Table of Contents
সমাজ ব্যক্তিৰ সমষ্টি। ব্যক্তিয়েই হৈছে সমাজ গঠনৰ ক্ষুদ্ৰতম আহিলা। নাৰী আৰু পুৰুষ হ’ল ব্যক্তিসমষ্টিৰ দুই উপকৰণ। নাৰী আৰু পুৰুষক লৈহে সমাজ গঠন হয়। এই দুই উপকৰণৰ এটা অবিহনে সমাজৰ কল্পনাও কৰিব নোৱাৰি। সেয়েহে মানৱক ৰাষ্ট্ৰৰ সম্পদ হিচাপে গণ্য কৰাৰ সময়ত নাৰী-পুৰুষৰ কিবা প্ৰভেদ আছে বুলি মানি ল’ব নোৱাৰি অর্থাৎ, সমাজ সংগঠনত নাৰী আৰু পুৰুষৰ ভূমিকা সমান্তৰাল; এটা আনটোৰ পৰিপূৰক। সেয়েহে সমাজৰ আধাক বাদ দি ৰাষ্ট্ৰৰ প্ৰগতি আশা কৰিব নোৱাৰি। অর্থাৎ, ৰাষ্ট্ৰৰ প্ৰগতিৰ স্বাৰ্থতে নাৰী সৱলীকৰণৰ প্ৰাসংগিকতা আহি পৰে।
ভাৰতৰ ইতিহাসত নাৰীৰ স্থান
ইতিহাসে আমাক কয় যে বৈদিক যুগত নাৰীৰ স্থান অতি উৰ্ধত আছিল। ‘ত্বং স্ত্রী, ত্বং পুমানপিঃ (তুমিয়ে নাৰী তুমিয়ে পুৰুষ) স্বেতাস্বতৰ উপনিষদৰ এই বাণীয়ে আমাক এই কথাৰ প্ৰমাণ দিয়ে। মধ্যযুগৰ সমাজত নাৰীৰ মৰ্যাদা হ্রাস পায় যদিও এইখিনি সময়তো নাৰীৰ মহীয়সীৰূপটোও প্রতিফলিত হৈছিল। ভাৰতৰ পৰাধীনতাৰ কালছোৱাত নাৰী সৱলীকৰণত শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথা উপলব্ধি কৰি এইক্ষেত্ৰত বিভিন্ন কাম- কাজ আগবাঢ়িছিল। ড্রিক ৱার্চাৰ বেথুন, ৰাজা ৰামমোহন ৰায়, দয়ানন্দ সৰস্বতীৰ ভূমিকা এইক্ষেত্ৰত বিশেষ মন কৰিবলগীয়া। ১৮৫৪ চনত শিক্ষা আয়োগ গঠন আৰু আয়োগৰ প্রতিবেদনৰ ফলস্বৰূপে ১৮৭৭ চনত কলকাতাত ছোৱালীকো প্ৰৱেশিকা পৰীক্ষাত বহিবলৈ দিয়া ঘটনা আছিল নাৰী শিক্ষাৰ বাবে উল্লেখযোগ্য পদক্ষেপ। তথাপি ১৯৩৭ চনত ভাৰতত ছাত্ৰীৰ সংখ্যা আছিল ২.৩৮ শতাংশ।
এয়া এক ইতিবাচক দিশ যে স্বাধীনতাৰ পিচত নাৰীয়ে পুৰুষৰ সমানে মর্যাদা লাভ কৰিলে। ভাৰতৰ সংবিধানতো নাৰীৰ শিক্ষা তথা অন্যান্য দিশ সন্নিবিষ্ট হ’ল ১৯৫২-৫৩ চনত মাধ্যমিক শিক্ষা আয়োগে গঠন হয় আৰু ১৯৫৮ চনত স্ত্ৰী শিক্ষাৰ বাবে গঠিত ডজাতীয় সমিতিয়ে স্ত্রী শিক্ষা সম্পৰ্কীয় ভালেমান মূল্যৱান পৰামৰ্শ আগবঢ়ায়। এনেদৰে নাৰী শিক্ষাই দোপতদোপে আগবাঢ়ি নাৰী সৱলীকৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে। এই শিক্ষাৰ পোহৰেৰে উজলি উঠাৰ লগতে আজিৰ সমাজত নাৰীয়ে পুৰুষৰ সমানে সমানে খোজ মিলাবলৈ সক্ষম হৈছে।
নাৰী সৱলীকৰণৰ প্রয়োজনীয়তা
পুৰুষৰ বাবে সৱলীকৰণৰ যি প্ৰয়োজন নাৰীৰ বাবেও একেই প্রয়োজন। নাৰীৰ অন্তৰত থকা সুপ্ত মানৱাত্মাক জাগ্ৰত কৰি প্রকৃত মনুষ্যত্ব লাভ কৰিবলৈ নাৰী সৱলীকৰণ অপৰিহার্য। নাৰী সমাজৰ অন্যতম অংগস্বৰূপ। সমাজ সুস্থ-সৱল কৰি ৰাখিবলৈ নাৰী সৱলীকৰণৰ বিশেষ আৱশ্যকতা আছে। ঘৰ এখনৰো শ্ৰীবৃদ্ধি প্ৰধানকৈ নিৰ্ভৰ কৰে মাকৰ ওপৰতে। ঘৰখনত মাকৰ ওচৰতেই ল’ৰা-ছোৱালীয়ে প্ৰথমতে শিক্ষা লাভ কৰে। মাক যদি বিভিন্ন দিশৰ পৰা সৱল হয় তেওঁ নিজৰ ল’ৰা-ছোৱালীক উপযুক্ত শিক্ষা দি উচ্চ আদৰ্শৰে অনুপ্ৰাণিত কৰিব পাৰে। ফলত সমাজৰ এটা চাম হৈ পৰিব পাৰে উত্তৰণৰ চাবি কাঠী। মুঠতে ঘৰ এখন, সমাজ এখন সুশৃংখলভাৱে চলাবলৈ বর্তমান যুগত নাৰী সৱলীকৰণৰ প্রয়োজনীয়তা আছে।
সামৰণি
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি, শিক্ষাৰ প্ৰসাৰ, পাশ্চাত্যৰ প্ৰভাৱ আদিৰ ফলত স্ত্রী-পুৰুষৰ পাৰ্থক্য ক্ৰমাৎ কমি আহিছে বুলি সকলোৱে মানি লয়। কিন্তু যেতিয়ালৈকে যৌতুক, কন্যা শিশু/ভ্রণ হত্যা আদিৰ দৰে মানৱতাবিৰোধী আচৰণবোধ সমাজত চলি থাকিব, তেতিয়ালৈকে সমাজ বা ৰাষ্ট্ৰই নাৰীৰ সমান অধিকাৰ বুলি মৰা চিৰবোৰ ব্যর্থ হ’ব। গতিকে আধুনিক সমাজ ব্যৱস্থাৰ স্বৰূপ এনে হ’ব লাগিব যাতে নাৰীয়ে সুকন্যা, সুমাতা, সুভার্যা হোৱাৰ লগতে নিজবুদ্ধি আৰু জ্ঞানৰ আলোকেৰে জীৱশ্রেষ্ঠ মানৱ বুলি প্রতিপন্ন কৰাত সহায় কৰিব পাৰে।
(আশা কৰোঁ আপুনি ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)