প্ৰদূষণ | pollution essay in assamese

pollution essay in assamese

নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি “প্ৰদূষণ | pollution essay in assamese” ৰচনা খনৰ জৰিয়তে প্ৰদূষণ আৰু আমাৰ তথা পৰিৱেশৰ ওপৰত পৰা ইয়াৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰিম। সেয়েহে, প্ৰদূষণৰ বিষয়ে অধিক জানিবলৈ “প্ৰদূষণ | pollution essay in assamese” ৰাচনাখন শেষলৈকে পঢ়ক। ধন্যবাদ।

ভূমিকা

প্ৰদূষণ এক গুৰুতৰ সমস্যা যিয়ে আমাৰ পৃথিৱী আৰু ইয়াৰ ওপৰত জীয়াই থকা লোকসকলৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। ইয়াৰ অৰ্থ হৈছে পৰিৱেশত ক্ষতিকাৰক পদাৰ্থ বা দূষক পদাৰ্থৰ প্ৰৱেশ, যাৰ ফলত পৰিৱেশ তন্ত্ৰ, মানুহৰ স্বাস্থ্য আৰু আমাৰ গ্ৰহৰ সামগ্ৰিক ভাৰসাম্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে। বায়ু প্ৰদূষণ, পানী প্ৰদূষণ, মাটিৰ দূষণ, শব্দ প্ৰদূষণ আদি হ’ল প্ৰদূষণৰ বিভিন্ন ৰূপ। ঔদ্যোগীকৰণ, পৰিবহণ, অনুচিত আৱৰ্জনা নিষ্কাশন, জীৱাশ্ম ইন্ধন জ্বলোৱা আদি মানুহৰ কাৰ্য্যকলাপে প্ৰদূষণত ব্যাপক অৰিহণা যোগায়।

প্ৰদূষণৰ পৰিণতি সুদূৰপ্ৰসাৰী, যাৰ ফলত জলবায়ু পৰিৱৰ্তন, জৈৱ বৈচিত্ৰ্যৰ ক্ষতি, শ্বাস-প্ৰশ্বাসজনিত ৰোগ, পৰিৱেশৰ ভাৰসাম্যহীনতা আদিৰ সৃষ্টি হয়। পৰিৱেশৰ বিভিন্ন উপাদানসমূহ পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। অর্থাৎ, এটা নাথাকিলে আনটো থাকিব নােৱাৰে। এই নিৰ্ভৰশীলতাই মানুহ আৰু প্ৰকৃতিৰ মাজত এক সমতাৰ সৃষ্টি কৰে, যিটো জীৱন-ধাৰণৰ বাবে অতি প্রয়ােজনীয়।

মানুহেই প্ৰদূষণৰ কাৰক

কেতিয়াবা কোনাে অনিষ্টকাৰী পদার্থ আমাৰ চৌপাশে থকা মাটি, পানী আৰু বায়ুত প্রৱেশ কৰি এইবােৰৰ স্বাভাৱিক গুণ (যেনে- মাটিত থকা খনিজ পদার্থ, বেক্টেৰিয়া, কেঁচু আদি অনেক সৰু সৰু জীৱ, পানীত থকা অক্সিজেন, হাইড্রোজেন, আৰু বায়ুত থকা অক্সিজেন, হাইড্রোজেন, কার্বন ডাই-অক্সাইড আদি) নষ্ট কৰে। তাৰ ফলত বায়ু, পানী, মাটি জীৱজগতৰ ব্যৱহাৰৰ অনুপযােগী হৈ পৰে আৰু জীৱজগতৰ ক্ষতি সাধন হয়। পৰিৱেশ এনেদৰে দূষিত হােৱা ঘটনাই হ’ল প্ৰদূষণ বা পৰিৱেশ দুষিতকৰণ (Pollution)। প্ৰদূষণ সৃষ্টি কৰা পদার্থবােৰক প্ৰদূষক (Pollutant) বােলা হয়।

প্ৰদূষণ | pollution essay in assamese

প্ৰদূষণ | pollution essay in assamese

আচৰিত কথা যে, সৰহভাগ প্রদূষণ মানুহেই সৃষ্টি কৰে। মানুহেই বায়ুত অনিষ্টকাৰী গেছ, ধোঁৱা, ধূলি আদি উৰুৱায়, পানীত নানা ৰাসায়নিক দ্রব্য, তেল আদি পদার্থ পেলায় আৰু হাবি-বন নাশ কৰি মাটিৰ অনিষ্ট সাধন কৰে। এনেদৰেই মানুহে বায়ুমণ্ডল, মাটি, পানীৰ অনিষ্ট সাধন কৰি আমাৰ চৌপাশৰ পৰিৱেশ দূষিত কৰি আনিছে। অৱশ্যে পৰিৱেশ দূষিত কৰাত প্ৰকৃতিৰৰ কিছু অৰিহণা আছে। মহাকাশৰ পৰা অহা অতি বেঙুণীয়া ৰশ্মি আৰু আন কেতবােৰ এনে ৰশ্মিয়ে বায়ুমণ্ডলৰ ক্ষতি সাধন কৰে। কিন্তু প্রকৃতিৰ তুলনাত মানুহে সৃষ্টি কৰা পৰিৱেশ দূষিতকৰণৰ মাত্ৰা বহুগুণে বেছি।

যিদিনাই আদিম মানুহে শিলে শিলে ঘঁহনি খুৱাই জুইৰ আৱিষ্কাৰ কৰিছিল, সেইদিনাৰ পৰাই বতাহ দূষিত হৈ আহিছে। শক্তি উৎপাদন কেন্দ্র, গাড়ী-মটৰৰ ধোঁৱা, উদ্যোগ, কাৰখানা, উৰাজাহাজ, পেলনীয় আৱৰ্জনা জ্বলােৱা এইবােৰৰ পৰাই ঘাইকৈ বায়ু দূষিত হয়। সকলাে দূষিতকৰণৰ ভিতৰত বায়ুৰ পৰা হােৱা দূষিতকৰণেই আটাইতকৈ বেছি আৰু ভয়াৱহ। বায়ুৰ পৰা হােৱা দূষিতকৰণৰ বহু কুফল আছে।

প্ৰদূষণ | pollution essay in assamese

প্ৰদূষণ | pollution essay in assamese

প্রতিবাৰত আমাৰ উশাহতে গড়ে প্রায় ষাঠি হাজাৰ ধূলিকণা নাকেৰে শৰীৰৰ ভিতৰলৈ সােমায়। তাৰ শতকৰা ০.২ ভাগ হওফাও পাযগৈ। বাযু দুষিত হ’লে এনে দূষিত বায়ুও আমাৰ হাওঁফাওঁ পায়গৈ। পৰিমাণত কম হলেও প্ৰদূষিত বায়ুত উশাহ ল’লে এয়াই আমাৰ বাবে যথেষ্ট ক্ষতিকাৰক হ’ব পাৰে। বায়ু প্ৰদূষণে আমাৰ শৰীৰৰ ক্ষতি সাধন কৰাৰ উপৰি প্রস্তৰ মূর্তি, কংক্রিট, ইটা, ৰঙীন চিত্ৰ আদিও নষ্ট কৰে।

পানী দূষিত কৰা পদার্থসমূহ ঘাইকৈ উদ্যোগ, কৃষি পাম আৰু পেলনীয় আবর্জনাৰ পৰা আহে। ঘৰুৱা পেলনীয়া বস্তু, সংক্রামক ৰােগৰ বীজাণু, কীটনাশক, তৃণনাশক আদি দ্রব্য, গা-কাপােৰ আদি ধোৱা চাবােন, বাচন-বর্তন চাফা কৰা পাউদাৰ, বিভিন্ন প্রকাৰৰ ৰাসায়নিক পদার্থ আদিয়েই পানী দূষিতকৰণৰ মূল কাৰণ। পানী দূষিত হােৱাৰ ফলত মানুহৰ শৰীৰৰ অনিষ্ট হােৱাৰ লগতে পানীত থকা মাছ কাছ আদি জলচৰ জীৱ-জন্তুৰাে ক্ষতি হয়। পানীত হােৱা এই প্ৰদূষণৰ কাৰণেই বিভিন্ন জলচৰ প্ৰাণীৰ সংখ্যা দিনে দিনে কমি আহিছে।

কিছুমান ক্ষেত্ৰত শব্দয়ো পৰিৱেশ দুষিত কৰে। শব্দৰ প্ৰবলতা জুখিবৰ বাবে ‘ডেছিবেল’ নামৰ এটা একক ব্যৱহাৰ কৰা হয়। এটা শব্দতকৈ আন এটা শব্দ এক ডেছিবেল বেছি হ’লে প্ৰথমটোতকৈ দ্বিতীয়টো ১.২৬ গুণ ডাঙৰ শুনা যায়। ৪০-৭০ ডেছিবেলমানৰ শব্দই আমাৰ কোনাে অপকাৰ নকৰে। ৭০ ডেছিবেল অতিক্রম কৰাৰ লগে লগে আমি অস্বস্তিবােধ কৰোঁ। ১০০-ৰ পৰা ১২০ ডেছিবলমান পালেগৈ আমি কাণত যন্ত্রণা অনুভৱ কৰোঁ। তাতকৈও বাঢ়ি গৈ যেতিয়া ১৪০-ৰ ওপৰ হয়গৈ তেতিযা আমাৰ শাৰীৰিক আৰু মানসিক দুয়ো ধৰণেৰে ক্ষতি হয়।

প্ৰদূষণ | pollution essay in assameseপ্ৰদূষণ | pollution essay in assamese

প্ৰদূষণ | pollution essay in assamese

মজিয়াত পিন এটা পৰাৰ শব্দ ২ ডেছিবেল। আনহাতে ছাইৰেণৰ শব্দ ১৫০ ডেছিবেল। ঘৰৰ বেৰত ওলমি থকা দেৱাল ঘড়ীটোৰ পৰা আৰম্ভ কৰি আকাশ কঁপাই যােৱা জেট বিমান আদিৰ শব্দবােৰে আমাৰ চৌপাশৰ পৰিৱেশ দুষিত কৰিছে। শব্দৰ পৰা হােৱা এই দুষিতকৰণে শ্ৰৱণ যন্ত্ৰৰ অনিষ্ট কৰে, শৰীৰৰ স্বাভাৱিক ক্রিয়াকলাপৰ কম-বেছ ঘটায় আৰু মানসিক বিকৃতিও ঘটাব পাৰে।

মাটিত অধিক পৰিমাণে দিয়া ৰাসায়নিক সাৰ, কীটনাশক দ্রব্য প্রয়োগ, বনভূমি আৰু তৃণভূমি ধ্বংস কৰা —এইবােৰৰ পৰাই মাটি প্রদুষিত হয়। মাটিত বেক্টেৰিয়া আদি অনেক জীৱ থাকে। মাটিৰ ওপৰত থকা আন সকলাে প্রাণী আৰু উদ্ভিদ এই জীৱবােৰৰ ওপৰত নিৰ্ভৰশীল। মাটি ধ্বংস কৰিলে সেয়ে মাটিৰ ওপৰত থকা সমগ্র জীৱজগতৰেই অনিষ্ট হয়।

প্ৰদূষণ | pollution essay in assamese

প্ৰদূষণ | pollution essay in assamese

কীটনাশক দ্ৰব্যই মাটিৰ উপকাৰী বেক্টেৰিয়া আৰু আন ক্ষুদ্রাতিক্ষুদ্র জীৱবােৰ মাৰি পেলায়। তদুপৰি বিভিন্ন কাৰণত মানুহে হাবিবন কাটি মাটি মুকলি কৰে। গৰু-ম’হ চৰাইয়েও ঘাঁহনি-বননি ধ্বংস কৰে। এনে কাৰ্যই মাটি প্ৰদূষিত কৰি জীৱজগতৰ অনিষ্ট সাধন কৰে। গছ-গছনি কটাৰ ফলত জলবায়ু আৰু বতৰৰো পৰিৱৰ্তন ঘটে। কাৰণ গছ গছনিৰ লগত বতৰ আৰু জলবায়ুৰ ওতঃপ্রােত সম্বন্ধ আছে।

ঘৰুৰা জাবৰ-জোথৰকে আৰম্ভ কৰি প্লাষ্টিকৰ বিভিন্ন বস্তু, কাঁচৰ বটল, পলিথিনৰ পেকেট, নাইলনৰ বস্তু, কাগজ, চামৰা, গাড়ীৰ টায়াৰ আৰু আন ভগা ছিগা অংশ আৰু আন বিভিন্ন বস্তু সাধাৰণতে মাটিত দমাই থােৱা হয়, পুৰি পেলােৱা হয় নতুবা ৰাষ্টাৰ দাঁতিত, পথাৰত আৰু পানীত পেলােৱা হয়। ফলত এক অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হয়।

পােৰা জাবৰ-জোথৰে বায়ু দূষিত কৰে। মাটিত দমাই থােৱা বস্তুবােৰ গেলি-পঁচি নানা পােক পৰুৱা, পইতাচোৰা, ম’হ, মাখি, এন্দুৰ, নিগনি আদি অনিষ্টকাৰী জীৱৰ বৃদ্ধিত সহায় কৰে। এই আৱৰ্জনাবােৰে পানীও দূষিত কৰে। আলিবাট মেৰামতি কৰা কামত পুৰি পেলােৱা গাড়ীৰ টায়াৰবােৰে বায়ু দূষিত কৰে। কিছুমান আৱৰ্জনা পুৰি পেলােৱা হয়। সেইবােৰ ধোঁৱা আৰু গােন্ধে মানুহৰ অপকাৰ কৰে।

তদুপৰি বিভিন্ন বিদ্যুৎ উৎপাদন কেন্দ্র, কাগজৰ কল, চিমেন্ট কাৰখানা, ৰে’ল বিভাগ, সাৰ কাৰখানা, শােধনাগাৰ, চাহ বাগিচাৰ কলঘৰ আৰু অন্যান্য উদ্যোগসমূহে বতাহত এৰি দিয়া দূষিত ধোঁৱা আৰু ধূলিয়ে বিভিন্ন অঞ্চলৰ বায়ুমণ্ডলৰ আৰু মাটি দূষিত কৰি তুলিছে।

সাৱধানতাই সমাধানৰ উপায়

পৰিৱেশ দুষিতকৰণৰ সমস্যা যিমান ভয়াৱহ সিমান জটিলাে। পৰিৱেশ যিমানেই দূষিত নহওক কিয়, কল-কাৰখানা বাদ দি মানৱ সভ্যতা বাচি থাকিব নােৱাৰে। সেয়েহে আমি বাচি থাকিবলৈ হ’লে পৰিৱেশ দূষিতকৰণ নিয়ন্ত্রণ কৰিবই লাগিব।

প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমাৰ কৰিলগীয়া বহু কাম আছে। যিহেতু বায়ুৰ পৰা হােৱা পৰিৱেশ দূষিতকৰণেই আটাইতকৈ ভয়াৱহ, সেযে এই দূষিতকৰণ নিয়ন্ত্ৰণৰ বাবে কিছুমান ব্যৱস্থা আমি নিজেই কৰি ল’ব পাৰোঁ। উদাহৰণস্বৰূপে গছৰ পাতবােৰে বায়ুমণ্ডলৰ ধুলিবালি বহু পৰিমাণে শােষণ কৰি ৰাখে। গতিকে ঘৰৰ আশে-পাশে, বাটে-পথে, বহল পাত থকা গছ লগালেও ধূলিৰ পৰা বহু পৰিমাণে হাত সাৰি থাকিব পাৰি। এনে গছৰ ভিতৰত বৰগছ, ডিমৰু, আঁহত, চেগুণ, শাল, আম, নিম আদি গছ বৰ ভাল। ঘৰৰ চোতাল, পদুলি আৰু আলিবাটত পানী ছটিয়াইয়ো কিছু পৰিমাণে ধূলি বালি কমাব পাৰি।

বায়ুমণ্ডল নিকাকৈ ৰখাৰ আটাইতকৈ উত্তম পন্থা হ’ল বৃক্ষৰােপণ। গছ-গছনিয়ে পৰিৱেশ দূষিতকৰণ বহু পৰিমাণে ৰােধ কৰে। দৰাচলতে গছ-গছনি নাথাকিলে প্রাণীজগত জীয়াই থাকিবই নােৱাৰিলেহেঁতেন। সেয়ে আমি সদায় মনত ৰাখিব লাগে ‘গছ থাকিলেহে মানুহ থাকিব।

সামৰণি

আধুনিক জীৱনে দ্রুতগতিত উন্নতি কৰাৰ ফলত যান্ত্রিক জীৱন আঁকোৱালি ল’বলৈ আমি বাধ্য হৈ পৰিছোঁ। কিন্তু তাৰ ফলত হ’ব পৰা অনিষ্টৰ কথাও পাহৰিলে নহ’ব। গতিকে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰি চলিব পৰাটোহে হ’ব বুদ্ধিমান কাম। 

(আশা কৰোঁ আপুনি “প্ৰদূষণ | pollution essay in assamese” ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “প্ৰদূষণ | pollution essay in assamese” ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top