নাৰী মুক্তি আন্দোলন

ভূমিকা:
নাৰী, মাতৃ-ভগ্নী-প্ৰাণাধিকা প্রিয়া, সৃষ্টি চৰাচৰৰ আধাৰ নাৰী। নাৰীৰ অবিহনে আমাৰ পৃথিৱী হৈ পৰিব শূন্য। জননী, মাতৃ, ৰক্ষাকৰ্তাৰূপে পৃথিৱীত জীৱৰ বসতি সম্ভৱ কৰি তুলিছে নাৰীয়ে। নাৰীবিহীন পৃথিৱী মানে জনশূন্য ধৰাতল। নাৰীয়ে ইচ্ছা কৰিলে এই পৃথিৱীত সৃষ্টি আৰু ধ্বংস দুয়োটা সমানে কৰিব পাৰে।

ভাৰতত নাৰীৰ স্থান:
ভাৰতত নাৰীৰ স্থান ক’ত ঘপহকৰে কোৱা টান। ইয়াত যেনেকৈ নাৰীৰূপে দুর্গা, সৰস্বতী, কালীৰ পূজা কৰা হয় তেনেকৈ বছৰত কিমান মহিলা যৌতুকৰ জুইত জাহ যায়, কিমান শিশু কন্যা ভ্ৰূণতে হত্যা কৰা হয় তাৰ হিচাপ কাৰো হাতত নাই। ইয়াৰ পৰা এটা কথাই স্পষ্ট হয় যে ভাৰতত নাৰী সদায় পুৰুষৰ অধীন। প্রাকৃতিক-শাৰীৰিক কাৰণত নহয়, নাৰী সামাজিক কাৰণত পুৰুষৰ অধীন হৈ আছে। প্রাচীন কালৰেপৰা আজিলৈকে ভাৰততে নহয় পৃথিৱীৰ নানা ঠাইত নাৰী শোষণৰ বলি হৈ আহিছে। নাৰীয়ে মাতৃ হিচাপে ঘৰ-সংসাৰৰ বাঘজৰী চম্ভালি সন্তানক শিক্ষা-দীক্ষা দি মানুহ হিচাপে গঢ়ি তুলি এক গধুৰ দায়িত্ব পালন কৰে। ঘৰখনৰ মূল মানুহগৰাকী হ’ল নাৰী। আনকি নাৰীগৰাকীয়ে ঘৰখনৰ পৰা সমাজখনৰো ভেটি গঢ়াত প্ৰচুৰ সহায় কৰে। ৰাজনীতি, সমাজ, ধর্ম আদিৰ ক্ষেত্ৰতো নাৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভাৰতীয় সমাজ ব্যৱস্থাত নাৰীৰ ভূমিকা অতি গুৰুত্বপূর্ণ। অথচ ভাৰততে সর্বাধিক নাৰী নির্যাতন হয়। ইয়াত প্ৰতি বছৰে কিমান নাৰী ঘৰুৱা নির্যাতন, শাৰীৰিক অত্যাচাৰ, যৌতুকৰ বলি হয় তাৰ খবৰ আমি পায়ে থাকো। প্রাগৈতিহাসিক কালৰে পৰা আজিৰ তাৰিখলৈকে কিমান। নাৰী শোষণৰ বলি হৈছে তাৰ হিচাপ নাই। সীতাৰ দৰে মহিয়সীৰ অগ্নিপৰীক্ষা, দ্ৰৌপদীৰ বস্ত্ৰহৰণ, জয়মতীক কৰা অত্যাচাৰ আদি অনেক নির্যাতনৰ কাহিনী আমি জানো। একেখন ভাৰততে ইন্দিৰা গান্ধী, প্রতিভা পাটিল, সুনীতা উইলিয়ামছ, কল্পনা চাওলা, ছানিয়া মির্জা আদিৰ দৰে মহিলা আছে আৰু যৌতুকৰ বাবে বলি হোৱা নাৰী, নিপীড়িত শিশু কন্যা আদিও আছে। ভাৰতেই এনে এখন দেশ য’ত নাৰী একেলগে নির্যাতিত আৰু পূজিত হৈ আহিছে। য’ৰ পৰা আৰম্ভ হৈছে নাৰী মুক্তি আন্দোলন। নাৰীৰ শোচনীয় অৱস্থাই আন্দোলনৰ পথত আগবাঢ়ি যাবলৈ বাধ্য কৰিছে নাৰীক।

ইতিহাসত নাৰী মুক্তি আন্দোলন:
সমাজ পৰিৱৰ্তনৰ লগে লগে নাৰীৰ অৱস্থাৰো পৰিৱৰ্তন ঘটিল। ইউৰোপৰ শিল্প বিপ্লৱৰ ফলত গণতান্ত্রিক ধাৰণা সমগ্ৰ বিশ্বতে প্ৰচাৰ হবলৈ ধৰে। সাম্য, মৈত্রী, মুক্তিৰ ধ্বনিৰে ফৰাচী বিপ্লৱেও পৃথিৱীত স্বাধীনতাৰ বীজ সর্বত্র ৰোপন কৰিছিল। নাৰীৰ মাজতো তেতিয়াই চাৰি বেৰৰ মাজৰ পৰাই ওলাই অহাৰ এক ধাৰণাই পোখা মেলিছিল। সংসাৰৰ বোজা লোৱাৰ পাছতো যে নাৰীৰ কৰিবলগীয়া বহু কাম আছে সেয়া বুজি পাইছিল নাৰীসকলে। নাৰীয়ে পুৰুষৰ সমানে সমানে সামাজিক কাম, উৎপাদন ব্যৱস্থা, কৃষি, সাহিত্য, ৰাজনীতি, সংস্কৃতি আদি সকলো দিশতে আগবাঢ়িব পাৰে, সেইকথা উপলব্ধি কৰিছিল। কালক্ৰমত সেয়া হৈ উঠিছিল নাৰীমুক্তি আন্দোলন। নাৰীমুক্তিৰ আন্দোলন আচলতে পশ্চিমৰ দেশবোৰত আৰম্ভ হৈছিল। নাৰীৰ যে এক বেলেগ সত্তা আছে সেইকথা তেওঁলোকে উপলব্ধি কৰিছিল। সম্পত্তিৰ অধিকাৰ, বিবাহ আৰু বিবাহোত্তৰ নির্যাতনৰ পৰা মুক্তি, শিক্ষাৰ অধিকাৰ, ব্যক্তিগত জীৱনত পুৰুষৰ সমানে আগবঢ়া আদিৰ বাবে চাৰিবেৰ ভাঙি ওলাই আহিছিল তেওঁলোক। পুৰুষৰ দৰে সকলো বৃত্তি অৱলম্বন কৰি জীৱিকাৰ বাট মোকলোৱা, ভোট দিয়াৰ অধিকাৰ, সমাজত পুৰুষৰ সমানে যি যি অধিকাৰ লাগে সেই সকলো পাবৰ বাবে সংগ্ৰাম কৰিছিল। যাৰ ফলত পুৰুষৰ সমানে জীৱন ধাৰণ আৰু জীৱিকা উপাৰ্জন কৰিব পাৰিছিল তেওঁলোকে। ঔদ্যোগিক বিকাশ, শিক্ষাৰ প্ৰসাৰ আদিৰ ফলত কল-কাৰখানাতো কাম কৰাৰ সুবিধা ওলাল। কিন্তু মহিলাসকল শাৰীৰিক শক্তিত পুৰুষতকৈ কম বুলি এটা ধাৰণা প্রচলিত হোৱাৰ ফলত কু-প্ৰভাৱ পৰিছিল। পুৰুষৰ সমানে কাম কৰিলেও সমান বেতন নাপাইছিল। অস্বাস্থ্যকৰ পৰিৱেশত কাম কৰাৰ ফলত মহিলাসকলে পুৰুষৰ তুলনাত সোনকালে অসুখ আদিত ভূগিছিল। এনে অনেক সমস্যাই যেতিয়া সহ্যৰ সীমা পাৰ কৰিলে তেতিয়া মহিলাসকলে আন্দোলনৰ পথ বাচি ল’লে। প্ৰথম অৱস্থাত সংগঠন গঢ়ি, মেল-মিটিং কৰি ৰাইজক বিশেষকৈ, মহিলাসকলক সজাগ কৰাৰ চেষ্টা কৰা হ’ল। আন্দোলন, অনশন, ধর্মঘট আদি কৰিও নাৰী মুক্তিৰ বাবে সংগ্রাম চলাই যোৱা হ’ল। এনে বহু ঘটনাৰ সাক্ষী ইতিহাস। কোনো কষ্টকে কষ্ট নুবুলি তেতিয়াৰ স্বাধীনতাকামী নাৰীয়ে চলাই গ’ল তেওঁলোকৰ মুক্তি সংগ্রাম। অৱশেষত দুখন মহাসমৰৰ পাছত পৃথিৱীৰ ঠায়ে ঠায়ে নাৰী মুক্তি আন্দোলনে সফলতা লাভ কৰিলে। প্রাপ্য অধিকাৰ পালে নাৰীয়ে।

নাৰীয়েই হ’ব আন্দোলনৰ গুৰি ধৰোঁতা:
এসময়ত নাৰীয়েই আৰম্ভ কৰিছিল নাৰীমুক্তি আন্দোলন। পুৰুষতান্ত্রিক সমাজখনত মহিলাই অর্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক, আইন সকলো দিশতে নিজৰ ক্ষমতা প্ৰমাণ কৰিছে। ভাৰতৰ দৰে দেশ এখনতো সেই কথা স্পষ্টৰূপত ধৰা পৰিছে। স্বাধীনতা আন্দোলনত অংশ লোৱাৰপৰা আৰম্ভ কৰি বৰ্তমানলৈকে ভাৰতৰ নাৰীসকলে সকলো ক্ষেত্ৰতে পুৰুষৰ সমানে অধিকাৰ সাব্যস্ত কৰিছে। নির্যাতনৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিছে। নাৰীয়েই গুৰি ধৰিলে নিজৰ মুক্তি আন্দোলনৰ। সম্প্রতি সমগ্ৰ বিশ্বতে নাৰী মুক্তি আন্দোলনৰ জয়জয়কাৰ শুনা গৈছে। হাজাৰ হাজাৰ বছৰ ধৰি চলি থকা বন্ধন ছিঙি নাৰীয়ে আৰম্ভ কৰা মুক্তি আন্দোলনে সূচনা কৰিছে নতুন পথ। কিন্তু এতিয়াও আছে বহু দূৰ যাবলগীয়া, কাৰণ নাৰীয়ে আৰম্ভ কৰা নাৰী মুক্তি নাৰীয়েই কেতিয়াবা বাধা হৈ আন্দোলনত থিয় দিয়া দেখা যায়। ঘৰ এখনত মহিলাসকলৰ সম্পূৰ্ণ সমৰ্থন নহ’লে যৌতুকৰ বলি হবলগীয়া নহ’লহেঁতেন কোনো নাৰী। এয়াও স্বীকাৰ কৰিব লাগিব, ক’ৰবাত কোনোবা দিনা কোনো নাৰীয়ে কাৰোবাৰ কষ্ট বুজাৰ বাবে সম্ভৱ হ’ল নাৰী মুক্তি আন্দোলনৰ।

সামৰণি:
সমাজত মহিলাসকলক পৃথিৱীৰ পোহৰ দেখাৰ পৰাই নানা ধৰণে বুজোৱা হয় যে তেওঁলোকৰ সৃষ্টি হৈছে পুৰুষৰ বাবে। পুৰুষৰ মাতৃ, পত্নী, প্রেয়সী হোৱাটোৱেই যেন নাৰীৰ জীৱনৰ মূল-মন্ত্ৰ। সন্তানৰ মাতৃ হোৱা, ঘৰ চম্ভালা আদিৰ বাহিৰেও যে নাৰী এক স্বতন্ত্র সত্তা সেয়া বুজি উঠাৰ পাছতহে আচলতে নাৰী মুক্তি হ’ব। অভিনয়, মডেলিং আদিৰ দ্বাৰা শৰীৰ প্ৰদৰ্শনৰ যি ধূম উঠিছে তাক আন্দোলন কৰিব নহয় নিজৰ উপলদ্ধিৰ পৰাহে বুজিব লাগিব এয়া যে এক প্ৰকাৰৰ শোষণ। বলাৎকাৰ আদিৰ দৰে অপমানজনক, অমানুষিক কার্য সংঘটিত হোৱাটোত নগ্ন নাৰীৰো ভূমিকা বহুত। গতিকে এনেবোৰ কথাৰ বিৰোধিতা কৰি গণ আন্দোলন কৰিলেহে আচলতে নাৰী মুক্তি আন্দোলন হ’ব। আন্দোলন কৰাৰ আগত প্ৰতিগৰাকী নাৰীয়ে জানিব লাগিব ‘মুক্তি’ৰ অর্থ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top