চলিছে। অলেখ ক্ৰুটি থকা সত্ত্বেও বিজ্ঞাপন অবিহনে টেলিভিছন জগত কল্পনা কৰিব নোৱাৰি। তাৰ বাবেই বিজ্ঞাপনসমূহ যাতে ভাৰতীয় সংস্কৃতি আৰু বিশ্বাসৰ বাধা নহয় তাৰ প্ৰতি চকু দিব লাগিব। বিজ্ঞাপনত নাৰীক পণ্য হিচাপে ব্যৱহাৰৰ পৰম্পৰাক সকলোৱে বাধা দিব লাগিব। এই ক্ষেত্ৰত নাৰী সমাজ আৰু যুৱসমাজৰ ভূমিকাও গুৰুত্বপূৰ্ণ হব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top