পৰিমিত-ব্যয়

পৰিমিত-ব্যয় চৰিত্ৰ-মন্দিৰৰ আন এটি লাগতিয়াল সঁজুলি৷ বিবেচনাৰে সৈতে সময়, শক্তি, পৰিশ্ৰম, বুদ্ধি আৰু অৰ্থৰ সদ্ব্যৱহাৰ কৰাৰ মানেই মিতব্যয় বা বিবেকব্যয়(economy)৷ বিবেকব্যয়ীক বহুতে বুজিব নোৱাৰি কৃপণ বুলি ভাবে, কিন্তু বিবেকব্যয় কৃপণতা নহয়৷ ঘৰুৱা অসমীয়া কথাত কিৰ্পিণক বান্ধকানি বোলে৷ কিন্তু ভৱিষ্যতলৈ চকু ৰাখি অৰ্থৰ নিয়মিত সদ্ব্যৱহাৰ কৰাক বান্ধকানি নোবোলে৷ স্বৰূপাৰ্থত মিতব্যয়ী মানুহহে প্ৰকৃত উদাৰ আৰু পৰোপকাৰী হ’ব পাৰে৷ প্ৰায়ে দেখা যায় যে অতিপাতকৈ খৰচ কৰি দাতাকৰ্ণ হ’ব খোজাজনৰ শীঘ্ৰে কঁকাল পৰে; সেইদেখি তেওঁ যেতিয়া য’ত অৰ্থেৰে প্ৰকৃত সহায় কৰিব লাগে, তেতিয়া ত’ত কৰিব নোৱাৰা হয়৷ সেই নিমিত্তে তোমাৰ সুসময়তে ভৱিষ্যত দুঃসময়লৈ সাঁচিবা৷ অকল বিত্তৰ বিষয়তহে যে এই কথা খাতে এনে নহয়; পৰিশ্ৰম, স্বাস্থ্য, বুদ্ধি ইত্যাদিতো এই কথা খাটে৷ সেই দেখি ইংৰাজী ইকনমি (economy) শব্দটোৰ আচল প্ৰতিশব্দ বিবেকব্যয়৷ ডেকাকালৰ সুলভ স্বাস্থ্যৰ অপব্যয়, অপব্যৱহাৰ কৰি শেষ বয়সত ভগ্নদেহ, ৰুগ্নস্বাস্থ্য লৈ অনুতাপ কৰি জীৱন কটোৱা মানুহৰ লেখ বৰ কম নহয়৷ মুঠতে, শক্তি সঞ্চয় কৰা আৰু তাক আৱশ্যকমতে ব্যয় কৰা, তুমি সংসাৰত বিজয়ী হ’বা৷ তুমি মনত দৃঢ়ভাৱে ভাবিবা, যে তোমাৰ অৰ্থ, তোমাৰ শক্তি-সামৰ্থ, তোমাৰ শৰীৰ, তোমাৰ মন, বুদ্ধি, তুমি তোমাৰ নিজৰ প্ৰতিবাসীৰ, দেশৰ, মনুষ্য-সমাজৰ উপকাৰৰ অৰ্থে আৰু ঈশ্বৰৰ প্ৰীতিৰ অৰ্থেহে সঞ্চয় কৰিছা; তেনেহ’লে নিশ্চয় তুমি নিজেও উন্নত হ’বা আৰু পৰোপকাৰ কৰিব পাৰিবা আৰু তোমাৰ অভীষ্ট সাধনো হ’ব৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top