ধুমকেতুৰ পৰিচয়

ধুমকেতু

ৰাতিৰ আকাশৰ সম্ভৱতঃ আটাইতকৈ চমকপ্রদ দৃশ্য হ’ল ধুমকেতু (Comet) বা নেজাল তৰা ওলোৱাৰ দৃশ্য। দীঘল নেজৰ সৈতে বিক্ষিপ্ত পোহৰবিন্দু কিছুমানৰ দৰে দৃশ্যমান হোৱা ধুমকেতুবোৰে একালত আমাৰ পূৰ্বপুৰুষসকলৰ মনত বিস্ময় আৰু ত্ৰাসৰ সৃষ্টি কৰিছিল। ইতিহাসৰ বহুতো উল্লেখনীয় অধ্যায়ৰ লগত ধুমকেতুৰ আৱির্ভাৱ জড়িত হৈ আছে।

ধুমকেতু

১৪৫৬ খ্রীষ্টাব্দত ধুমকেতু দেখি সমগ্র ইউৰোপৰ মানুহে ‘অসুৰ, তুৰ্কী, দস্যু আৰু ধুমকেতুৰ পৰা ৰক্ষা পাবলৈ’ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। যীশুখ্রীষ্টৰ জন্মস্থানৰ অনুসন্ধানত তিনিজন জ্ঞানী লোকে যিটো তৰাক অনুসৰণ কৰিছিল, সম্ভৱতঃ সিও এটা ধুমকেতুহে আছিল।

ধুমকেতুৰ পৰিচয়

জ্যোতির্বিদসকলৰ নেৰানেপেৰা অধ্যয়ন আৰু অনুসন্ধানৰ ফলত Comet সম্পর্কে মানুহৰ জ্ঞানৰ পৰিসৰ বৰ্তমান বহু ব্যাপক। গ্ৰহ-উপগ্ৰহ আৰু উল্কাপিণ্ডৰ দৰে ধুমকেতুবোৰো আমাৰ চিনাকি সৌৰজগতখনৰে এটা বিশিষ্ট অংশ। সৌৰজগতৰ মুঠ ধূমকেতুৰ সংখ্যা কেবা নিযুত হ’ব। ইহতৰ অধিকাংশ সৌৰজগতৰ বাহিৰ্ভাগৰ ‘উর্ট’ মেঘপুঞ্জত জমা হৈ আছে বুলি ভবা হৈছে। কাচিৎ নিকটৱৰ্তী নক্ষত্ৰৰ মহাকৰ্ষণৰ প্ৰভাৱত ইহঁত দৃশ্যমান সৌৰজগতলৈ নির্দিষ্ট কক্ষপথেদি ধাবমান হয়। এইবোৰৰ ভিতৰত বিশাল-কায় ধুমকেতুবোৰহে খালী চকুৰে চাব পাৰি। কিছুমান ধুমকেতু ইমান অস্পষ্ট যে শক্তিশালী দূৰবীক্ষণ যন্ত্ৰতহে সিহঁতৰ উপস্থিতি ধৰা পৰে। সূৰ্য্যৰ পৰা বহুত অতৰেদি প্রদক্ষিণৰত বহুত ধুমকেতু আকৌ সদায়েই মানুহৰ পৰ্যবেক্ষণৰ বাহিৰতে থাকে।

ধুমকেতু

ধুমকেতুৰ আকাৰ

সূৰ্য্যৰ পৰা বহুত আঁতৰত থকাৰ সময়ত ধুমকেতুবোৰ ক্ষুদ্ৰ, ক্ষীণ পোহৰৰ আৰু অস্পষ্ট হৈ থাকে। সূৰ্য্যৰ ওচৰলৈ অহাৰ লগে লগে Comet ৰ উদ্বায়ী উপাদানবোৰ বাষ্পীভূত হৈ ধুমকেতুৰ মুখ্য অংশ ক’মা (Coma) ৰ সৃষ্টি হয়। ক’মাৰ আকাৰ কেতিয়াবা অতি বিশাল হ’ব পাৰে। ১৮১১ খ্রীষ্টব্দত আৱির্ভাৱ হোৱা ‘গ্রেট কমেট’ৰ ক’মাৰ ব্যাস আছিল প্ৰায় 2×106 কিল’মিটাৰ- সূৰ্য্যৰ ব্যাসৰ প্রায় ডেৰ গুণ। ক’মাৰ মধ্যভাগত এটা বা ততোধিক উজ্জ্বল গর্ভবিন্দু থাকে। ক’মাৰ পৰৱৰ্তী অংশ হ’ল ধুমকেতুৰ নেজ৷ ধুমকেতুৰ নেজ অতি স্পষ্ট হোৱাৰ উপৰিও বিশাল দৈর্ঘ্যৰো হ’ব পাৰে। ১৮৪৩ খ্রীষ্টাব্দৰ গ্ৰে’ট কমেটৰ নেজৰ দৈৰ্ঘ্য আছিল প্রায় 3.2×108 কিল’মিটাৰ। প্রদক্ষিণৰত অৱস্থাত ধুমকেতুৰ নেজ সদায় সূর্যাৰ বিপৰীত দিশত থাকে। Comet ৰ দৃশ্যমান অংশৰ কেউপিনে হাইড্ৰজেনৰ আৱৰণ এটা থাকে।

Halley’s Comet

১৯৮৬ চনত Halley’s Comet পৰ্য্যবেক্ষণ কৰিবলৈ ভেগা ১, ভেগা ২ আৰু গিয়টো মহাকাশযান উৎক্ষেপিত হৈছিল। এনে মহাকাশযানৰ যোগেদি সংগৃহীত তথ্যৰ পৰা ধুমকেতুৰ অভ্যন্তৰ সম্পৰ্কে বহুতো নতুন জ্ঞান পোৱা গৈছে। হে’লী ধুমকেতুৰ ঘনত্ব বেছ কম, বৰফৰ ঘনত্বৰ প্রায় এক-চতুর্থাংশ। মুঠ ভৰ প্ৰায় 6×1013 কিল’গ্রাম। ক’মা আৰু নেজ বিশালাকৃতিৰ যদিও গর্ভ অঞ্চল প্রধানতঃ খালী ঠাই, ইয়াত বৰফ আৰু ধূলিৰ অৱস্থিতি আছে- যিবোৰ সূৰ্য্যৰ পৰা বহু আঁতৰত অতি শীতল অৱস্থাত গঠিত হৈছিল। গৰ্ভৰ আকৃতি অনিয়মিত আৰু আকাৰ দীঘলে পুতলে ক্রমে ১৮ কিল’মিটাৰ আৰু ১৫ কিল’মিটাৰৰ ভিতৰত হব। গর্ভৰ উপৰিভাগ কার্বন-সমৃদ্ধ খোলা এটাৰে পৰিবেষ্টিত হৈ থাকে। ইয়াৰ ঠায়ে ঠায়ে কিছুমান ছিদ্ৰৰ পৰা গেছ আৰু ধূলিৰ খৰস্রোত নিৰ্গত হৈ থাকে।

ধুমকেতু

হে’লী Comet ৰ বৰফখিনি মূলতঃ পানী, কার্বন-ডাই অক্সাইড আৰু কাৰ্বন মন’ক্সাইডেৰে গঠিত, কিন্তু কিছু পৰিমাণে মিথেনো আছে। মিথেনৰ অৱস্থিতিৰ কথা পূৰ্বতে কোনেও জনা নাছিল। অন্যান্য উপাদানবোৰ হ’ল কাৰ্বন, নাইট্রজেন, অক্সিজেন, ছিলিকন, ছালফাৰ আৰু মেগনেছিয়াম।

ধূলিবোৰ প্ৰধানতঃ তিনি প্রকাৰৰ। শিল- সদৃশ এবিধ ছিলিকেট, গধুৰ আৰু পাতল মৌলিক পদার্থৰ এটা মিশ্রণ-যাৰ কোনো জ্ঞাত খনিজ পদার্থৰ লগত একো সাদৃশ্য নাই আৰু কাৰ্বন, হাইড্ৰজেন, অক্সিজেন আৰু নাইট্ৰ’জনৰ কাৰ্বন -সমৃদ্ধ এটা যৌগিক পদার্থ।

হে’লী Comet ৰ নেজ দুডাল, এডাল আয়নিত গেছেৰে পূৰ্ণ, আনডাল ধুলিৰ আৰু বৈশিষ্ট্যবিহীন। আয়নিত গেছৰ নেজডালৰ অৱস্থান সৌৰ বতাহৰ (Solar wind) দ্বাৰা নিয়ন্ত্রিত হয়।

Comet ৰ নামকৰণৰ পদ্ধতি

সৌৰজগতৰ জ্ঞাত Comet ৰ সংখ্যা যথেষ্ট সংখ্যক বাবে Comet ৰ নামকৰণৰ পদ্ধতি এটা উদ্ভাৱন কৰা হৈছে। সাধাৰণতে আৱিষ্কাৰকৰ নামেৰে (সর্বাধিক তিনিজনলৈ) Comet বোৰ চিহ্নিত হয়। কেতিয়াবা কক্ষপথৰ গণনা কৰা জ্যোতির্বিদজনৰ নামেৰেও একোটা ধুমকেতু চিহ্নিত হয়, যেনে হে’লী, ইঙ্কে, ক্রম’লিন ইত্যাদি। অতিৰিক্ত হিচাপে আৱিষ্কাৰৰ বছৰ আৰু বছৰটোৰ আৱিষ্কাৰৰ ক্ৰম হিচাপে ইংৰাজী বর্ণমালাৰ আখৰ এটা যোগ দিয়া হয়। Comet পৰ্য্যাবৃত্ত হ’লে নামৰ আগত ইংৰাজী P আখৰটো লিখা হয়। পাছলৈ ধুমকেতু পৰম দূৰত্বত (Perihelion) অৱস্থিত হোৱা দিনটোৰ ওপৰত ভিত্তি কৰি চূড়ান্ত নামকৰণ কৰা হয়।

এই নিয়মত Comet ৰ পৰম দূৰত্বত অৱস্থিত হোৱা বছৰটো আৰু ৰোমান বর্ণমালাৰ আখৰ এটা ব্যৱহাৰ হয়। উদাহৰণ স্বৰূপে, বেনেট 1969 I (১৯৬৯ চনত আৱিস্কৃত নৱম Comet) Comet ৰ নাম হ’লগৈ বেনেট 1970 II (১৯৭০ চনত পৰম দূৰত্ব পোৱা দ্বিতীয় Comet)। কিছুমান Comet এবাৰ আৱিষ্কাৰ হোৱাৰ পিছত বহুকাললৈ অজ্ঞাত হৈ থাকে। এনে Comet ৰ ক্ষেত্ৰত নতুন আৱিষ্কাৰকৰ নামো যোগ হৈ যায়। পি/পেৰিণ ধুমকেতুক এবাৰ হেৰুওৱাৰ পিছত ই মাৰ্ক’ছৰ দ্বাৰা পুনৰ আবিস্কৃত হয়। গতিকে এই Comet টোৰ বৰ্তমানৰ নাম পি/পেৰিণ মাৰ্ক’ছ।

ধুমকেতু

Comet ৰ কণাবোৰৰ পৰা উল্কাবর্ষণ হয় বুলি প্ৰমাণ পোৱা গৈছে৷ Comet ৰ নেজৰ ঘনত্ব ইমান কম যে তাৰ মাজেদি পৃথিৱীখন পাৰ হৈ গ’লেও ক’তো একো প্রভাৱ নপৰে। কিন্তু কাচিৎ Comet ৰ মূল অংশৰ লগত পৃথিৱীৰ সংঘৰ্ষৰ সম্ভাৱনীয়তা নুই কৰিব নোৱাৰি। ১৯০৮ চনৰ ৩০ জুনত ছাইবেৰিয়াৰ তুঙ্গুস্কা নদীৰ উপত্যকাত ঘটা প্রচণ্ড বিস্ফোৰণ আৰু অগ্নিকাণ্ডৰ কাৰণ Comet ৰ লগত হোৱা সংঘর্ষ বুলি ভবা হৈছে। অৱশ্যে সেই অঞ্চলত Comet ৰ কোনো ডাঙৰ অৱশেষ বিচাৰি পোৱা নগ’ল, লো আৰু ছিলিকেট লেশমানহে পোৱা গ’ল। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে বৰফ আৰু ধূলিৰে গঠিত সৰু Comet এটাৰ লগত পৃথিৱীৰ সংঘৰ্ষ ঘটিছিল।

Comet ৰ সংঘৰ্ষ

১৯৯৪ চনৰ জুলাই মাহত ঘটা বৃহস্পতি গ্ৰহ আৰু শ্ব্যুমে’কাৰ-লেভি-৯ Comet ৰ মাজৰ সংঘৰ্ষ জ্যোতির্বিজ্ঞানৰ এটা চমকপ্রদ ঘটনা। আমেৰিকাৰ তিনিগৰাকী জ্যোতির্বিজ্ঞানী ইউজিন, কেৰলিন শ্ব্যুমে’কাৰ আৰু ডেভিদ লেভিয়ে আৱিস্কাৰ কৰা এই Comet আশ্চর্যজনকভাৱে বৃহস্পতি গ্ৰহৰ কক্ষইদি ফুৰিছিল। অনুমান কৰা হৈছে যে ১৯৯২ চনত ই বৃহস্পতি গ্ৰহৰ নিচেই ওচৰলৈ (প্রায় ২০ হাজাৰ কিল’মিটাৰ) আহি যোৱাত বৃহস্পতি মহাকৰ্ষণৰ কবলত পৰি ই শতধা বিভক্ত হয়। ইয়াৰে একৈশটা বৃহৎ অংশ প্ৰায় আধা কিল’মিটাৰৰ পৰা পাঁচ কিল’মিটাৰ দীঘল।

বৃহস্পতি গ্ৰহৰ লগত সংঘৰ্ষৰ সময়ত এই Comet ৰ খণ্ডবোৰৰ বেগ আছিল ঘন্টাত প্ৰায় দুশ হাজাৰ কিল’মিটাৰ। সংঘৰ্ষৰ ফলত পাৰমাণৱিক বিস্ফোৰণৰ সদৃশ এক উত্তপ্ত গেছ স্তম্ভ ওপৰলৈ উঠি আহিছিল। এই গেছ স্তম্ভৰ উষ্ণতা প্রায় তিনি হাজাৰ ডিগ্ৰী ছেণ্টিগ্ৰেড আছিল। শ্ব্যুমে’কাৰ লেভি-৯ ৰ ক্ষুদ্ৰ অংশবোৰ বৃহস্পতিৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ সময়ত সেইবোৰক উল্কা বৃষ্টিৰ দৰে দেখা গৈছিল। এই বিস্ময়কৰ সংঘৰ্ষৰ বহুতো চিত্ৰ আৰু তথ্য মহাকাশত অৱস্থিত ‘হাবল টেলিস্ক’প’ আৰু গেলিলিঅ’ মহাকাশযানৰ সহায়ত সংগৃহীত হৈছে।

কিন্তু এনে এটা সংঘর্ষ পৃথিৱীৰ লগত হোৱা হ’লে পৃথিৱী ধ্বংস হ’লহেঁতেন। অৱশ্যে জ্ঞাত ভৱিষ্যতে এনে ঘটনাৰ সম্ভাৱনীয়তা নাই।

(আশা কৰোঁ আপুনি লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top