নেলছন মেণ্ডেলা

আৰম্ভণিঃ
কৃষ্ণাংগ মহানায়ক নেলছন মেণ্ডেলা আছিল উচ্চ-নীচৰ ভেদাভেদ ওফৰাই সমন্বয়ৰ সাঁকো বন্ধনেৰে পৃথিৱীত ন-প্রভাত সূচনাকাৰী উদ্দীপ্ত সূর্য। বিশ্বব্যাপি বর্ণবৈষম্যবাদ বিৰােধী সংগ্ৰামৰ প্রতীক। এই কিংবদন্তি মুক্তিযােদ্ধাগৰাকীৰ সম্পূর্ণ নাম নেলছন ৰােলিহলাহলা মেণ্ডেলা। পিতৃৰ নাম গাড়লা হেনৰী এমফাকানিয়াছৰা আৰু মাতৃৰ নাম নছেকেনি ফেনি মেণ্ডেলা। পত্নী গ্রাচা মেণ্ডেলা, উইন মেণ্ডেলা, ইভিনিল মেণ্ডেলা আৰু সন্তান জিন্দজি, জেনানি, মাকাজিৰে, মাকগাথো আৰু থেমবেকিলে।
জন্ম, শিক্ষা আৰু বিবাহঃ
দক্ষিণ আফ্রিকাৰ ট্রান্সস্কেইৰ কুনু নামৰ গাঁৱত ১৯১৮ চনৰ ১৮ জুলাইত নেলছন মেণ্ডেলাই জন্মগ্রহণ কৰিছিল থেম্বু ৰাজবংশৰ এক কৃষ্ণাংগ ৰাজপৰিয়ালত। সাতবছৰ বয়সত অশিক্ষিত পিতৃ-মাতৃদ্বয়ে গৰুৰখীয়া মেণ্ডেলাক প্রাথমিক শিক্ষাৰ বাবে স্থানীয় মেথ’ডিষ্ট বর্ডিং স্কুললৈ পঠিয়ায়। পাছত  কৃষ্ণাংগ আফ্রিকানসকলৰ বৃহত্তম বিদ্যালয় ব্লেকবেৰী ব’র্ডিং ইনষ্টিটিউটত মেণ্ডেলাই মাধ্যমিক শিক্ষা আৰম্ভ কৰে। ১৯৩৭ চনত তেওঁ উচ্চ শিক্ষাৰ বাবে ফ’র্ট বিউফ’ৰ্টৰ ৱেছলেইয়ান কলেজত নাম ভর্তি কৰে। ইয়াতে তেওঁ বক্সিং আৰু দীর্ঘ দূৰত্বৰ দৌৰত পাৰদৰ্শিতা দেখুৱায়। ১৯৩৯ চনত কলেজৰ পৰা বিতাড়ণ লয় আৰু ফ’র্ট হাৰে বিশ্ববিদ্যালয়ৰ পৰা সংযােগী পাঠ্যক্ৰমৰ জৰিয়তে কলাত স্নাতক ডিগ্রী হয়। ১৯৪১ চনত জোহান্স বার্গলৈ গৈ আইন অধ্যয়ন কৰিবলৈ লয়। ১৯৪২ চনত উইট ৱাটাৰ্ছ ৰেণ্ড বিশ্ববিদ্যালয়ত আইন বিষয়ত নামভর্তি কৰে। কিন্তু তেওঁ বর্ণবৈষম্যবাদ বিৰােধী বিদ্ৰোহৰ বাবে আইনৰ চূড়ান্তবৰ্ষত তিনিবাৰকৈ অনুতীর্ণ হয় আৰু ১৯৪৯ চনৰ ডিচেম্বৰত সেই আশা ত্যাগ কৰে। পাছত দক্ষিণ আফ্রিকাৰ কেপ্টাউনত আইনৰ ডিগ্ৰী ল’বলৈ সক্ষম হয়।
১৯৪৪ চনত প্রথমা পত্নী ইভেলিন মেজৰ লগত বিবাহপাশত আবদ্ধ হয় আৰু ১৯৫৮ চনত দুয়ােৰে বিচ্ছেদ ঘটে। ১৯৫৮ চনত সমাজকর্মী উইনি মেডিকিজেলাক বিয়া কৰায়। মেণ্ডেলাৰ পৰৱৰ্তী সংগ্রামী জীৱনত উইনিয়ে অনবদ্য ভূমিকা পালন কৰিছিল। উইনিৰ সৈতেও ১৯৯২ চনৰ ১৩ এপ্রিলত বিচ্ছেদ ঘটাত মেণ্ডেলাই আশীবছৰীয়া জন্মদিনত গ্ৰাচা মাচেলক বিয়া কৰায়।
কর্মজীৱনঃ
জাতীয় মুক্তিৰ সংগ্ৰামৰ পৰা দেশৰ ক্ষমতালাভলৈকে নেলছন মেণ্ডেলাৰ আছিল বর্ণাঢ্য জীৱন পৰিক্ৰমা। মেণ্ডেলাৰ শৈশৱ কাল গৰখীয়া হিচাপে আৰম্ভ হৈছিল। সমনীয়াৰ সৈতে গৰু চৰােৱাত তেওঁ ব্যস্ত আছিল। ১৯৪১ চনৰ এপ্রিলত মেণ্ডেলা জোহান্সবার্গ চহৰত উপস্থিত হয় আৰু তাৰ ‘ক্রাউন মাইনছ’ত তেওঁ নৈশ চকীদাৰ হিচাপে যােগদান কৰে। তাতে তেওঁ দক্ষিণ আফ্রিকাৰ পুঁজিবাদী শােষণ ব্যৱস্থাৰ মুখামুখি হয় প্রথমবাৰৰ বাবে আৰু তাৰ পৰা এদিন পলায়ন কৰি পাছত জর্জ গছ চহৰত থাকিবলৈ লােৱাৰ সময়তে মেণ্ডেলাৰ সাক্ষাৎ ঘটে এ এন চিৰ সদস্য ৱাল্টাৰ ছিছুলুৰ সৈতে। তেনেদৰেই তেওঁ উইটকিন, ছিডেলক্সি আৰু ইডেনমেন নামৰ আইনী প্রতিষ্ঠানত কাম কৰে। এই প্রতিষ্ঠানটোত এ এন চিৰ অনুগত বহু কর্মী ভৰি আছিল আৰু তাতে মেণ্ডেলাৰ মনত বর্ণবৈষম্যবাদবিৰােধী প্রতিবাদী মনটো প্রােথিত হয়। মেণ্ডেলাই আফ্রিকান নেচনেল কংগ্ৰেছত যােগ দিছিল ১৯৪২ চনত। ইয়াৰ সদস্য হিচাপে সুদীর্ঘ ২০ বছৰ ধৰি মেণ্ডেলাই দক্ষিণ আফ্রিকাৰ চৰকাৰৰ বিৰুদ্ধে গান্ধীৰ আদর্শেৰে শান্তিপূর্ণ অহিংস প্রতিৰােধ গঢ়ি তােলে। ১৯৪৩ চনৰ আগষ্টত বর্ধিত বাছ ভাড়া প্রত্যাহাৰৰ দাবীত মেণ্ডেলাই বাছ বর্জন কার্যসূচী এটাৰ নেতৃত্ব দিয়ে আৰু সেয়াই আছিল তেওঁৰ বিপ্লৱী মনটোৰ প্রথম বিস্ফোৰণ।
১৯৪৩ চনত উইটৱাটাৰ্ছ ৰেণ্ড বিশ্ববিদ্যালয়ত আইন পঢ়ি থকা কালত বর্ণবৈষম্যৰ মুখামুখি হােৱা মেণ্ডেলাৰ কেইবাজনাে উদাৰমনা আৰু কমিউনিষ্ট ভাবাপন্ন ইউৰােপিয়ান, ইহুদি আৰু ভাৰতীয় ছাত্ৰৰ লগত সাক্ষাৎ হয়। ইয়াৰ ভিতৰত-জ’ছলভা, হেৰী স্কুৱার্জ আৰু ৰুথফাষ্ট অন্যতম। এ এন চিত যােগদান কৰাৰে পৰা ৱাল্টাৰ ছিছুলুৰ ওর্লাণ্ডোত থকা ঘৰত মেণ্ডেলাহঁতৰ আড্ডা জমি উঠিছিল। ৰাজনীতিৰ প্রতি আগ্রহী হয় মেণ্ডেলাৰ দৰে বহু যুৱক। ১৯৪৯ চনলৈ তেওঁৰ এই বিপ্লৱী মনটো ভালদৰে ঠন ধৰি উঠে। ১৯৪৮ চনৰ দেশৰ সাধাৰণ নিৰ্বাচনত কেৱল শ্বেতাংগক ভােট দিয়াৰ অনুমতি দিয়া হৈছিল আৰু তাৰে প্রতিবাদত মেণ্ডেলা বিদ্রোহী হৈ পৰে। আৰম্ভ হয় নেচনেল কংগ্রেছৰ বেনাৰত বিদ্ৰোহৰ নতুন অধ্যায়। ১৯৫৫ চনৰ ফেব্ৰুৱাৰীত জোহান্সবার্গত অহিংস পদ্ধতিৰে কৃষ্ণাংগৰ এটা সংঘ ভাঙি পেলােৱাৰ প্রতিবাদ কৰিবলৈ গৈ ব্যর্থ হােৱা নেলছন মেণ্ডেলাই ঘােষণা কৰিছিল—এ এন চি অহিংস নহয়; হিংস্ৰ আৰু সশস্ত্র বিপ্লৱ কৰিলেহে লক্ষ্যত উপনীত হ’ব পাৰি। ইয়াৰ বাবে তেওঁ চীনৰ পৰা অস্ত্র আনিবলৈ ঘনিষ্ঠ সতীর্থ ৱাল্টাৰ ছিছুলুক পৰামর্শ দিয়ে।
বিপ্লৱ আৰু কাৰাবাসঃ
১৯৫৫ চনৰ জুনত ক্লিপ্টাউনত তিনিহাজাৰ প্রতিনিধিৰ উপস্থিতিত এখনি অভিৱৰ্তন অনুষ্ঠিত হয়। কিন্তু আফ্রিকান চৰকাৰে এই অভিৱৰ্তন ব্যর্থ কৰে। পিচে মেণ্ডেলাৰ বাবে এই অভিৱৰ্তনখনৰ গুৰুত্ব পিছলৈ বহুলাংশে বৃদ্ধি পায় আৰু তেওঁ নেতৃত্ব ল’ব পৰা গুণ বর্জন কৰে। এই সময়খিনিতে চৰকাৰে তেওঁক ৰাজহুৱা স্থানত উপস্থিত হােৱাত কেইবাবাৰাে বাধা নিষেধ আৰােপ কৰে। অধিবক্তা হিচাপে বহুসময়ত চৰকাৰ বিৰােধী কার্যকলাপত লিপ্ত হােৱাৰ বাবে ১৯৫৬ চনত চৰকাৰে তেওঁক গ্রেপ্তাৰ কৰে যদিও প্রমাণৰ অভাৱত মুক্তি দিবলৈ বাধ্য হয়। অর্থাৎ ১৯৫৬ চনৰ ৫ ডিচেম্বৰত মেণ্ডেলাক দেশদ্ৰোহৰ গােচৰত গ্রেপ্তাৰ কৰা হৈছিল। মেণ্ডেলাই ১৯৬১ চনত অহিংস আন্দোলনত বিশ্বাস হেৰুৱাই এটা সশস্ত্রবাহিনী গঠন কৰে আৰু চৰকাৰী বাহিনীক আক্ৰমণৰ লক্ষ্য কৰি লােৱাত তেওঁক গ্রেপ্তাৰ কৰে। ১৯৬১ চনৰ ২৯ মার্চত ছবছৰীয়া বিচাৰৰ অন্তত মেণ্ডেলাক দোষমুক্ত ঘােষণা কৰা হয়। কিন্তু ১৯৬২ চনৰ ৫ আগষ্টত মেণ্ডেলাক পুনৰ গ্ৰেপ্তাৰ কৰা হয় আৰু এই বছৰৰে নৱেম্বৰত পাঁচবছৰৰ কাৰাদণ্ডেৰে জোহান্সবার্গ মাৰ্ছাল স্কোৱেৰ জেলত ৰখা হয়। প্রায় ১৭৩ জন। সাক্ষী, হাজাৰৰাে অধিক নথি-পত্ৰ আৰু ফটোগ্রাফ মেণ্ডেলাৰ বিৰুদ্ধে উত্থাপন কৰি আৰম্ভ হয় ঐতিহাসিক ৰিভ’নিয়া বিচাৰ। দেশদ্রোহ, চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্র আদি দোষ জাপি দি ১৯৬৩ চনৰ ৯ অক্টোবৰৰ পৰা প্রিট’ৰিয়া ছুপ্রিম ক’ৰ্টত আৰম্ভ হয় ৰিভ’নিয়া বিচাৰ। ১৯৬৪ চনৰ ১২ জুনত নেলছন মেণ্ডেলাক চৰকাৰবিৰােধী ৰাজনৈতিক কর্মকাণ্ডত জড়িত থকাৰ অভিযােগত যাৱজ্জীবন কাৰাদণ্ডৰ হুকুম দিয়া হয়। কিন্তু তাৰ পূর্বে ১৯৬২-১৯৮২ চনলৈ তেওঁক ৰ’বেন দ্বীপৰ এটা নির্জন কুঠৰীত ৰখাৰ হুকুম দিয়া হৈছিল। বর্ণবৈষম্যবাদ বিৰােধী সংগ্ৰামৰ নেতাগৰাকীয়ে এই কাৰাগাৰতে ২৭ বছৰ কাল বন্দীজীৱন অতিবাহিত কৰি মুক্তিকামী জনগণৰ মাজত প্ৰেৰণাৰ উৎস হৈ পৰে। কিন্তু ১৯৮২ চনত ৰ’বেন দ্বীপৰ পৰা তেওঁক পুনৰ পলছুমুৰ জে’ললৈ স্থানান্তৰ কৰি ইয়াত ১৯৮৮ চনলৈ ৰখা হয়। এই সময়খিনিতে তেওঁ যক্ষ্মা ৰােগত আক্রান্ত হয় আৰু সেই চনতে মেণ্ডেলাক ভিক্টৰ ভাৰ্ছষ্টাৰ জে’লত ৰখা হয়।
মেণ্ডেলাৰ মুক্তি আৰু বঁটাঃ
১৯৮৯ চনত বার্লিনৰ প্রাচীৰ ভঙাৰ পিছতে মেণ্ডেলাৰ মুক্তিৰ দাবী সৰৱ হয়। অৱশেষত ১৯৯০ চনৰ ২ ফেব্ৰুৱাৰীত তেওঁ কাৰামুক্ত হয়। জে’লৰ পৰা মুক্ত হৈয়ে তেওঁ ডেছমণ্ড টুটুৰ ঘৰত আশ্রয় লয়। গঢ়ি তােলে সংগ্ৰামৰ অন্য এক বীৰত্বপূর্ণ ইতিহাস। তাৰ পাছত জোহান্সবার্গৰ ছ’কাৰ চিটিত একলাখ জনতাৰ সন্মুখত মেণ্ডেলাই দক্ষিণ আফ্রিকাত পৰিৱর্তনৰ ক্ষণ সমাগত বুলি ঘােষণা কৰে। ১৯৯০ চনৰ পৰা ১৯৯১ চনলৈ মেণ্ডেলাই আফ্রিকা মহাদেশ ভ্রমণৰ বাবে ওলায়। তেওঁ ‘মুক্ত দক্ষিণ আফ্রিকা’ ধ্বনিৰে জাম্বিয়া, জিম্বাব’ৱে, নামিবিয়া, লিবিয়া, আলজেৰিয়া ভ্রমণ কৰি ছুইডেন হৈ লণ্ডনত উপস্থিত হয় আৰু ইংলণ্ডত মার্গাৰেট থেচ্ছাৰক, ফ্রান্সত ফ্রাছােৱা মিট্টাৰেণ্ড, আমেৰিকাত জর্জ এইচ ডব্লিউ বুশ্বক সাক্ষাৎ কৰি ৰাষ্ট্রনেতা হােৱাৰ কছৰৎ আৰম্ভ কৰে। ১৯৯১ চনৰ জুলাইত মেণ্ডেলা এ এন চিৰ সভাপতি নির্বাচিত হয়। ১৯৯২ চনৰ ১৩ এপ্রিলত দ্বিতীয়া পত্নী উইনিৰ সৈতে বিবাহবিচ্ছেদ ঘটে। তেনে সময়তে মেণ্ডেলা আমিনা চাচালিয়া নামৰ এগৰাকী ভাৰতীয় মূলৰ মহিলাৰ প্ৰেমত পৰে। আফ্রিকান নেচনেল কংগ্ৰেছ (এ এন চি)ৰ কর্মী ইউচুফ চাচালিয়াৰ পত্নী আমিনাই ইউচুফৰ মৃত্যুৰ পাছত অকলশৰীয়া জীৱন অতিবাহিত কৰিছিল। কিন্তু মেণ্ডেলাৰ প্রেম প্রস্তাৱ তেওঁ নাকচ কৰে। সেই প্রস্তাৱ নাকচ নকৰা হ’লে আমিনা হ’লহেঁতেনে দক্ষিণ আফ্রিকাৰ ‘ফাৰ্ষ্ট লেডী’।
১৯৯৪ চনৰ ২৭ এপ্রিলত দক্ষিণ আফ্রিকাত প্ৰথমবাৰলৈ এটা মুক্ত সাধাৰণ নির্বাচন অনুষ্ঠিত হয়। সকলােৰে বাবে উৎকৃষ্ট জীৱনৰ কথা ঘােষণা কৰা মেণ্ডেলাৰ নেতৃত্বত এ এন চিয়ে ৬২ শতাংশ ভােট লাভ কৰে। তাৰ পাছত ১৯৯৪ চনৰ ১০ মে’ত মেণ্ডেলাই প্রিট’ৰিয়াত ৰাষ্ট্ৰপতিৰূপে শপতগ্ৰহণ কৰে। এইশপতগ্রহণ অনুষ্ঠানত বিশ্বৰ বিভিন্ন প্রান্তৰ চাৰি হাজাৰ প্রতিনিধি উপস্থিত আছিল। দক্ষিণ আফ্রিকাৰ প্রথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতিৰূপে নেলছন মেণ্ডেলাৰ শপতগ্ৰহণৰ এইদৃশ্য টেলিভিছন যােগে প্রত্যক্ষ কৰিছিল কেইবাকোটি লােকে।
মেণ্ডেলাৰ জীৱন কালত তেওঁ আঢ়ৈশৰাে অধিক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্রীয় সম্মান লাভ কৰিছিল। তাৰ ভিতৰত ১৯৯০ চনত ভাৰতৰ পৰা প্ৰদান কৰা ‘ভাৰত ৰত্ন’ বঁটা আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ স্বাধীনতাৰ পদক লাভ কৰে। ‘ভাৰত ৰত্ন’ৰ উপৰি ভাৰতৰ পৰা মেণ্ডেলাই কেইবাটাও বঁটা লাভ কৰে যেনে- জৱাহৰলাল নেহৰু এৱাৰ্ড ফৰ ইণ্টাৰনেচনেল আণ্ডাৰষ্টেণ্ডিং, ইন্দিৰা গান্ধী এৱাৰ্ড ফৰ ইণ্টাৰনেচনেল জাষ্টিচ এণ্ড হাৰমণি, ইণ্টাৰনেচনেল গান্ধী পীচ প্রাইজ ইত্যাদিৰ বাহিৰেও এই মহান নেতাগৰাকীৰ নামেৰে নতুন দিল্লীত এটা পথৰ নামাকৰণ কৰা হৈছে। উল্লেখযােগ্য যে খান আব্দুল গফুৰ খানৰ পাছত নেলছন মেণ্ডেলাই হৈছে ‘ভাৰত ৰত্ন’ লাভ কৰা দ্বিতীয়গৰাকী বিদেশী ব্যক্তি। আন এক আদর্শমূলক কথা যে ১৯৯৩ চনত মেণ্ডেলাই তেতিয়াৰ দক্ষিণ আফ্রিকাৰ ৰাষ্ট্রপতি এফ ডব্লিউ ডি ক্লার্কৰ লগত একেলগে শান্তিৰ নােবেল বঁটা যুটীয়াকৈ গ্রহণ কৰিছিল। ১৯৯৫ চনত মেণ্ডেলাই তেওঁৰ বিভিন্ন ভাষালৈ অনুদিত হােৱা ‘Long Walk to Freedom’ নামৰ গ্ৰন্থখনৰ বাবে এলেন পেটন পুৰস্কাৰ লাভ কৰে।
নেলছন মেণ্ডেলাক ঘােৰ সমালােচকসকলে সন্ত্রাসবাদী আৰু কমিউনিষ্ট ভক্ত বুলি কয়। কিন্তু বিশ্বই জানে দক্ষিণ আফ্রিকাৰ এইজন কিংবদন্তি নায়ক আৰু বর্ণবৈষম্যবাদ বিৰােধী তথা ঔপনিবেশিকতাবাদবিৰােধী বিপ্লৱীৰ মানৱ মুক্তি আন্দোলন কিমান শক্তিশালী আছিল। ১৯৯৪ চনৰ পৰা ১৯৯৯ চনলৈ দক্ষিণ আফ্রিকাৰ ৰাষ্ট্রপতি হিচাপে কার্যনির্বাহ কৰা মেণ্ডেলা আছিল এই পদৰ দায়িত্ব লােৱা প্ৰথমজন কৃষ্ণাংগ দক্ষিণ আফ্রিকাৰ লােক। দৰিদ্রতা দূৰীকৰণ, সামাজিক সংহতি ৰক্ষা, বৈষম্য দূৰ কৰাৰ বাবে মেণ্ডেলাই চলােৱা প্রচেষ্টা সকলােৰে মুখে মুখে। তেওঁৰ ভাষ্য আছিল অতি শক্তিশালী। শ্বাস-প্রশ্বাসৰ দৰেই তেওঁৰ প্রতিটো কথাত নিহিত হৈ আছিল তাৎপর্য। কৃষ্ণাংগৰ অধিকাৰ আৰু স্বাধীনতাৰ বাবে যুঁজ কৰা মেণ্ডেলাৰ প্রধান অস্ত্র আছিল। ১৯৬৪ চনত তেওঁৰ কূটাঘাত আৰু ৰাজদ্ৰোহৰ গােচৰৰ বিচাৰত আত্মপক্ষ সমর্থনত তেওঁ কৈছিল— “মই শ্বেতাংগৰ অৱদমনৰ বিৰুদ্ধে যুঁজ দিছোঁ আৰু মই যুঁজ দিছোঁ কৃষ্ণাংগৰ অৱনমনৰ বিৰুদ্ধে। যিখন সমাজত সকলাে লােকে মিলাপ্ৰীতি আৰু সম অধিকাৰেৰে বসবাস কৰিব পাৰে। তেনে এখন গণতান্ত্রিক আৰু মুক্ত সমাজৰ মই পােষকতা কৰিছোঁ। এয়া এটা আদর্শ আৰু ইয়াৰ বাবেই মই জীয়াই আছোঁ আৰু ইয়াকে মই লাভ কৰিব বিচাৰোঁ। এই আদৰ্শৰ বাবে যদিহে প্রয়ােজন হয়, তেন্তে ইয়াৰ বাবে মই মৰিবলৈকো সাজু।
সামৰণিঃ
এইজন যুগন্ধৰ পুৰুষে কথামতে কাম কৰি পৃথিৱীত মানৱৰ মুকতি আৰু শান্তিৰ বৃক্ষ ৰােপণ কৰিলে। উচ্চ-নীচ কিম্বা বর্ণবৈষম্যবাদ বিৰােধী সংগ্রামেৰে নিজৰ জয়ধ্বজা উৰুৱালে। মেণ্ডেলাৰ কেইটামান উক্তি মানৱ সমাজৰ বাবে প্ৰাতঃস্মৰণীয়, সেয়া হ’ল—প্রথমতে, শিক্ষাই হৈছে আটাইতকৈ শক্তিশালী অস্ত্র, যাৰ দ্বাৰা আপুনি বিশ্বত পৰিৱৰ্তন আনিব পাৰে। দ্বিতীয়তে, ‘সুখৰ দিনত অথবা বিজয়ােৎসৱ পালনৰ সময়ত পিচফালৰ পৰা নেতৃত্ব প্রদান কৰি আনক আগবাঢ়ি যাবলৈ দিব লাগে। কিন্তু বিপদৰ সময়ত নেতৃত্ব প্রদান কৰিব লাগে সদায় সন্মুখৰ পৰা। তেতিয়াহে আপােনাৰ নেতৃত্বত সকলােৱে প্রশংসা কৰিব। তৃতীয়তে, যদিহে আপুনি আপােনাৰ শত্ৰুৰ সৈতে একেলগে শান্তি প্রতিষ্ঠা কৰিব বিচাৰে, তেনেহ’লে আপুনি শত্ৰুৰ সৈতে একেলগে কাম কৰিব লাগিব। তেতিয়া সেই শত্রুও হৈ পৰিব আপােনাৰ বন্ধু। চতুর্থতে, যদিহে আপুনি এজন ব্যক্তিৰ লগত তেওঁ বুজি পােৱা ভাষাত কথা পাতে, তেন্তে সেয়া তেওঁৰ মগজুত সােমায়। কিন্তু যদিহে আপুনি তেওঁৰ ভাষাত কথা পাতে সেয়া সােমায় তেওঁৰ হৃদয়ত। সেয়েহে এই মহান মুক্তিপিয়াসী মহানায়কৰ প্রতি আদর্শ আমি গ্রহণ কৰা উচিত। এই মহানায়কগৰাকীয়ে পৃথিৱীবাসীক কন্দুৱাই পৰধামলৈ যাত্ৰা কৰিলে ২০১৩ চনৰ ৫ ডিচেম্বৰ তাৰিখ বৃহস্পতি বাৰে পৰিয়ালৰ সদস্যৰ উপস্থিতিত জোহান্সবার্গত থকা নিজাবাসগৃহৰ পৰা। তেওঁ মহাপ্রয়াণত পৃথিৱীবাসীয়ে হেৰুৱালে এপদ মহঙীয়া সম্পদ। ক্ষতি হ’ল পৃথিৱীৰ মানুহৰ বহু আকাংক্ষিত সপােন। এজন দৃঢ়মনা বিপ্লৱী আৰু সংস্কাৰবাদী ৰাজনীতিক হিচাপে বিশ্ব ইতিহাসত সদায় অমৰ হৈ থাকিব তেওঁ। এইগৰাকী, আজন্ম বিপ্লৱী আৰু কৃষ্ণাংগ মহানায়কৰ মহাপ্রয়াণৰ লগে লগে বিশ্বজুৰি উঠিছে কান্দোনৰ ৰােল। মৃত্যৰ পাছতাে সর্বত্র উঠিছে জিন্দাবাদ মেণ্ডেলা ধ্বনি। মুকুতি সূর্যই সমগ্র বাহুৰ অমােঘ শক্তিৰে নিপীড়িত, নেষ্পেষিত জনতাক দেখুৱাইছিল স্বপ্নময় আলােকৰ বাট; সেই সূর্য যেন আজি অস্ত গ’ল পশ্চিম আকাশত। ৰাজনীতি, ধর্ম, ক্রীড়া, সংস্কৃতি আদিকে ধৰি সকলাে ক্ষেত্ৰৰ সকলাে স্তৰৰ মানুহ আজি ম্ৰিয়মান হৈ পৰিছে। ভাৰত, আমেৰিকা, ব্রিটেইন, ৰাছিয়া, চীন আদিৰ ৰাষ্ট্র প্রধানসকলৰ উপৰি ৰাষ্ট্ৰসংঘৰ মহাসচিবে দক্ষিণ আফ্রিকাৰ প্রথমগৰাকী কৃষ্ণাংগ ৰাষ্ট্রপতি প্রয়াণত গভীৰ শােক প্রকাশ কৰে। ভাৰত চৰকাৰে মেণ্ডেলাৰ মৃত্যুত পাঁচদিনীয়া ৰাষ্ট্রীয় শােক ঘােষণা কৰে। ধৰাধামত তেওঁ মৰিও অমৰ হৈ ৰ’ল। তেওঁৰ আত্মাই পৰধামত শান্তি লভক।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top