বিষয়—অসমত স্ত্ৰী-শিক্ষা
অসম দেশত সময়ে সময়ে অনেক সভাসমিতি হয়, কিন্তু তাত ডাঙ্গৰ ডাঙ্গৰ ৰাজনৈতিক কথাৰ আলোচনা কৰে৷ আমি হোজা মানুহ সেইবিলাক কথাৰ বৰকৈ তত্ত্ব নাপাওঁঁ, সেই দেখি সেই বিলাক সভাতো ৰস নাপাওঁঁ৷ কেন্দ্ৰসভা প্ৰথমে পাতোতে আমি ভাবিছিলোঁঁ যে তাতো তেনেকুৱা কথাৰেহে আলোচনা হব৷ কিন্তু যোৱা বাৰৰ অধিবেশন দেখি আমাৰ মনৰ পৰা সেই ভ্ৰম দূৰ হৈছে৷ ইয়াত তেনেকুৱা বুজিব নোৱাৰা কথা নোলায়, আমাৰ ঘৰুৱা কথাৰেই আলোচনা হয়৷ ৷ কেন্দ্ৰ সভাৰ সভ্য সকল বয়সত প্ৰাচীন হলেও, স্বভাৱত ডেকাৰ নিচিনা৷ তেওঁ-লোকে অসমীয়া বুঢ়াৰ নিচিনা আগৰ সকলোকে ভাল বোলা মানুহ নহয়, আৰু তেওঁলোকে ঘৰৰ বেয়া উলিয়াবলৈকো বেয়া নাপায়৷ তেওঁলোকে যি বিলাক কথাৰ আলোচনা কৰে সেই বিলাক আমাৰ সমাজৰ মলি, সেই মলি ধুই সমাজ নিকা নকৰিলে আমি সদায় মলিয়ন হৈ থাকিম, তাৰ কোনো ভুল নাই৷ এই বাৰৰ বিষয় স্ত্ৰী-শিক্ষা৷ ই অতি পুৰণি, হাজাৰ বাৰ ৰটা খচা কৰা কথা৷ তেওঁঁ সিবাৰৰ উদাহৰণলৈ চাই ইয়াতো কিবা ৰসাল কথা ওলাব বুলি আশা কৰি আমি সভাচাবলৈ গৈছিলোঁ৷ সভাৰ সভ্য সকল গোট খালত সভাপতি ডাঙ্গৰীয়াই সভা লগাই
দি কলে: —“সিদিনা ৰাজখোৱা ডাঙ্গৰীয়াই আজিৰ সভাত স্ত্ৰী-শিক্ষা সম্বন্ধে বক্তৃতা কৰিবলৈ গাত লৈছিল, আজি সেই বক্তৃতাটি দি কেন্দ্ৰসভাৰ সভ্যমণ্ডলীৰ তৃপ্তিসাধন কৰক৷ ”
ৰাজখোৱা ডাঙ্গৰীয়া ডাঙ্গৰ ঘৰৰ মানুহ হলেও তেখেতৰ বৰ্ত্তমান অৱস্থা ভাল নহয়৷ ৷ আগেয়ে তেখেতৰ অৱস্থা ৰৰৈয়া৷ আছিল, কিন্তু দৈবৰ ফেৰত আগৰ যি আছিল সকলোগল৷ তেখেত আনক চাটু নকৰা মানুহ, সেই দেখি চৰকাৰৰ চাকৰীও কৰিব নোৱাৰিলে৷ ৷ এবাৰ আঢ়ৈকুৰি ৰূপৰ এটা মোট পাইছিল, পিচে এদিন চাহাবক কিবা কাকত দেখুৱাবলৈ যাওঁতে, চাহাবে হুনু কিবা টান কথা কলে৷ সেই দেখি তেখেতে চাহাবৰ লগত দন্দ কৰি সেই দিনাই চাকৰী ইস্তফা দি আহিল৷ সেই অৱধি তেখেতে নিজৰ হাতে কোচে যি আছিল তাকে চলাই পেটে-ভাতে খাই আছে৷ ৰাজখোৱা কিন্তু লিখা পঢ়াত চোকা, আৰু তেখেত সকলো বিষয়ত লায়ক বুলি নাম আছিল৷ গভৰ্ণমেণ্টলৈ কোনো মিনতিপত্ৰ পঠাব লগীয়া হলে, মানুহে তেখেতৰ হতুৱাই লিখাইছিল৷ ৰাজখুৱাই দেশৰ অৱস্থাৰ ফালেও সদায় চকু ৰাখিছিল৷ সভাপতি অনুৰোধ কৰি বহিলত ৰাজখোৱা ডাঙ্গৰীয়া থিয় হল, আৰু দুয়োখন হাত কঁকালত দি পোন হৈ বুকু ফিন্দাই কবলৈ ধৰিলে —“সমজুৱা ডাঙ্গৰীয়া সকল! শাস্ত্ৰত কয় যে তিৰোতা গৃহৰ লক্ষ্মী, স্ত্ৰী গৃহস্থালীৰ কেন্দ্ৰ৷ হয়, সজ কথা তিৰোতা ঘৰৰ লক্ষ্মীও হব পাৰে, কেন্দ্ৰও হব পাৰে, কিন্তু তিৰোতা যে ঘৰোৱাহৰ অধ্যাপক ( চাপৰি ) ইয়াত তিলমাত্ৰও সন্দেহ নাই৷ তিৰোতা যেতিয়া ঘৰৰ ঘৈণী হৈ উঠে, তেতিয়া তেওঁ গৃহস্থালী চক্ৰৰ ডিলামাৰিৰ স্বৰূপ, তেওঁক আশ্ৰয় কৰি সেই চক্ৰ ঘূৰে৷ তেওঁ ইচ্ছা কৰিলে তাক সোঁহাতে ঘূৰাব পাৰে, আৰু ইচ্ছা কৰিলে আও হাতেও ঘূৰাব পাৰে, ইচ্ছা কৰিলে গৃহস্থালী ৰৰৈয়া কৰিব পাৰে, আৰু ইচ্ছা কৰিলে তাক খাস্তাং কৰিবও পাৰে৷ তেওঁ ঘৰোৱাহৰ অধ্যাপক বুলি কোৱা হৈছে৷ কাৰণ, গৰাকীটিৰ বাজে পৰিয়ালৰ এটাই বিলাকেই তেওঁৰ শিকনি পায়; তেওঁৰ শিক্ষাৰ পৰা লৰা ছোৱালীৰ ভবিষ্যত জীৱনৰ গতি নিৰ্ধাৰিত হয়, আৰু বান্দী, বেটী, লগুৱা ভণ্ডাৰীৰো স্বভাৱ গঠিত হয়৷ তেওঁ ভবিষ্যৎ ঘৈণী বোৱাৰীৰ স্বভাৱ চৰিত্ৰৰো গঢ় লগায়৷ মুঠ কথা, ঘৈণী ভাল হলে, ঘৰৰ লৰা ছোৱালী, বান্দী বেটী সকলো ভাল হয়, আৰু ঘৈণী বেয়া হলে, বেয়া হয়৷ ঘৈণীয়েই ঘৰ, আৰু ঘৰেই শিক্ষাৰ থলি৷ গৰাকী এজন আলহীৰ নিচিনা তেওঁ দিনৰ চাৰি পৰ বাজত ফুৰে, আৰু ৰাতিৰ চাৰি পৰ শুই থাকে৷ এতেকে গৃহস্থালী গঢ়িবলৈ তেওঁৰ সময় নাই, সকলো কথাঘৈণীৰ হাতত৷
আমি আৰম্ভতে গৰাকীক ঘৈণীৰ পঢ়াশালীৰ পৰা বাদ দিছোঁ৷ কিন্তু সেই কথা উচিত হৈছেনে অনুচিত হৈছে, তাক থিৰাং কৰিব পৰা নাই৷ কিছুমান গৰাকীক অৱশ্যে ঘৈণীৰ ছাত্ৰ বুলিব নোৱাৰি৷ তেওঁলোক মইমত, কাৰো কথা নুশুনে, নিজ ইচ্ছা মতে চলে৷ কিন্তু কিছুমান গৰাকী ঘৈণীৰ অনুগত ছাত্ৰ, ঘৈণীৰ এচাৰিৰ ভয়ত সদায় কম্পমান তেওঁলোকৰ মনত ঘৈণীৰ বাক্য বেদৰ বাক্যতকৈও গৰিয়স, ঘৈণীৰ আজ্ঞা ৰজাৰ৷ আজ্ঞাতকৈও টান৷ ( চাপৰি ) তেওঁলোকে ঘৈণীৰ দণ্ডিত ভাইৰ ডিঙিতো কটাৰী দিব পাৰে, আৰু আই বোপাইকো ঘৰৰ পৰা উলিয়াই খেদিব পাৰে৷ আচল কথা, এইবিধ মানুহৰ ঘৈণীয়েই জীৱনৰ নায়ক, ঘৈণীয়ে নাকী জৰীত ধৰি যেনিয়ে নিয়ে তেনিয়ে যায়৷ সি যেইবা নহওক, ঘৈণী যে গৃহস্থালিৰ প্ৰধান নাযক ই ধুৰুব কথা৷ পিচে সেই বৈনী যদি মুৰ্খ হয় তেনেহলে ঘৰখনৰ গতি কি হব পাৰে, আৰু তাৰ লৰা ছোৱালী, বেটী বোৱাৰী, আৰু লগুৱা ভণ্ডাৰীৰ স্বভাৱ চৰিত্ৰ কেনে হব পাৰে, তাক আপোনালোকে ভাবি চাওক৷ আজিৰ বোবাৰী কালিৰ ঘৈণী, আৰু আজিৰ লৰা কালিৰ ডাঙ্গৰীয়া৷ ইহঁতেই গৈ ভবিষ্যত সমাজৰ প্ৰধান নায়ক নায়িকা হব৷ এই নিমিত্তে জ্ঞানীলোকে কয় যে, যি দেশৰ স্ত্ৰীজাতিৰ শিক্ষা নাই, সেই দেশে পৃথিৱীত উন্নতি কৰিব নোৱাৰে৷ ( চাপৰি ) এই কথা আষাৰ অসাৰুবা বুলি ভাবা উচিত নহয়৷ ৷ পৃথিবীৰ দৃষ্টান্তলৈ চালেই ইয়াৰ প্ৰতুল প্ৰমাণ পোৱা যায়৷ পৃথিবীৰ উন্নত দেশ বোৰলৈ এবাৰ ডিঙ্গি মেলি চাওক চোন৷ তাৰ তিৰোতা বিলাক যেনে দেখে, আমাৰ বিলাকো তেনে দেখেনে, কিবা প্ৰভেদ দেখে? সেই বিলাক তিৰোতাই যেনেকৈ দিন কটায়, আমাৰ বিলাকেও তেনেকৈ কটায়নে? অসমীয়া এজন ডাঙ্গৰ মানুহৰ মাৰলত চাৰি দাঁঁড় মন বেলি বহিলেই আমাৰ তিৰোতা বিলাক কি দৰৰ মানুহ তাৰ সম্ভেদ পোৱা যায়৷ দুপৰীয়া ডাঙ্গৰীয়া ওলাই গলনে, বৰুৱাণী, ফুকননী, ৰাজখোৱানী, মজিন্দাৰণী, ভূঞানী, বৰাণী, আদি কৰি চুবুৰিত যিমান নী আছে এটাই বিলাক গোট খায়৷ তদুপৰি মঙ্গলতী বাই, ভকতনী বাই, নামতী বাই ’ আদি বাই বিলাকো ২ গোট খাই এখন বিৰাট সভা পাতে৷ (সজ সজ শব্দ ) তাত সজকামৰ ভিতৰ ত তামোল খোৱা আৰু ঘৰত পিক পেলোৱা, সজ মেলৰ ভিতৰত ল’ৰা ছোৱালীৰ মঙ্গলামঙ্গলৰ বাতৰি লোৱা৷ ইয়াৰ ওপৰঞ্চিও সজ মেল আছে৷ কোনে কিহেৰে ভাত খালে, কি আঞ্জা ৰান্ধিছিল, আঞ্জা কেনে হৈছিল, ডাঙ্গৰীয়াই আঞ্জা কেনে বুলিলে, এই বিলাক কথাও তাত ওলায়৷ সজ মেল কিন্তু বহুত পৰ নাথাকে৷ ই কেৱল আচল মেলৰ পাতনি মাথোঁন৷ আচল মেলত চুবুৰীয়া মতা মাইকীৰ ৰূপ বৰ্ণনা; স্বভাব বৰ্ণনা; আৰু নিজ নিজ স্বামীৰ গুণাগুণ বৰ্ণনা কৰা হয়৷ ৷ তাইৰ নাকটো খঁৰা, তেও তাইৰ ফিতাহি নেদেখিছ, তাইৰ চুলি এবেগতীয়া, তেওঁ তাইৰ লাহটো ডাঙ্গৰ; ( চাপৰি ) আলোচনাৰ বিষয় এই বিলাক৷ গৃহস্থালিৰ কামতনো কি চাবা৷ তেওঁলোকে ঘৰৰ কোন বিধ বস্তু কত আছে তাক কব নোৱাৰে৷ গিৰিয়েকৰ শোৱা পাটী গৰুৰ গোহালী যেন হৈ আছে তালৈ চকু নাই৷ ধোবাই দি যোৱা কাপোৰ পাটীয়ে পাটীয়েখন খন হৈ আছে তাক সামৰি বৰ নাই, সেন্দূৰৰ নিমিত্তে আৰ্চিত মুখ নেদেখি, ফণিত মলি বন্ধ খাই দাঁতৰ মুখ পাইছে, তেও ভাত চকু নপৰে, সেয়েৰে মূৰ মেলায়হে মেলায়৷ পেৰাত আতৰ, মম, সেন্দূৰ, এচেঞ্চ সকলো সানমিহলি হৈ একাকাৰ হৈ আছে৷ তাৰ খবৰ নাই৷ ডাঁৰত ডাঙ্গৰীয়াৰ চুৰিয়া, লগুৱাৰ চোলা, বান্দীৰ মেখেলা সকলো মিহলি হৈ আছে, তালৈ ভূৰ্ভং নাই৷ ( চাপৰি ) কেৱল একাঠুৱা জাবৰৰ মাজত বহি মেলহে পকায়৷ ( চাপৰি ) এই অসমৰ তিৰোতাৰ কাম৷ তাৰ পাচত শিকনি৷ তেওঁলোকৰ শিকনি অদ্ভুত৷ অমুকীৰ লগত দন্দ, তাইৰ ঘৰলৈ লৰা গল, এতেকে তাৰ পিঠিত চেঁই বন্ধাকৈ এছাৰি লগা লৰাই জাপ মাৰোঁতে পৰিল, লগা এক বাঘ ঢকা লৰাই তেওঁৰ গুপ্ত কথাৰ ভেদ ভাঙ্গিলে, এতেকে তাক মাৰি জোল কৰ৷ ৷ ইফালে আকৌ বপা তাইক গালি পাৰি দিয়াঁ, তাক চৰ মাৰি দিয়াঁ, দেউতাৰৰ পেৰাৰ ৰূপ এটকা মনে মনে লৈ আহাঁ, তাইহঁতৰ হাঁহিনীজনী ঘৰলৈ আহিছে, বপা৷ তাইক মাৰ মাৰি মাৰাঁ, মোৰ পোনাই ফাঁকি দিব জানে, আসৈ মাতিব জানে, আহাঁ এটি চুমা দিয়াঁ৷ ( সজ সজ শব্দ ) এনেকুৱা পাঠ লৰাই দিনে ৰাতি আওৰাব লাগে৷ ( চাপৰি )
বান্ধন বাঢ়নতো অসমীয়া তিৰোতাৰ শিক্ষা ডাঙ্গৰ৷ চাউল সিজিল নে নাই, আৰু কচু সিজিল নে নাই তাক ভালকৈ জানে৷ আমি অসমত যি কেই জনা নামজ্বল ৰান্ধনী লগ পাইছোঁ, তেওঁলোকৰ বিদ্যা খৰিচা আৰু মাটি মাহতেই শেষ৷ খৰিচাৰ আঞ্জাখন জুতিত তুলিব পাৰিলেই তেওঁ বৰ ৰান্ধনী৷ ত্ৰেতাৰ পৰা এতিয়ালৈকে অসমত একে আঞ্জাই চলি আছে৷ সেই কোমোৰাৰ আঞ্জা, সেই খৰিচাৰ আঞ্জা অসমৰ ঘৰে ঘৰে ভোজত আৰু নিত ভোজনত সদায় লগ পাবা৷ খাহি পহু ৰন্ধাৰো নিয়ম আজিলৈকে লৰচৰ নহল৷ ( চাপৰি ) অসমীয়া ৰান্ধনীৰ মনে গঢ়া আঞ্জা, আমি এখনো খাবলৈ পোৱা নাই৷ ( চাপৰি ) মাক বা বুঢ়ী মাকে যি আঞ্জা ৰান্ধিছিল তেৱোঁ আজিলৈকে তাকেই ৰান্ধি আছে৷ মঙ্গহত ঘিঁউ, বুট মাহত চেনি অসমীয়া ৰান্ধনীৰ মনত অদ্ভুত কথা৷ আটাগুৰিৰ ৰুটি হৈচবল নিদিলে ছিঙ্গিব নোৱাৰি৷ অসমীয়া ৰান্ধনীৰ মিষ্টান্নতো হাত আছে৷ তেওঁলোকে হেঁচা পিঠা. উৰহি পিঠা, খুতৰীয়া পিঠা, ঘিলা পিঠা, ফেনী পিঠা, চুঙ্গা পিঠা, টেকেলি পিঠা, জিলিপি আৰু হাজাৰ মুখী পিঠা ভালকৈ কৰিব জানে৷ পিঠাৰ প্ৰধান ফেনী৷ যিবাৰ ফেনীৰ আয়োজন, সেইবাৰ ঘৈণীৰ লচ্পচনী কিমান! কেইটা লগুৱাই টাঙ্গোন খায়, কেইটা লৰাই ঢকা খায়, তাৰ ঠাঠিকানা নাইকিয়া হয়৷ (চাপৰি)
সভ্য সকল আজিৰ বন্ধুতা দীঘল হল৷ স্ত্ৰী-শিক্ষাৰ বিষয়ে ইমান কবলগীয়া কথা আছে যে ভালকৈ বৰ্ণালে ওঁঠৰ পৰ্ব্ব মহাভাৰত হয়৷ ৷ কিন্তু মই আজিলৈ ইমানতে সামৰিলোঁ, ঈশ্বৰে সময় দিয়ে যদি আগলৈ আকৌ এই বিষয়ে আপোনা- লোকৰ আগত আষাৰ চেৰেক কথা নিবেদিম৷ আজিৰ বক্তৃ- তাটি স্ত্ৰীশিক্ষাৰ প্ৰথম আধ্যা বুলি ধৰিব৷
ৰাজখোৱা বহিলত সভাপতি ডাঙ্গৰীয়াই উঠি কলে—সভ্য সকল! আজিৰ বক্তৃতা আচলতে দীঘল হৈছে, তেও কথাৰ ওৰ ওলোৱা নাই৷ ওৰলৈকে নুশুনাকৈ কথাৰ ওপৰত মন্তব্য প্ৰকাশ কৰা অযুগুত৷ সেই নিমিত্তে মন্তব্য দিবলৈ আজি আপোনালোকক অনুৰোধ নকৰোঁ৷ এতিয়া গধূলি হল, আজিলৈ এই মানতে সভা সম্বৰণ কৰিলোহঁক৷ সভা ভাগিল, আমিও গুচি আহিলো৷ সিবাৰলৈ কি ওলায় তালৈহে বৰ ধাউতি থাকিল৷