মোৰ প্রিয় গ্রন্থ

প্রিয় গ্রন্থ

প্রিয় গ্রন্থ- ১

পুথি অধ্যয়নে মানুহৰ মনৰ দিগন্ত প্ৰসাৰিত কৰে। কিতাপ পঢ়াটো পৃথিৱীৰ বহু ভাল কামৰ অন্যতম। খাদ্য, বস্ত্র, বাসস্থানৰ চাহিদা পূৰ হোৱাৰ পাছতে মানুহে অনুভৱ কৰা চাহিদাটোৱেই হ’ল পুথি অধ্যয়ন। কাৰণ পঢ়ালিখা কৰাৰে পৰা মানুহ উন্নতিৰ পথত দিনক দিনে আগবাঢ়ি গৈছে। পুথি অধ্যয়নৰ পৰাহে মানুহৰ মগজুৰ বিকাশ সম্ভৱ। পাঠ্যপুথিৰ বাহিৰেও সেয়ে ময়ো মোৰ মানসিক চাহিদা পূৰাব পৰাকৈ কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিছো। মোৰ প্ৰিয় গ্রন্থ হ’ল ‘জীৱনৰ বাটত’।

গ্ৰন্থখনৰ পৰিচয় আৰু কাহিনী ভাগ

প্রিয় গ্রন্থ

অসমীয়া সাহিত্যৰ কাণ্ডাৰী, পণ্ডিত বিৰিঞ্চি কুমাৰ বৰুৱাই বীণা বৰুৱাৰ নামত লিখি উলিয়ালে অনুপম উপন্যাস ‘জীৱনৰ বাটত‘। সৰ্বকালৰ সকলো পাঠকে ভাল পাব পৰা এটা নিটোল কাহিনী আছে ইয়াত। গাঁৱৰ এজনী সহজ-সৰল ছোৱালী তগৰ এজন শিক্ষিত ডেকা কমলাকান্তৰ প্ৰেমত পৰিল। বন্ধু কৃষ্ণ দত্তৰ ভনীয়েকৰ বিয়া খাবলৈ আহি ৰাংঢালী, ৰূপহী, কোমলমতীয়া তগৰ ফুলৰ দৰে তগৰক দেখি কমলাকান্ত ভোল গ’ল।

বিয়াঘৰৰ উদুলি-মুদুলিৰ মাজত লাহে লাহে দুয়োৰে প্রেমে পোখা মেলিবলৈ আৰম্ভ কৰিছিল। কিন্তু ভাগ্যৰ খেলা কোনে জানে, সফলতাৰ দিশত আগুৱাই যোৱা মেধাৱী কমলাকান্তৰ বাবে এটা সময়ত তগৰ এলাগী হৈ পৰিল। ক্ষন্তেক সময়ৰ মিলনতে অতি আবেগৰ বশৱৰ্তী হৈ গোপনে আঙঠি পিন্ধাই থৈ অহা গাঁৱৰ ছোৱালীজনী এদিন কমলাকান্তৰ বাবে পৰ হৈ গ’ল। ৰায়বাহাদুৰ মাণিক হাজৰিকাৰ যশ, গৌৰৱ, প্রতিপত্তিৰ চকমকনিত কেৰাণীৰ ল’ৰা কমলাকান্তই পাহৰি গ’ল তগৰৰ কথা। সময় বাগৰাৰ লগে লগে মাতৃহীনা তগৰকো পিতৃয়ে বিয়া দিলে ক্ষন্তেকৰ বাবে তগৰৰ মন পিছলা ধৰণী মাষ্টৰলৈ।

প্রিয় গ্রন্থ

এই ঘটনাৰ পৰাই সলনি হৈ গ’ল সকলো। ঘাত-প্রতিঘাত, কষ্টৰে পাৰ হ’ল তগৰৰ সময়। ফুলৰ দৰে কোমল আৰু মৰমীয়াল তগৰৰ জীৱনলৈ অনেক পৰিৱৰ্তন আহিল। চঞ্চল, মিঠামুখীয়া সহনশীল তগৰক বয়সে টানি দিলে গহীন ওৰণি। তগৰ গুছি ধৰণী কলিতাৰ পৰিবাৰ তগৰ কলিতানী হ’ল, কমলিনীৰ মাক হ’ল। মূৰ পাতি ল’লে সাংসাৰিক দৈন্য, দুখ, অভাৱ, ৰুগীয়া স্বামীক। এদিন স্বামীহাৰা হৈ অন্ধকাৰ দেখিলে তগৰে। তথাপি বিচলিত নহৈ নিজৰ কৰ্তব্য সুকলমে কৰি গ’ল। কিন্তু জীৱন আৰু বিধিৰ বিধান কোনে জানে, প্রথমবাৰ লগ হওঁতেই যেনেকৈ এদিন কমলাকান্তৰ হাতত তামোল-পাণৰ খুন্দাত তেজ ওলাইছিল, জীৱনৰ বিয়লি পৰতো সেই ঘটনাৰে যেন পুনৰাবৃত্তি ঘটিল। বৰ্তমানৰ ৰায়বাহাদুৰৰ জোৱায়েক, ভৰা সংসাৰৰ গৰাকী কমলাকান্তৰ হাতত পৰিলহি যৌৱনৰ দিনতে তগৰক গোপনে পিন্ধোৱা আঙঠিটো। চমুকৈ এয়াই হ’ল জীৱনৰ বাটত নামৰ অনুপম উপন্যাসখনৰ কাহিনীভাগ।

প্রিয় গ্রন্থ হোৱাৰ কাৰণ

অতি সৰল আৰু নিভাঁজ অসমীয়া শব্দৰ ব্যৱহাৰ উপন্যাসখনৰ অন্যতম সম্পদ। অসমীয়া গাঁৱৰ সমাজখনক ইয়াত ইমান সুন্দৰকৈ ফুটাই তুলিছে যে যিকোনো পাঠকৰ বাবে ই উপভোগ্য হ’বই। উপন্যাস আৰম্ভ হৈছে এটি পদ্যৰে, ‘কাম চৰাইৰ ৰঙা ঠোট/ তাতে দিলে দীঘল ফোঁট / পিতাদেউ পিতাদেউ / দূৰলৈ নিদিবি মোক../’– যি গোটেই উপন্যাসখনকে প্রতিনিধিত্ব কৰিছে। ডঃ বিৰিঞ্চি কুমাৰ বৰুৱাই এনেদৰে গোটেই পৰিবেশ বৰ্ণনা কৰিছে যে চকুৰ আগত স্পষ্ট হৈ পৰিছে কোনো এখন গাঁৱৰ পৰিৱেশ। অতিৰিক্ত এনে এটা শব্দ নাই যিটো অদৰকাৰী বুলি বাদ দিব পাৰি। কেৱল কলমৰ শব্দৰে শক্তিশালী বর্ণনা দিব পৰা বীণা বৰুৱাৰ অনবদ্য সৃষ্টি ‘জীৱনৰ বাটত’।

এগৰাকী নাৰীৰ মনৰ গভীৰত বুৰ মাৰিব পৰা অনুভৱ শক্তি আছে লেখকৰ। উপন্যাসখনৰ চৰিত্ৰ, সংলাপ, পৰিৱেশ ৰচনা, আৰম্ভণী, সামৰণি, উত্থান-পতন সকলো সুনিপুণ ৰূপত প্ৰকাশ হৈছে। তগৰ, মৌজাদাৰ, মৌজাদাৰনী, কৃষ্ণ দত্ত, কমলাকান্ত, গাঁৱৰ মানুহবোৰ, তেওঁলোকৰ চাল-চলন সকলোৱে মোৰ মন স্পর্শ কৰি যায়। ‘ভালপোৱাই মান-অপমানৰ বিচাৰ নকৰে, বিধি-অনুষ্ঠানলৈ বাট চাব নোখোজে….’ এনে সংলাপে চুই যায় মন। ‘বোৱাৰীয়েনো ধান নেবানো, পানী নানো বুলি কোন দিনা থিয় যুঁজ ধৰিছে?’ তগৰৰ কষ্ট সহ্য কৰিব নোৱাৰি অনাহকত তগৰক ব্যতিব্যস্ত কৰা মাকক ধৰণীয়ে কোৱা কথাষাৰে তগৰৰ দুৰ্দশাৰ কথাকে সংলাপৰ ৰূপত বৰ্ণনা কৰিছে।

গাঁৱত ভাল-বেয়া, সৰল-কুটিল সকলো ধৰণৰ মানুহ থাকে, যাক সুন্দৰ ৰূপত প্ৰকাশ হৈছে। আৰম্ভণীতে কমলাকান্তৰ হাতৰ বটাৰ খুন্দাত কপালৰ তেজ ওলাই যোৱাটোৱেই শেষত গৈ কমলাকান্তই তগৰক দিয়া মর্মান্তিক আঘাতৰ কথাকে বুজালে। কাহিনীৰ, চৰিত্ৰৰ উত্থান-পতনৰ সাবলীল বর্ণনাই মোক অভিভূত কৰি তোলে।

সামৰণি

অসমৰ লোক-সংস্কৃতিৰ ক্ষেত্ৰতো অসীম অৱদান দিয়া বৰুৱাৰ ‘জীৱনৰ বাটত’ উপন্যাস অসমীয়া সাহিত্যৰ ভঁৰালৰ আপুৰুগীয়া সম্পদ। উপন্যাসখনৰ প্ৰতিটো অধ্যায়তে অসমৰ সৰল জীৱনৰ উপস্থাপনাই ইয়াক কালোত্তীর্ণ উপন্যাসৰ শাৰীত থিয় কৰাইছে। সুখপাঠ্য উপন্যাসখন এবাৰ পঢ়াৰ পাছত পুনৰবাৰ পঢ়িবৰ বাবে মন যায়। উপন্যাসখনৰ পাতে পাতে পোৱা অনবদ্য সাহিত্যিক ৰসে আমাৰ দৰে সাধাৰণ পাঠককো যুগ যুগ ধৰি অকৰ্ষণ কৰি ৰাখিব, ৰাখিছে।

প্রিয় গ্রন্থ-২

ৰজনীকান্ত বৰদলৈ

অসমীয়া সাহিত্যত ৰজনীকান্ত বৰদলৈ এটি প্রসিদ্ধ নাম। তেওঁক উপন্যাস সম্রাট বুলি কোৱা হয়। মানৰ দিনৰ আলমত তেওঁ ভালেকেইখন উপন্যাস ৰচনা কৰিছে। তাৰ ভিতৰত মনােমতী, ৰহদৈ লিগিৰী, দন্দুৱা-দ্রোহ, নির্মল-ভকত, ৰংগিলী আদি উল্লেখযােগ্য।

প্রিয় গ্রন্থ

ৰজনীকান্ত বৰদলৈৰ “মিৰি জীয়ৰী” নামেৰে এখন উপন্যাস আছে। এইখন সামাজিক উপন্যাস। চৰকাৰী চাকৰিত থাকোতে বৰদলৈয়ে মিৰি সমাজখনৰ বিষয়ে জনাৰ সুবিধা পাইছিল। তাৰ অভিজ্ঞতাৰে তেওঁ এইখন উপন্যাস লিখিছে। অসমীয়া সাহিত্যৰ আন দুই-চাৰিখন উপন্যাস, নাটক, জীৱনী, গল্প-গ্রন্থ মই পঢ়িছাে। কিন্তু “মিৰি জীয়ৰী” পঢ়ি মই বৰ ভাল পালাে। উপন্যাসখন এবাৰ নহয় দুবাৰ পঢ়িছাে। সেই বাবে মােৰ প্রিয় গ্রন্থৰূপে “মিৰি জীয়ৰীৰ বিষয়ে লিখিবলৈ লৈছাে।

মিৰি জীয়ৰী

“মিৰি জীয়ৰী”ত এহাল মিৰি (মিচিং) ডেকা-গাভৰুৰ জীৱনৰ কৰুণ কাহিনী বর্ণনা কৰা হৈছে। ডেকাজনৰ নাম জংকি আৰু গাভৰুজনীৰ নাম পানেই। সােৱণশিৰীৰ পাৰৰ মিৰি গাঁৱত সিহঁতৰ ঘৰ। সৰুতে টঙি ৰখি থাকোতেই দুয়ােৰে মাজত চিনাকি হৈছিল। এনেকৈ দুয়াে শৈশৱত ৰং-ধেমালিৰ লগৰী হৈ পৰিছিল। কালক্ৰমত দুয়াে ডাঙৰ হ’ল, ল’ৰালিৰ লগৰী যৌৱনত ভালপােৱাৰ পাত্র-পাত্রী হৈ পৰিল। বিহুৱে-পৰৱে নাচি বাগি সিহঁত আপােন পাহৰা হ’ল। পানেইৰ দেউতাক তামেদে তাইক গামৰ পুতেক কুমুদলৈ দিবলৈ ঠিক কৰি থৈছিল। মাক নিৰমাই এবেলিলৈ জীয়েকৰ পক্ষ ল’ব খুজিলেও বাপেকৰ ওপৰত মাত মাতিব নোৱাৰিলে। মিৰি সমাজৰ প্রথা অনুযায়ী কুমুদ জোঁৱাই খাটিবলৈ অহাটো ঠিক হ’ল।

প্রিয় গ্রন্থ

ইপিনে জংকি আৰু পানেইৰ মনৰ কথা পৰস্পৰে জানি দুয়াে দুয়েকে চিৰদিনলৈ আপােন কৰি লােৱাৰ সংকল্প কৰিলে। টকা-পইচা যােগাৰ কৰিবলৈ জংকি ঘূনাসুঁতি গাঁৱৰ মাহীয়েকৰ ঘৰলৈ গৈ তাতে থাকিবলৈ ল’লে। কুমুদে জোঁৱাই খাটিবলৈ আহিও পানেইৰ মন জয় কৰাত বিফল হ’ল, পানেয়ে সুযােগ বুজি জংকিলৈ খবৰ পঠাই দুয়াে এদিন পলাই সােৱণশিৰীৰ পাৰৰ হাবিত লুকাই থাকিলগৈ। ঘূনাসূতি গাঁৱৰ ডালিমী নামৰ আন এজনী গাভৰুৱেও জংকিক ভাল পাইছিল। পিছে জংকিৰপৰা পানেইৰ বিষয়ে জনাত সহৃদয়তাৰে দুয়ােটাকে সহায় কৰিবলৈ ল’লে। জংকি-পানেই ধৰা পৰিল, কাছাৰীত বিচাৰ হ’ল, মাক-বাপেকে পানেইক লৈ আহিল। কিছুদিনৰ পাছত পানেই আকৌ পলাল। সেই খবৰ পাই জংকিয়ে পানেইৰ মাক বাপেকক লগ ধৰি ক’লে যে এইবাৰ পানেই অকলেহে গৈছে, এনেকৈ তাই আত্মঘাতী হ’ব। মাক-বাপেকে এইবাৰ তাইক জংকিলৈকে বিয়া দিবলৈ সৈমান হ’ল।

জংকিয়ে পানেইক বিচাৰি যাওঁতে গাছি মিৰিৰ হাতত বন্দী হয়। ইপিনে পানেইকো সিহঁতে বন্দী কৰি এদিন তালৈকে আনে। বন্দী অৱস্থাতে জংকি-পানেইৰ দেখা-দেখি হ’ল। এনিশা দুয়াে পুনৰ পলাবৰ দিহা কৰােতেই পুনৰ ধৰা পৰিল। বাৰেগামৰ মেলত দুয়ােটাৰে বিচাৰ হ’ল। বাৰেগামে দুয়ােটাকে মৃত্যুদণ্ড বিহিলে। শাল মাৰি দুয়ােটা দেহবান্ধি গাছি মিৰিয়ে সিহঁতক উটুৱাই দিলে, নিপ্রাণ দেহ দুটা এটা সময়ত আহি সােৱণশিৰিৰ ঘাটত লাগিলহি। জংকি-পানেই ভালপােৱাৰ প্রতি পানেইৰ মাক-বাপেকে সঁহাৰি নিদিলে। আনহাতে সমাজেও সিহঁতৰ প্ৰেমৰ স্বীকৃতি দিব নুখুজিলে। ফলস্বৰূপে কৰুণভাৱে তেওঁলােকে মৃত্যুক সাৱটি ল’ব লগাত পৰিল। ইয়াৰ বাবে জংকি আৰু পানেইৰ কোনাে দোষ নাছিল। দোষ সমাজৰ, সামাজিক ব্যৱস্থাৰ।

চৰিত্র

উপন্যাসখনৰ প্রধান চৰিত্ৰ জংকি আৰু পানেই। মিৰি সমাজৰ সাধাৰণ ডেকা-গাভৰু হােজা আৰু সৰল। পানেইৰ দেউতাক তামেদ সমাজৰ নিৰ্দেশত চলা মানুহ। মাক নিৰমা সৰল মাতৃ, কিন্তু পুৰুষৰ ওপৰত মাত মাতিব নােৱাৰে। কুমুদ ধনী গামৰ ল’ৰা, জোৰেৰে সকলাে পাবলৈ বিচাৰে। ডালিমী চৰিত্র ত্যাগৰ আদৰ্শৰে মহীয়ান। জংকিক ভালপােৱাৰ বাবেই তাই স্বার্থ ত্যাগ কৰি জংকি-পানেইৰ মিলনৰ বাবে যথাসাধ্য সহায় কৰিছে। বাৰেগাম নিষ্ঠুৰ।

উপন্যাসখনৰ পটভূমিত আমি সোঁৱণশিৰীৰ পাৰৰ মিৰিগাঁৱৰ উপৰি ঘূনাসূঁতি গাঁৱৰ মিৰি সমাজখন পাওঁ। পৰ্বতীয়া গাছি মিৰিৰ কথাও আছে। লগতে নগৰৰ সামান্য পটভূমিৰূপে লক্ষী নগৰৰ কথাও আছে। “মিৰি-জীয়ৰী” কেৱল এহাল ডেকা-গাভৰুৰ প্রেম কাহিনীয়েই নহয়। মিৰি সমাজৰ সাংস্কৃতিক জীৱনধাৰাৰ পৰিচয় এইখন উপন্যাসত পােৱা যায়। তদুপৰি লেখকে জংকি-পানেইৰ কাহিনীৰ যােগেদি মিৰি-সমাজ তথা অসমীয়া সমাজখনকে যেন সকীয়াই দিয়ে। তেওঁ মিৰি-সমাজত এনে দুর্ভাগ্যজনক ঘটনা আৰু নঘটিব বুলি আশা কৰিছে। কাহিনী, চৰিত্ৰ, পটভূমি, আঞ্চলিক বৈশিষ্ট্য আদিৰে সমৃদ্ধ “মিৰি জীয়ৰী” এখন সুখপাঠ্য সামাজিক উপন্যাস।

(আশা কৰোঁ আপুনি “মোৰ প্রিয় গ্রন্থ“ ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “মোৰ প্রিয় গ্রন্থ“ ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top