পৰমাণু শক্তি আৰু ভাৰতবর্ষ

পৰমাণু শক্তি

সূচনাঃ পৰমাণু শক্তি আৰু ভাৰতবর্ষ

আদিম মানৱ-সমাজত শ্রেণী বিভাজন নাছিল। সকলােৱে মিলি জুলি সাম্যবাদী ভাৱধাৰাৰে জীৱন-যাপন কৰিছিল। ফলত তেওঁলােকৰ মাজত ভেদাভেদৰ সৃষ্টি হােৱা নাছিল। কিন্তু মানৱসভ্যতা যিহেতু শ্রেণীদ্বন্দ্ব আৰু শ্রেণী সংগ্ৰামৰ ইতিহাসক লৈয়ে ধাৱমান, সেয়ে শ্রেণী বিভক্ত সমাজৰ উৎপত্তিৰ লগে লগে মাৱন সমাজত উচ্চ-নীচৰ ভেদাভেদ, জাতিগত হিংসা-দ্বেষ, যুদ্ধ-বিগ্রহ আদিৰ উদ্ভৱ হ’বলৈ ধৰে। মানৱ-সভ্যতাই প্রথম ভুমুকি মৰা দিনৰেপৰা আজিলৈকে মানৱ সভ্যতাৰ ইতিহাস খুঁচৰি গ’লে আমি দেখিবলৈ পাম যে বিভিন্ন অজুহাতৰ সুযােগ লৈ যুদ্ধ, সংঘাত আৰু ৰক্তপাতৰ মাজেদিয়েই মানৱ সভ্যতাই অহৰহ গতি কৰি আছে।

আধুনিক বিজ্ঞান প্রযুক্তিৰ যুগত মানৱ সভ্যতাৰ এই প্রক্রিয়া ইমান সুকৌশলেৰে চালিত হয় যে সর্বসাধাৰণ লােকৰ পক্ষে ইয়াক অনুধাৱন কৰা সহজ নহয়। প্রাচীন কালৰেপৰা যুদ্ধই শৌর্য-বীর্যৰ প্ৰতীক ৰূপে মানৱৰ মনত যি খােপনি পুতি লৈছিল তাক আজিও মানৱমনে মনৰপৰা আঁতৰ কৰিব পৰা নাই। ইয়াৰ ফলস্বৰূপেই এজনৰ বিনাশেৰে অন্য এজনে নিজক সুৰিক্ষিত কৰাৰ প্রচেষ্টা মানৱ সভ্যতাত অব্যাহত ৰাখিছে। মানৱ সভ্যতা দ্রুত গতিত আগবঢ়াৰ লগে লগে মানুহেও হিংস্রতৰ নতুন নতুন অস্ত্র আৱিষ্কাৰ কৰি মানৱ সভ্যতাত ধ্বংস যজ্ঞ সৃষ্টিকৰাৰ উন্মাদনাত ইচ্ছা অনিচ্ছা সত্ত্বেও জড়িত হৈ পৰিব লগীয়া হৈছে।

ভাৰত এখনি শান্তিকামী দেশ। সেয়ে ভাৰতে নিজস্বভাৱে আৰু ৰাষ্ট্ৰসংঘৰ জৰিয়তে সমগ্র বিশ্বক শান্তিৰ আলয় ৰূপে গঢ়ি তুলিবলৈ অহৰহ প্রচেষ্টা চলাই আছে যদিও ভাৰতবর্ষ বা ৰাষ্ট্ৰসংঘৰ শান্তি প্রচেষ্টাই পৃথিৱীৰ বুকুৰপৰা আজিও যুদ্ধ-বিগ্রহক দূৰলৈ আঁতৰাই পঠিয়াবলৈ সক্ষম হােৱা নাই। কাৰণ যিমান দিনলৈকে ৰণ-উন্মাদ, শক্তি-দুর্মদ জাতিসমূহৰ মনৰপৰা যুদ্ধ-স্পৃহা আঁতৰি নাযাব সিমান দিনলৈকে শান্তি স্থাপন হােৱাৰ আকাংক্ষাও দূৰাকাংক্ষা হৈয়েই থাকিব। যদিও পৃথিবীত সম্পূর্ণ শান্তি প্রতিষ্ঠা কৰা সহজ নহয় তথাপি শান্তিকামী দেশসমূহৰ মিলিত প্রচেষ্টাই পৃথিৱীৰ বুকুৰপৰা যুদ্ধ-বিগ্রহৰ প্রৱণতাৰ তীব্রতা ভালেখিনি উপশম কৰিবলৈ সক্ষম নােহােৱাকৈ থকা নাই।

সাম্প্রতিক বিজ্ঞান-প্রযুক্তিৰ যুগত শক্তিশালী দেশ এখনে যে সন্মিলিত ৰাষ্ট্ৰসংঘত বৃহত্তৰ ভূমিকা পালন কৰা দেখা যায়। এনে পটভূমিত বিশ্বত শান্তি প্রতিষ্ঠা কৰিবলৈ সততে আগ্রহী ভাৰতবৰ্ষই বিশ্বৰ বুকুত নিজক শক্তিশালী ৰূপে উপস্থাপন কৰিব পাৰিলেহে বিশ্বৰ বুকুত শান্তি প্রতিষ্ঠা কৰাৰ প্রচেষ্টা অব্যাহত ৰাখিব পাৰিব। তদুপৰি প্রত্যেক দেশৰে বহিঃআক্ৰমণৰপৰা নিজক ৰক্ষা কৰাৰ অধিকাৰ আছে। শক্তিশালী জনেহে আত্মৰক্ষা কৰিব পাৰে। এনেবােৰ কথাৰ প্রতি লক্ষ্য ৰাখিয়েই ভাৰতবৰ্ষই পৰমাণু শক্তি আহৰণৰ প্রচেষ্টা হাতত ল’ব লগা হয়।

পৰমাণু শক্তি কমিচন গঠনঃ

বিশ্বৰ বুকুত নিজৰ অস্তিত্ব বজাই ৰখাৰ স্বাৰ্থত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ এবছৰ পিছতে অর্থাৎ ১৯৪৮ চনত ভাৰতৰ্ষত পৰমাণু শক্তি কমিচন গঠন কৰা হয়। পৰমাণু শক্তি আহৰণৰ প্রচেষ্টা অব্যাহতভাৱে চলাই ৰাখিবৰ নিমিত্তেই এই কমিচনৰ সৃষ্টি কৰি ১৯৫৫ চনত এই কমিচনে ভাবা এটমিক ৰিছাৰ্চ চেণ্টাৰ স্থাপন কৰে। ইয়াৰ অংগ হিচাপে ১৯৬২ চনত “নাংগল হেভী ওৱাটাৰ প্লান্ট” আৰু ১৯৬৭ চনত “ইউৰেনিয়াম কর্পোৰেচন অব্ ইণ্ডিয়া লিমিটেড” নামে দুটা প্রতিষ্ঠানৰ জন্ম হয়। ভাবা গৱেষণা কেন্দ্রই ১৯৭২ চনত পূর্ণিমা ৰিয়েক্টৰ নিৰ্মাণ কৰি উলিয়ায়।

এনেদৰে ভাৰতবৰ্ষৰ পৰমাণু গৱেষণা কার্যই অগ্রগতি লাভ কৰাৰ পাচত, ১৯৭৪ চনত ইন্দিৰা গান্ধীৰ প্রধানমন্ত্রিত্বৰ কালত ভাৰতবৰ্ষই পােখৰাণত প্রথম পৰমাণু বােমা বিস্ফোৰণ ঘটাবলৈ সক্ষম হয়। এই প্রসংগতে উল্লেখ কৰা প্রয়ােজন যে দেশে স্বাধীনতা লাভ কৰাৰ পাচত, পঞ্চাশৰ দশকৰ মাজ ভাগৰপৰা ভাৰতবৰ্ষই পৰমাণু শক্তি আহৰণৰ প্রচেষ্টা চলাই থকা অৱস্থাতে আন্তর্জাতিক বাধা-নিষেধৰ প্রতি সন্মান জনাই এই প্রচেষ্টা শিথিল কৰি তােলে যদিও ১৯৬২ চনত চীনদেশে ভাৰতবর্ষ আক্রমণ কৰাৰ পিছৰেপৰা ভাৰতবৰ্ষই পৰমাণু শক্তি আহৰণ কাৰ্যসূচীত আধিক মনােযােগ দিবলৈ বাধ্য হৈ পৰে।

১৯৭৪ চনৰপৰা ভাৰতবৰ্ষৰ পৰমাণু শক্তি আহৰণৰ প্রচেষ্টাই দ্রুত গতি লাভ কৰে। এই কাৰ্যসূচীক অধিক গতি সম্পন্ন কৰি তুলিবলৈ ১৯৭৭ চনত বৰােদাত আৰু ১৯৭৮ চনত টুটিকোৰিনত অন্য দুটা হেভী ওৱাটাৰ প্লান্ট নির্মাণ কৰা হয়। ১৯৭২ চনত ভাবা গৱেষণা কেন্দ্রত প্রথম পূর্ণিমা ৰিয়েক্টৰ নিৰ্মাণ কৰি উলিওৱাৰ পিছত ১৯৮৪ চনত “পূর্ণিমা-২ ৰিয়েক্টৰ” নির্মিত হয়।

পৰমাণু শক্তি

প্রয়ােজন অনুযায়ী ১৯৮৫ চনত তালচেৰ আৰু কোটাত অন্য দুটা হেভী ওৱাটাৰ প্লান্ট নির্মাণ কৰা লগতে ১৯৮৭ চনত থানেত আন এটা হেভী ওৱাটাৰ প্লান্ট নির্মিত হয়। অগ্রগতিৰ পথেদি আগবঢ়া এই কাৰ্যসূচীৰ অনুৰূপ কার্য হিচাপে ১৯৮৯ চনত ভাবা পৰমাণু গৱেষণা কেন্দ্ৰত কোল্ড ফিউচন ঘটোৱা কার্য সম্পন্ন কৰা হয়। ১৯৯১ আৰু ৯২ চনত নৰােৰা এটমিক পাৱাৰ ষ্টেচনৰ ১নং আৰু ২নং গােট কার্যক্ষম কৰি গঢ়ি তােলা হয় আৰু ১৯৯৬ চনত “কামিনী ৰিয়েক্টৰ” প্রচলিত হয়।

পৰমাণু শক্তিৰ অধিকাৰী ভাৰতবৰ্ষঃ

১৯৯৮ চনৰ ১১ আৰু ১৩ মে’ তাৰিখ দুটাত অটল বিহাৰী বাজপেয়ীৰ প্রধানমন্ত্রিত্বৰ কালত ৰাজস্থানৰ পােখৰাণ অঞ্চলত মাটিৰ তলত প্রথম দিনা আবেলি ৩-৪৫ মিনিটত এটা হাইড্রোজেন বােমা আৰু দুটা কম ক্ষমতাসম্পন্ন প্লুটোনিয়াম বােমা বিস্ফোৰণ আৰু দ্বিতীয় দিনা পােখৰাণতে অন্য দুটি পৰমাণু বােমাৰ বিস্ফোৰণ কার্য সম্পন্ন কৰাৰ লগে লগে ভাৰতবর্ষ বিশ্বৰ পাঁচখন পৰমাণু শক্তিৰ অধিকাৰী দেশ মার্কিন যুক্তৰাষ্ট্র, ফ্রান্স, ৰাছিয়া, চীন আৰু বৃটেনৰ সৈতে একে শাৰীত অৱস্থান গ্ৰহণ কৰিবলৈ সক্ষম হয়।

পৰমাণু শক্তি

সেই একে তাৰিখতে অর্থাৎ ১১ মে’ত প্ৰতিৰক্ষা দপ্তৰৰ উদ্যোগত উৰিষ্যাৰ চাঁদিপুৰৰ পৰা ভূপৃষ্ঠত তীব্রগতিৰে গতি কৰিব পৰা ত্রিশূল ক্ষেপণাস্ত্ৰৰ পৰীক্ষামূলক বিস্ফোৰণ কাৰ্যসূচী সফলতাৰে সমাধা কৰাৰ লগে লগে ভাৰত চৰকাৰে বিশ্ববাসীৰ আগত এই কথা স্পষ্ট কৈ ঘােষণা কৰি কয় যে ভাৰতে কোনাে নির্দিষ্ট দেশৰ বিৰুদ্ধে প্রয়ােগ কৰাৰ উদ্দেশ্যে পৰমাণু কাৰ্যসূচী ৰূপায়ণ কৰা নাই। ভাৰতবৰ্ষও যে এখনি শক্তিশালী দেশ এইকথা বিশ্ববাসীক অৱগত কৰাবলৈহে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।

প্রতিক্রিয়াঃ

পৰমাণু শক্তিৰ অধিকাৰী হিচাপে ভাৰতবৰ্ষই দেশ-বিদেশত নানা প্রতিক্রিয়াৰ খলকনি তােলে। শক্তিশালী লােক এজনে আন এজনক তেওঁৰ সমকক্ষ হােৱা কেতিয়াও নিবিচাৰে। শক্তিশালী দেশসমূহৰ ক্ষেত্ৰতাে কথাষাৰ সমানেই প্রযােজ্য। সেয়ে বিশ্বৰ শক্তিশালী দেশ আমেৰিকা, জার্মান, ব্রিটেইন, জাপান আদি দেশে ভাৰতবৰ্ষই পৰমাণু শক্তি বিস্ফোৰণ ঘটোৱা কার্যত বিৰূপ প্রতিক্রিয়া প্রকাশ কৰাৰ লগতে ভাৰতবৰ্ষক সচৰাচৰ দি অহা নানা ধৰণৰ উন্নয়নমূলক প্রকল্পসমূহত দিব লগা আর্থিক সাহায্যৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ ভাবুকি দিয়ে যদিও ভাৰতবৰ্ষৰ বিশাল বজাৰখনৰ লােভ এইবােৰ দেশে ত্যাগ কৰাটো সহজসাধ্য নহয় বাবে এনে অর্থনৈতিক নিষেধাজ্ঞাই কোনােপধ্যে ভাৰতবৰ্ষক বিচলিত কৰিব নােৱাৰে।

এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সচিব প্রধানেও নিজৰ প্রতিক্রিয়া প্ৰকাশ কৰিছে। তেওঁৰ ভাষ্য হ’ল “পৰমাণু পৰীক্ষাৰ ওপৰত বহুদিন ধৰি এক আওপকীয়া নিষেধাজ্ঞা জাৰীকৰণ প্রক্রিয়া চলি আছিল। সেয়ে ভাৰতবৰ্ষৰ এই কার্য আন্তর্জাতিক ঐক্যমতৰ সৈতে সংগতিপূর্ণ নহয়।” মার্কিন যুক্তৰাষ্ট্ৰই ভাৰতক চর্তবিহীনভাৱে চি. টি. বি. টি.-ত চহী কৰাৰ বাবে অহ্বান জনাই যদিও চি. টি. বি. টি ৰ সাম্প্রতিক গাঁথনিত সন্মতি-জনালে ভাৰতবৰ্ষৰ নিৰাপত্তা বিঘ্নিত হােৱাৰ আশংকা বিদ্যমান হেতু ভাৰতে এই চুক্তিত চহী কৰাৰ পৰা বিৰত থকা সিদ্ধান্ত গ্রহণ কৰি কাৰ্যতঃ এই চুক্তি খনক অকার্যকৰী কৰি তুলিবলৈ সক্ষম হৈছে।

ভাৰতৰ এই পৰমাণু শক্তি বিস্ফোৰণত সবাতােকৈ অধিক প্রতিক্রিয়া প্রকাশ কৰিছে চুবুৰীয়া দেশ পাকিস্তানে। পাকিস্তানেও ভাৰতবৰ্ষৰ বিস্ফোৰণৰ উত্তৰ স্বৰূপে ২৮ মে, ১৯৯৮ চনৰ দিনাখন বেলুচিস্তানৰ চাঘাই অঞ্চলত এটা এটাকৈ পাঁচটা আৰু ৩০ মে’ত আন এটা বিস্ফোৰণ ঘটাই নিজ প্রতিক্রিয়া প্রকাশ কৰে।

ওপৰত বিস্ফোৰণজনতি বিদেশৰ প্রতিক্রিয়াৰ এটি চমু আভাস দিয়া হ’লেও ভাৰতৰ আভ্যন্তৰতাে এই বিস্ফোৰণে নানা ধৰণৰ প্রতিক্রিয়া সৃষ্টি নকৰাকৈ থকা নাই। সৰহসংখ্যক জনসাধাৰণ আৰু অধিক সংখ্যক ৰাজনৈতিক দল আৰু কমসংখ্যক লােকেহে এই বিস্ফোৰণৰ বিৰুদ্ধে নিজ-নিজ প্রতিক্রিয়া প্ৰকাশ কৰিছে। ভাৰতবৰ্ষৰ দৰে বিভিন্ন ভাষা-ভাষী, বিভিন্ন জাতি-গােষ্ঠী থকা বিশাল আয়তনৰ বৃহৎ জনসংখ্যাৰ দেশ এখনৰ বাবে এনে মিশ্র প্রতিক্রিয়া কোনাে অস্বাভাৱিক ঘটনা নহয়। থােৰতে ক’বলৈ হ’লে এই বিস্ফোৰণে বিশ্ববাসীৰ সন্মুখত ভাৰতবর্ষকো এখনি শক্তিশালী দেশত পৰিগণিত কৰাত সর্বসাধাৰণ নাগৰিকে ইয়াক আনন্দ প্রকাশেৰে আদৰণি জনাইছে।

বিস্ফোৰণৰ প্রয়ােজনীয়তাঃ

“শান্তিকামী দেশ হিচাপে ভাৰতে পৃথিৱীৰ বুকুৰপৰা সমস্ত ধৰণৰ পাৰমাণৱিক অস্ত্ৰ অপসাৰন হােৱাটো বিচাৰে”– এই উক্তি হ’ল ভাৰতবৰ্ষৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৰ। সন্দেহ নাই, এই উক্তিৰ মাজেদি প্রকাশিত হৈছে ভাৰতীয় শান্তিকামী জনগণৰ একান্ত মনৰ বাসনা। তত্ৰাচ, এইগৰাকী প্রথিতযশা প্রধানমন্ত্রী কার্যকালতে ভাৰতবৰ্ষই পৰমাণু শক্তি কমিচন গঠন কৰি পৰমাণু শক্তি আহৰণৰ প্রচেষ্টা হাতত ল’ব লগা হৈছিল।

নেহৰুৰ দৰে গভীৰ চিন্তাশীল আৰু বিচক্ষণ ৰাজনৈতিক নেতা এগৰাকীয়ে বাৰুকৈয়ে উপলব্ধি কৰিছিল যে ভাৰতৰ প্রতিবেশী ৰাষ্ট্র চীন আৰু পাকিস্তানৰপৰা কেতিয়াবা কোনাে কাৰণবশতঃ ভাৰতবৰ্ষৰ নিৰাপত্তা বিঘ্নিত হ’ব পাৰে। বিশেষকৈ পাকিস্তানক লৈ এই চিন্তা সর্বাধিক আছিল। কাৰণ পাকিস্তান আৰু চীনৰ সৈতে সু-সম্পর্ক গঢ়ি তুলিবলৈ চেষ্টা কৰিও ঈপ্সিত সুফল লাভ কৰিবলৈ সক্ষম হােৱা নাছিল। আনহাতে ভাৰতে পাকিস্তানৰ সৈতে ১৯৬১, ১৯৬৫ আৰু ১৯৭১ চনত তিনিখন যুদ্ধত লিপ্ত হ’ব লগাত পৰিছিল। ১৯৬২ চনত চীনে ভাৰতবর্ষ আক্রমণ কৰা দিন ধৰি চীনৰ সৈতে ভাৰতবৰ্ষৰ সম্পৰ্ক অহি নকুল সদৃশ হৈ পৰে।

গতিকে এই দুই চুবুৰীয়া ৰাষ্ট্ৰৰ প্রতি লক্ষ্য ৰাখি ভাৰতবৰ্ষই আত্মৰক্ষা আৰু দেশৰ নিৰাপত্তা অক্ষুন্ন ৰখাৰ স্বাৰ্থত নিজকে শক্তিশালী ৰূপত অৱতীৰ্ণ কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হয়। তাতে আকৌ, পাকিস্তান আৰু চীন এই দুয়ােখন দেশৰ ক্ষেপণাস্ত্ৰৰ আয়ত্তৰ মাজত ভাৰতবৰ্ষৰ অৱস্থান বিৰাজমান হেতু ভাৰতৰ পক্ষে এই দুখন দেশৰ ফালৰপৰা নিৰাপত্তা বিঘ্নিত হােৱাৰ আশংকা কোনােপধ্যে নুই কৰিব নােৱাৰি। এনে পৰিস্থিতিত ভাৰতে হাত সাৱটি বহি থাকিলে ই দেশৰ নিৰাপত্তাৰ পক্ষে অহিতকৰ হ’ব। তদুপৰি প্রত্যেক দেশৰে আত্মৰক্ষা আৰু নিৰাপত্তা ৰক্ষাৰ সম্পূর্ণ অধিকাৰ আছে। এনে অধিকাৰৰ সু-প্রয়ােগ ঘটাই বিশ্বৰ বুকুত নিজক শক্তিশালী ৰূপত অৱতীৰ্ণ কৰাব পাৰিলেহে ভাৰতে বিচৰা বিশ্বশান্তি প্রতিষ্ঠাৰ বাট মুকলি হ’ব। কাৰণ সজ কথা হলেও দুর্বল জনৰ কথালৈ কাণ নিদিয়াটোয়ে বাস্তৱ ৰীতি।

এই প্রসংগত ভাৰতবৰ্ষৰ প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ ১৯৯৮ চনৰ ১৬ মে’ত কৰা ঘােষণা বিশেষ প্রণিধানযােগ্য। বাজপেয়ীৰ ঘােষণাটি হ’লঃ “আমি যুদ্ধ নিবিচাৰাে। শান্তিহে বিচাৰাে। আনৰ সৈতে সংঘাতত জড়িত হ’বলৈও নিবিচাৰোঁ। নিজৰ সুৰক্ষাৰ বাবেই আমি পাৰমাণৱিক শক্তি ব্যৱহাৰ কৰিব লগা হ’ব পাৰে। তাৰ বাবে আমি সাজু। গতিকে, ভাৰতৰ পৰমাণু বিস্ফোৰণ হ’ল পৃথিৱীৰ বুকুৰপৰা চিৰদিনৰ বাবে পৰমাণু অস্ত্ৰৰ অপসাৰণৰ প্রস্তুতি মাথোঁ”।

সামৰণিঃ

ভাৰতবৰ্ষই পৰমাণু শক্তিৰ বিস্ফোৰণ ঘটোৱাৰ লগে লগে সমগ্র বিশ্বত শক্তিশালী দেশকেইখনৰ নেতৃত্বত এটা বৈষম্যমূলক হৈ-চৈৰ সৃষ্টি কৰা হয়। ইয়াৰ অৰ্থ হ’ল এই শক্তিশালী দেশসমূহে ভাৰতবৰ্ষক দুর্বল কৰি ৰাখি নিজৰ শক্তিশালী ভূমিকাৰে বিশ্বৰ বুকুত নিজৰ নিজৰ আধিপত্য বজাই ৰখা। কিয়নাে ভাৰতবৰ্ষই মাত্র ৬ টা বিস্ফোৰণ ঘটোৱা কার্যত চৰম বিতুষ্টি প্রকাশ কৰা আমেৰিকা যুক্তৰাষ্ট্ৰই এতিয়ালৈকে ১০৩২ টা, ৰাছিয়াই ৭১৫ টা, ফ্রান্সে ২১০ টা আৰু ব্রিটেইনে ৪৫ টা বিস্ফোৰণ ঘটাইছে।

শক্তিশালী দেশসমূহৰ এনে বৈষম্যমূলক দৃষ্টিভংগীয়েই হ’ল বিশ্ব-শান্তিৰ পক্ষে প্রধান অন্তৰায় স্বৰূপ। পৰমাণু শক্তিধৰ সকলাে দেশৰপৰা সকলাে ধৰণৰ পৰমাণু অস্ত্র এনে সময়তে অপসাৰণ কৰাৰ নীতি সকলােৱে মানি ল’লেহে বিশ্ব-শান্তিৰ বাট মুকলি হ’ব। ভাৰতবৰ্ষই এই মতৰ অত্যন্ত দৃঢ় সমর্থক।

(আশা কৰোঁ আপুনি  লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই  লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top