দেবৰ্ষি নাৰদ এগৰাকী অতি তপস্বী আৰু জ্ঞানী ঋষি আছিল। যাৰ জ্ঞান আৰু তপস্যাৰ প্ৰশংসা মাতৃ পাৰ্বতীও কৰিছিল। এদিনাখন পাৰ্বতীয়ে শিৱৰ আগত নাৰদ মুনিৰ জ্ঞানৰ প্ৰশংসা কৰিবলৈ ধৰিলে। তেতিয়া শিৱই পাৰ্বতীক ক’লে যে, নাৰদ মুনি এজন অতি জ্ঞানী ব্যক্তি। কিন্তু যিকোনো বস্তুৰ অতি গৌৰৱ কৰা ভাল কথা নহয়। এবাৰ নাৰদ মুনিয়েও এই অহংকাৰৰ বাবেই বান্দৰ হ’ব লগা হৈছিল। পাৰ্বতীয়ে মহাদেৱৰ কথা শুনি বৰ আচৰিত হ’ল। তেওঁ মহাদেৱৰ পৰা সম্পূৰ্ণ কাহিনীটো জানিব বিচাৰিলে। তেতিয়া শিৱই ক’বলৈ আৰম্ভ কৰিলে। এই পৃথিৱীত প্ৰাণী যিমানেই জ্ঞানী নহওঁক কিয়, কিন্তু হৰিয়ে যি বিচাৰে সেয়াহে হ’ব লাগিব। নাৰদ মুনিয়েও এসময়ত নিজৰ তপস্যা আৰু জ্ঞানৰ বাবে অহংকাৰী হৈ পৰিছিল। সেয়েহে, নাৰদ মুনিক শিক্ষা দিবলৈ, ভগৱান বিষ্ণুৱে এটা উপায় বিচাৰি উলিয়ালে।
হিমালয় পৰ্বতমালাত এটা ডাঙৰ আৰু পবিত্ৰ গুহা আছিল। সেই গুহাৰ ওচৰৰে গংগা নদী বৈ আছিল। এই পবিত্ৰ গুহাটোৱে নাৰদ মুনিৰ মন আকৰ্ষণ কৰিলে। তাত থকা পৰ্বত, নদী আৰু অৰণ্য দেখি তেওঁৰ হৃদয়ত শ্ৰী হৰি (বিষ্ণু)ৰ প্ৰতি ভক্তি অতি শক্তিশালী হৈ পৰিল আৰু তেওঁ তাতে বহি তপস্যাত নিমজ্জিত হ’ল। নাৰদ মুনিৰ এনে ঘোৰ তপস্যা দেখি দেৱৰাজ ইন্দ্ৰই ভয় খালে যে দেৱৰ্ষি নাৰদে তেওঁৰ তপস্যাৰ বলত ইন্দ্ৰৰ ৰাজ্য স্বৰ্গ কাঢ়ি নিব।
ইন্দ্ৰই নাৰদৰ তপস্যা ভাঙিবলৈ কামদেৱক তেওঁৰ ওচৰলৈ পঠিয়াই দিলে। তাত উপস্থিত হৈয়ে কামদেৱে তেওঁৰ মায়াৰ দ্বাৰা বসন্ত ঋতুৰ সৃষ্টি কৰিলে। গছবোৰত নানা ৰঙী ফুলবোৰ ফুলি উঠিল; কুলি চৰায়ে সুললিত কণ্ঠৰে মাতিবলৈ ধৰিলে আৰু ভোমোৰাবোৰে গুণ্ গুণ্ শব্দ জুৰিলে। কামাগ্নিক উত্তেজিত কৰা শীতল-কোমল-সুগন্ধিত সুবাস বতাহত বিয়পি পৰিল। ৰম্ভা আদি কৰি অপেস্বৰীসকলে নৃত্য কৰিবলৈ ধৰিলে।
কিন্তু কামদেৱৰ কোনো ধৰণৰ মায়াই নাৰদ মুনিৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰিলে। তেতিয়া কামদেৱে ভয় খালে যে এতিয়া নাৰদ মুনিয়ে মোক অভিশাপ দি দিব! সেয়েহে তেওঁ নাৰদ মুনিৰ ওচৰত ক্ষমা বিচাৰিলে। নাৰদ মুনিৰ মনলৈ কিন্তু কোনোধৰণৰ খং ভাৱ অহা নাছিল আৰু তেওঁ কামদেৱক ক্ষমা কৰি দিলে। কামদেৱ নিজৰ জগতলৈ উভতি গ’ল।
কামদেব গুচি যোৱাৰ পিছত নাৰদ মুনিৰ মনত অহংকাৰৰ জন্ম হ’ল যে তেওঁ কামদেৱকো জয় কৰিবলৈ সক্ষম হ’ল। তাৰ পৰা তেওঁ মহাদেৱৰ ওচৰলৈ গ’ল আৰু তেওঁ তাতে কামদেৱক পৰাজয় কৰা কাহিনীটো মহাদেৱক শুনালে। সদাশিৱই নাৰদৰ কথাৰ পৰা বুজি উঠিল যে নাৰদ অহংকাৰী হৈ পৰিছে। তেওঁ ভাবিলে যে যদি ভগৱান বিষ্ণুৱে তেওঁৰ অহংকাৰৰ বিষয়ে জানে, এয়া নাৰদ মুনিৰ বাবে ভাল কথা নহ’ব। সেয়েহে তেওঁ নাৰদ মুনিক ক’লে যে, “আপুনি মোক যি কথা কৈছে সেয়া শ্ৰী হৰিক নক’ব।”
নাৰদ মুনিয়ে কিন্তু শিৱৰ এই কথাটো বৰ বেছি ভাল নাপালে। তেওঁ ভাবিলে যে আজি মই কামদেৱক পৰাজয় কৰিছোঁ আৰু মই ইমান ডাঙৰ কথাটো কাকো কিয় নকম! নাৰদ মুনি শ্ৰীহৰিৰ ওচৰলৈ গ’ল আৰু সদাশিৱই বাধা দিয়া স্বত্ত্বেও গোটেই কাহিনীটো শ্ৰীহৰিৰ আগত বৰ্ণনা কৰিলে। ভগৱান বিষ্ণুৱে বুজি পালে যে নাৰদ মুনিক অহংকাৰে আৱৰি ৰাখিছে। শ্ৰীহৰিয়ে কেতিয়াও ভক্তৰ অহংকাৰ সহ্য কৰিব নোৱাৰে, সেয়েহে তেওঁ মনতে ভাবিলে যে, “মই এনে ধৰণৰ পদক্ষেপ লম যে নাৰদ মুনিৰ অহংকাৰো আঁতৰিব আৰু মোৰ লীলাও চলি থাকিব।”
ইফালে নাৰদ মুনি শ্ৰীবিষ্ণুৰ ওচৰৰ পৰা উভতি আহোতে তেওঁৰ গৌৰৱ আৰু অধিক বৃদ্ধি পালে। ইফালে শ্ৰীহৰিয়ে তেওঁৰ মায়াৰে নাৰদ মুনি যোৱাৰ পথতে এখন অতি সুন্দৰ নগৰৰ নিৰ্মাণ কৰি দিলে। সেই নগৰখনত শিলনিধি নামৰ এজন গৌৰৱময় ৰজাই ৰাজত্ব কৰিছিল। সেই ৰজাৰ বিশ্বমোহিনী নামৰ এজনী অতি ধুনীয়া ছোৱালী আছিল, যাৰ চেহেৰাটোৱে লক্ষ্মীকো আকৰ্ষিত কৰিব পাৰে। বিশ্বমোহিনীয়ে সয়ম্বৰৰ দ্বাৰা স্বামী নিৰ্বাচন কৰিব বিচাৰিছিল আৰু সেয়ে বহু কেইজন ৰজা সেই নগৰলৈ আহিছিল।
যেতিয়া নাৰদ মুনি সেই নগৰৰ ৰজাৰ ঘৰত উপস্থিত হ’ল, ৰজাই তেওঁক নানাধৰণে সেৱা-সৎকাৰ-পূজা কৰি আসনত বহুৱালে। তাৰ পিছত তেওঁ তেওঁৰ ছোৱালীৰ হস্তাৰেখা চাই তাইৰ গুণ আৰু দোষবোৰ নাৰদ মুনিক ক’বলৈ ক’লে। সেই ছোৱালীজনীৰ ৰূপ দেখি নাৰদ মুনিৰ মনৰ পৰা বৈৰাগ্য ভাব আঁতৰি গ’ল আৰু তেওঁ একে ধ্যানে সেই ৰাজকুমাৰীৰ মুখলৈ চাই থাকিল। ছোৱালীজনীৰ হস্তাৰেখা মতে যিজনে তাইক বিয়া কৰাব তেওঁ অমৰ হৈ পৰিব, পৃথিৱীৰ কোনো শক্তিয়ে তেওঁক জয় কৰিব নোৱাৰিব আৰু পৃথিৱীৰ সকলো প্ৰাণীয়ে তেওঁক সেৱা কৰিব। নাৰদ মুনিয়ে ৰজাক এইকথা কোৱাৰ বিপৰীতে তেওঁৰ মনে সজা কিছুমান ভাল ভাল কথা ৰজাক ক’লে আৰু ইয়াৰ পিছত নাৰদ মুনিয়ে ভাবিবলৈ আৰম্ভ কৰিলে যে এতিয়া তেওঁ এনে ব্যৱস্থা লোৱা উচিত যাতে এই ছোৱালীজনীয়ে তেওঁকে বিয়া কৰাব। তেনেকৈ ভাবি নাৰদ মুনিয়ে শ্ৰীহৰিক মনত পেলালে আৰু ভগৱান বিষ্ণু তেওঁৰ সন্মুখত উপস্থিত হ’ল। নাৰদ মুনিয়ে তেওঁক গোটেই কথাবোৰ ক’লে, “হে নাথ, আপুনি মোক আপোনাৰ সুন্দৰ চেহেৰাটো দিয়ক, যাতে মই সেই ছোৱালীজনীক বিয়া কৰাব পাৰো।” ভগৱান হৰিয়ে ক’লে, “হে নাৰদ! মই সেয়াই কৰিম যি তোমাৰ বাবে ভাল হ’ব।”
এয়া আচলতে সকলো শ্ৰীবিষ্ণুৰে মায়া আছিল। ভগৱান বিষ্ণুয়ে তেওঁৰ মায়াৰ দ্বাৰা নাৰদ মুনিক বান্দৰৰ ৰূপ দি দিলে। নাৰদ মুনিয়ে কিন্তু এই কথাটো বুজি পোৱা নাছিল। তেওঁ ভাবিলে যে মই দেখিবলৈ এতিয়া অতীব সুন্দৰ হৈছোঁ। তাত লুকাই থকা শিৱৰ দুজন গণইয়ো এই সমস্ত ঘটনাটো দেখিলে।
ঋষিৰাজ নাৰদে লগে লগে বিশ্বমোহিনীৰ স্বয়ম্বৰত উপস্থিত হ’ল আৰু একে সময়তে সদাশিৱৰ সেই দুয়োটা গণয়ো ব্ৰাহ্মণৰ ৰূপ লৈ তাত উপস্থিত হ’ল। দুয়োজনে নাৰদ মুনিক শুনাই ক’বলৈ ধৰিলে যে ঈশ্বৰে তেওঁক ইমান ধুনীয়া ৰূপ দিছে যে ৰাজকুমাৰীয়ে তেওঁকে পছন্দ কৰিব। নাৰদ মুনিয়ে তেওঁলোকৰ কথা শুনি বহুত সুখী হ’ল। ভগৱান শ্ৰীবিষ্ণু নিজেও সেই স্বয়ম্বৰত এজন ৰজাৰ ৰূপত আহিল। বিশ্বমোহিনীয়ে কুৰূপ হৈ পৰা নাৰদ মুনিৰ ফালে এবাৰো উভতি নাচালে আৰু ৰজা ৰূপী শ্ৰীবিষ্ণুৰ ডিঙিত বৰমালা পিন্ধাই দিলে।
ইপিমে মোহৰ বশত নাৰদ মুনিৰ বুদ্ধি ধ্বংস হৈছিল। যেতিয়া তেওঁ দেখিলে ৰাজকুমাৰীয়ে তেওঁক বৰমালা পিন্ধোৱাৰ বিপৰীতে আনজন ৰজাক বৰমালা পিন্ধালে তাকে দেখি তেওঁ বিচলিত হৈ উঠিল। একে সময়তে, শিৱৰ গণ দুজনেও নাৰদ মুনিক তাচ্ছিল্য ভৰা কথাৰে ক’লে- “এবাৰ আইনাত আপোনাৰ মুখখন চাই লওক।” নাৰদ মুনিয়ে পানীত নিজৰ মুখলৈ চালে আৰু নিজৰ কুৎসিত ৰূপ দেখি খঙত টিঙিৰি-তুলা হৈ পৰিল। খঙত তেওঁ শিৱৰ সেই দুয়োটা গণকে ৰাক্ষস হোৱাৰ বাবে অভিশাপ দি দিলে। দুয়োকে অভিশাপ দিয়াৰ পিছত, যেতিয়া নাৰদ মুনিয়ে আকৌ এবাৰ পানীত মুখ খন দেখিলে তেতিয়ালৈ তেওঁ নিজৰ প্ৰকৃত ৰূপটো ঘূৰাই পালে। নাৰদ মুনিয়ে তেওঁৰ প্ৰকৃত ৰূপটো ঘূৰাই পালে সঁচা কিন্তু তেওঁৰ ভগৱান বিষ্ণুলৈ বহুত বেছি খং উঠিল, কিয়নো বিষ্ণুৰ বাবেই তেওঁ যথেষ্ট হাঁহিয়াতৰ পাত্ৰ হবলগীয়া হৈছে। তেওঁ লগে লগে ভগৱান বিষ্ণুক লগ কৰিবলৈ গ’ল আৰু বাটতে তেওঁ ভগৱান বিষ্ণুক লগ পালে। বিষ্ণুৰ সৈতে লক্ষ্মী আৰু বিশ্বমোহিনী দুয়োগৰাকীয়ে আছিল।
তেওঁক দেখিয়ে নাৰদ মুনিয়ে ক’লে-“আপুনি আনৰ সুখ হোৱা কেতিয়াও দেখিব নোৱাৰে। আপোনাৰ ভিতৰখন ঈৰ্ষা আৰু প্ৰৱঞ্চনাৰে ভৰি আছে। সমুদ্ৰ-মন্থনৰ সময়ত আপুনি শিৱক নানা কথাৰে ভুলাই বিষ খুৱালে আৰু ৰাক্ষকক সুৰা খুৱাই লক্ষ্মী আৰু কৌস্তুভ মণিক নিজে লগত লৈ গ’ল। আপুনি এজন প্ৰৱঞ্চক। আপুনি সদায় প্ৰৱঞ্চনাৰে আচৰণ কৰে। আপুনি নিশ্চিতভাৱে মোৰ সৈতে কৰা কামৰ প্ৰতিফল পাব। আপুনি মনুষ্যৰ ৰূপ লৈ বিশ্বমোহিনীকো প্ৰাপ্ত কৰিলে। সেয়েহে মই আপোনাক অভিশাপ দিওঁ যে আপুনি মানুহ হৈ জন্মিব লাগিব। আপুনি মোক বিশ্বমোহিনীৰ পৰা আঁতৰাই লৈ গৈছে সেয়েহে আপুনিও আপোনাৰ প্ৰিয় স্ত্ৰীৰ পৰা দূৰত যোৱাৰ বেদনাও সহিব লাগিব; লগতে আপুনি মোক বান্দৰৰ ৰূপ দি দিছে, সেয়েহে আপুনিও এই জন্মত বান্দৰৰ পৰাহে সহায় ল’ব লাগিব।”
ভগৱান বিষ্ণুৱে নাৰদৰ অভিশাপ সম্পূৰ্ণৰূপে গ্ৰহণ কৰিলে আৰু নাৰদ মুনিৰ ওপৰৰ পৰা তেওঁৰ মায়া আঁতৰাই দিলে। মায়া আঁতৰাত নাৰদ মুনি যাবলৈ ওলাল আৰু সেই সময়তে মায়াৰ বলত পৰি শ্ৰীহৰিক দিয়া অভিশাপৰ কথা মনত পেলাই বৰ দুখ পালে, কিন্তু দিয়া অভিশাপটো আৰু ঘূৰাই ল’ব পৰা নাযায়। সেইকাৰণে শ্ৰীবিষ্ণুয়ে শ্ৰীৰামৰ ৰূপত এজন মানুহ হিচাপে অৱতাৰ ল’ব লগা হ’ল।
যেতিয়া শিৱৰ সেই দুটা গণই দেখিলে যে নাৰদ মুনি এতিয়া মায়াৰ পৰা মুক্ত হৈছে, তেওঁলোকে নাৰদ মুনিৰ ওচৰলৈ আহি তেওঁৰ ভৰিত পৰি ক’লে, “হে মুনিৰাজ! আমি দুয়ো শিৱৰ মানুহ। আমি এটা বহুত ডাঙৰ অপৰাধ কৰিছোঁ যাৰ বাবে আমি আপোনাৰ পৰা অভিশাপ পাইছোঁ। এতিয়া অনুগ্ৰহ কৰি আমাক আপোনাৰ অভিশাপৰ পৰা মুক্ত কৰক প্ৰভু।”
নাৰদ মুনিয়ে ক’লে “মোৰ অভিশাপ অথলে যাব নোৱাৰে, সেয়েহে তোমালোক দুয়ো ৰাৱণ আৰু কুম্ভকৰ্ণৰ ৰূপত গৌৰৱময়, শক্তিশালী আৰু তীক্ষ্ণ বুদ্ধি সম্পন্ন দানৱ হৈ জন্ম লবা আৰু নিজৰ বাহুৰ শক্তিৰে সমগ্ৰ বিশ্ব জয় কৰিবা। একে সময়তে ভগৱান বিষ্ণুৱে মানৱ শৰীৰত শ্ৰীৰাম হিচাপে অৱতাৰ গ্ৰহণ কৰিব। যুদ্ধত তোমালোক দুয়োৱে তেওঁৰ হাতত পৰাজিত হৈ মৃত্যুমুখত পৰিবা আৰু তোমালোক অভিশাপৰ পৰা মুক্ত হ’বা।” এনেদৰে কৈ নাৰদ মুনি গুচি গ’ল।