নাগৰিকৰ অধিকাৰ আৰু কর্তব্য

ভূমিকা:
এখন ৰাষ্ট্ৰত স্থায়ীভাৱে থাকিবলৈ অধিকাৰ থকা প্রত্যেক ব্যক্তিকে ৰাষ্ট্ৰখনৰ নাগৰিক বোলা হয়। দেশৰ প্ৰত্যেকজন নাগৰিকৰে কিছুমান অধিকাৰ আছে। সেইদৰে প্রত্যেকজন নাগৰিকৰে দেশখনৰ প্রতি পালন কৰিবলগীয়া কর্তব্যও আছে। আমাৰ ভাৰত এখন সার্বভৌম গণতান্ত্রিক ৰাষ্ট্ৰ। সেয়ে নাগৰিকেই ৰাষ্ট্ৰৰ মূল ভেটি। আমাৰ সংবিধানে আমাক কিছুমান মৌলিক অধিকাৰ প্ৰদান কৰিছে। সংবিধানে সেই অধিকাৰসমূহ সংৰক্ষণৰ ব্যৱস্থাও কৰিছে। সংবিধানে প্ৰদান কৰা অধিকাৰসমূহৰ বিপৰীতে নাগৰিকসকলে ৰাষ্ট্ৰ তথা সৰ্বকল্যাণকামী মানবতাবাদী স্বাৰ্থত দায়িত্ব আৰু কৰ্তব্যও পালন কৰিব লাগে। ৰাষ্ট্ৰৰ দ্বাৰা নাগৰিকৰ অধিকাৰ ভোগৰ ক্ষমতা আৰু ৰাষ্ট্ৰৰ প্ৰতি নাগৰিকৰ কর্তব্য পালনৰ সমিলমিলেৰেহে এখন ৰাষ্ট্ৰ উন্নতিৰ পথত আগবাঢ়ি যাব পাৰে। সেয়ে নাগৰিক অধিকাৰ আৰু কৰ্তব্য এখন ৰাষ্ট্ৰৰ বাবে অবিচ্ছেদ্য অংগ।

নাগৰিকৰ অধিকাৰ:
জনসাধাৰণৰ সামূহিক আৰু ব্যক্তিগত উন্নতি, স্বাধীনতা, মতপ্রকাশ কৰা, ব্যক্তিত্ব প্রকাশ আৰু প্ৰতিভা বিকাশৰ বাবেই মূলতঃ নাগৰিকক ভাৰতীয় সংবিধানে অধিকাৰসমূহ প্ৰদান কৰাৰ লগতে সাতটা মৌলিক অধিকাৰো প্ৰদান কৰিছে। সেইবোৰ হৈছেঃ সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ, ধর্মীয় অধিকাৰ, সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ, নিৰাপত্তাৰ অধিকাৰ। ভাৰত যে এখন কল্যাণকামী প্রগতিশীল গণতান্ত্ৰিক ৰাষ্ট্ৰ তাৰ প্ৰথম পৰিচয় প্রদান কৰে এই অধিকাৰসমূহে। এই অধিকাৰসমূহৰ জৰিয়তে প্রত্যেক নাগৰিকেই এক সুস্থ মানৱীয় জীৱনযাপনৰ সুবিধা লাভ কৰিছে। শাসন ব্যৱস্থাই প্ৰদান কৰা সকলো সুবিধা নীতি-শৃংখলাৰ মাজেৰে নাগৰিকসকলে ভোগ কৰিব পাৰিছে। এই অধিকাৰসমূহৰ বাবেই ভাৰতে আজি পুৰুষ, মহিলা জাতি-ধর্ম নির্বিশেষে সকলোকে সমতা প্ৰদান কৰি সকলো স্তৰৰ লোককে সমানে আগবাঢ়ি যাবৰ বাবে সুবিধা প্ৰদান কৰি প্ৰগতিৰ দিশত ধাৱমান হ’ব পাৰিছে। এই অধিকাৰসমূহ ভোগ কৰি আজি সকলো নাগৰিকে সমশিক্ষা অৰ্জন কৰিব পাৰিছে। নাগৰিকৰ বাবে স্বাস্থ্যৰ সেৱা আগবঢ়োৱা হৈছে নাগৰিকৰ অধিকাৰৰ ভিত্তিতেই। একেদৰে অধিকাৰৰ বাবেই শ্ৰমিকৰ শ্ৰমৰ মর্যাদা দিবলৈ সকলোৱেই বাধ্য। সাংবিধানিক প্রদত্ত অধিকাৰৰ ভিত্তিতেই নাৰীৰ বাবে বিশেষ আসন সংৰক্ষণ কৰা, অনুন্নত অঞ্চল, জনগোষ্ঠী আদিক আনৰ সৈতে সমানে আগবঢ়াই নিবলৈ বিশেষ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰি আহিছে। সাংস্কৃতিক-সামাজিক উন্নয়নৰ বাবে বিভিন্ন সময়ত চৰকাৰে আঁচনি গ্ৰহণ কৰি আহিছে। জনসাধাৰণৰ নিৰাপত্তা আৰু আইন শৃংখলা ৰক্ষাৰ বাবেও ব্যৱস্থা আছে।

নাগৰিকৰ দায়িত্ব:
যিহেতু ৰাষ্ট্ৰই সংবিধানযোগে নাগৰিকক সর্বাঙ্গীন উন্নতিৰ বাবে প্ৰয়োজনীয় সকলো মৌলিক অধিকাৰ প্ৰদান কৰিছে, সেয়ে সেইখন ৰাষ্ট্ৰৰ প্ৰতি শ্ৰদ্ধাশীল হোৱা, বিকাশৰ বাবে সৰ্বতোপ্ৰকাৰ সহায় কৰা, সার্বভৌমত্ব অক্ষুন্ন ৰখাৰ বাবে তথা ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে নিজকে উৎসর্গা কৰাটো প্ৰত্যেক নাগৰিকৰে মৌলিক কর্তব্য। নাগৰিকে যিহেতু ৰাষ্ট্ৰই প্ৰদান কৰা অধিকাৰসমূহ ভোগ কৰিছে সেয়ে প্রত্যেক নাগৰিকে ৰাষ্ট্রৰ প্ৰতি প্রয়োজনীয় সকলো কৰ্তব্য আৰু দায়িত্ব নিষ্ঠাৰে পালন কৰা উচিত। দেশৰ শাসন ব্যৱস্থা সংবিধানে নাগৰিকৰ হাততে অৰ্পণ কৰিছে। একেদৰে দেশৰ সকলো দায়িত্ব নাগৰিকৰে। চৰকাৰী সা-সম্পত্তি, ঘৰ-দুৱাৰ, যাতায়াত ব্যৱস্থা সকলো সংৰক্ষণ আৰু প্ৰতিপালন কৰাৰ কর্তব্য নাগৰিকৰে। একেদৰে নাগৰিকেই প্রস্তুত কৰা আইন-নীতি আদিৰ প্রতিও নাগৰিকে আনুগত্য প্রকাশ কৰাটো প্রধান কর্তব্য। দেশৰ শান্তি বিঘ্নিত নকৰা, আইন মানি চলাত প্রত্যেক নাগৰিকৰে সচেতনতা থকা প্রয়োজনীয়। একেদৰে বিভিন্ন কৰ-কাটল বা আন ৰাষ্ট্ৰীয় নিৰ্ধাৰিত অৰিহণা আদি সময়মতে দিয়াটো নাগৰিকৰ আন এক কর্তব্য। কৰ-কাটল আদি সময়মতে আদায় নিদিলে, নাইবা কৰ আদি আদায়ত ফাঁকি দিলে ৰাষ্ট্ৰৰ মূল চালিকাশক্তি বিত্তীয় দিশটোত নেতিবাচক প্ৰভাৱ পৰে। সেয়ে কৰ সময়মতে আদায় দিয়া উচিত। অকল কৰেই নহয় আইন-শৃংখলা ৰক্ষা, ভোটাধিকাৰ সাব্যস্ত কৰা, ৰাজনৈতিক সচেতনা, আনৰ অধিকাৰত হস্তক্ষেপ নকৰা আদিও নাগৰিকৰ ৰাষ্ট্ৰৰ প্রতি অন্যতম কর্তব্য। ৰাষ্ট্ৰীয় সংহতি ৰক্ষা, দুৰ্নীতিক প্রশ্রয় নিদি বিৰোধিতা কৰা, নিজৰ অধিকাৰৰ প্রতি সচেতন হোৱা আদিও নাগৰিকৰ নৈতিক কর্তব্য। লগতে ৰাষ্ট্ৰৰ স্বাৰ্থত তথা জাতীয় সামূহিক স্বাৰ্থত ব্যক্তি স্বার্থ আঁতৰাই থৈ সর্বস্ব ত্যাগৰ বাবে সাজু থকাটোও এজন দায়িত্বশীল নাগৰিকৰ কর্তব্য।

সামৰণি:
এখন ৰাষ্ট্রই নাগৰিকৰ সকলো নায্য অধিকাৰ ভোগৰ সুবিধা প্ৰদান কৰাৰ পাছত ৰাষ্ট্ৰ যন্ত্ৰটো নিয়াৰিকৈ চলি থকাটো আৰু ৰাষ্ট্ৰৰ বিকাশ সাধন কৰাটো সহজসাধ্য নহয়। কিন্তু ভাৰতৰ দৰে এক বিশাল তথা বৈচিত্র্যময় দেশত সেয়া সম্ভৱ হৈছে নাগৰিকৰ অধিকাৰৰ উদাৰতা আৰু কৰ্তব্য পালনৰে। জনসাধাৰণে যিসকলক শাসন চলাবলৈ দিয়ে তেওঁলোকে যাতে জনসাধাৰণে অধিকাৰসমূহ ভোগ কৰাত কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰখা উচিত। একদেৰে নাগৰিকে ৰাষ্ট্ৰৰ প্ৰতি সকলো সময়তে উৎসর্গিত মনোভাৱ পোষণ কৰা উচিত। তেহে এখন সমৃদ্ধিশালী ৰাষ্ট্ৰ সম্ভৱ হৈ উঠে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top