তামােলৰ উৎপত্তি (আর্কো‌ং পিৰথে ৱাংৱ)

অতীজতে মিকিৰ জাতিয়ে বিশ্বাস কৰিছিল যে আগেয়ে পৃথিৱীত তামােলৰ গছ নাছিল। মিকিৰ জাতিৰ বিশ্বাস মতে ইয়াৰ বিষয়ে এটি ধুনীয়া সাধুও আছে। পূৰ্বপুৰুষসকলৰ ভাৱধাৰা মতে ই এটা প্রকৃত সঁচা ঘটনা যেন অনুমান হয়। 

পূৰ্বতে সৰগৰ ইন্দ্ৰপুৰীৰ বাহিৰে আন কোনাে ঠাইতে তামােৰ সৃষ্টি হােৱা নাছিল। আর্কোং বা তামােল অকল দেৱতাসকলেহে ভােগ কৰিবলৈ পাইছিল। পৃথিৱীত মানুহে তামােল কি বস্তু, কেনেকুৱা আৰু ক’ত আছে তাৰ বিষয়ে একো নেজানিছিল। ইয়াৰ পূৰ্বে পৃথিৱীত মানুহে ধূনাছালী নামে লতাৰ বাকলিকেই চোবাইছিল। তথাপি তেওঁলােকে তামােলৰ বিষয়ে একো ভু পােৱা নাছিল। ইপিনে স্বৰ্গৰাজ্যত দেৱতাসকলৰ সকলােৱে তামােল খাই ওঠ-মুখ ৰঙা কৰি তামােল সােৱাদ লৈছিল। সেই সৰগত কোনােবা প্রৱেশ কৰিলেও একো বস্তু তাৰপৰা আনিব নােৱাৰিছিল। তাতেই অতিথি স্বৰূপে সকলাে বস্তুৰ সােৱাদ লব পাৰে, কিন্তু একোকে তাৰপৰা আনিব নােৱাৰে। গতিকে স্বৰ্গ ৰাজ্যৰপৰা তামােল নেলাগে আন কি আন কিবা কুটা এডালাে আন ঠাইলৈ স্থানান্তৰিত নহৈছিল। 

পুণ্য আত্মা হ’লে আৰু পূর্ণবয়স্ক হ’লে সেই সময়ত স্বৰ্গৰপৰা মানুহে ঘূৰি আহিব পাৰে বুলি মানুহৰ বিশ্বাস আছিল আৰু ইয়াক মানিও লৈছিল। এই বিশ্বাসৰ বাবে মানুহে বহুতাে পূজা-পাতল কৰিছিল। তেওঁলােকে বিশ্বাস কৰিছিল যে তাত অর্থাৎ ইন্দ্ৰপুৰীত দেৱতাসকলৰ নাচ গান উপভােগ কৰি পুনৰ পৃথিৱীলৈ ঘূৰি আহিব পাৰে। 

এসময়ত এজন বয়ােবৃদ্ধ লােক স্বৰ্গৰাজ্যলৈ যাবৰ উপযুক্ত বয়স হ’ল। দেৱৰাজ ইন্দ্ৰৰ দৰ্শনৰ আশাত এদিন তেওঁৰ ইন্দ্রপুৰীলৈ যােৱাৰ কথা স্থিৰ কৰা হ’ল। সময় হ’ল। ইন্দ্ৰপুৰীলৈ যাত্রা কৰিলে। তাত গৈ দেখে যে দেৱৰাজ ইন্দ্ৰই হংসৰ পাখিৰ নিচিনা কোমল ৰাজ-সিংহাসনত বহি নানা নাচ-গান চাই বিভােৰ হৈ আছে। দুই কাষত দুগৰাকী গাভৰু। তেওঁলােকেই দেৱৰাজ ইন্দ্ৰৰ পৰিচৰ্য্যা কৰিছে। সন্মুখত তামােল-পাণৰ (আর্কেং-বিঠি) ধুনীয়া শৰাই এখন। ইন্দ্র আনন্দতে মতলীয়া। কোনাে এজনকে একো কোৱা নাই। কেতিয়াবা কেতিয়াবা এনেকৈ থাকোতে অনেক নিয়ম ব্যতিক্রম ঘটে। এসময়ত এইদৰে টং হৈ থাকোতে তেওঁৰ গুৰুকো সন্মান জনাবলৈ পাহৰি গৈছিল। কাণ্ড দেখি গুৰুৱে ইন্দ্ৰৰ ওপৰত খং কৰি তাৰপৰা গুচি আহিছিল আৰু ভৱিষ্যতে কোনাে হিত উপদেশ নিদিবলৈ থিৰ কৰিছিল। 

সিদিনা আমাৰ পকামূৰীয়া বুঢ়া ইন্দ্রপুৰী পালেগৈ। ইন্দ্রই বুঢ়াজনক দেখি স-সন্মানেৰে তেওঁৰ নিজ কাৰেঙৰ ভিতৰলৈ আদৰি আনিলে। পাচত থাকিবলৈ আৰু খাবলৈ সুবিধা কৰি দিলে। ইন্দ্ৰ স্বভাৱতে কোমল মনৰ আছিল আৰু সেয়েহে তেওঁ মানুহকো সন্মান কৰিছিল। বুঢ়াই গৈ দেখে যে দেৱৰাজ ইন্দ্ৰৰ ৰাজ-কাৰেঙৰ পিচ ফালে কিবা দীঘল দীঘল গছ-ভৰা বাৰী এখন, লগতে অনেক খেতি-বাতি। এইবােৰ দেখি বুঢ়াই তবধ মানিলে। কিন্তু বুঢ়া হ’লে টেঙৰ আছিল। তেওঁ খােৱা-বােৱা শেষ কৰিলত দেৱৰাজৰ গাভৰু দুগৰাকীয়ে একেলগে ওলাই আহি তামােল-পাণৰ শৰাই আগবঢ়াই দি বুঢ়াক তামােল খাবলৈ ইংগিত দিলে। বুঢ়াই কিন্তু খাবলৈ ইচ্ছা নকৰিলে। কাৰণ সেই বস্তু বা আকৌ কি? তেওঁ আগেয়ে দেখাও নাই আৰু খায়াে পােৱা নাই। খােৱাৰপৰা বা কি হয় তাক আমাৰ পকামূৰীয়া বুঢ়াই টলকিব পৰা নাছিল। তেওঁ খাবলৈ ইচ্ছা নকৰাত গাভৰু দুজনীয়ে খিল-খিলকৈ হাঁহিবলৈ ধৰিলে। হাঁহিৰ ৰােল শুনি দেৱৰাজ ইন্দ্র নিজে বুঢ়াৰ কোঠালৈ সােমাই আহিল। হাঁহি বন্ধ হ’ল। ইন্দ্ৰই সুধিলে—হাঁহিৰ কাৰণ কি? তেতিয়া গাভৰুজনীয়ে কলে, ‘মহাৰাজ, এই বুঢ়াজনে তামােল খাবলৈ ইচ্ছা কৰা নাই। জানােচা কিবা অঘটন ঘটে, এই বুলি। ইন্দ্রই তেতিয়া হাঁহি মাৰি কলে, আপুনি এই বিষয়ে অকণাে ভয় নকৰিব। আহাৰ কৰাৰ পাচত মুখশুদ্ধিৰ বাবে ইয়াক খাব লাগে। আমিও আহাৰৰ পাছত ইয়াকেই খাওঁ। খাওক কোনাে ভয় নাই। 

বুঢ়াই কিন্তু তামােল কিবা গছৰ বিহুগুটি বুলি খাব খােজা নাছিল। তথাপি দেৱৰাজ ইন্দ্ৰৰ কথা মতে বুঢ়াই খাওঁ নেখাওঁ মনেৰে শৰাইৰপৰা এখন তামােল হাতত তুলি লৈ মুখত দিলে। তেতিয়াহে বুঢ়াই বুজিলে যে বস্তুটো খাবলৈ বৰ সােৱাদ। সেই বস্তুটো পৃথিৱীত নাই। বস্তুটো পৃথিৱীত খােৱা লতাৰ বাকলিৰ দৰেই লাগে, কিন্তু একে নহয়। ই বৰ সােৱাদ। ইয়াক আমাৰ পৃথিৱীলৈকো নিব লাগিব। বুঢ়াই মনতে ভাবে। 

ইয়াকে ভাবি পিচ দিনা বুঢ়াই ইন্দ্ৰৰ ৰাজধানী এৰিবলৈকে মন কৰিলে। ৰাতিও কিছু হ’ল। বুঢ়া বিছনাত পৰিল। কিন্তু বুঢ়াৰ চকুত টোপনি নাই। ইমান কোমল ঢাৰি পাটী পায়ো বুঢ়াই ওৰে ৰাতি উজাগৰে কটাব লগীয়া হ’ল। তেওঁৰ ৰাতিটোৰ ওপৰত বৰ খং উঠিল। ৰাতিটো যেন নেযায় নপুৱায়। বুঢ়াই মাথো শুই শুই ভাবে আৰু ভাবে। কেনেকৈনো বস্তুটো পৃথিৱীলৈ আনে। কোনাে প্ৰকাৰেও তেওঁ এই বস্তুটো ইন্দ্ৰৰ ৰাজ্যৰ চাৰিসীমাৰ ভিতৰৰ পৰা বাহিৰ উলিয়াই লব নােৱাৰে। অতিথিয়ে বিদায় লােৱাৰ লগে লগে ইন্দ্ৰৰ কৰ্মচাৰীয়ে গােটেই মানুহটোকে উলংগ কৰি তালাচ কৰে। তাৰপৰা বস্তুটো আনিবলৈ কোনাে উপায় নাই। ভাবি ভাবি বুঢ়া বিমােৰত পৰে। কলেও তাে আনিবলৈ নিদিয়ে। গতিকে বস্তুটো কিহতকৈ আনিব তাকে ভাবিলে। আনিব যে লাগিব, সেইটো ঠিক। 

গােটেই ৰাতিটো বুঢ়াই উজাগৰে কটাই মাথাে তামােল অনাৰ কথাকেই ভাবিলে। অৱশেষত তেওঁ এটা বুদ্ধি সাজি উলিয়ালে। সেইটো কোনােৱে ধৰিব নােৱাৰে, কাৰো সাধ্য নাই। তেওঁ পেটত ভৰাই আনিব। কাৰণ ইন্দ্রপুৰীত গলে খাবলৈহে দিয়ে, আনিবলৈ নিদিয়ে। বুঢ়াই মনে মনে ভাবিলে, ‘ভালেই হ’ল বুদ্ধিটো। খাবলৈহে দিছে, লবলৈতো দিয়া নাই। তেওঁৰ উত্তৰ দিবলৈ যথেষ্ট যুক্তি আছে।’ এইদৰে ভাবি থাকোঁতে ৰাতিপুৱা চৰাই-ছিৰিকতিয়ে গছৰ ডালত বহি গান জুৰিলে। বুঢ়াৰ আৰু কোনাে মতে টোপনি নাহিল। যিহে লগ পাইছে, টোপনি আহে ক’ত? লাহে লাহে ঢাৰি পাটী এৰিলে। পােহৰো হ’ল। 

ৰাতিপুৱা বুঢ়াই ৰাতিয়ে সাজি থােৱা বুদ্ধিটোকে সাৰোগত কৰি লৈ ভাবি থাকিল। পুৱাতে বুঢ়াই খাই বৈ উঠিল। তামােল খােৱাৰ সময়ত বুঢ়াই তামােল খাই থাকোতে এটা গােটা তামােল গােটে গােটে পেটত ভৰাই ললে। এই কাণ্ড কোনােৱে ধৰা পেলাৱ নােৱাৰিলে। পিচত বুঢ়া ওলাল। তেওঁকো উলংগ কৰি পৰীক্ষা কৰি চালে। কিন্তু একো হ’লে নেপালে। লাহে লাহে বুঢ়াই সকলােকে নমস্কাৰ কৰি ইন্দ্ৰৰ ৰাজপ্রাসাদৰপৰা বাজ ওলাল। ইন্দ্ৰৰ আচাৰ-ব্যৱহাৰ, খােৱা-লােৱা, থকা-মেলা আদি দেখি বুঢ়াই বৰ ভাল পাইছিল কিন্তু বিদায় বেলিকা এনে অৱস্থাত পৰাতহে বুঢ়াৰ বেয়া লাগিল। যি হওক তেওঁৰ বুদ্ধিৰে জয় হ’ল। তেওঁ বস্তু আনিলেই। 

বুঢ়া ঘৰ পালেহি। ঘৰ আহি পােৱাত সকলােৱে সৰগৰপৰা ঘূৰি অহা মানুহ বুলি সন্মান কৰিলে। বুঢ়াৰ জীৱন সার্থক হ’ল। তেওঁ শৌচৰপৰা তামােলটো উদ্ধাৰ কৰিলে আৰু তাক আনি মাটিত ভালকৈ পচাই তাৰপৰা তামােল গছ গজালে। তেতিয়া তেওঁ নিজকে বৰ বুধিয়ক বুলি ভাবি ধইন ধইন মানিলে। বুঢ়াই পেটত ভৰাই অনাৰ কাৰণে তামােল পচিলে বৰ বেয়া গােন্ধ ওলায়। পিচত লাহে লাহে পৃথিৱীৰ বুকুতাে তামােলৰ সৃষ্টি হ’ল আৰু লগতে বুঢ়াইয়ো পুনৰ আগৰ তেজ বল লাভ কৰি মিচিকিয়ালে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top