দিল্লীৰ এজন চিত্ৰকৰে খুব ভাল ছবি আঁকিছিল। তেওঁৰ ছবিয়ে সকলােকে মােহিত কৰিছিল। কাৰণ ছবিবােৰ আছিল নিখুঁট। সেইবাবে বহুত দাম দিও বহুত মানুহে তেওঁৰ চিত্ৰ কিনিছিল। এইদৰে চিত্ৰ বিক্ৰী কৰিয়ে চিত্ৰকৰজনে তেওঁৰ সংসাৰ চলাইছিল।
এদিন এজন সুদখােৰ মহাজন চিত্ৰকৰজনৰ ওচৰলৈ গৈ ক’লে – “তুমি মােৰ নিজৰ ছবি এখন আঁকি দিব পাৰিবানে? ছবিখন ঠিক অবিকল মােৰ চেহেৰাৰ দৰে হ’লে তােমাক এক হাজাৰ সােণৰ মুদ্রা দিম। যদি নহয়, তেনেহলে নিদিও।”
দুখীয়া চিত্ৰকৰজন স্বৰ্তমতেই আঁকিবলৈ ৰাজী হ’ল। কাৰণ চিত্ৰকৰৰ বিশ্বাস আছিল যে চিত্র অবিকল মহাজনৰ দৰেই হ’ব। কিছুদিনৰ পিছত অশেষ যত্ন সহকাৰে চিত্ৰকৰে মহাজনৰ প্রতিকৃতি আকি লৈ গৈ উপস্থিত হ’ল মহাজনৰ ঘৰত। মহাজনে প্রতিকৃতি চাই। ক’লে – “নাই ঠিক হােৱা নাই। অবিকল মােৰ চেহেৰাৰ দৰে হােৱা নাই।”
চিত্ৰকৰ অবাক হ’ল। ক’লে – “ঠিকেইতাে আঁকিছাে।”
মহাজনে খং কৰি ক’লে – মই কৈছাে নহয় ঠিক হােৱা নাই। তুমি আৰু এখন আঁকি লৈ আহিবা। এইখন মােৰ তাতে থৈ যােৱা।”
চিত্ৰকৰে দ্বিতীয় এখন ছবি আঁকি মহাজনক দিলেগৈ। এইবাৰাে মহাজনে আগৰ দৰেই খুঁত ধৰি ঘূৰাই পঠালে। এইদৰে চাৰিখন ছবি আঁকি মহাজনক দিলে যদিও মহাজনে কিবা এটা নহয় এটা খুঁত দেখুৱাই চিত্ৰকৰক ওভটাই পঠিয়ালে। চাৰিখন প্রতিকৃতিয়ে মহাজনে নিজৰ ওচৰত ৰাখিলে আৰু চিত্ৰকৰক পাৰিশ্রমিক নিদিলে।
চিত্ৰকৰৰ বহুত লােকচান হ’ল। কি কৰিব একো ভাবি নাপাই সি বীৰবলৰ ওচৰলৈ গৈ সকলাে বিবৰি ক’লে। চিত্ৰকৰৰ কথা শুনি বীৰবলে হাঁহিলে আৰু চিত্ৰকৰক এটা বুদ্ধি শিকাই দিলে। এইটোও ঠিক হ’ল যে চিত্রকৰে মহাজনৰ প্রতিকৃতি লৈ গৈ দিবৰ সময়ত বীৰবলো তাত উপস্থিত থাকিব।
কথামতে বীৰবল এদিন মহাজনৰ ঘৰলৈ গ’ল। কুশল বিনিময় কৰি দুয়াে আলােচনা কৰি থাকোঁতে তাত গৈ উপস্থিত হ’ল চিত্ৰকৰ। চিত্ৰকৰৰ হাতত আছিল কাগজেৰে মেৰােৱা ছবিৰ দৰে এটা ফ্রেম। বীৰবলৰ সমুখতে চিত্ৰকৰে সেইটো মহাজনৰ হাতত তুলি দিলে।
মহাজনে সুধিলে – “এয়া কি?”
“কিয়? আপােনাৰ চেহেৰাৰ অবিকল ছবি। খুলি চাই সমুখত ধৰিলেই দেখিব আপােনাৰ অবিকল প্রতিকৃতি। আপুনি যেনেকুৱা ঠিক তেনেকুৱাই দেখিব। এইবাৰ আপুনি ভুল উলিয়াব নােৱাৰিব।”
মহাজনে খুলি চাই দেখিলে প্রতিকৃতি নহয়, এখন ডাঙৰ আইনাহে। ক’লে – “এইখন দেখােন আইনাহে।”
বীৰবলে তেতিয়া ক’লে –- “মহাজন, কেবল আইনাতে নিজৰ অবিকল চেহেৰা ফুটি উঠে। আপুনিতাে চিত্ৰকৰৰ পৰা ইয়াকেই বিচাৰিছিল। চিত্রকৰে আপােনাক আইনা দি ভালেই কৰিছে। কাৰণ দুখীয়া চিত্ৰকৰক আপুনি চাৰিবাৰ ঠগালে। এইবাৰ আপােনাৰ কথামতে চিত্ৰকৰক মজুৰি দিব লাগিব।”
মহাজন বিমােৰত পৰিল। প্রতিশ্রুতিমতে বীৰবলৰ সমুখতে মজুৰি দিবলৈ বাধ্য হ’ল।